নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বুকুলৈ দেশ–বিদেশৰ পর্যটকৰ হওক আগমন

নতুন দিগন্তৰ সূচনা হওক

চিৰসেউজীয়া অৰণ্যৰ মনোমোহা প্রাকৃতিক পৰিৱেশ তথা চহকী ইতিহাসৰ জীৱন্ত স্বাক্ষৰেৰে ভৰা অসমৰ প্রতিখন জিলাতে পর্যটনৰ প্রচুৰ সম্ভাৱনা আছে৷ এই লেখাটোত তাৰে এখন অত্যন্ত গুৰুত্বপূর্ণ আৰু পর্যটনৰ প্রচুৰ সম্ভাৱনা থকা জিলা শিৱসাগৰৰ বিষয়ে কিছু কথা আলোচনা আগ্বঢ়াব খুজিছোঁ৷
ছশ ছৰীয়া আহোম ৰাজত্বৰ কীর্তিচিহ্ণৰে পূর্ণ ঐতিহ্যমণ্ডিত শিৱসাগৰ, পুৰণি নাম কলঞ্চুপাৰ৷ ১৭৩১ চনত স্বর্গদেউ শিৱসিংহৰ ৰাণী অম্বিকাই এটা হৎ পুখুৰী খন্দায় আৰু নাম থয় শিৱসাগৰ৷ এই শিৱসাগৰ পুখুৰীৰ দক্ষিণপাৰে শিৱদ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল নামে তিনিটা দ’ল ন্ধায়৷ কোনো কোনোৱে কয় যে ৰজা শিৱসিংহৰ নামেৰেই পুখুৰীটোৰ নামো শিৱসাগৰ হয় আৰু কালক্রমত ইয়াৰ পৰাই জিলাখনৰ নামো শিৱসাগৰ হয়৷ আন কোনোৱে আকৌ শিৱ দেৱতাৰ নামত ঠাইখন উছর্গা কৰা কাৰণেই ঠাইখনৰ নাম শিৱসাগৰ হ’ল বুলি জনা যায়৷ শিৱসাগৰত অৱস্থিত দ’ল তিনিটাৰ ভিতৰত শিৱদ’লটোৱেই আটাইতকৈ ওখ৷ শিৱদ’লত শিৱৰাত্রিৰ দিনা ডাঙৰ মেলা হয় আৰু এই দ’লৰ এইটোৱেই ডাঙৰ উৎসৱ৷ শিৱদ’লৰ ওচৰতে বিষ্ণুদ’ল আৰু দেৱীদ’ল৷ বিষ্ণুদ’লৰ ঘাই উৎসৱ ৰথ যাত্রা৷ জগন্নাথৰ আর্হিৰে পদযাত্রা পতা হয়৷ দেৱীদ’লত দুর্গাপূজা হয়৷ অৱশ্যে তমানে ইয়াত ৰজাদিনীয়া প্রতিমা নাই৷ দুর্গাপূজাৰ সময়ত প্রতিমা সজাই লোৱা হয়৷
শিৱসাগৰ জিলাৰ আন আন পর্যটনৰ সমলসমূহৰ ভিতৰত এক ডল্লেখযোগ্য সমল হ’ল তলাতল ঘৰ৷ শিৱসাগৰ নগৰৰ পৰা প্রায় ৪ কিঃ মিঃ দূৰৈৰ আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰত স্বর্গদেউ ৰুদ্রসিংহই তলাতল ঘৰ নির্মাণ কৰিছিল৷ ঘৰটোৰ অৱশিষ্ট অংশখিনি নির্মাণ কৰিছিল স্বর্গদেউ ৰাজেশ্বৰ সিংহই৷ আনুমানিক ১৭০০ খ্রীষ্টাব্দত নির্মাণ হোৱা ৰংপুৰৰ তলাতল ঘৰটো প্রকৃততে আছিল আহোম ৰাজ্যৰ কাৰেংঘৰ৷ তলাতল ঘৰৰ ওচৰতে আছে খাৰ–বাৰুদৰ গুদাম ঘৰ হিচাপে ৱহাৰ কৰা ‘খাৰঘৰ’৷
শিৱসাগৰ নগৰৰ পৰা দক্ষিণ দিশে ৩ কিঃ মিঃমান দূৰত্বত এ টি ৰোডৰ কাষতে তলাতল ঘৰৰ বিপৰীতে ৰংঘৰ অৱস্থিত৷ আহোম যুগৰ অসমীয়া স্বকীয় স্থাপত্য–ৰীতিৰ নিদর্শন ‘ৰংঘৰ’ এছিয়াৰ ভিতৰতে প্রথমটো পেভিলিয়ন হিচাপে খ্যাত৷ ইয়াৰ পৰাই এসময়ত ৰাজপৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিভিন্ন সময়ত বিভিন্ন খেল–ধেমালিৰ লগতে ম’হ যুঁজ, শেন যুঁজকে প্রমুখ্য কৰি অন্যান্য বিনোদনমূলক কার্যসূচী উপভোগ কৰিছিল৷
গডগাঁও হৈছে শিৱসাগৰ জিলাৰ পর্যটকৰ আন এক ডল্লেখযোগ্য স্থান৷ গডগাঁও আছিল প্রাচীন আহোম ৰাজ্যৰ ৰঞ্জীপ্রসিদ্ধ ৰাজধানী৷ আৰম্ভণিতে কাৰেংঘৰটো এটা কাঠ–বাঁহৰ প্রকাণ্ড দুমহলীয়া চাংঘৰ আছিল৷ ইয়াক ‘হোলোংঘৰ’ লি কোৱা হৈছিল৷ এই হোলোং ঘৰটো েবৰ, দুৱাৰ আৰু ডাঙৰ–ডাঙৰ খুঁটােবাৰ ৰত্নমণি আৰু কাৰুকার্যখচিত কৰি সুশোভিত কৰা হৈছিল৷ পিছত ১৭৫১ চনত স্বর্গদেউ ৰাজেশ্বৰ সিংহই তমানৰ কাৰেংঘৰক এক আটকধুনীয়া ৰাজপ্রাসাদলৈ পৰিণত কৰাইছিল৷
গডগাঁৱৰ দৰেই শিৱসাগৰ জিলাৰ আন এক পর্যটকৰ ডল্লেখযোগ্য স্থান হ’ল জয়সাগৰ৷ ইতিহাসপ্রসিদ্ধ জয়সাগৰ পুখুৰী শিৱসাগৰ নগৰৰ পৰা প্রায় ৫ কিঃ মিঃ দক্ষিণে অৱস্থিত৷ ল’ৰাৰজাৰ চাউডাঙৰ হাতত নৃশংসভাৱে মৃতু্য্বৰণ কৰা মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্রসিংহই জয়সাগৰৰ জেৰেঙা পথাৰত জয়সাগৰ পুখুৰী আৰু জয়দৌল নির্মাণ কৰায়৷ জয়সাগৰ পুখুৰী ভাৰতৰ ভিতৰতেই স্ব্বৃহৎ মানৱ নির্মিত পুখুৰী৷
শিৱসাগৰ নগৰৰ পৰা ১৫ কিঃ মিঃ নিলগত আছে পানীদিহিং পক্ষী অভয়াৰণ্য৷ দীপৰ বিল আৰু ৰদ্বৈাম বিলমুখৰ পিছতেই পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱা অসমৰ তৃতীয়খন অভয়াৰণ্য হ’ল পানীদিহিং পক্ষী অভয়াৰণ্য৷ নৰীয়া হাতী আৰু বিভিন্ন চৰাই অভয়াৰণ্যখনৰ মূল আকর্ষণ৷
অবিভক্ত শিৱসাগৰৰ আন এখন উল্লেখযোগ্য পর্যটনস্থলী হৈছে চৰাইদেউ (বর্তমান চৰাইদেউ জিলাৰ অন্তর্গত)৷ শিৱসাগৰৰ পৰা ২৮ কিঃ মিঃ নিলগত চৰাইদেউ অৱস্থিত৷ চৰাইদেউৰ মূল আকর্ষণেই হ’ল এছিয়াৰ পিৰামিডৰূপে বিখ্যাত চৰাইদেউৰ মৈদাম৷ মৈদাম হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মানুহৰ সৎকাৰ প্রথা৷ আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়্ব্বীয়াসকলক মৈদাম প্রথাৰে সমাধিস্থ কৰা হৈছিল৷ ৰজাৰ দূৰ–দূৰণিত মৃত্যু হ’লে তাৰ পৰা শৱ আনি চৰাইদেউতে সমাধি দি মৈদাম ন্ধা হৈছিল৷ চৰাইদেউ অঞ্চলত এতিয়াও শৱ ধোৱা পুখুৰী, কোৰ ধোৱা পুখুৰী, শান্তি পুখুৰী আছে৷
শিৱসাগৰ জিলাৰ এজোপা বিস্ময়কৰ ঐতিহাসিক ক্ষ হৈছে াখৰ েবঙেনা৷ গছজোপাৰ নামেৰেই অঞ্চলটো নামাংকিত হৈছে৷ শিৱসাগৰ নগৰৰ পৰা ৩০ কিঃ মিঃ দূৰৈৰ কতা মৌজাৰ জ্বলাটিং আৰু চুহুংমুহুং গাঁৱৰ মধ্যস্থলত অৱস্থিত আহোম ৰাজত্বকালৰ এই ঐতিহাসিক াখৰ েবঙেনা গছজোপা৷ তমান ঠাইখন ৰঞ্জীপ্রসিদ্ধ অঞ্চল হিচাপে প্রখ্যাত হৈছে কেৱল এই গছজোপাৰ পৰাই৷ াখৰ েবঙেনা নামটো েবঙেনা শব্দৰ পৰাই আহিছে যদিও গছজোপা েবঙেনা জাতীয় নহয়৷ ই এজোপা এটা ডালৰ পৰাই ওলাই হুত ডাল–পাত, ফেৰেঙনিৰ পৰা সৃষ্টি হোৱা ৩০ ফুট ওখ আৰু প্রায় ৩ ফুট হল গছ৷ গছজোপাৰ পাতেবাৰ তগৰ ফুলৰ পাতৰ দৰে মিহি আৰু পিছল৷ গছৰ ডালেবাৰ, খহটা কাঁইটেবাৰ তিনি ফেৰেঙনীয়া৷ জেঠ, আহাৰ মাহত গুটিেবাৰ লাগে আৰু পকিলে সেউজীয়া পাতৰ আঁৰত গুটিেবাৰ াখৰৰ দৰে জিলিকি থাকে৷ আহোম যুগৰ কাণত পিন্ধা এবিধ অলংকাৰ াখৰ খটোৱা কেৰুৰ লগত গুটিটোৰ মিল থকাৰ ােবই গছজোপাৰ নাম ‘াখৰ েবঙেনা’ হ’ল লি কোৱা হয়৷ গছজোপাক লৈ হু লোকে পৰীক্ষা চলাই আহিছে যদিও গছজোপাৰ ংশ দ্ধিৰ ােব কোনো পৰীক্ষাই আজিলৈকে সক্ষম হোৱা নাই৷ িবজ্ঞানীসকলে গছজোপাক ‘ৰুবিয়েচিক’(Rubiaceac) প্রজাতিৰ লি চিহ্ণিত কৰিছে ৷ গছজোপাৰ ৈবজ্ঞানিক নাম হ’ল–‘Catunaregum uliginosa sivarajan’৷ লক্ষ্ণৌৰ ছাহানী ইনষ্টিটিউট অৱ পেলি’টানিয়ে ২০১৪ চনত চলোৱা এক পৰীক্ষাত গছজোপাৰ য়স ৫৮০ ছৰ লি প্রমাণ কৰিছিল৷ ১৯৯৬ চনত গছজোপাক বিশ্ব পর্যটনস্থলী ৰূপে গঢ়ি তুল্বিলৈ এখন কমিটী গঠন কৰি দিয়া হৈছিল৷ উল্লেখযোগ্য যে তমান সময়ত াখৰ েবঙেনাৰ নামেৰে ভাৰতীয় ডাক টিকটো প্রকাশিত হৈছে৷
শিৱসাগৰ জিলাৰ পর্যটনৰ সমল থকা উল্লেখযোগ্য আন এখন ঠাই হ’ল লাকুৱা৷ আহোমসকলৰ অন্যতম উপাস্য দেৱতাৰ আৰাধনাস্থলী লাকুৱাৰ আমলখি দেওশাল৷ এই দেওশালখন লাকুৱাৰ দিচাং নদীৰ পাৰত অৱস্থিত৷ এই দেওশালখনৰ মাটি ৰঙা আছিল ােব দেওশালখন ‘ৰঙাগডা আমলখি দেওশাল’ নামেৰেও জনাজাত লি ‘লেছেৰি েবাটলা ৰঞ্জী’ত উল্লেখ আছে৷ এই দেওশালত প্রত্বিছৰৰ শেষত আহোমসকলৰ অন্যতম ধর্মীয় কার্য ‘ওমফা পূজা’ অনুষ্ঠিত কৰি অহা হৈছে৷ সেইদৰে ‘মে–ডাম–মে–ফি’ও কেইবছৰমানৰ পৰা কৰি অহা দেখা গৈছে৷ এই দেওশালৰ মহিমালৈ লক্ষ্য কৰি পুৰোহিতসকলে অইন ঠাইত ধর্মীয় অনুষ্ঠানত ভাগ ল’লৈ যাওঁতে ইয়াত সেৱা এটি নজনোৱাকৈ ক’লৈকো নাযায়৷ তেওঁলোকৰ হূদয়ত দেওশালৰ প্রতি বিশ্বাস এতিয়াও বিৰাজমান৷ উল্লেখযোগ্য যে ‘ওমফা পূজা’ কেৱল তাই–আহোম সম্প্রদায়ৰ পূজা নহয়৷ ই সকলো অসমীয়াকে সামৰ্বি পৰা এটি গণতান্ত্রিক পূজা৷ এই মতটো ‘লেছেৰি বাটলা ৰঞ্জী’ত চাও হেম ঢ়াগোহাঞিদেৱেও দাঙি ধৰিছে ৷
শিৱসাগৰখন হৈছে পৰিৱেশ পর্যটনৰ এখন লেখত ল’লগীয়া উল্লেখযোগ্য জিলা৷ ইয়াৰ জৈৱ ৈবচিত্র্যই স্থানীয় আৰু দেশী–বিদেশী পর্যটক আৰু প্রকৃতিপ্রেমীসকলকো সদায় আকর্ষণ কৰি আহিছে৷ কিন্তু আমাৰ চৌপাশে উপলব্ধ এই সমলেবাৰলৈ চাই পর্যটনৰ প্রচাৰ–প্রসাৰ যেনেদৰে হ’ লাগিছিল, তেনেদৰে হোৱা নাই৷ ইয়াৰবাবে আমাৰ অজ্ঞতা, উপযুক্ত আঁচনি, আন্তঃগাঁথনিৰ অভাৱ, পৰিৱেশ–প্রকৃতিৰ সুৰক্ষাৰ প্রতি থকা দায়্বদ্ধতাৰ অভাৱ আদি কাৰণেবাৰেই উল্লেখযোগ্য৷ সেয়ে এনে সমস্যা দূৰীকৰণৰ বাবে তলত উল্লেখ কৰা ধৰণৰ পদক্ষেপ ল’ লাগিব
ক) পর্যটন সম্পর্কে গাঁওবাসীক সজাগ কৰি তুল্বি লাগ্বি৷
খ) চৰকাৰে এক সুস্পষ্ট পর্যটন নীতি তৈয়াৰ কৰি পর্যটনৰ সমলসমূহৰ বিকাশ সাধনৰ বোৰ যুগান্তকাৰী পদক্ষেপ ল’ লাগিব।
গ) দেশী–বিদেশী পর্যটকসকলে সুৰক্ষিতভাৱে যাতে অসমৰ পর্যটনস্থলীসমূহ চাব পাৰে তাৰ বোৰ প্রশাসন ৱস্থা সষ্টম কৰ্বি লাগিব।
ঘ) পর্যটনস্থলীসমূহ নূ্যনতম দূৰত্বত যাতে পর্যটকসকল থাক্বি পাৰে, খোৱা–েবাৱা কৰ্বি পাৰে তাৰ ােব প্রয়োজনীয় হোটেল, লজ, সুচল পৰ্বিহণ–যোগাযোগ ৱস্থা, নিৰাপত্তা, জৰুৰীকালীন চিকিৎসা সেৱা আদিৰ সু–ব্যৱস্থা কৰ্বি লাগ্বি৷
ঙ) পর্যটনৰ সহায়ক হোৱাকৈ যুৱক–যুৱতীক উপযুক্ত প্রশিক্ষণ প্রদান কৰি পর্যটকৰ গাইড হিচাপে নিয়োগ কৰ্বি লাগ্বি৷
পৰিশেষত কওঁ যে চৰকাৰী আৰু ক্তিগত প্রচেষ্টাত ঐক্য্বদ্ধভাৱে কাম কৰিলে আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ লগতে অসমক পর্যটনৰ ক্ষেত্রত বিশ্ব দৰ্বাৰত প্রতিষ্ঠা কৰ্বিলৈ সক্ষম হ’ম৷
ফোনঃ ৮৬৩৮০–২৯১৬১

You might also like