নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনন্দন

চাৰিখন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ বিধানসভা নির্বাচনত অসমতহে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ গঠন হ’ব, এইটো সকলোৰে প্রত্যাশিত আছিল৷ তালিকাখনত প্রত্যাশিত ধৰণে কেৰালা, তামিলনাডু, পডুচেৰীৰ নাম নাছিল৷ ইয়াৰ বিপৰীতে পডুচেৰীত এ আই এন আৰ কংগ্রেছৰ নেতৃত্বত বিজেপিয়ে আশা কৰাতকৈ অধিক ভাল ফল লাভ কৰিলে৷ তাত এন ডি এৰ চৰকাৰ গঠন হ’ব, সেইটো ইতিমধ্যে নিশ্চিত হৈছে৷ এন ডি এৰ অংশীদাৰ দল দুটাই মিলি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ কিন্তু পডুচেৰীত এইবাৰ অভূতপূর্ব বিপর্যয়ৰ সন্মুখীন হৈছে কংগ্রেছ৷ ১৫খন আসনত প্রতিদ্বন্দ্বিতা কৰা দেশৰ সবাতোকৈ পুৰণি দলটোৱে মাথোঁ দুখন আসনতহে জয়লাভ কৰে৷ অর্থাৎ বিধানসভাৰ আধা আসনত প্রতিদ্বন্দ্বিতা কৰি নিজেও ডুবিল আৰু মিত্রদল ডি এম কেকো ডুবালে৷ আনহাতে, পশ্চিমবংগত শাসনলৈ আহিব নোৱাৰিলেও তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি বিজেপিৰ সপক্ষে এটা ধাৰণা দেশজুৰি গঢ় লৈ উঠিছিল৷ কেইবাটাও প্রতিষ্ঠানৰ এগজিট প’লত বিজেপিয়ে আনকি চৰকাৰ গঠন কৰিব বুলিও দাবী কৰা হৈছিল৷ কিন্তু দলটোৱে মমতা বেনার্জী নেতৃত্বাধীন চৰকাৰখনক হেটড্রিক অর্জনৰ পৰা বাধা দি ৰাখিব নোৱাৰিলে৷ দুশখন আসন লাভ কৰিব বুলি দাবী কৰা বিজেপিয়ে প্রশান্ত কিশোৰে দাবী কৰাৰ দৰে এশখন আসনৰ তলতে সন্তুষ্ট থাকিবলগীয়া হ’ল৷ বংগত বিজেপিৰ পৰাজয় দেশৰ জনসাধাৰণে বহু দিন মনত ৰাখিব৷ দলটোৰ নেতৃত্বয়ো ইয়াক সহজে পাহৰিব নোৱাৰিব৷ নির্বাচনী ফলাফল ঘোষণাৰ পিছত বিজেপিৰ নেতাসকলে ২০১৬ চনত লাভ কৰা তিনিখন আসনৰ ঠাইত এইবাৰ ৭৭খন আসন লাভ কৰাটোকে বৃহৎ সাফল্য বুলি নিজকে নিচুকাবলৈ আৰম্ভ কৰিছে৷ মুখলজ্জা ঢ়াকিবলৈ ইয়াৰ বিকল্পও নাই৷ সর্বশক্তি প্রয়োগ কৰি নির্বাচনী ৰণত অৱতীর্ণ হৈছিল৷
তামিলনাডু, কেৰালা, পডুচেৰী, পশ্চিমবংগৰ বিপৰীতে অসমেই একমাত্র ৰাজ্য, য’ত বিজেপি জয়ী হ’ব বুলি আৰম্ভণিৰ পৰাই দেশজুৰি ধাৰণা এটাই গা কৰি উঠিছিল৷ অসমৰ জনসাধাৰণৰ মাজতো প্রথমাৱস্থাৰ পৰাই বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ জয়লাভক লৈ যোগাত্মক পৰিৱেশ এটা স্বয়ংসিদ্ধভাৱে গঢ় লৈ উঠিছিল৷ ইয়াৰ বিপৰীতে মহাজোঁটে কোনো এটা ক্ষণতে অসমত চৰকাৰ গঠন কৰিব পাৰিব বুলি সাধাৰণ জনতাৰ বিশ্বাস অর্জন কৰিব পৰা নাছিল৷ এইটোৱে বিজেপি আৰু বিৰোধী শিবিৰৰ মাজত এটা বৃহৎ ব্যৱধানৰ সৃষ্টি কৰিছিল৷ নহ’লে কংগ্রেছ–এ আই ইউ ডি এফ–বামপন্থী–বি পি এফ মিলি গঠন হোৱা মহাজোঁটক ৰোধ কৰাটো সিমান সহজ কাম নাছিল৷ বিজেপি শিবিৰত নিজৰ বাহিৰে আন অংশীদাৰ দলকেইটাৰ শক্তি আৰু সাংগঠনিক পৰিসৰ ইমানেই সীমিত যে ৰাজ্যখনৰ বেছিভাগ অংশতে বিজেপিয়ে নিজৰ শক্তিক আধাৰ হিচাপে লৈ যুঁজ দিবলগীয়া হৈছিল৷ অসমত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ জয়লাভক লৈ এতিয়া ভিন্ন ধৰণৰ বিশ্লেষণ, আলোচনা–বিলোচনা হ’ব৷ কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে বুথ পর্যায়ত বিজেপিৰ ভোট ব্যৱস্থাপনা অতুল্য৷ অসমত তেনেদৰে নির্বাচনী যুঁজত অৱতীর্ণ হোৱা দ্বিতীয়টো দল পাবলৈ নাই৷ বিজেপিয়ে নির্বাচনত এটা মহাশক্তিৰ দৰে একত্র হৈ নির্বাচনত নামে৷ কোনো এটা সমষ্টিকে সহজভাৱে লোৱা নহয়৷ এইটো বিজেপিৰ এটা যোগাত্মক দিশ৷
এইবাৰৰ নির্বাচনত বিজেপিক কেইবাটাও কাৰকে সহায় কৰিছে৷ উজনি আৰু উত্তৰ অসমত মৌলানা বদৰুদ্দিন আজমল আৰু অসমৰ সভ্যতা–সংস্কৃতিৰ যুঁজক ইছ্যু হিচাপে লৈ বিজেপিয়ে কংগ্রেছক একপ্রকাৰ ধৰাশায়ী কৰিলে৷ বগীবিল আৰু ড০ ভূপেন হাজৰিকা সেতুৱে অঞ্চলটোৰ জনসাধাৰণৰ মনত সৃষ্টি কৰা সদিচ্ছাৰ সুফলো দলটোৱে পালে৷ হিতাধিকাৰী আঁচনিয়ে বিজেপিক আশাতীত সহায় কৰিলে৷ দলটোৱে মিত্রজোঁটৰ অংশীদাৰ দলৰ ভোট লাভতো যথেষ্ট সফল হ’ল৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নিকা ভাবমূর্তি, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰামহীন শ্রমেও দলটোক নির্বাচনী সাফল্য অর্জনত মূল্যৱান অৰিহণা যোগালে৷ ইয়াৰ বিপৰীতে মিত্রজোঁটত থাকিও যথেষ্ট ক্ষতিৰ সন্মুখীন হয় অসম গণ পৰিষদ৷ এইবাৰৰ নির্বাচনত কংগ্রেছৰ পাছতে সর্বাধিক ক্ষতিগ্রস্ত দল হিচাপে পৰিগণিত হৈছে অগপ৷ ধাৰণা কৰা হৈছিল যে অজাপ আৰু ৰাইজৰ দলে অগপক ক্ষতিগ্রস্ত কৰিব৷ ইয়াৰ বিপৰীতে বিজেপিৰ সৈতে মিত্রজোঁটত আবদ্ধ হৈ থকা বাবেহে দলটো অধিক ক্ষতিগ্রস্ত হ’ল৷ বিজেপিৰ সভ্যতা–সংস্কৃতি ৰক্ষাৰ যুঁজখনক ফেপেৰি পাতি ধৰা এটা বিশেষ ধর্মীয় গোষ্ঠীৰ ভোট দলটোৱে হেৰুৱালে৷ ফলত বৰপেটা সমষ্টিটো হেৰুৱাবলগীয়া হ’ল৷ জয়ৰ সম্ভাৱনা থকা গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ, মানকাচৰ, চেঙা, ভৱানীপুৰ, সৰুক্ষেত্রী আদি সমষ্টিত অগপৰ বৃহৎ ক্ষতি হয়৷ ইয়াৰ বিপৰীতে মিত্রজোঁটৰ অংশীদাৰ হৈ লাভান্বিত হয় বিটিচিৰ শাসক দল ইউ পি পি এল৷ দলটোৱে ছখন আসনত জয়লাভ কৰে৷ অৱশ্যে প্রথম অৱস্থাত দলটোৰ বাবে নির্বাচনী যুঁজখন প্রায় উন্মুক্ত আছিল৷ কিন্তু মহাজোঁটত চামিল হোৱা বি পি এফে হঠাতে নতুনকৈ শক্তি আহৰণ কৰি লোৱাত ইউ পি পি এলৰ বাবে পথ কিছু কণ্টকাকীর্ণ হৈ পৰিছিল৷ মিত্রজোঁটত থাকি দলটোৱে সেই ঘাটি পূৰণ কৰিবলৈ সক্ষম হ’ল৷ দুধনৈত বিদ্রোহী প্রার্থীক নিয়ন্ত্রণ কৰিব নোৱৰা বাবে ৰাভা হাছঙৰ সংগ্রামী শক্তিয়ে এইবাৰ সমষ্টিটো হেৰুৱালে৷ মিত্রজোঁটৰ আসন এখন হ্রাস পালে৷
এইবাৰৰ বিধানসভা নির্বাচনে কংগ্রেছৰ দুৰৱস্থাক পুনৰবাৰ উজাগৰ কৰিলে৷ দেশজুৰি আস্থাহীনতাৰ সংকটত ভোগা দলটোৰ অসমত ইমান দুৰৱস্থা হৈ থকা নাছিল৷ কিন্তু জনসাধাৰণক পতিয়ন নিয়াব পৰা ক্ষমতা নথকা দলটোৰ নেতৃত্বই এটা সম্ভাৱনাপূর্ণ নির্বাচনত শোচনীয়ভাৱে পৰাজিত হ’ল৷ অকলেই সকলো খোৱাৰ খঁকটোৱে কংগ্রেছক আন আন ৰাজ্যতো মুখথেকেচা খুৱাই আহিছে৷ অসমতো একেই অৱস্থা হ’ল৷ যিকোনো মানুহকে মুহূর্ততে আকর্ষিত কৰিব পৰা পাঁচটা গেৰাণ্টী হাতত লৈও দলটো অসমত পৰাজিত হ’ল৷ ৯৩খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাথোঁ ২৯খনত জয়লাভ কৰিলে৷ তাৰো সিংহভাগ আসন লাভ কৰিছে মিত্রদল এ আই ইউ ডি এফৰে থকা মিত্রতাৰ বাবে৷ উজনিত দলটোৰ ভেটি প্রায় উছন হ’ল৷ বৰাকতো বৰ বিশেষ সাফল্য নাহিল৷ পৰৱর্তী সময়ত দলটো এ আই ইউ ডি এফৰ কৃপাত চলি থকা দললৈ পর্যবসিত হোৱাৰ সম্ভাৱনা আছে৷ মহাজোঁটত আবদ্ধ হৈ মৌলানা বদৰুদ্দিন আজমলৰ দলটো এইবাৰ সর্বাধিক লাভান্বিত হৈছে৷ অৱশ্যে উগ্র সাম্প্রদায়িক বক্তব্য, তেনে ধৰণৰ বিষাক্ত চিন্তাধাৰা একাংশৰ মূৰত সুমুৱাই দিয়া বাবেও দলটোৱে শক্তি লাভ কৰা বুলি ক’ব পাৰি৷ দলটো বিজেপিৰ বিপৰীত মেৰুত থাকি ধর্মীয় উন্মাদনা সৃষ্টি কৰাত সফল হৈছে৷ তৎসত্ত্বেও ক’ব পাৰি যে এ আই ইউ ডি এফৰ ৰাজনৈতিক ভেটিটো লাহে লাহে দুর্বল হৈ পৰিছিল৷ এইবাৰ নির্বাচনে নতুনকৈ প্রাণ প্রতিষ্ঠা কৰিলে৷ অসমত অনাগত দিনৰ ৰাজনীতিত এ আই ইউ ডি এফ প্রধান বিৰোধী শক্তি ৰূপে আত্মপ্রকাশ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, ইউ পি পি এল–বিজেপি–জিএছপিৰ হাতলৈ বিটিচিৰ ক্ষমতা যোৱাৰ পিছত বি পি এফৰ বাবে ৰাজনীতি শূন্যপ্রায় হৈ পৰিছিল৷ কিন্তু মহাজোঁটৰ অংশীদাৰ হৈ দলটোৱে চাৰিজন বিধায়কক দিছপুৰলৈ প্রেৰণ কৰিবলৈ সক্ষম হয়৷ নির্বাচনটোৱে বি পি এফৰ বাবে আৰু কিছুদিনৰ ৰাজনীতি মুকলি কৰি দিলে৷
যিয়েই নহওক, প্রত্যাশিতভাৱে পুনৰ ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰা অসমৰ জনসাধাৰণৰ প্রত্যাশাও এইবাৰ বাঢ়িব৷ নির্বাচনী প্রচাৰ আৰু ইস্তাহাৰত দলটোৱে বহু প্রতিশ্রুতি দি থৈছে৷ নিযুক্তিৰ কথা কোৱা হৈছে৷ স্বাৱলম্বিতাৰ কথা কোৱা হৈছে৷ বিকাশৰ কথা কোৱা হৈছে৷ ঋণ মাফৰ কথাও কোৱা হৈছে৷ সেইবোৰ আশা পূৰণ কৰিব নোৱাৰিলে পৰৱর্তী নির্বাচনে চৰকাৰ তথা দলকেইটাৰ কঠিন পৰীক্ষা ল’ব পাৰে৷ এইবাৰ বিধানসভাৰ মজিয়াত বিৰোধীৰ সংখ্যা পঞ্চাশৰো অধিক৷ প্রত্যাহ্বান মজিয়াতো থাকিব৷ কিন্তু এই মুহূর্তত অসমক দৰকাৰ ক’ভিডৰ সংহাৰী ৰূপৰ পৰা উদ্ধাৰ কৰা৷ এই কামখিনি শপতগ্রহণৰ লগে লগে কৰিব লাগিব৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্রাছা, উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ পৰীক্ষাক লৈ সিদ্ধান্ত ল’বলগীয়া আছে৷ সেই সকলোবোৰ জনসাধাৰণৰ মনত কোনো ধৰণৰ কিন্তুৰ সৃষ্টি নকৰাকৈ নিয়াৰিকৈ কৰিব পাৰিলে, চৰকাৰখনৰ দ্বিতীয়টো ইনিংছ মধুৰভাৱে আৰম্ভ হ’ব৷ আৰম্ভণি ভাল হোৱাটোও জৰুৰী৷

You might also like