নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ২০ দিনীয়া দেৱ শিশুৰ মাতৃৰ হত্যাকাৰী স্বামী আয়ুব মামুন ওৰফে মুনক

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ  কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাভিতা গাঁৱৰ আফাজ উদ্দীনৰ ২১ বছৰীয়া কন্যা আজমিনা খাতুনৰ স্বামী তথা গুনিয়ালগুৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ৱাহেদৰ পুত্ৰ আয়ুব মামুনক আজি কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আয়ুব মামুনে পৰকীয়া প্ৰেমত পৰি নিজ পত্নী আজমিনা খাতুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত আজমিনাৰ পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আজি আয়ুব মামুনক গ্ৰেপ্তাৰ কৰিছে। ঘনেপ্ৰতি যৌতুক দাবী কৰি আয়ুব মামুনে পত্নী আজমিনাৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল। প্ৰাপ্ত অভিযোগ মতে, যোৱা ২১ ছেপ্টেম্বৰৰ মাজ নিশা স্বামী আয়ুব মামুনে পত্নী আজমিনা খাতুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী কৰিছে আজমিনাৰ পিতৃ পৰিয়ালে।

You might also like