নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটৰ পৰা অৱসৰ থিছাৰা পেৰেৰাৰ

নিয়মীয়া বাৰ্তা, ৪ মেঃ ক’ৰোনাৰ আতংকৰ মাজতে আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে শ্রীলংকা ক্রিকেট দলটোৰ অলৰাউণ্ডাৰ থিছাৰা পেৰেৰাই৷ ৩২ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে আজি তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰে৷ ২০০৯ চনত আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটা থিছাৰা পেৰেৰাই অৱশ্যে ফ্রেনছাইজী ক্রিকেটত খেলি যাব বুলি সদৰী কৰে৷

বাঁওহতীয়া অলৰাউণ্ডাৰগৰাকীয়ে ১৬৬খন এদিনীয়াত শ্রীলংকা দলটোক প্রতিনিধিত্ব কৰি ২,৩৩৮ ৰান কৰাৰ লগতে ১৭৫টা উইকেট লাভ কৰে৷ ২০১৪ চনৰ টি–২০ বিশ্বকাপ বিজয়ী শ্রীলংকা দলটোৰ অন্যতম সদস্য পেৰেৰাই ছখন টেষ্ট আৰু ৮৪খন টি–২০ মেচত সিংহলী বাহিনীক প্রতিনিধিত্ব কৰিছিল৷

You might also like