নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

No Country for Old Men

‘অসহ্য এই বন্ধ্যা বেদনা’৷ এইদৰেই আৰম্ভ হৈছিল হোমেন বৰগোহাঞিৰ চুটি(?)গল্প ‘মহাশ্বেতাৰ বিয়া’৷ যিমান দূৰ মনত পৰে গল্পটো প্রকাশ হৈছিল ‘কটনিয়ান’ৰ পাতত, ১৯৫৩ চনত৷ দ্বিতীয়বাৰ সাক্ষাৎ হোৱা নাই গল্পটোৰ লগত, কিন্তু মচিব নোৱৰাকৈ মনত ৰৈ গৈছে আৰম্ভণিৰ সেই এটা বাক্য৷ যিদৰে চার্লছ ডিকেনছৰ A Tale of Two Cities’ পঢ়াসকলে আওৰাব পাৰে সেই বিখ্যাত প্রথম পেৰাগ্রাফটো যিটো আৰম্ভ হৈছিল এইদৰে–‘It was the best of times, it was the worst of times, …..৷’ প্রথম কেইটামান বাক্য পঢ়াৰ লগে লগেই উন্মোচিত হৈ পৰিছিল গল্পটোৰ নাইবা উপন্যাসখনৰ অন্তর্নিহিত কাহিনীৰ ৰহস্যময় জগতখন৷ যোৱা মার্চ মাহতে ঘোষণা কৰা হৈছিল প্রথম লকডাউন৷ ৬৫ বছৰৰ ঊর্ধ্বৰ, ভাৰতৰ জনসংখ্যাৰ মাত্র চাৰি শতাংশ লোকক নির্দেশ দিয়া হৈছিল, বাৰম্বাৰ সকীয়াই দিয়া হৈছিল তেওঁলোক যেন নিজগৃহৰ ভিতৰতেই আবদ্ধ হৈ থাকে, ঘৰৰ পৰা এখোজো বাহিৰলৈ নোলায়৷ বুজোৱা হৈছিল যে কেৱল নিজৰ স্বার্থতেই নহয়, বৃহত্তৰ সমাজখনৰ হিতৰ হকেও তেওঁলোকৰ বহির্ভ্রমণ বাঞ্ছনীয় নহয়৷ স্বাৱলম্বী হৈ জীৱন যাপন কৰিবলৈ ভাল পোৱা এচাম লোকক হঠাতে পংগু কৰি পেলোৱা হৈছিল৷ আজি প্রায় ছমাহ ধৰি সেই বান্ধোনত ক’ৰোনাবদ্ধ হৈ থকাৰ পিছত বৰগোহাঞিৰ মহাশ্বেতাৰ দৰেই মন গৈছে চিঞৰিবলৈ৷
কেইবছৰমান আগেয়ে এজন ভদ্রলোকে মোৰ ই–মেইলid-টো বিচাৰিছিল৷ মই দিয়াৰ লগে লগে তেওঁ মন্তব্য কৰিছিল– ‘অ’, আপুনি এতিয়াওhotmail-ৰ যুগতেই আছে৷’ ভদ্রলোক নিজেও অৱসৰপ্রাপ্ত, বয়স নিশ্চয় ষাঠিৰ ঊর্ধ্বৰ, কিন্তু মোতকৈ অনেক কম৷ তেওঁৰ কথাষাৰৰ ব্যংগাত্মক সুৰ মোৰ কাণত স্পষ্ট বাজি উঠিছিল৷ তেওঁ বুজাব খুজিছিল যে মই হ’লোঁ পুৰণিকলীয়া, তেওঁৰ দৰে নতুন যুগৰ লোকেgmail–হে ব্যৱহাৰ কৰে৷ মই তেওঁক কোৱাৰ প্রয়োজনবোধ নকৰিলোঁ যে মোৰো এটাgmail id আছে, কিন্তু মনত ৰখাত সহজ কাৰণে কেতিয়াবা মইhotmail id টো দিওঁ৷ তেওঁ হয়তো এইটোও নাজানে যে যুগান্তকাৰীhotmail-ৰ প্রৱর্তন আৰম্ভ হৈছিল ১৯৯৬ চনত, আৰু মুখ্য আৱিষ্কাৰকজন আছিল ভাৰতীয়– নাম সবীৰ ভাটিয়া৷ তাৰ মাত্র এবছৰ পিছতেই প্রখ্যাত মাইক্রছফ্ট কোম্পানীয়েhotmail-ৰ স্বত্ব বহু মিলিয়ন ডলাৰত ক্রয় কৰি ভাটিয়াক কোটিপতি কৰিছিল৷ মোৰ প্রশ্ণকর্তাজন তেতিয়া হয়তো স্কুলীয়া ছাত্র৷ আৰুgmail আৰম্ভ হৈছিল সৌ সিদিনা– ২০০৭ চনত৷ আজিকালি এনেবোৰ ঘটনাই মনত অকণো ৰেখাপাত নকৰে৷ ক’ৰোনাই শিকাইছে সহনশীলতা আৰু এক বর্ধিতsense of humour, সাধাৰণ কথাৰ মাজতো ৰংগৰস বিচাৰি পোৱাৰ মাদকতা৷ অবান্তৰ কথাতো কেতিয়াবা মগজুৰ কোষবোৰ সজীৱ হৈ উঠে আৰু জাগি উঠে হাস্যৰসিক উন্মাদনা, যিটো কেৱল হঁাহিৰ মাজেদিয়েই বিস্ফোৰিত নহয়৷ আজিকালিৰ (ক’ৰোনা) যুগত ই অতিকৈ প্রয়োজনীয়, যাত্রাপথৰ লাখুটিস্বৰূপ৷
আন এটা সৰু ঘটনা৷ ইয়াৰো কেইবছৰমান আগতে এজাক যুৱক–যুৱতী মোৰ ওচৰলৈ আহিছিল৷ তেওঁলোক আটায়ে এখন স্থানীয় স্থাপত্য বিদ্যা প্রশিক্ষণ কেন্দ্রৰ শিক্ষার্থী৷ কিছু সময় কথা–বার্তা পাতি তেওঁলোকৰ লগত চা–চিনাকি হ’লোঁ৷ তাৰে দুজনমান অসমৰ বাহিৰৰ ল’ৰা, কথা প্রসংগত গম পালোঁ যে তাৰে এজনৰ প্রজেক্টৰ বিষয় হ’লOld Age Home৷ তাৰ কাৰণে পৰামর্শ বিচাৰি আহিছে৷ মোৰ ওচৰলৈ অহাৰ কাৰণ সোধাত ল’ৰাজনে ক’লে– ‘কাৰণ আপুনি যে এজন বুঢ়া মানুহ৷’ খুব সৰলভাৱে তেওঁ ক’ব খুজিছিল যে এজন বৃদ্ধ লোক হিচাপে মই বৃদ্ধাশ্রম এখনৰ পৰিকল্পনাত যথাযথ উপদেশ দিব পাৰিম৷ অর্থাৎ বিষয়টো সম্বন্ধে তেওঁলোকৰ নূ্যনতম ধাৰণাও নাই৷ মোৰ মনত পৰিছিল বহু বছৰ আগৰ কথা৷ আমাৰ দেউতাৰ কথা৷ দেউতা খুব কাঢ়া শাসনৰ লোক আছিল৷ আমাৰ লগত কোনোদিন ভালদৰে দু–আষাৰ কথা পতা মনত নপৰে৷ আনকি আমাৰ পঢ়া–শুনাৰ খবৰো আইতাৰ (মাৰ) পৰা লয়৷ আমি পঢ়িছিলোঁ হোষ্টেলত থাকি৷ দেউতা কোনোদিন আমাৰ থকা ঠাইলৈ অহা নাছিল৷ বন্ধৰ সময়ত ঘৰলৈ গ’লে আমি দেউতাৰ পৰা পলাই ফুৰোঁ৷ এনেকৈয়ে বছৰবোৰ পাৰ হৈ গৈছিল৷ দেউতাই অৱসৰ ল’লে৷ দেউতাৰ কোনো অসুখ–বিসুখ নাছিল, কোনোদিন আলপৈচান ধৰিব লগা হোৱা নাছিল৷ আমি কেইবাটাও ভাই–ককাই ঘৰলৈ গ’লে একলগ হৈ বহি কথা পাতোঁ৷ দেউতাই আমাৰ কাষেদি অহা–যোৱা কৰে৷ কথাৰ ভাগ বিচাৰি৷ আমি নেদেখা ভাও জোৰোঁ৷ এদিন দেউতাৰ মৃত্যু হ’ল৷ কাপোৰ–কানি ইফাল–সিফাল কৰোঁতে দেউতাৰ বিছনাৰ তলৰ পৰা বহু নগদ ধন পোৱা গ’ল৷ শেষ দিনকেইটাত কোনো অসুবিধা নহওক বুলি ভাবি দেউতাক প্রয়োজনতকৈ অধিক টকাই দিয়া হৈছিল৷ তাৰ বেছিভাগ বিছনাৰ তলতেই ওলাল৷ লাজ পাইছিলোঁ ভাবি যে দেউতাইতো আমাৰ পৰা কোনোদিন টকা বিচৰা নাছিল৷ বুজি পাইছিলোঁ দেউতাৰ কিহৰ প্রয়োজন আছিল৷ বহু পলমকৈ৷ মানৱ জীৱনৰ বিৱর্তনত ইয়েই হ’ল একমাত্র চিৰন্তন সত্য৷ এই বিষাদৰ মাজতো কৌতুক বিচাৰি পাইছিল বিখ্যাত আমেৰিকান লিখক মার্কটোৱেইন–এ৷ তেওঁ কৈছিল–‘Do not complain about growing old. It is a privilege denied to many.’

You might also like