গৰুখুঁটিৰ দ্বন্দ্ব
আফগানিস্তানৰ পৰা ৰাছিয়াৰ প্রত্যাৱর্তনৰ পাছতে ভাৰতৰ জম্মু–কাশ্মীৰত ইছলামিক সন্ত্রাসবাদীৰ দৌৰাত্ম্য আৰম্ভ হয়৷ যুদ্ধ শেষ হোৱাৰ পাছত আফগানিস্তানত কর্মহীন হৈ পৰা মুজাহিদীন–জেহাদীক লৈ পাকিস্তানে কাশ্মীৰ দখলৰ স্বপ্ণ ৰচে৷ সেইসকলক কাশ্মীৰলৈ প্রেৰণ কৰিবলৈ ধৰে৷ সেইকেইটাই আহি পৃথিৱীৰ স্বর্গখন একপ্রকাৰ নৰকত পৰিণত কৰে৷ কিন্তু এখন সার্বভৌম দেশত আন এখন দেশে সন্ত্রাসবাদী প্রেৰণ কৰি হিংসাৰ ৰাজত্ব চলোৱাটো ইমান সহজ কথানে? সেইটো সম্ভৱ হৈছিল এটা বিশেষ পৰিস্থিতিৰ বাবে৷ সেই সময়ত দেশখন চৰম ৰাজনৈতিক অস্থিৰতাৰ মাজত সোমাই পৰিছিল৷ নতুন দিল্লীত মিত্রদলৰ অক্সিজেন লৈ চৰকাৰ চলিছিল৷ সঘনে চৰকাৰৰ পতন ঘটিছিল৷ অর্থনৈতিকভাৱে দেশখনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল৷ মণ্ডল আয়োগক লৈ দেশজুৰি আন্দোলন চলিছিল৷ ৰাম মন্দিৰক লৈ আন্দোলন আৰম্ভ হৈছিল৷ দেশৰ উত্তৰ–পূবত উগ্রপন্থীৰে মোকাবিলা কৰাত সেনা ব্যস্ত আছিল৷ দেশ এখনক অস্থিৰ কৰি তুলিবলৈ যেনেধৰণৰ প্রেক্ষাপট বা পৰিস্থিতিৰ দৰকাৰ, সেই সময়ছোৱাত ভাৰতত তেনে পৰিৱেশ–পৰিস্থিতিয়ে বিৰাজ কৰিছিল৷ আজিৰ তাৰিখত ভাৰতত সেই পৰিৱেশ নাই৷ দেশখন ৰাজনৈতিক, অর্থনৈতিক, সামৰিক সকলো দিশৰে পৰা সুস্থিৰ আৰু সক্ষম৷ এতিয়া পাকিস্তানে তেনে চক্রান্ত সহজে কার্যকৰী কৰিব নোৱাৰে৷ সীমান্ততে নিপাত যাব সন্ত্রাসবাদী৷ অর্থাৎ অশুভ ঘটনা বা বৃহৎ চক্রান্ত এটাক বাস্তৱ ৰূপ দিবলৈ সামগ্রিকভাৱে এটা বিশেষ অনুকূল পৰিস্থিতি বা প্রেক্ষাপটৰো দৰকাৰ৷ গৰুখুঁটিত যোৱা ২৩ ছেপ্ঢেম্বৰত সংঘটিত অপ্রীতিকৰ ঘটনাও এনেধৰণৰ এটা বিশেষ পৰিস্থিতিৰ সৃষ্টি৷ ই এদিনৰ কথা নহয়৷ কোনোৱে যদি ভাবিছে প্রশাসনে উচ্ছেদ চলাবলৈ গ’ল, গৃহহীন–ভূমিহীন হোৱাৰ খং–ৰাগ–ক্ষোভত তাত থকা লোকসকলে বাধা দিলে৷ আৰক্ষীয়ে লাঠী–গুলী চলালে৷ তিনিজন মৰিল৷ অনেকজন আহত হ’ল৷ কথাটো ইমান সৰল নহয়৷
পাকিস্তানক কাশ্মীৰ লাগে৷ এইটো ৩০–৩৫ বছৰৰ পুৰণি কথা নহয়৷ দেশ বিভাজনৰ সময়ৰ পৰাই দেশখনে কাশ্মীৰ দখল কৰাৰ অপচেষ্টা চলাই আহিছে৷ অর্থাৎ ইয়াৰো এটা ইতিহাস আছে৷ গৰুখুঁটিৰো এটা ইতিহাস আছে৷ সেই ইতিহাসৰ সৈতে এখন বিশেষ সমাজৰ একাংশৰ অহংকাৰ (?) জডিত হৈ আছে৷ ঘটনাটো ১৯৮৩ চনৰ৷ ১৯৮৩ চনটোৱে অসমৰ বাবে কেনে বিপর্যয় কঢ়িয়াই আনিছিল, তাক নক’লেও চলে৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই ‘জুয়ে পোৰা তিৰাশী’ বুলি মাথোঁ তিনিটা শব্দতে ভয়াৱহ দিনবোৰৰ জীয়া ছবিখন আঁকি থৈছে৷ গৰুখুঁটিত ৮জন অসমীয়াক নির্মমভাৱে হত্যা কৰা হৈছিল৷ তালিকাখনত প্রাক্তন বিধায়ক জয়নাথ শর্মাৰ ভাতৃ দয়াৰাম শর্মাৰো নাম আছে৷ তেওঁলোকক কোনে হত্যা কৰিছিল, কিয় কৰিছিল, হত্যা কৰিবলৈ যাওঁতে দিয়া ধর্মীয় শ্লোগান কি আছিল, সেয়া সকলোৱে জানে৷ অৱশ্যে এনেকুৱাও নহয় যে তিৰাশীত কেৱল এটা পক্ষইহে আনটো পক্ষক আক্রমণ কৰিছিল৷ ই সম্পূর্ণৰূপে একপক্ষীয় নাছিল৷ কিন্তু পার্থক্যটো ধ্বনিত আছিল৷ সেইসকল লোকে পৰৱর্তী কালত দীর্ঘদিনলৈ ৰাজনৈতিক পৃষ্ঠপোষকতাও লাভ কৰিছিল৷ ইয়ে গৰুখুঁটিৰ একাংশৰ মনত একধৰণৰ অহমিকাবোধৰ (?) জন্ম দিয়ে৷ সেই অহমিকাবোধৰ বাবেই তাত আনকি শিৱ মন্দিৰৰ ভূমিও বেদখল হয়৷ সৌ–সিদিনা প্রশাসনে বেদখলমুক্ত কৰাৰ পাছত পুনৰ মন্দিৰৰ ভূমি বেদখল হৈছিল৷ আন এটা ধর্মৰ উপাসনাস্থলীত আগ্রাসন অতি উগ্র সাম্প্রদায়িক নতুবা মৌলবাদী চিন্তাধাৰাৰে পৰিচালিত লোকৰ দ্বাৰাহে সম্ভৱ৷ ইছলামিক ৰাষ্ট্রত এনেধৰণৰ কাণ্ড দেখা যায়৷ অৱশ্যে গৰুখুঁটিত চৰকাৰী ভূমি বেদখল কৰি বসবাস কৰি থকা সকলো মানুহ এনেধৰণৰ চিন্তাৰে পৰিচালিত নহয়৷ কিন্তু কিছুসংখ্যক লোক যে আছে, সেয়া মন্দিৰৰ ভূমি বেদখলতে প্রতিপন্ন হয়৷
অসমত চৰকাৰ পৰিৱর্তনৰ লগে লগে কিছুমান নতুন কথা, নতুন চিন্তা ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্রখনত আহি ভিৰ কৰিবলৈ ধৰিছে৷ কথাবোৰ সর্বানন্দ সোণোৱালৰ কালছোৱাত বৰ বিশেষভাৱে চর্চা হোৱা নাছিল৷ দুই–এজন ৰাজনৈতিক নেতা বা মন্ত্রীৰ ব্যক্তিগত পৰিমণ্ডলতে কথাবোৰ সীমাবদ্ধ হৈ আছিল৷ তাৰে মাজৰ এজন হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ তেওঁ সনাতনী সভ্যতা–সংস্কৃতিৰ কথা কয়৷ মুখ্যমন্ত্রী হোৱাৰ পাছতো তেওঁ একেই স্থিতিতে অটল আছে৷ ড০ শর্মা এটা ৰাজনৈতিক দলৰ নেতা৷ কথাবোৰত ৰাজনৈতিক পক্ষপাতদুষ্টতা থাকিবই৷ কিন্তু তাত ভাৰতৰ সঁচা ইতিহাসো লুকাই আছে৷ কিন্তু অসমৰ ৰাজনীতিত এইটো একেবাৰে নতুন কথা৷ কংগ্রেছ, অগপ বা আন ৰাজনৈতিক দলৰ শাসনত অসমত ৰাজনৈতিক মঞ্চৰ পৰা এই ধৰণৰ কথা কোৱা হোৱা নাছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই সনাতনী সভ্যতা–সংস্কৃতিৰ কথা কয় মানে ভাৰতবর্ষৰ সেই সোণালী দিনবোৰৰ কথা কয়, যি ভাৰতীয় সভ্যতা–সংস্কৃতিৰো ভেটি৷ ভাৰতৰ ইতিহাস মানে মাথোঁ ব্রিটিছ বা মোগলৰ শাসন কালছোৱা নহয়৷ আচল ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি৷ সেই ইতিহাসক কংগ্রেছে ইমান দিনে মহিমামণ্ডিত নকৰিলে৷ পাঠ্যক্রমতো উপেক্ষিতপ্রায় হৈ থাকিল৷ ইয়াৰ বিপৰীতে এনে কিছুমান মোগল বাদশ্বাহ নতুবা চুলতানক ইতিহাসৰ পৃষ্ঠাত গৰিমাময় কৰি তুলি ধৰা হ’ল, যাৰ ঘৃণা–হিংসা বা অত্যাচাৰৰ অন্ধকাৰ দিশ এটাও আছে৷ কিন্তু সনাতনী সভ্যতা–সংস্কৃতিৰ কথা ক’লে অসমৰ এচাম লোক আতংকিত হৈ উঠে৷ সেইসকলৰ মাজতো কেইবাটাও ভাগ আছে৷ এভাগত কেইটামান ৰাজনৈতিক দল পৰে৷ কিছু অৰাজনৈতিক সংগঠন পৰে৷ পূর্ববংগীয় মূলৰ লোকো ইয়াৰ মাজত আছে৷ উগ্র হিন্দুত্ববাদক মানি নোলোৱা লোক একাংশও এইটো ভাগত পৰে৷ পূর্ববংগীয় মূলৰ কথা কওঁতে দেশ বিভাজনৰ সময়ৰ পৰা আজিলৈকে ৰাজ্যখনত অনুপ্রৱেশ কৰি থকা অবৈধ বাংলাদেশীৰ কথা কোৱা হৈছে৷ এই মানুহখিনি ধর্মৰ ভিত্তিত দেশ বিভাজনৰ আচলৰ মানুহৰ এভাগ৷ দেশ বিভাজনৰ পূর্বে এইটো দাবীক লৈ মুছলিম লীগ আৰু ইয়াৰ বিৰোধিতাৰে কংগ্রেছে নির্বাচনী যুঁজত অৱতীর্ণ হৈছিল৷ পাকিস্তানৰ সমর্থনত সর্বাধিক ভোটদান হোৱা অঞ্চলবোৰৰ ভিতৰত কিন্তু আজিৰ পাকিস্তান নাই৷ অধিক ভোটদান হৈছিল আজিৰ বাংলাদেশত৷ তদুপৰি উত্তৰ প্রদেশ, বিহাৰ, মাদ্রাছ আদিত মুছলিম লীগে অধিক সমর্থন লাভ কৰিছিল৷ পৰৱর্তী কালত যিসকলে পূব পাকিস্তান বা বাংলাদেশৰ পৰা অসমলৈ আহিল, তেওঁলোকে নিজৰ মাজতে ইছলামিক ৰাষ্ট্রৰ ধাৰণাটোও লৈ আহিল৷ ই চেতনা হৈ তেওঁলোকৰ সৈতে আহিল৷ পৰিৱর্তিত পৰিস্থিতিত সকলোৰে চেতনাত আজি হয়তো সেইবোৰ নাই৷ কিন্তু চেতনাত পাকিস্তান লুকাই পূর্ববংগীয় লোক এইখন অসমত আজিও অনেক আছে৷ কংগ্রেছে সনাতনী সভ্যতা–সংস্কৃতিৰ কথা ক’লে বেয়া পায়৷ ইয়াৰ বাবে অধিক গভীৰতালৈ গৈ ভবাৰ দৰকাৰ নাই৷ ভোট লাগে৷ মানে তুষ্টিকৰণৰ ৰাজনীতি৷ ইয়াৰ বাবে দলটোৱে একাংশ বাঁওপন্থী ভাবধাৰাৰ লোকৰ জৰিয়তে ভাৰতৰ ইতিহাসকে বিকৃত আৰু অসম্পূর্ণ কৰি থৈছে৷ এ আই ইউ ডি এফৰ ক্ষেত্রতো একেই কথা৷ তেওঁলোকে ভাৰতবর্ষৰ সাত–আঠশ বছৰৰ পূর্বৰ সমৃদ্ধিশালী সভ্যতাৰ দিনবোৰলৈ উভতি যাব নিবিচাৰে৷ একেধৰণৰ আন কিছুমান অৰাজনৈতিক সংগঠন আছে৷ অসমত তথা ভাৰতৰ এটা ডাঙৰ সমস্যা হৈছে কিছুমান মানুহ এখন বিশেষ জগতত থাকে৷ তেওঁলোকক একপ্রকাৰ ছিন্নমূল বুলি ক’ব পাৰি৷ নিজৰ অতীতৰ সন্ধান নকৰে৷ এই বিকৃতিটো পাকিস্তানত অধিক৷ যিসকল আক্রমণকাৰী চুলতানে ভাৰতৰ মঠ–মন্দিৰ লুট কৰি বা এই ভূ–খণ্ডত তেজৰ নৈ বোৱাই দিছিল, সেইসকলক পাকিস্তানত বীৰৰ মর্যাদা দিয়া হৈছে৷ দেশখনৰ বুৰঞ্জী আৰম্ভ হৈছে মোগলৰ আক্রমণৰ সময়ৰ পৰা৷ এসময়ত ভাৰতৰে অংগ পাকিস্তানৰ জনসাধাৰণ সনাতনী সভ্যতা–সংস্কৃতিৰ অংশীদাৰ নহয় জানো? কিন্তু নিজৰ অতীতক পাহৰি তেওঁলোকে এটা দ্বন্দ্বৰ সৃষ্টি কৰিলে৷ গৰুখুঁটিও সেই দ্বন্দ্বৰে চিকাৰ৷
গৰুখুঁটিত এটা কৃষি প্রকল্পৰ কাম চলি আছে৷ সেইটো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্বপ্ণৰ প্রকল্প বুলি ক’ব পাৰি৷ গৰুখুঁটিত শেহতীয়াকৈ উচ্ছেদ চলিছিল প্রকল্পটোৰ বাবে৷ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলৰ পৰা উচ্ছেদ কৰি তাত কৃষিকার্যৰ জৰিয়তে অনেক নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতা লাভ প্রকল্পটোৰ আন নহ’লেও নিকট ভৱিষ্যৎ উজ্জ্বল বুলিয়েই ক’ব পাৰি৷ তেনে ধৰণৰ প্রকল্প এটাত হেঙাৰৰ সৃষ্টি কৰাটো ভাৰতীয় ৰাজনীতিৰ অন্যতম পৰম্পৰা৷ গতিকে আলোচনা হাজাৰবাৰ হওক, বেদখলকাৰীক ছয় বিঘাকৈ ভূমি দিয়াৰ প্রতিশ্রুতি হাজাৰবাৰ দিয়া হওক, তাত চক্রান্ত চলিবই৷ স্বার্থজডিত মহলে ২৮ লাখ টকা কিয়, কোটি টকা সংগ্রহ কৰিব৷ উচ্ছেদৰ পূর্বে শিল, যাঠী–জোং আদি কাটি–মেলি বাৰীৰ পাছফালে সাজু কৰি ৰখা হ’বই৷ নিশাৰ ভিতৰতে হাজাৰ হাজাৰ মানুহ গোট খাবই৷ এইটোৱেই হ’বলগীয়া আছিল৷ সন্মুখত উপ–নির্বাচন আছে৷ নির্বাচনটোৱে ৰাজ্যত শাসক নতুবা বিৰোধী দলৰ ভাগ্য পৰিৱর্তন নকৰে৷ সকলো একেই থাকিব৷ শাসক দল জিকিলে বিৰোধী অধিক দুর্বল হৈ পৰিব৷ বিৰোধী শিবিৰৰ জয় হ’লে শাসকৰ বিৰুদ্ধে মনস্তাত্ত্বিক যুদ্ধখনত কিছু আগবাঢ়ি থাকিব৷ শাসকপক্ষ কিছু মানসিক চাপত থাকিব৷
কিন্তু গৰুখুঁটিত হিংসা অপ্রতিৰোধ্য আছিলনে? চৰকাৰী পক্ষৰ পৰা কোৱা হৈছে যে তাত দৰিদ্র–ভূমিহীনৰ পৰা একাংশই বিগত তিনি মাহত ২৮ লাখ টকা সংগ্রহ কৰিছে৷ কথাটোত উচ্ছেদ চলোৱাৰ পূর্বে গুৰুত্ব দিয়া হৈছিল যেন লগা নাই৷ তাত যদি নিশাৰ ভিতৰতে দহ হাজাৰ মানুহ গৈ জমা হৈছিল, কোন পথেৰে গৈছিল? প্রশাসনে নেদেখিলে নেকি? কিয় মানুহখিনিক বাধাহীনভাৱে তালৈ যাবলৈ দিয়া হ’ল? উচ্ছেদ বা বৃহৎ কোনো অভিযান চলাবলৈ গ’লে প্রশাসনে আগতীয়াকৈ সংশ্লিষ্ট অঞ্চলটোৰ খা–খবৰ লয় আৰু সেই অনুসৰি প্রস্তুতি লয়৷ আৰক্ষী প্রশাসনে চোৰাংচোৱাৰ জৰিয়তে পৰিস্থিতি অধ্যয়ন কৰে৷ গৰুখুঁটিত এইবোৰ দিশে গুৰুত্ব পোৱাহেঁতেন সিদিনাৰ পৰিস্থিতি হয়তো অন্য হ’লহেঁতেন৷ সি যি নহওক, গৰুখুঁটি মানে মাথোঁ বেদখলকাৰীক উচ্ছেদ নহয়, ই এটা দ্বন্দ্বৰ প্রকাশ৷ সমাগত দিনত এই দ্বন্দ্ব অধিক তীব্রতৰ হৈ পৰিব৷ ইয়াত ধর্মীয় কাৰণ থাকিব৷ ৰাজনীতিত তিষ্ঠি থকাৰ তাগিদা থাকিব৷ নিজৰ ভেটি অধিক সবল কৰাৰ প্রয়াস থাকিব৷