খিলঞ্জীয়াৰ স্বার্থ ৰক্ষার্থে সমষ্টি পুনর্গঠন
🔹 সুমন্ত চলিহা
যুগে যুগে ‘ৰাজনীতি’ শব্দটোৰ যে বিভিন্ন সংজ্ঞা আগবঢ়াই অহা হৈছে, সেই বিষয়ে আমি আটায়ে অৱগত৷ কিন্তু আধুনিক যুগত এই বিশেষ শব্দটোৱে এক বিশেষ তাৎপর্য বহন কৰা পৰিলক্ষিত হৈছে৷ অতীতৰ সকলো অর্থৰ অতিৰিক্তভাৱে ৰাজনীতি বুলিলে আমি এই কথাকে বুজোঁ যে সাম্প্রতিক কালত কোনো এটা জাতি অথবা জনসমষ্টিয়ে এই ধৰাৰ বুকুত আপোন অস্তিত্ব বর্তাই ৰাখিবৰ বাবে যিবোৰ কৌশল অৱলম্বন কৰিব লগা হয়, সেইবিলাকৰ সমষ্টিয়েই হৈছে ৰাজনীতি৷ যি জাতি কিম্বা জনসমষ্টিয়ে ৰাজনীতিক এক প্রভাৱী আহিলা হিচাপে প্রয়োগ কৰিবলৈ সামর্থ্য অর্জন কৰে, তাৰহে এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ সিদ্ধ হয়৷ যি জনসমষ্টিয়ে এই কথা উপলব্ধি কৰিব নোৱাৰে৷ তাৰ দশা মৰিছাছ দ্বীপত একালত বাস কৰা ড’ড’ নামৰ পক্ষী–প্রজাতিৰ দৰে হোৱাটো অৱধাৰিত৷ এই প্রজাতিটোৰ চৰাইবোৰে মানুহক ভয় বা সন্দেহ কৰিব নাজানিছিল৷ তাৰ পৰিণতিত অতি কম সময়ৰ ভিতৰতে ড’ড’ এটা বিলুপ্ত প্রজাতিত পৰিণত হৈছিল৷
আচলতে শত্রু–মিত্রৰ নিখুঁত জ্ঞান অবিহনে এই কুটিল পৃথিৱীত ব্যক্তি হিচাপেই হওক কিম্বা সমষ্টি হিচাপেই হওক, কোনেও আপোন অস্তিত্ব ৰক্ষা কৰি চলিব নোৱাৰে৷ যদি শত্রুকে মিত্র জ্ঞান কৰা হয়, তেনেহ’লে তাৰ ফল অত্যন্ত মাৰাত্মক হোৱাটোৱেই স্বাভাৱিক কথা৷ স্বৰাজোত্তৰ কালছোৱাত বৃহত্তৰ অসমীয়া জাতিৰ অন্তর্গত লোকসকলেও পুনঃ পুনঃ এনে ভুলকে কৰি অহা আমি দেখিবলৈ পাইছোঁ৷ যিটো পক্ষই সকলো দিশৰ পৰা অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বার্থত জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ কৰা নাই, বৃহত্তৰ অসমীয়া জনসমষ্টিৰ অন্তর্গত লোকসকলে সেই পক্ষটোকে জাতীয় স্বার্থ ৰক্ষাৰ দায়িত্ব বহুবাৰ অর্পণ কৰি আহিছে৷ অসমীয়াত ইয়াকে কোৱা হয় ‘উদক ভেটাৰখীয়া দিয়া’ বুলি৷ যাৰ পৰিণতিত অসমীয়া খিলঞ্জীয়া জনসমষ্টিটোৰ আয়ুস ইতিমধ্যে বহুখিনি চুটি হৈ পৰিল৷ কি পন্থা অৱলম্বন কৰিলেনো এই বিপন্ন জাতিসত্তাটোৰ আয়ুস কিছু হ’লেও বৃদ্ধি কৰিব পৰা যায়, তাৰ চিন্তা এচাম শুভবুদ্ধিসম্পন্ন লোকে দূৰ অতীতৰ পৰাই কৰি অহাটোও মন কৰিবলগীয়া৷ অসমীয়া জাতিক বহিঃশত্রুৰ আগ্রাসনৰ পৰা সুৰক্ষিত কৰা প্রথমজনা ব্যক্তি হিচাপে মহাবীৰ লাচিত বৰফুকনৰ প্রাসংগিকতা চিৰকাললৈ থাকিব৷ শৰাইঘাটৰ ৰণত বৰফুকনে মোগল সেনাক পৰাজিত কৰিবলৈ সমর্থ্য হোৱাহেতুকেই প্রথমবাৰৰ বাবে নুমাবলগীয়া অসমীয়া নাম নুনুমোৱাকৈ ৰৈছিল৷
ভাৰতে উপনিৱেশিক শাসক গোষ্ঠীৰ পৰা স্বাধীনতা লাভ কৰাৰ প্রাক্কালত অসমীয়া নাম দ্বিতীয়বাৰৰ বাবে নির্বাপিত হ’বৰ উপক্রম কৰিছিল৷ কিন্তু জাতিটোৰ বাবে সৌভাগ্যৰ কথা আছিল এয়ে যে সেই গভীৰ জাতীয় সংকটৰ মুহূর্তত আন এজনা বৰসেনাপতিৰ ৰূপত লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ আৱির্ভাৱ ঘটিছিল৷ মূলতে তেখেতৰ বলিষ্ঠ প্রয়াসৰ ফলত অসমখন পূব পাকিস্তানত অন্তর্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল৷ পিছে অসমীয়াৰ জাতীয় দুর্ভাগ্য আছিল এয়ে যে স্বাধীনতা লাভৰ পৰা মাথোঁ তিনিটা বছৰ উকলিবৰ পৰতে জাতিটোৰ দ্বিতীয়গৰাকী ত্রাণকর্তা বৰদলৈদেৱে পৰলোকলৈ গমন কৰিছিল৷ তদুপৰি স্বৰাজোত্তৰ অসমৰ আন এক বৃহৎ দুর্ভাগ্য হ’ল, স্বাধীনতাৰ কিছু বছৰৰ ভিতৰতে দেশখনৰ প্রাচীনতম ৰাজনৈতিক দল কংগ্রেছৰ একাংশ শীর্ষস্থানীয় নেতাই নির্লজ্জভাৱে মোট সলনি কৰাটো৷ লক্ষণীয়ভাৱে প্রাক্ স্বৰাজ কালছোৱাত অসমৰ গৰিষ্ঠসংখ্যক কংগ্রেছ নেতাই এই প্রান্তৱর্তী ৰাজ্যখনত পূর্ববংগমূলীয় মুছলমান সম্প্রদায়টোৰ লোকসকলৰ অবাধ প্রব্রজনৰ পৰা ৰক্ষা কৰিবৰ হেতু অহোপুৰুষার্থ কৰিছিল৷ সেইটো যুগত মহম্মদ ছাদুল্লাৰ নেতৃত্বাধীন মুছলিম লীগৰ চৰকাৰখনেহে আৰম্ভণিৰে পৰা অসমক এখন মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ উদ্দেশ্যে সুপৰিকল্পিতভাৱে ৰণনীতি প্রস্তুত কৰি লৈছিল৷ কিন্তু দেশখনে স্বাধীনতা লাভ কৰাৰ পাছত দেখা গ’ল যে পূর্বৰ লীগ চৰকাৰৰ অসমাপ্ত কার্যসূচী সম্পূর্ণ কৰাৰ দায়িত্ব কংগ্রেছ দলেই কান্ধ পাতি লৈছে৷ অসমৰ খিলঞ্জীয়া পক্ষটোৰ ন্যায্য স্বার্থ সমূলি আওকাণ কৰি অসমৰ এচাম কংগ্রেছী নেতাই নিজ নিজ ভোটবেংক গঢ়াৰ উদ্দেশ্যে তদানীন্তন পূব পাকিস্তানৰ পৰা ৰাজ্যখনলৈ বিদেশী মুছলমানৰ প্রব্রজন প্রক্রিয়াত উৎসাহ যোগাই গ’ল৷ একে সময়তে কংগ্রেছ দলৰ শীর্ষ নেতৃত্বৰ (হাইকমাণ্ড) বহুবোৰ পদক্ষেপ অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ স্বার্থৰ প্রতিকূলে যোৱা পৰিলক্ষিত হ’ল৷ পিছে দলটোৰ এই অসম আৰু অসমীয়াবিৰোধী স্থিতিৰ ভু পাবলৈ এই লোকসকলক কেইবাটাও দশকৰ আৱশ্যক হৈছিল৷ স্বাধীনতা লাভৰ পৰা তিনি দশকমান উকলি যোৱাৰ পাছতহে অসমত প্রথমখন কংগ্রেছী চৰকাৰ গঠন লৈছিল৷ তাৎপর্যপূর্ণভাৱে জনতা দলৰ এই চৰকাৰখনৰ কার্যকালতে বিদেশী নাগৰিকৰ অনুপ্রৱেশে সৃষ্টি কৰা জটিল সমস্যাটোৰ কথা প্রথমবাৰৰ বাবে পোহৰলৈ আহে৷ তাৰ আলমতে অসমত ১৯৭৯ চনৰ পৰা ১৯৮৫ চন পর্যন্ত সংগঠিত হৈছিল সুদীর্ঘ অসম আন্দোলন৷ এখন চুক্তি স্বাক্ষৰিত হোৱাৰ মাধ্যমে এই গণ আন্দোলনটোৰ সমাপ্তি ঘটিছিল যদিও এই আন্দোলনটোৱে বিভিন্ন কাৰণত বাঞ্ছিত সুফল নিশ্চিত কৰিব পৰা নাছিল৷ এনে কাৰণসমূহৰ ভিতৰত অসমৰ খিলঞ্জীয়া লোকসকলৰ প্রতি কংগ্রেছ দলটোৰ দায়বদ্ধতাৰ অভাৱেই আছিল সর্বপ্রধান৷ খিলঞ্জীয়াৰ স্বার্থৰ পৰিৱর্তে বিদেশী অনুপ্রৱেশকাৰীবোৰৰ স্বার্থক লৈহে এই দলটো অধিক চিন্তিত আছিল৷ তাৰ সবাতোকৈ স্পষ্ট প্রমাণ হ’ল আই এম ডি টি নামৰ কলংকিত আইনখন প্রণয়ন কৰাটো৷ সময় বাগৰাৰ লগে লগে অসমত পূর্ববংগমূলীয় মুছলমান লোকৰ সংখ্যা বাৰিষা বানপানী বঢ়াৰ দৰে বাঢ়ি গৈ আছিল৷ প্রকৃততে এই মাৰাত্মক প্রপঞ্চটো আজিও অব্যাহত আছে৷ ইয়াৰ প্রতি দৃষ্টি ৰাখি অসমৰ প্রকৃত হিতাকাংক্ষী সংগঠনৰ লগতে ব্যক্তিসকলে সততে উদ্বিগ্ণ হৈ ৰৈছিল যে কি পদ্ধতি অৱলম্বন কৰিলেনো সুপ্রাচীন অসমীয়া জাতিটোক অপমৃত্যুৰ পৰা বচাব পৰা যায়৷ উল্লেখ্য যে ছবছৰ ধৰি চলা অসম আন্দোলনেও মূল সমস্যাটো সমাধানৰ দিশত একো বাঞ্ছিত পথৰ নির্দেশনা দিব নোৱাৰিলে৷ ঘাইকৈ পূর্বৰ কেন্দ্রীয় চৰকাৰসমূহৰ নির্লিপ্ততাৰ হেতুকেই অসম চুক্তি এখন মিয়াদ উকলি যোৱা দলিলত পৰিণত হৈছিল৷ এই চুক্তিখন স্বাক্ষৰিত হোৱাৰ সুদীর্ঘ চৌব্বিছ বছৰৰ পাছত ২০১৯ চনৰ জুলাই মাহতহে অসম চুক্তিৰ হূৎপিণ্ডৰূপে অভিহিত ইয়াৰ ষষ্ঠ দফাটোৰ ৰূপায়ণ সন্দর্ভত পৰামর্শ দিবলৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰি দিছিল৷ উক্ত কমিটীয়ে প্রস্তুত কৰা প্রতিবেদনখনত অন্যান্য পৰামর্শৰ লগতে অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ লগতে ৰাজ্যখনৰ অন্তর্গত ১৪টা লোকসভা সমষ্টিৰ সীমা পুনর্নির্ধাৰণ কৰিবলৈ পৰামর্শ আগবঢ়াইছিল৷ আনহাতে ২০১৬ চনত অনুষ্ঠিত ৰাজ্য বিধানসভাৰ নির্বাচনৰ আগে আগে ভাৰতীয় জনতা পার্টীয়ে প্রকাশ কৰা ‘ভিজন ডকুমেণ্ট’ত অসম চুক্তিৰ প্রতিটো দফা কার্যকৰী কৰা হ’ব বুলি প্রতিশ্রুতি আগবঢ়াইছিল৷ পৰৱর্তী সময়ত এই সন্দর্ভত ৰাজ্যিক বিজেপিৰ এজন জ্যেষ্ঠ নেতা ধ্রুৱপ্রসাদ বৈশ্যই মন্তব্য কৰিছিল যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হ’বৰে পৰা অসম চুক্তিৰ দফাবিলাক আক্ষৰিকভাৱে ৰূপায়িত কৰাৰ পৰিৱর্তে ইয়াৰ মর্মার্থ অনুযায়ী In spirit) ৰূপায়িত কৰাটোহে অধিক গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷
শেহতীয়াকৈ ৰাজ্যখনৰ প্রতিটো বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনঃনির্ধাৰণ প্রক্রিয়াটো সূচনা কৰাৰ জৰিয়তে বিজেপিৰ নেতৃত্বাধীন কেন্দ্রীয়–ৰাজ্যিক চৰকাৰ দুখনে এই কথাকে প্রতিপন্ন কৰিলে যে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ অস্তিত্বৰ সংকট মোচন কৰিবলৈ এই ৰাষ্ট্রীয়তাবাদী দলটো প্রকৃত অর্থতে দায়বদ্ধ৷ প্রসংগক্রমে উল্লেখ্য, ১৯৭৬ চনৰ পাছত অসমত নির্বাচনী সমষ্টিসমূহৰ সীমা পুনঃনির্ধাৰণ কৰাৰ প্রয়াস এয়ে প্রথম৷ পূর্বৰ কংগ্রেছ চৰকাৰসমূহে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ মর্মবেদনা যদি সামান্যভাৱেও অনুধাৱন কৰিলেহেঁতেন, তেনেহ’লে এনে এটা প্রক্রিয়া কেইবাটাও দশক পূর্বেই সম্পন্ন কৰাৰ থল আছিল৷ কিন্তু এই দলটোৱে স্বাধীনতাৰ পাছৰে পৰা অসমৰ খিলঞ্জীয়া পক্ষটোক নিলগাই থৈ বিদেশী অনুপ্রৱেশকাৰী আৰু যিসকলৰ বংশোদ্ভৱগণকহে বুকুৰ কুটুমৰূপে গণ্য কৰি আহিছে৷
সমষ্টিসমূহৰ সীমা পুনঃনির্ধাৰণৰ খচৰা প্রকাশ হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যথার্থভাৱে ব্যক্তি কৰিছে যে এই প্রক্রিয়া সম্পূর্ণ হৈ উঠিলে ৰাজ্যৰ খিলঞ্জীয়া জনসমষ্টিটোৰ স্বার্থ আগত ত্রিছ বছৰলৈ নিষ্কণ্টক হৈ পৰিব৷ ইয়াৰ মাধ্যমেৰে স্পষ্ট হৈ উঠা কথাটো হ’ল, ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্রক্রিয়াটোৱে অসমৰ খিলঞ্জীয়া পক্ষটোক যি নিশ্চয়তা প্রদান কৰাত ব্যর্থ হৈছিল, নির্বাচনী সমষ্টিসমূহ পুনর্গঠনৰ জৰিয়তে সেই লক্ষ্য সাধন কৰাটো সম্ভৱ হৈ উঠিল৷ ইয়াৰ মাজতে ৰাজনৈতিক ইচ্ছাশক্তিৰ মহত্ত্বৰ কথাটোও সোমাই আছে৷ যি ইচ্ছাশক্তিক কংগ্রেছ দলে চিৰকাল বিদেশী মূলোদ্ভৱ তথা অনুপ্রৱেশকাৰী পক্ষটোক ৰক্ষণাবেক্ষণ দিবৰ উদ্দেশ্যে প্রয়োগ কৰি আহিছিল, সম্প্রতি ভাৰতীয় জনতা পার্টীয়ে তাক খিলঞ্জীয়াৰ স্বার্থত ব্যৱহাৰ কৰিছে৷ এয়াই হৈছে ইতিবাচক ৰাজনীতিৰ উৎকৃষ্ট উদাহৰণ৷ এটা কথা কোৱা বাহুল্য, অসমত সমষ্টি পুনর্গঠন প্রকল্পটোৰ প্রমুখ ৰূপকাৰ হৈছে মুখ্যমন্ত্রী ড০ শর্মা ডাঙৰীয়া৷ তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ বাবেই কম পক্ষেও আগত তিনি দশকৰ কালছোৱাৰ বাবে অসমৰ খিলঞ্জীয়া লোকসকল বিদেশী আৰু বিদেশী বংশোদ্ভৱসকলৰ পদানত হোৱাৰ আশংকা দূৰ হ’বলৈ ওলাইছে৷ অসমীয়াৰ জাতীয় জীৱনত ই নিশ্চতভাৱে এটা অতি উল্লেখযোগ্য সংঘটন৷ ইয়াক প্রত্যক্ষ কৰি জাতিটোৰ শুভচিন্তকসকলে স্বস্তিৰ নিশ্বাস পেলাইছে৷
লেখক অগ্রণী উচ্চাৰণ অভিধানৰ সংকলক