চেনিৰাম চায়েঙিয়া আৰু ৰাণী গাইডিলো
মই ঢকুৱাখনা চৰকাৰী মজলীয়া স্কুলত ছাত্র হৈ থাকোঁতে ষষ্ঠ শ্রেণীত অর্থাৎ আটাইতকৈ ওপৰৰ শ্রেণীটোত আমাক অংক পঢ়ুৱাইছিল চেনিৰাম চায়েঙিয়া ছাৰে৷ মিচিং জনগোষ্ঠীৰ মানুহ চায়েঙিয়া ছাৰৰ গাঁওখন আছিল সোৱণশিৰি নদীৰ পাৰত, প্রকৃতিৰ ৰম্য কাননত৷ মোৰ ককাদেউতা আৰু আইতা আছিল ৰাতিখোৱা সম্প্রদায়ৰ মিচিংসকলৰ ধর্মগুৰু৷ তেওঁলোকৰ প্রিয়তম শিষ্যসকলৰ ভিতৰত এজন আছিল চেনিৰাম চায়েঙিয়াৰ দেউতাক ধনীৰাম চায়েঙিয়া৷ মোৰ ককাদেউতা আৰু আইতাই তেওঁলোকৰ মিচিং শিষ্যসকলক নিজৰ পুত্র–কন্যাৰ দৰে মৰম কৰিছিল আৰু তেওঁলোক আছিল আমাৰ পৰিয়ালৰ সদস্যৰ নিচিনা৷ সেই কাৰণে চেনিৰাম চায়েঙিয়াই যেতিয়া যোৰহাটৰ নর্মাল স্কুলৰ শিক্ষা সাং কৰি ঢ়কুৱাখনা চৰকাৰী মজলীয়া স্কুলত শিক্ষকৰ পদত নিযুক্তি পালে, তেওঁ চাকৰিত যোগ দিবলৈ আহি আমাৰ ঘৰত আশ্রয় ল’লে৷ নিজৰ থকা ঘৰৰ ব্যৱস্থা নোহোৱালৈকে তেওঁ আমাৰ ঘৰতেই আছিল৷ অর্থাৎ তেওঁ আছিল আমাৰ ঘৰখনৰ অতি আপোন মানুহ৷
স্কুলখন আছিল আমাৰ ঘৰৰ নিচেই ওচৰতে৷ খোজকাঢ়ি গ’লে ডাঙৰ মানুহৰ কাৰণে খুব বেছি দহ মিনিটৰ বাট৷ স্কুলখনৰ বিশাল চৌহদটোত আছিল কেইবাজনো শিক্ষকৰ থকা ঘৰ৷ চেনিৰাম চায়েঙিয়াৰ ঘৰটো আছিল আটাইতকৈ ধুনীয়া আৰু আহল–বহল৷ দেউতাই চেনিৰাম চায়েঙিয়াক মোৰ গৃহশিক্ষক নিযুক্ত কৰিছিল৷ অৱশ্যে নামত গৃহশিক্ষক যদিও তেওঁ মোক পঢ়ুৱাবলৈ আমাৰ ঘৰলৈ আহিব লগা নহৈছিল বৰং মইহে সপ্তাহটোৰ কেইটামান নির্দিষ্ট দিনত নির্দিষ্ট সময়ত তেওঁৰ ঘৰলৈ যাব লগা হৈছিল৷
এদিন চায়েঙিয়া ছাৰে মোক দুটামান অংক কৰিবলৈ দি কিবা কামত অলপ সময়ৰ কাৰণে বাহিৰলৈ ওলাই গৈছিল৷ তেওঁ ঘূৰি অহাৰ বহুত সময়ৰ আগতেই মোৰ অংক কৰি শেষ হ’ল৷ ছাৰৰ টেবুলত এখন ডাঙৰ কিতাপ পৰি আছিল৷ মই ইতিমধ্যেই কিতাপৰ প্রেমত পৰিছোঁ৷ ঘৰৰ আৰু স্কুলৰ দুয়োটা নাতিবৃহৎ পুথিভঁৰালৰ বেছিভাগ কিতাপ পঢ়ি মই শেষ কৰিছোঁ৷ টেবুলত পৰি থকা ডাঙৰ কিতাপখনে মোক চুম্বকৰ দৰে টানিবলৈ ধৰিলে৷ কিতাপখন টান মাৰি আনি পাত লুটিয়াবলৈ ধৰিলোঁ৷ কিতাপখন আছিল জৱাহৰলাল নেহৰুৰ আত্মজীৱনীৰ সত্যেন্দ্রনাথ মজুমদাৰে কৰা বাংলা অনুবাদ৷
মোৰ দেউতাই সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত চলি থকা ভাৰতৰ স্বাধীনতা সংগ্রামত সক্রিয়ভাৱে যোগ নিদিলেও বা জেইললৈ নগ’লেও তেওঁ আছিল স্বাধীনতা আন্দোলনৰ ঘোৰ সমর্থক আৰু গান্ধীজীৰ পৰম ভক্ত৷ আমাৰ চ’ৰাঘৰৰ বেৰত মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুকে ধৰি কংগ্রেছৰ প্রধান নেতাসকলৰ ফটো আঁৰি থোৱা আছিল৷ অর্থাৎ জ্ঞান হ’বৰ দিন ধৰি মই তেওঁলোকৰ মুখাৱয়ৱ আৰু লগতে তেওঁলোকৰ কীর্তি–কাহিনীৰ লগতো মোটামুটিভাৱে পৰিচিত৷ তদুপৰি আমাৰ ঘৰখন আছিল স্থানীয় কংগ্রেছ ভলণ্টীয়াৰসকলৰ মিলনস্থল৷ তেওঁলোকৰ মাজত হোৱা কথা–বার্তা আৰু আলোচনাবোৰ শুনি শুনি মই অতি কম বয়সৰ পৰাই দেশৰ স্বাধীনতা সংগ্রামৰ আদর্শৰ দ্বাৰা গভীৰভাৱে প্রভাৱিত হৈছিলোঁ৷
ছাৰ ঘূৰি অহাৰ লগে লগে মই ক’লোঁ– ‘ছাৰ, মই এই কিতাপখন পঢ়িবলৈ নিব খুজিছোঁ৷ এসপ্তাহৰ পিছতে ঘূৰাই দিম৷’
ছাৰে অলপ আচৰিত হৈ মোৰ মুখলৈ চাই ক’লে– ‘তই বাংলা কিতাপ পঢ়িব পাৰিবি? এই কিতাপখনৰ ভাষা যথেষ্ট টান৷ মোৰেই পঢ়াত কষ্ট হৈছে৷’
মই ক’লোঁ– ‘ছাৰ, আমাৰ ঘৰৰ পুথিভঁৰালত বহুত বাংলা কিতাপ আছে৷ সেই কিতাপবোৰ পঢ়ি পঢ়ি মই মোটামুটিভাৱে বাংলা বুজিব পৰা হৈছোঁ৷’
মোৰ কথা শুনি ছাৰে কিতাপখন নিবলৈ মোক অনুমতি দিলে৷ এসপ্তাহত কিতাপখন পঢ়ি শেষ কৰিলোঁ৷ মাত্র অলপ আগতে কৈছোঁ যে মোৰ শৈশৱ অতিবাহিত হৈছিল ভাৰতৰ মুক্তি সংগ্রামে সৃষ্টি কৰা মাদকতাময় পৰিৱেশত৷ জৱাহৰলাল নেহৰুৰ আত্মজীৱনী আছিল সেই মুক্তি সংগ্রামৰ মহাকাব্যিক বর্ণনা৷ গতিকে কিতাপখনে মোৰ হূদয়ত কেনেকুৱা আৱেগৰ খলকনি তুলিছিল সেই কথা সহজেই অনুমেয়৷ কিন্তু মোৰ ক্ষুদ্র হূদয়ত তীব্রতম আৱেগ জগাই তুলিছিল জৱাহৰলাল নেহৰুৱে তেওঁৰ আত্মজীৱনীত ৰাণী গাইডিলোৰ বিষয়ে লিখা এটা মাত্র পেৰাগ্রাফে৷
ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰি কাৰাগাৰলৈ যাবৰ সময়ত নগা গাভৰু গাইডিলোৰ বয়স হৈছিল মাত্র ওঠৰ৷ জৱাহৰলাল নেহৰুৱে সেই খবৰ পাইছিল বাতৰিকাকতৰ পৰা৷ তেতিয়া নেহৰু নিজেও কাৰাগাৰত৷ ওঠৰ বছৰীয়া নগা গাভৰু গাইডিলোৰ বিদ্রোহ আৰু কাৰাবৰণৰ বাতৰিয়ে জৱাহৰলাল নেহৰুৰ হূদয় এনেভাৱে আলোড়িত কৰিলে যে তেওঁ ঠিক সেই সময়তে লিখি থকা আত্মজীৱনীত গাইডিলোৰ বিষয়ে কেইটামান বাক্য নিলিখাকৈ থাকিব নোৱাৰিলে৷ ভাৰতৰ সকলো ৰাজনৈতিক নেতাৰ ভিতৰত একমাত্র তেওঁৰ পক্ষেহে এনে কবিত্বময় আৰু আৱেগ–সঞ্চাৰী বাক্য লিখা সম্ভৱ৷ জৱাহৰলাল নেহৰুৱে গাইডিলোৰ বিষয়ে লিখা কবিত্বময় বাক্যকেইটাই মোৰ ক্ষুদ্র হূদয়খনলৈ এনে বিপুল আৱেগ সঞ্চাৰিত কৰি দিলে যে সেই মুহূর্ততে মই এটা কবিতা লিখাৰ প্রয়োজন অনুভৱ কৰিলোঁ৷ তাকে নকৰিলে যেন মোৰ হূদয়খন ভাৰমুক্ত নহ’ব৷ কবিতাটো লিখিয়েই মই ‘বাঁহী’লৈ পঠিয়াই দিলোঁ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ পিছত তেওঁ প্রতিষ্ঠা কৰা ‘বাঁহী’ৰ সম্পাদনাৰ দায়িত্ব লৈছিল তেওঁৰ ভতিজাক মাধৱ বেজবৰুৱাই৷ দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়ত বাঁহীৰ কার্যালয় কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত হৈছিল৷ মই বাঁহীলৈ কবিতাটো পঠিয়াইছিলোঁ কণাৰ ফর্মূটিৰ নিচিনাকৈ৷ এটা তেৰ বছৰীয়া ল’ৰাৰ অপঁইতা হাতৰ কবিতাটো বাঁহীৰ নিচিনা এখন বিখ্যাত আলোচনীয়ে প্রকাশ কৰিব বুলি মই সমূলি আশা কৰা নাছিলোঁ৷ কিন্তু মোক আনন্দ আৰু বিস্ময়ত হতবাক কৰি দি খুব সোনকালেই কবিতাটো প্রকাশ হ’ল৷ মোৰ জীৱনৰ সর্বপ্রথম মুদ্রিত লেখা– ‘ৰাণী গাইডিলো৷’ সেই গাইডিলোক মই পাহৰোঁ কেনেকৈ?
পাহৰোঁ কেনেকৈ চেনিৰাম চায়েঙিয়া ছাৰক? ছাৰৰ ঘৰত মই জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখন নেদেখা হ’লে আৰু সেইখন পঢ়িবলৈ নোপোৱা হ’লে গাইডিলোৰ বিষয়ে কবিতা লিখাৰ চিন্তা মোৰ মনলৈ নিশ্চয় নাহিলহেঁতেন৷ অৱশ্যে এই কথা মানো যে লেখক হ’বলৈকে মোৰ জন্ম হৈছিল আৰু গাইডিলোৰ বিষয়ে কবিতা নিলিখা হ’লেও এদিন নহয় এদিন কোনোবা এখন আলোচনীত মোৰ কবিতা ওলালহেঁতেন৷ কিন্তু মোৰ জীৱনৰ সর্বপ্রথম মুদ্রিত কবিতাটোৰ লগত চেনিৰাম চায়েঙিয়া ছাৰৰ নাম এনে অবিচ্ছেদ্যভাৱে জড়িত হৈ গ’ল যে মোৰ মনৰ মণিকোঠাত ছাৰৰ নামটো সদায় জিলিকি আছে চিৰ অম্লানজ্যোতিৰে৷
অৱশ্যে কেৱল এইটোৱেই নহয়, মই ছাৰক পাহৰিব নোৱৰাৰ আৰু এটা ডাঙৰ কাৰণ আছে৷
ওপৰত কৈ অহা হৈছে যে ছাৰে আমাক ষষ্ঠ শ্রেণীত অংক পঢ়ুৱাইছিল৷ কিন্তু তেওঁ যে কিতাপ পঢ়ি ভাল পাইছিল আৰু বিভিন্ন বিষয়ৰ কিতাপ পঢ়িছিল, তেওঁৰ ঘৰত মই আৱিষ্কাৰ কৰা জৱাহৰলাল নেহৰুৰ আত্মজীৱনীৰ বাংলা অনুবাদেই তাৰ প্রমাণ৷
ছাৰে আমাক অংক শিকাই থকাৰ মাজে মাজে হঠাৎ বিষয়ান্তৰলৈ গৈ আন কিবাকিবি কথাও কৈছিল৷ সেই কাৰণে ছাৰৰ ক্লাছটো আমাৰ খুব ভাল লাগিছিল৷ এদিন হঠাৎ ছাৰে অসমীয়া ভাষাৰ গুণ বখানিবলৈ আৰম্ভ কৰিলে৷ কি প্রসংগত ছাৰৰ মুখৰ পৰা অসমীয়া ভাষাৰ কথা ওলাল সেই কথা মোৰ সমূলি মনত নাই৷ চেষ্টা কৰিও মনত পেলাব নোৱাৰোঁ৷ ই প্রায় ৭৭ বছৰ আগৰ কথা৷ মোৰ কাণত এতিয়াও বাজি আছে ছাৰে কোৱা কেৱল এই কথাটো– ‘আই ঐ দেহি অসমীয়া মানুহে কেতিয়াবা ভাষাৰে বুজাব নোৱৰা গভীৰ মৰম বা সহানুভূতি প্রকাশ কৰিবলৈ ব্যৱহাৰ কৰে কেৱল এই শব্দটো– আই ঐ দেহি৷ পৃথিৱীৰ আন কোনোবা ভাষাত ইয়াতকৈ বেছি কোমল আৰু কৰুণ আৰু মধুৰ শব্দ আছেনে?’
নাই৷
হঠাৎ এদিন গাইডিলোৰ গাঁৱত
মই ‘গাইডিলো’ নামৰ কবিতাটো লিখিছিলোঁ ১৯৪৫ চনত, মোৰ জীৱনৰ প্রায় ১৩ বছৰ বয়সত৷ ২০০৪ চনত মই এদিন হঠাৎ উপস্থিত হ’লোঁগৈ গাইডিলোৰ জন্মভূমি গাঁওখনত গাঁওখনলৈ যাত্রা আৰম্ভ কৰোঁতে মই সপোনতো ভবা নাছিলোঁ যে মই গাইডিলোৰ গাঁৱলৈ গৈ আছোঁ৷ ই বাৰু একপ্রকাৰৰ মিৰাকল নহয়নে?
দিগন্ত দাস নামৰ এজন ডেকা মানুহ কর্মসূত্রে কেইবাবছৰ উত্তৰ কাছাৰ জিলাৰ সদৰ ঠাই হাফলঙত আছিল৷ নিজৰ কাম–কাজৰ উপৰিও তেওঁ অতিৰিক্তভাৱে মোৰ দ্বাৰা সম্পাদিত ‘আমাৰ অসম’ নামৰ বাতৰিকাকতখনৰ স্থানীয় সংবাদদাতাৰ দায়িত্বও বহন কৰিছিল৷ ৰঙিয়াল স্বভাৱৰ উদ্যমী আৰু বুদ্ধিমান ডেকাজনক মই নিজৰ পুত্রৰ নিচিনাকৈ মৰম কৰিছিলোঁ৷
এদিন দিগন্তই হাফলঙৰ পৰা ফোন কৰি মোক ক’লে যে উত্তৰ কাছাৰ জিলাৰ উপায়ুক্ত চৈয়দ ইফটিকাৰ হোছেইনে মোৰ লগত কথা পাতিব খুজিছে৷ কথাটো কৈয়েই তেওঁ হোছেইন চাহাবৰ লগত মোক সংযোগ কৰি দিলে৷ সৌজন্যসূচক বাক–বিনিময়ৰ পিছত হোছেইন চাহাবে মোক হাফলঙলৈ নিমন্ত্রণ কৰিলে৷ নিতান্ত অপ্রত্যাশিতভাৱে তেওঁৰ নিমন্ত্রণ পাই মই অতিশয় আনন্দিত হ’লোঁ৷ বাৰ–তেৰ বছৰ বয়সতে সেই সময়ৰ বিখ্যাত অসমীয়া আলোচনী ‘আৱাহন’ত মই হাফলঙৰ অনুপম প্রাকৃতিক সৌন্দর্যৰ বর্ণনা পঢ়িছিলোঁ৷ সেই সময়ৰ বিখ্যাত অসমীয়া লেখক উমাকান্ত শর্মাই ‘আৱাহন’ত প্রকাশিত তেওঁৰ ‘পখী’ নামৰ এটা গল্পত লিখিছিল যে ভাৰতৰ আটাইবোৰ সুন্দৰ ঠাই দেখাৰ সৌভাগ্য তেওঁৰ হৈছে যদিও হাফলঙৰ নিচিনা সুন্দৰ ঠাই তেওঁ ক’তো কেতিয়াও দেখা নাই৷ প্রাকৃতিক সৌন্দর্যৰ প্রতি মই সদায় মই সহজাত তীব্র আকর্ষণ অনুভৱ কৰোঁ৷ উমাকান্ত শর্মাৰ গল্পত হাফলঙৰ প্রাকৃতিক সৌন্দর্যৰ কবিত্বময় বর্ণনা পঢ়াৰ দিন ধৰি মই ঠাইখনলৈ যাবলৈ এটা উদগ্র ইচ্ছা মনে মনে পোষণ কৰি আছিলোঁ৷ কিন্তু মোৰ ভ্রমণবিমুখ স্বভাৱৰ কাৰণে সি কার্যত পৰিণত হৈ উঠা নাছিল৷ হোছেইন চাহাবৰ নিমন্ত্রণ পোৱাৰ লগে লগে মই সিদ্ধান্ত ল’লোঁ যে এইবাৰ মই হাফলঙলৈ যামেই যাম এনে এটা সোণালী সুযোগ মই কেতিয়াও নেৰোঁ৷
যথাসময়ত মই হাফলঙলৈ গ’লোঁ৷ মোক চৰকাৰী অতিথিৰ মর্যাদা দিয়া হৈছিল৷ উপায়ুক্ত হোছেইন চাহাবে মোৰ কাৰণে বহুতো বিভিন্ন কার্যসূচীৰ ব্যৱস্থা কৰিছিল৷ সেইবোৰৰ ভিতৰত এটা আছিল হাফলঙৰ পৰা অদূৰৰ এখন জেমি নগা গাঁও পৰিদর্শন৷ গাঁওখনৰ নগা নামটো মই পাহৰিলোঁ৷ মোৰ ডায়েৰী লিখাৰ অভ্যাস নথকাৰ কাৰণে মোৰ জীৱনৰ বহুতো ঘটনাবহুল অভিজ্ঞতাৰ স্মৃতি আৰু মূল্যৱান ঐতিহাসিক তথ্য বিস্মৃতিৰ গর্ভত হেৰাই গ’ল৷ সেইবোৰক অৱলম্বন কৰি মই কেইবাখনো মূল্যৱান কিতাপ লিখিব পাৰিলোঁহেঁতেন৷ মোৰ যিকেইটা ভুলৰ কাৰণে মই এতিয়া অনুতাপ কৰোঁ সেইবোৰৰ ভিতৰত এটা হ’ল মোৰ ডায়েৰী নিলিখাৰ অভ্যাস৷
২০০৪ চনৰ ১২ ডিচেম্বৰত মই জীৱনত প্রথমবাৰৰ কাৰণে হাফলঙলৈ গৈছিলোঁ৷ ১৩ ডিচেম্বৰৰ দিনা ৰাতিপুৱা ৯ বজাতে আমি জেমি নগা গাঁওখনলৈ যোৱাৰ কথা৷ তাৰ আগতেই হোছেইন চাহাবে গাঁওখনৰ থূলমূল পৰিচয় দি মোক যেতিয়া ক’লে যে আমি যাবলৈ ওলাইছোঁ ৰাণী গাইডিলোৰ গাঁৱলৈ, তেতিয়া মোৰ মনৰ ভিতৰত আৱেগৰ এটা সৰু–সুৰা ভূমিকম্পই হ’ল৷ হোছেইন চাহাবে অৱশ্যে সেই কথা গম নাপালে৷ গাইডিলোৰ কথা কোৱাৰ উপৰি হোছেইন চাহাবে মোক এই তথ্যও জনাইছিল যে ঘাইকৈ গাইডিলোৰ প্রভাৱতে জেমি নগাসকল ধর্মান্তৰিত হোৱাৰ পৰা বিৰত হৈ থাকিল আৰু তেওঁলোক এতিয়াও হিন্দু হৈয়েই আছে৷
জেমি নগা গাঁৱত মোক জনোৱা ৰাজহুৱা সম্বর্ধনাৰ উত্তৰত মই এইবুলি বত্তৃণতা আৰম্ভ কৰিছিলোঁ যে যিটো কথাই মোৰ আজিৰ ভ্রমণ মোৰ কাৰণে অতি আৱেগময় আৰু অবিস্মৰণীয় কৰি তুলিছে সেই কথাটো মই একেবাৰে শেষত ক’ম৷ সভাখনলৈ জেমি নগা গাঁওখনৰ বাহিৰেও চুবুৰীয়া কেইবাখনো নগা গাঁৱৰ পৰাও মানুহ আহিছিল৷ সভা আৰম্ভ হোৱাৰ আগতে শতাধিক নগা পুৰুষ–মহিলাই তেওঁলোকৰ জাতীয় সাজপাৰ পিন্ধি সভাস্থলীৰ বহুত দূৰৰ পৰাই যিভাৱে মোক আদৰি আনিছিল তেনেকুৱা ৰাজকীয় আদৰণি আছিল মোৰ কাৰণে কল্পনাৰো অতীত৷ প্রথমতে মই ভাবিছিলোঁ যে জিলাৰ উপায়ুক্তজনে সভাখনৰ উদ্যোগ লোৱাৰ কাৰণেই বোধহয় মানুহবোৰ হিলদল ভাঙি আহিছে আৰু উপায়ুক্তৰ অতিথিৰ প্রতি বিশেষ সন্মান প্রদর্শন কৰাটো তেওঁলোকে নিজৰ কর্তব্য বুলি বিবেচনা কৰিছে৷ কিন্তু মোৰ সেই অনুমান ভুল আছিল বুলি তেওঁলোকে নিজেই প্রমাণ কৰি দিলে৷
সভাখন আৰম্ভ হৈছিল গাঁওখনৰ এজন নেতৃস্থানীয় মানুহে মোক উদ্দেশ্য কৰি দিয়া এটা আদৰণী বত্তৃণতাৰে৷ বত্তৃণতাটোত তেওঁ কৈছিল– ‘আজি যিজন মানুহক আমাৰ মাজত পাই আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ তেওঁক আজিহে প্রথমবাৰৰ কাৰণে দেখিলোঁ যদিও তেওঁ কিন্তু আমাৰ কাৰণে অচিনাকি মানুহ নহয়৷ ২০০১ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল৷ সেই সময়তে তেওঁ উত্তৰ–পূর্বাঞ্চলৰ সকলো নগা মানুহৰ উমৈহতীয়া সংস্থা নাগা হো হোক গুৱাহাটীলৈ নিমন্ত্রণ কৰি নিছিল৷ গুৱাহাটীৰ সকলো নেতৃস্থানীয় মানুহ উপস্থিত থকা এখন বিশাল ৰাজহুৱা সভাত নাগা হো হোৰ নেতাসকলক বিপুলভাৱে সম্বর্ধনা জনোৱা হৈছিল৷ এনে ঘটনা আগতে কেতিয়াও হোৱা নাছিল৷ অসমীয়াসকলৰ পৰা এনেকুৱা আন্তৰিক সম্বর্ধনা পাই নাগা হো হোৰ নেতাসকল ইমান অভিভূত হৈছিল যে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা বর্ণনা কৰি উত্তৰ–পূর্বাঞ্চলৰ প্রতিটো নগা গোষ্ঠীলৈকে চিঠি লিখিছিল৷ আমিও তেনে এখন চিঠি পাইছিলোঁ৷ নাগা হো হোৰ নেতাসকলে আমাক জনোৱা মতে এই গোটেই ঘটনাটোৰ মূলতে আছিল এজন মাত্র মানুহ– যিজন মানুহক আজি আমাৰ মাজত পাইছোঁ৷ নগাসকলৰ বন্ধু সেইজন মানুহক আমি নিজৰ মাজত পাই অতি সুখী হৈছোঁ৷’
আদৰণী ভাষণ শেষ হোৱাৰ পিছত মই বত্তৃণতা দিবলৈ থিয় হ’লোঁ৷ মই মনে মনে ভাবিলোঁ যে জেমি নগা গাঁৱৰ মানুহবোৰে ইতিমধ্যেই মোৰ বিষয়ে ইমান কথা জানে বুলি মই যেনেকৈ কল্পনা কৰিব পৰা নাছিলোঁ, ঠিক তেনেকৈ ময়ো তেওঁলোকক এতিয়া যিটো কথা ক’ম সেই কথা নিশ্চয় তেওঁলোকৰ কল্পনাৰ অতীত৷
মই সাধাৰণতে দীঘল বত্তৃণতা নিদিওঁ৷ কিন্তু সেইদিনা বিশেষ উপলক্ষটোৰ লগত সংগতি ৰাখি মই মোৰ বত্তৃণতাটো অলপ দীঘল কৰিলোঁ৷ মই মোৰ বত্তৃণতাৰ আৰম্ভণিতেই যিটো কথা কৈ তেওঁলোকৰ মনত কৌতূহল জগাই তুলিছিলোঁ সেই কৌতূহল মই ইচ্ছা কৰিয়েই কিছু দীঘলীয়া কৰিলোঁ৷ তেওঁলোকক বহুত সময় কৌতূহলত ৰাখি একেবাৰে শেষত মই ক’লোঁ গাইডিলোৰ কথা, জৱাহৰলাল নেহৰুৱে তেওঁৰ বিষয়ে আৱেগময় ভাষাত লিখা কথাখিনিৰ কথা, মই মোৰ জীৱনৰ ১৩ বছৰ বয়সত গাইডিলোৰ বিষয়ে লিখা কবিতাটোৰ কথা, ছপা আখৰত সর্বপ্রথমবাৰৰ কাৰণে প্রকাশিত কবিতাটোৱে মোৰ হূদয়ত সৃষ্টি কৰা বিপুল আৱেগৰ কথা…৷
মোৰ কথা শুনি জেমি নগা গাঁৱৰ মানুহবোৰ কেইমুহূর্তমানৰ কাৰণে স্তব্ধ হৈ গ’ল৷ তেওঁলোকে সপোনতো ভবা নাছিল যে এজন অচিনাকি মানুহে এদিন আচম্বিতে তেওঁলোকৰ গাঁৱলৈ আহি তেওঁলোককেই কৈ শুনাব সেইখন গাঁৱৰে এজনী ছোৱালী জেমি নগাৰ ইতিহাসৰ অমৰ বীৰাংগনা ৰাণী গাইডিলোৰ কথা৷