নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰীয়াত নিৰ্বাচনকেন্দ্ৰিক হিংসা

🔹 কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত মহিলাসহ পাঁচজন লোক আহত 

বিশেষ বাৰ্তা, ২৫ এপ্ৰিল : কাইলৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তাৰ পূৰ্বে যোৱানিশা জুৰীয়াত এক নিৰ্বাচনকেন্দ্ৰিক হিংসা সংঘটিত হয়। কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত আহত হয় মহিলাসহ পাচঁগৰাকীকৈ লোক। জুৰীয়াৰ তিনিচুকীয়া গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা। কংগ্ৰেছীৰ আক্ৰমণত আহত হয় ক্ৰমে ৰফিকুল ইছলাম, কল্পনা খাতুন, আনাৰুল ইছলাম, খতিজা বেগম আৰু মাইনুল হক। আহতসকলক জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰভাৱে আহত তিনিজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ইছাহক আলীৰ নেতৃত্বত একাংশ কংগ্ৰেছীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দুৰ্বৃত্তৰ আক্ৰমণত আনাৰুল ইছলাম নামৰ লোকজনৰ হাতৰ এটা আঙুলি সম্পূৰ্ণ ৰূপে ছিঙি যায়। ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত ওলাব ঘটনাৰ প্ৰকৃত ৰহস্য।

প্ৰেৰক কনক হাজৰিকা

You might also like