নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়া অসমতে কেঞ্চাৰৰ চিকিৎসা সম্ভৱ : ডাঃ তপন শইকীয়া

বিশ্ব স্বাস্থ্য সংস্থা WHO) আৰু Indian council of Medical Research and National cancer Resistry programme’-এ ২০২৩ চনৰ ১৪ মার্চত ৰাজ্যসভাক দিয়া সমীক্ষা মতে সাম্প্রতিক কালত সমগ্র ভাৰতবর্ষতে কর্কট বা কেঞ্চাৰ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এই সংখ্যা ২০২২ চনত ১৪.৭ লাখৰ বিপৰীতে ২০২৫ত ১৫.৭ লাখগৰাকী হোৱাৰ আশংকা কৰা হৈছে৷ দেশৰ ভিতৰতে আকৌ উত্তৰ–পূর্বাঞ্চলত কেঞ্চাৰৰ প্রকোপ অধিক৷ ইয়াৰ ভিতৰত আমাৰ ৰাজ্যখনৰ কোনো কোনো জিলাৰ কোনো কোনো অঞ্চলত এই ৰোগৰ প্রকোপ আৰু অধিক দেখা গৈছে৷ ভাৰতত কেঞ্চাৰ ৰোগীৰ মৃত্যুৰ হাৰ বহু বেছি দেখা যায়৷ আধুনিক চিকিৎসা গৱেষণাত কেঞ্চাৰ ৰোগৰ কাৰণ সম্বন্ধে কিছুমান প্রামাণিক তথ্য উদঘাটন হৈছে৷ কিন্তু সর্বসাধাৰণ লোক এই বিষয়ত কিমান সচেতন নাইবা এই বিষয়সমূহৰ প্রতি সকলোৱে জ্ঞাত হ’ব পাৰিছে নে নাই এই বিষয়ে বিভিন্ন প্রশ্নৰ অৱতাৰণা হয়৷ বহুদিন আগতে মাহেকীয়া আলোচনী ‘প্রান্তিক’ৰ পাতত অসমৰ পৰা যোৱা ৰোগীক কৰা সহায়ৰ কথা পঢ়ি আপোনাৰ বিষয়ে জানিবলৈ আগ্রহী হৈ পৰিছিলোঁ৷ যোৱাবছৰ অসম চৰকাৰে আগবঢ়োৱা সর্বোচ্চ অসামৰিক বঁটা ‘অসম সৌৰভ’ বঁটাপ্রাপক ডাঃ তপন শইকীয়াৰ স’তে আছুতীয়া সাক্ষাৎকাৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল৷

🎯আপোনাৰ জন্ম নাহৰকটীয়াত হৈছিল৷ আজি সমগ্র দেশতে কেঞ্চাৰ ৰোগৰ বিশেষজ্ঞ ডাক্তৰ হিচাপে ডাঃ তপন শইকীয়া এগৰাকী পৰিচিত বিশিষ্ট চিকিৎসক৷ আপোনাৰ এই যাত্রাটোৰ বিষয়ে অলপ জানিব বিচাৰোঁ৷ কিয় আৰু কেনেদৰে আপুনি চিকিৎসা বৃত্তিটোক সেৱাৰ মনোভাবেৰে ল’লে?
✅দেউতা চাহ বাগিচাত চাকৰিৰ বাবে যোৰহাটৰ পৰা নাহৰকটীয়ালৈ আহিছিল৷ সেয়ে আমাৰ আটাইবোৰ ভাই–ভনীয়ে নাহৰকটীয়াতে স্কুলীয়া শিক্ষাগ্রহণ কৰিছিল৷ সৰু চহৰ হ’লেও তাত সেই সময়তে শিক্ষা–সংস্কৃতি বহু উন্নত আছিল৷ ইয়াৰ এক কাৰণ হ’ল– অসমৰ আৰু দেশৰ অন্যান্য প্রদেশৰ বহু শিক্ষিত লোক আহি ইয়াত বসতি লৈছিলহি৷ স্কুলীয়া শিক্ষা সাং কৰি অসম মেডিকেল কলেজ, ডিব্রুগডৰ পৰা স্নাতক আৰ স্নাতকোত্তৰ শিক্ষা অর্জন কৰি বোম্বেৰ (এতিয়াৰ মুম্বাই) টাটা মেমোৰিয়েল হাস্পতালত যোগদান কৰাৰ সুযোগ হ’ল৷ অসমলৈ উভতি অহাৰ উদ্দেশ্য লৈয়ে গৈছিলোঁ যদিও ভাগ্যই মুম্বাইতে ৰাখি থ’লে৷ স্কুলৰ শেষান্ত বছৰতহে চিকিৎসক হোৱাৰ প্রবলতা জাগিল৷ কেঞ্চাৰৰ বিশেষজ্ঞ হ’বৰ বাবে হেঁপাহ হ’ল স্নাতকোত্তৰ শিক্ষাৰ সময়ত৷

🎯চিকিৎসকসকল আমাৰ বাবে দ্বিতীয় ভগৱানসদৃশৰ নিচিনা৷ নিজৰ লগতে আপোনজনৰ দুখ–যন্ত্রণাৰ পৰা পৰিত্রাণ বিচাৰি যেনেকৈ সর্বশক্তিমান ঈশ্বৰক পূজা কৰোঁ, ঠিক তেনেকৈ অসুখ–বিসুখৰ সময়ত মানৱ সেৱাত উৎসর্গিত ডাক্তৰসকলৰ মুখলৈও গভীৰ প্রত্যাশাৰে বাট চাওঁ৷ চিকিৎসক আৰু ৰোগীৰ সুসম্পর্ক আৰু সুব্যৱহাৰে অর্থাৎ ৰোগী–চিকিৎসকৰ মনস্তাত্ত্বিক সম্পর্কই ৰোগীৰ মনৰ আশা আৰু আত্মবিশ্বাসৰ ভাব জগাই তুলি ৰোগৰ লগত যুঁজ কৰাৰ শক্তি বহুগুণে বঢ়াই তোলে আৰু নিৰাময়ত যথেষ্ট পৰিমাণে সহায় কৰে৷ যন্ত্রণাৰে আক্রান্ত সময়ত চিকিৎসকজনৰ অলপ মৰমসনা মাত–ব্যৱহাৰে মহৌষধৰ কাম কৰে, যন্ত্রণা উপশমত বহু পৰিমাণে মানসিকভাৱে সহায় কৰে৷ কেঞ্চাৰ ৰোগীৰ ক্ষেত্রত এই ধৰণৰ কথা আপোনালোকৰ ওচৰত অহা ৰোগী বা আত্মীয়সকলৰ বাবে বেছি প্রত্যাশা থাকে৷ এই ক্ষেত্রত ৰোগী আৰু আত্মীয়ক প্রথমে আপুনি কেনেদৰে সকাহ দিয়ে?
✅কেৱল চিকিৎসা বৃত্তিতেই নহয়, মানুহ সদায়েই দৰদী আৰু কষ্ট বুজি সহায় আগবঢ়োৱা উচিত৷ এজনৰ কেঞ্চাৰ ৰোগ ধৰা পৰিলে গোটেই পৰিয়াল বহু কষ্টৰ সন্মুখীন হয়– টকা–পইচাৰ পৰা আৰম্ভ কৰি এক সুবিধাজনক ঠাই আৰু হাস্পতাললৈকে৷ সেয়ে যিসকল লোক এই ৰোগৰ চিকিৎসাত নিবদ্ধ থাকে, অধিক পৰিমাণে সংবেদনশীল হোৱা প্রয়োজন৷ ৰোগীৰ লগতে পৰিয়ালৰ লগতো ব্যৱহাৰ নম্র আৰু সাহায্যমূলক হোৱা নিতান্তই আৱশ্যক৷ শুনিব পৰা ধৈর্যৰ প্রয়োজন৷ এনে ব্যৱহাৰে ৰোগী/পৰিয়ালৰ সাহস আৰু আস্থা বর্ধন কৰে৷ কেঞ্চাৰৰ চিকিৎসা হোৱাৰ লগে লগে এক জীৱনজোৰা সম্বন্ধৰ যাত্রাৰ আৰম্ভণি৷

🎯কেঞ্চাৰ ৰোগৰ চিকিৎসা বর্তমান বহুত আগবাঢ়ি গৈছে যদিও এই ৰোগৰ ভয়াৱহতাই মানুহক এতিয়াও কম্পিত কৰি তোলে৷ আমাৰ কথা এটা আছে যে যিটো হ’বলগীয়া থাকে হ’বই, সকলো বিধিৰ বিধান বুলিও কোৱা হয় যদিও এই ৰোগৰ নির্দিষ্ট কিছুমান কাৰণ আছেনে?
✅প্রতিটো ৰোগৰ কাৰণ জানিলে চিকিৎসা প্রদানত সুবিধা হয়৷ মানৱ বা জীৱিত প্রাণীৰ কর্কট ৰোগ হয় যিহেতু শৰীৰৰ কোষবোৰ সাধাৰণ (যি আমি ফিজিঅ’লজিকেল বুলি কওঁ) অৱস্থাৰ পৰা ৰোগৰ উৎপত্তি হ’বলৈ বহু প্রকাৰেৰে আগুৱাই যায়৷ প্রায় প্রতিটো কোষতে এক বা একাধিক কেঞ্চাৰ সৃষ্টি কৰিব পৰা জীন Gene) যাক অংক’জীন oncogenes) বুলি কয়৷ সময়, সুবিধালৈ এই অংক’জীনে শৰীৰৰ বিভিন্ন অংগত কেঞ্চাৰৰ উৎপত্তি কৰে আৰু সময়ত বিয়পিবলৈ ধৰে৷

🎯কেঞ্চাৰ ৰোগ মানুহৰ খাদ্যাভ্যাস অথবা জীৱনশৈলীৰ বাবেও হোৱাৰ কিবা কাৰণ আছে নেকি?
✅বহু প্রকাৰৰ সূক্ষ্ম প্রক্রিয়াৰে অংক’জীনে আমাৰ দৈনন্দিন জীৱনত অহর্নিশে খোৱা–বোৱা, ধুম্রপান, সুৰা, বহু কেমিকেলছৰ প্রভাৱত কেঞ্চাৰ কোষৰ উৎপত্তি কৰে৷ প্রায়েই এই জীনসমূহ নিজেই mutated (পৰিৱর্তন) হৈ কোষক কেঞ্চাৰলৈ ৰূপান্তৰিত কৰে৷ কিন্তু এনে ৰূপান্তৰ হ’বলৈ বহু সময় লাগে যিহেতু শৰীৰত ৰোগৰ উৎপত্তিক বাধা দিবৰ বাবেও জীনছ আছে৷ সময়ত বাধা অতিক্রম কৰি কেঞ্চাৰ কোষৰ সংখ্যা বাঢ়ে৷ এই সংখ্যা বঢ়াৰ লগে লগে এনে mutationৰ সংখ্যাও অধিক হৈ সুচিকিৎসাত বাধা জন্মায়৷

🎯কর্কট ৰোগ ২০০তকৈও অধিক প্রকাৰৰ আছে হেনো৷ সাধাৰণতে আমাৰ ইয়াত কোনবিধৰ প্রাদুর্ভাৱ বেছিকৈ দেখা যায়?
✅কেঞ্চাৰ শৰীৰৰ যিকোনো কোষবা অংগত হ’ব পাৰে৷ প্রধানকৈ শৰীৰৰ তিনিধৰণৰ কোষত উৎপত্তি হোৱা কেঞ্চাৰক carcinoma, sarcoma and lymphoma/leukaemia/myeloma নাম দিয়া যায়৷ যেনে–carcinoma of the lung. তাৰ পিছত বহু বর্গীকৰণ আৰু উপবর্গীকৰণ হয়৷ ৰোগী আৰু পৰিয়ালে ৰিপ’ৰ্টখিনি বুজি পাব৷ অসমত মুখ, কণ্ঠ, খাদ্যনলী, স্তন আৰু জৰায়ুমুখৰ carcinoma বিশেষকৈ হোৱা দেখা যায়৷

🎯কর্কট ৰোগ হ’লে শৰীৰত প্রথম কি কি লক্ষণে দেখা দিয়ে?
✅আৰম্ভণি সময়ত কেঞ্চাৰৰ কোনো লক্ষণ নাথাকে৷ যিকোনো লক্ষণ এমাহ–দুমাহত উপশম নহ’লে অভিজ্ঞ চিকিৎসক বা চিকিৎসালয়ত পৰীক্ষা কৰা প্রয়োজন৷ যিখিনি লক্ষণৰ কথা যেনে– উপশম নোহোৱা কাহ, অস্বাভাৱিক ৰক্তক্ষৰণ, টেমুনা, খোৱাৰ অসুবিধা, পেটৰ বিষ ইত্যাদি বহু ধৰণৰ ৰোগত হয়৷ সেয়ে অভিজ্ঞ চিকিৎসকৰ প্রয়োজন৷

🎯সমীক্ষা মতে উত্তৰ–পূর্বাঞ্চলত মুখগহ্বৰ তথা খাদ্যনলীৰ কেঞ্চাৰ, ব্রেষ্ট কেঞ্চাৰৰ সংখ্যা বেছি৷ সেয়া কেনেকৈ প্রথম ষ্টেজত ধৰা পেলাব পাৰি?
✅উত্তৰ–পূব ভাৰতত কেঞ্চাৰ ৰোগৰ সংখ্যা দেশৰ আন ঠাইতকৈ বেছি৷ কাৰণসমূহ এতিয়াও জ্ঞাত হোৱা নাই৷ তথাপি ধঁপাত, চূণ আৰু তামোলৰ অত্যধিক ব্যৱহাৰৰ ফলত মুখগহ্বৰ, কণ্ঠনলী আৰু খাদ্যনলীৰ কেঞ্চাৰৰ এক প্রধান কাৰণ৷ মুখৰ অসুখ আৰম্ভণি অৱস্থাত ধৰা পেলাই চিকিৎসা কৰিবৰ বাবে নিয়মীয়া স্ক্রীনিং ব্যৱস্থাৰ আৱশ্যক৷ খাদ্যনলীৰ অসুখ প্রথম অৱস্থাত ধৰা কঠিন– স্ক্রীনিং ব্যৱস্থা সম্ভৱ নহয়৷

🎯কর্কট ৰোগ প্রথম ষ্টেজতে ধৰা পৰিলে নিৰাময় হয়নে?
✅প্রায়খিনি কেঞ্চাৰ ৰোগ প্রথম বা দ্বিতীয় পর্যায়ত চিনাক্ত হ’লে ইয়াৰ চিকিৎসা কৰিলে নিৰাময় হোৱাৰ সম্ভাৱনা অধিক৷ ইয়াৰ বাবে সামাজিক সচেতনতা আৰু চৰকাৰী কার্যক্রমৰ প্রয়োজন৷

🎯কর্কট ৰোগ সৃষ্টিত বংশগতিবা জেনেটিকেলিও হয় বুলি কোৱা হয়৷ এই ক্ষেত্রত পূর্বতে ভুক্তভোগী পৰিয়ালটোৱে কেনেধৰণে সাৱধানতা অৱলম্বন কৰা উচিত বা তাৰ প্রতিকাৰৰ কিবা ব্যৱস্থা আছেনে?
✅কিছু কেঞ্চাৰ বংশগত হ’ব পাৰে৷ ই এক সংবেদনশীল সমস্যা৷ এই বিষয়ে হঠাতে ৰোগী বা পৰিয়ালক ক’ব নোৱাৰি৷ বৈজ্ঞানিক পদ্ধতিত বিশ্লেষণ আৰু কাউন্সেলিঙৰ প্রয়োজন৷ অহা দশকত এই বিষয়ত চর্চা বাঢ়িব আৰু সমাজে আগ্রহান্বিত হ’ব বুলি আমাৰ আশা৷ সহজ পৰীক্ষাৰ দ্বাৰা হ’বলগীয়া বা হৈ থকা ৰোগৰ বিষযে জানিব পাৰিলে লোকৰ সুবিধা হ’ব৷

🎯দেখা যায় আমাৰ বহুতো ৰোগী, বিশেষকৈ অলপ আর্থিকভাৱে সবল লোকসকল অসমতকৈ বাহিৰলৈ মুম্বাই, দিল্লী, চেন্নাই বা হায়দৰাবাদ আদিলৈ যায়৷ আপুনি যিহেতু বহু বছৰ অসমৰ বাহিৰত থাকি চিকিৎসা সেৱা আগবঢ়াই আহিছে, অসমৰ চিকিৎসা সেৱা আৰু বাহিৰৰ চিকিৎসা সেৱাৰ মাজত কিবা পার্থক্য আছে নেকি? কর্কট ৰোগৰ সকলো ধৰণৰ অত্যাধুনিক সা–সুবিধাৰে চিকিৎসা ব্যৱস্থা অসমতে সম্ভৱনে?
✅আজিৰ দিনত অসমত প্রায়খিনি কেঞ্চাৰৰ চিকিৎসা সম্ভৱ৷ অন্য প্রদেশলৈ যাব নালাগে৷ যোৱাৰ কাৰণসমূহ– লোকৰ সম্পূর্ণ আস্থাৰ বাবে আৰু এক দশকমান লাগিব, কিছুমানৰ পুত্র–কন্যা সেই চহৰত কর্মৰত৷ কর্প’ৰেট হাস্পতালসমূহৰ ব্যৱসায়িক বিজ্ঞাপন৷ কিছু হাস্পতালে ৰোগী ধৰি লৈ যাবলৈ অভিজ্ঞ ডাক্তৰ নিয়মীয়কৈ পঠিয়ায়৷ ইয়াৰ হাস্পতালেও সুযোগ–সুবিধা কৰি দিয়ে৷ অসমীয়া ডাক্তৰো আহে ব্যৱসায়িকভাৱে৷

🎯অসম চৰকাৰ আৰু টাটা ড্রাষ্টৰ যৌথ প্রচেষ্টাত হোৱা চুক্তিমর্মে যিকেইখন কর্কট চিকিৎসালয় স্থাপন কৰাৰ দিহা কৰা হৈছে, সেইখিনিয়ে প্রকৃতার্থত ৰাইজক কেনেদৰে উপকৃত কৰিব?
✅অসম চৰকাৰ আৰু টাটা ড্রাষ্টৰ যৌথ প্রচেষ্টাত স্থাপিত কেঞ্চাৰ হাস্পতালকেইখন অসমৰ ৰাইজৰ হাতৰ কাষলৈ সুচিকিৎসাৰ সুবিধা আনিলে৷ সময়ৰ লগে লগে এই সুবিধা অধিক হ’ব৷ তথাপি বহু চিকিৎসকৰ প্রয়োজন৷ অসমৰ কিছু চিকিৎসক আগুৱাই অহা বাঞ্ছনীয়৷

🎯কর্কট ৰোগৰ সন্দর্ভত গৱেষণামূলক ব্যৱস্থা অসমত এতিয়া গঢ়ি উঠা নাই৷ ইয়াৰ প্রয়োজনীয়তা তথা সম্ভাৱনীয়তা কিমান আছে?
✅অসম চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ত সজাগ আৰু আটাইসমূহ ৰোগৰ বাবে গৱেষণা হ’ব লাগে বুলি প্রায়েই উনুকিয়ায় আৰু কিছু কাম আগবাঢ়িছে৷ বিশ্ববিদ্যালয়সমূহ, আইআইটি আৰু শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয় ইত্যাদিয়ে এই বিষয়ে পাঠ্যক্রম প্রস্তুত কৰা অতি আৱশ্যক হৈ পৰিছে৷ গৱেষণা বিনে বিজ্ঞানৰ প্রগতি নহয়৷

🎯সন্তানৰ কৃতকার্যতাত পিতৃ–মাতৃৰ ভূমিকাই সর্বাধিক৷ মই বহুক্ষেত্রত পর্যবেক্ষণ কৰি দেখিছোঁ পিতৃ–মাতৃৰ সৎ, নৈতিক তথা আদর্শ জীৱনে সন্তানৰ সাফল্যত এক গুৰুত্বপূর্ণ ভূমিকা লয়৷ আপোনাৰ দৃষ্টিৰে আপুনি কি বুলি ভাবে? আপোনাৰ এই কৃতকার্যতাত, এক সফল জীৱনৰ অন্তৰালত পিতৃ–মাতৃৰ কি ধৰণৰ শিক্ষাই অধিক অনুপ্রাণিত কৰিলে বুলি আপুনি ভাবে?
✅মোৰ মতামত কিছু সুকীয়া৷ পিতৃ–মাতৃৰ প্রভাৱ নিশ্চয়কৈ আৱশ্যক৷ সমানেই আৱশ্যক পৰিয়ালৰ বাকীসকলৰ৷ আমাৰ দেশত ককা, আইতা, মাহী, পেহী, খুৰা, মোমাই সকলোৰে প্রভাৱত চৰিত্র গঠন হয়– ইতিবাচক বা নেতিবাচকভাৱে নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ৷ আইতা, মোৰ মাৰ মা তেৱেঁ মোক ডাঙৰ কৰিছিল সৰুৰে পৰা৷ গতিকে, মোৰ জীৱনৰ ওপৰত মা–দেউতাতকৈও আইতাৰ শিক্ষাই বেছিকৈ প্রভাৱ বিস্তাৰ কৰিছে৷

প্রত্যেক বৃত্তিতে যেনেকৈ স্বার্থান্বেষী, দুর্নীতিপৰায়ণ লোকে আনৰ কথালৈ চকু নিদি অকল নিজৰ স্বার্থ পূৰণৰ বাবে সমাজখন কলুষিত কৰি তুলিছে যিকোনো প্রকাৰে নিজস্ব স্বার্থ সিদ্ধিৰে, তাৰ মাজতো এচাম নিঃস্বার্থ, আত্মস্বার্থত্যাগী ব্যক্তিয়ে নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ কৰি সমাজখন সুশৃংখলকৈ ধৰি ৰাখিবলৈ প্রাণপণ চেষ্টাৰে পৃথিৱীখন মানুহৰ বাসোপযোগী কৰি ৰাখিছে, তেনেকৈ একাংশ প্রকৃত মানৱপ্রেমী, চিকিৎসা বৃত্তিক সেৱাৰ মনোভাবেৰে লোৱা চিকিৎসকৰ বাবে চিকিৎসকসকল এতিয়াও দ্বিতীয় ভগৱানসদৃশ হৈ আছে৷ যিসকল ব্যক্তিয়ে কঠোৰ পৰিশ্রমেৰে, সাধনাৰে চিকিৎসা বৃত্তিটোত থকা বহু প্রত্যাহ্বানৰ মাজতো বৃত্তিটোক সেৱাৰ মনোভাবেৰে পৱিত্র কৰি ৰাখিছে আৰু দুর্ভগীয়া ৰোগী আৰু পৰিয়ালৰ মুখত আশাৰ সঞ্চাৰ কৰি হঁাহি বিৰিঙাব পাৰিছে, সেইসকল আমাৰ সকলোৰে বাবে চিৰনমস্য৷

সাক্ষাৎগ্রহণকাৰীৰ ফোন ৯৩৬৫৮–৩২৪৪১

You might also like