নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালত পর্যটন উদ্যোগ

৷৷ এক ৷৷
যোৱা পাঁচটা মাহত জনজীৱন স্তব্ধ কৰি দিয়া পৰিস্থিতিয়ে দেশখনৰ, ৰাজ্যখনৰ অর্থনীতি তচনচ কৰি দিয়াৰ পৰিপ্রেক্ষিততহে দৰাচলতে ‘ক’ভিড–১৯’ৰ সংহাৰ চলি থকা সত্ত্বেও পূর্বে ঘোষিত লকডাউন বহু পৰিমাণে শিথিল কৰি মানুহৰ দৈনন্দিন জীৱন যাত্রাত কিছু সকাহ দিয়াৰ এক পৰিৱেশ ৰচনা কৰা হৈছে৷ এনে পৰিৱেশ ৰচনাত পৃথিৱীজুৰি স্বীকৃত ‘ক’ভিড প্রট’কল’, অর্থাৎ নাক–মুখ ঢ়াকি মুখা পিন্ধা, সামাজিক ব্যৱধান মানি চলা আৰু সঘনাই চাবোনেৰে হাত ধোৱা এই তিনি আচৰণ মানি চলাটো হৈছে প্রতিগৰাকী নাগৰিকৰে ক্ষেত্রত অৱশ্যেই পালনীয় চর্ত৷ এনে চর্ত আৰোপিত ব্যৱস্থাতে এতিয়া দোকান–পোহাৰ, বিভাগীয় কার্যালয়, যাতায়াত–পৰিবহণ, খেতিপথাৰৰ কৃষি কার্য, নির্মাণকার্য আদি কিছু কিছু অর্থনৈতিক কর্মক্ষেত্রত যোৱা প্রায় পাঁচটা মাহৰ স্থবিৰতা ভাঙি আমাৰ জীৱন প্রবাহলৈ স্বাভাৱিকতা ঘূৰাই অনাৰ প্রয়াস কৰা হৈছে৷ এই স্বাভাৱিকতাই স্থায়িত্ব পোৱাটো আৰু অন্যান্য সকলো ক্ষেত্রলৈকে প্রসাৰতা লাভ কৰাটো সম্পূর্ণৰূপে নির্ভৰ কৰিব উল্লিখিত ক’ভিড প্রট’কল ৰক্ষা কৰি চলাত আমি মানুহবোৰ কিমান অভ্যস্ত আৰু ছিৰিয়াছ হ’ব পাৰিছোঁ তাৰ ওপৰত৷ আশা কৰা হৈছে অভূতপূর্ব এনে বিশ্বজুৰি হোৱা মহামাৰী পৰিস্থিতিৰ সন্মুখীন নোহোৱা আজিৰ মানুহে বিষয়টোৰ গুৰুত্ব উপলব্ধিৰে সম্পূর্ণ ক’ৰোনামুক্ত সেই সুদিনলৈ ধৈর্য আৰু সাৱধানতাৰে খোজ দিব৷ দৰাচলতে আজিৰ ঠিক তেনে এক পৰিস্থিতিকে ‘ক’ৰোনা কাল’ হিচাপে অভিহিত কৰি শিৰোনামত দিয়া বিষয়বস্তু সন্দর্ভত আলোচনা আগবঢ়াবলৈ লোৱা হৈছে৷
৷৷ দুই ৷৷
কোৱা হৈছে যে ক’ভিড–১৯ৰ দ্বাৰা পোনেই সর্বাত্মকভাৱে আক্রান্ত হোৱা আৰু পূর্বৰ স্বাভাৱিকতা ঘূৰাই পাবলৈ আটাইতকৈ বেছি দীঘলীয়া সময়ৰ প্রয়োজন হ’বলগীয়া অর্থনৈতিক খণ্ডটোৱেই হৈছে পর্যটন খণ্ড৷ এনে হোৱাৰ প্রধান কাৰণটোৱেই হৈছে যে এই খণ্ডৰ লগত জডিত হৈ থাকে যাতায়াতৰ বাবে বিমান, ৰে’ল, মটৰ গাডী, অটোৰিক্সা, ৰিক্সাকে ধৰি সকলো ধৰণৰ পথ পৰিবহণ ব্যৱস্থা ড্রেভেল এজেঞ্চীসমূহ হোটেল–ৰেস্তোৰাঁ ট্যুৰ অপাৰেটৰ ট্যুৰিষ্ট গাইড ৰিজ’ট–লজ ৰাজ্যখনৰ আৰক্ষীকে ধৰি সংশ্লিষ্ট বিভাগসমূহ পর্যটনথলীৰ বজাৰসমূহকে সামৰি অনেক সেৱাখণ্ড, য’ত মানুহৰ আধিক্য আৰু ইজন–সিজনৰ মাজত সঘন সংশ্রৱে প্রাধান্য পায়৷ কাজেই, মানুহৰ পৰা মানুহলৈ সংক্রমিত হোৱা ক’ৰোনা ভাইৰাছ বিস্তাৰৰ বাবে পর্যটন ক্ষেত্রখনেই হৈছে আটাইতকৈ সহজতম আহল–বহল ক্ষেত্র৷ ক’ভিড–১৯ক প্রতিহত কৰিবলৈ হ’লে এই ক্ষেত্রখনৰ সক্রিয়তাত বাধা প্রদানৰ বিকল্প আন একো থাকিব নোৱাৰে৷ আনহাতে ই এনে এটা খণ্ড যে দেশ–দেশান্তজুৰি জীৱন–জীৱিকাৰ সন্ধানত থকা মানৱ সমাজৰ ভিন্ন স্তৰৰ লোক এই ক্ষেত্রখনত সংযুক্ত আৰু সংপৃক্ত হৈ থাকে৷ দেশে দেশে পর্যটন আজি সেয়েই গুৰু উদ্যোগতকৈও আনকি অধিক মর্যাদাসম্পন্ন এক উদ্যোগ হিচাপে পৰিগণিত হৈ আহিছে৷ কাজেই, পৰিস্থিতি যিয়েই নহওক লাগে, মানুহৰ জীৱন–জীৱিকাৰ স্বার্থতে পর্যটন হৈ পৰিছে দীঘলীয়া সময়ৰ বাবে মানুহে এৰাই চলিব নোৱৰা এটা উদ্যোগ৷
৷৷ তিনি ৷৷
নদ–নদী, জলাহ, বন–বননি, অৰণ্যানী, পর্বত–পাহাৰ আৰু বন্যপ্রাণীৰে সমৃদ্ধ কেৰালা ৰাজ্যৰ বাসিন্দাসকলৰ দুৰন্ত ইচ্ছাশক্তি আৰু অপৰিসীম শ্রমৰ ফলতে বিশ্বৰ সমুখত ৰাজ্যখন জিলিকি উঠিছে ‘গড্ছ ৱন কাণ্ড্রী’ God’s Own Country) ৰূপে৷ ফলস্বৰূপে ক্রমবর্ধিত হাৰত পৃথিৱীৰ ভিন্ন প্রান্তৰ পৰা ৰাজ্যখনলৈ ভ্রমণকাৰীৰ স্রোত ব’ব লাগিছে৷ সমীক্ষা অনুসৰি ৰাজ্যখনলৈ অহা দেশী–বিদেশী পর্যটকৰ সংখ্যা ২০১৮ আৰু ২০১৯ চনত ক্রমে ১ কোটি ৬৭ লাখ আৰু ১ কোটি ৯৬ লাখৰ বিপৰীতে সংগৃহীত ৰাজহৰ পৰিমাণ ক্রমে ৩৬,২৫৮.০১ কোটি টকা আৰু ৪৫,০১০.৬৯ কোটি টকা৷ জানিব পৰা মতে, ৰাজ্যখনৰ ২০ লাখ লোক এই পর্যটন উদ্যোগটোৰ সৈতে পোনপটীয়াকৈ জডিত৷ এনে এখন বিশাল পৰিসৰৰ অর্থনৈতিক কর্মক্ষেত্র ক’ভিড–১৯ৰ কবলত পৰি যোৱা মার্চ মাহৰ পৰা একেৰাহে স্তব্ধ, নিজম–নিতাল হৈ আছে কিন্তু নিতে নৱ চিন্তাৰ স্ফুৰণে মন–প্রাণ আলোডিত কৰি ৰখা কেৰালাবাসী এনে এক পৰিস্থিতিতো মূৰে–কপালে হাত দি বহি নাথাকিল৷ ৰাজ্যখনৰ পর্যটন বিশেষজ্ঞ আৰু চৰকাৰ আগবাঢ়ি আহিল৷ সিদ্ধান্ত ল’লে ক’ভিড–১৯ক প্রতিহত কৰিবলৈ লোৱা শক্তিশালী ব্যৱস্থাৱলীৰ সমান্তৰালভাৱে স্তব্ধ হৈ পৰা পর্যটন ক্ষেত্রখনক উজ্জীৱিত কৰি তোলা হওক৷ যিহেতু বর্তমান পৰিস্থিতিত বিদেশী পর্যটকৰ আগমন সুদূৰপৰাহত, স্থানীয় পর্যটকক লৈয়েই অভিযান আৰম্ভ কৰিবলৈ আঁচনি তৰা হ’ল৷ ঘোষণা কৰা হ’ল– ‘কেৰালা কানম’ আঁচনি৷ ৰাজ্যখনত লুকাই থকা অনাৱিষৃকত পর্যটন ক্ষেত্রসমূহ পোহৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে বিদেশী পর্যটকসকলক লক্ষ্য কৰি নির্মাণ কৰা দামী হোটেল, লজ, হাউছ বোট আদিসমূহ সাধাৰণ পর্যায়ৰ দেশী পর্যটকৰ ব্যয়সাধ্য দৰত মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে নিজৰ ওপজা ঠাইখনৰ সৌন্দর্য–সুষমা আৰু গৰিমা সম্বন্ধে জানিবলৈ, বুজিবলৈ স্থানীয় মালায়ালী লোকসকলক অধিক আগ্রহী কৰি তুলি পর্যটক ৰূপে গঢ় দিবলৈ ৰাজ্যজুৰি অভিযান চলোৱা হৈছে যোৱা পাঁচ মাহ ধৰি সর্বস্বান্ত হৈ হতাশাত ভাগি পৰি আমন–জিমনকৈ নিশ্চুপ হৈ বহি থকা হোটেল–ৰেস্তোৰাঁ, ৰিজ’ট–লজ, হাউছ বোট আদিৰ মালিকসকলক তাৎক্ষণিকভাৱে ব্যৱসায় আৰম্ভ কৰিবলৈ ‘ৱর্কিং কেপিটেল’ হিচাপে যথা পৰিমাণৰ আর্থিক সাহায্য তেনেই কম সুদত আগতীয়াকৈ প্রদান কৰাৰ ব্যৱস্থাৰে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে ৪৫৫ কোটি টকাৰ ‘মুখ্যমন্ত্রীৰ বিশেষ ঋণ পুঁজি’ আঁচনি৷ চৰকাৰৰ এনে বহুদিশমুখী আর্থ–সামাজিক–ঔদ্যোগি ৰূপান্তৰৰ এই আঁচনিখনৰ ওপৰত ভিত্তি কৰি চলা ব্যৱসায়ৰ যোগাযোগৰ মাধ্যম হিচাপে ৰাজ্যখনৰ জনগণৰ আপোন মালায়ালম ভাষাতmalayaliyathra.com নামেৰে এটা ৱেবছাইট খোলা হৈছে৷ ক’ভিড–১৯ প্রট’কল কেনেদৰে পালন কৰি পর্যটন ক্ষেত্রখনক শংকামুক্ত কৰি তুলিব পৰা যাব, সেই সম্বন্ধেও ধাৰণা প্রকাশেৰে জনসাধাৰণক সুৰক্ষাৰ ক্ষেত্রত আশ্বস্ত কৰা হৈছে৷ এনেদৰে কেৰালা ৰাজ্যিক চৰকাৰৰ পৃষ্ঠপোষকতাত এই ক’ৰোনাকালত কেৰালা ৰাজ্যত পর্যটন উদ্যোগে পুনৰ মূৰ দাঙি উঠাৰ এক প্রেৰণাময়ী পৰিৱেশ গঢ়ি উঠিছে৷ অহা ছেপ্ঢেম্বৰত কেৰালা পর্যটনৰ দ্বাৰ মুকলি কৰা হ’ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে৷
৷৷ চাৰি ৷৷
অসম
একেই সেই নদ–নদী, বন–বননি, পাহাৰ, অৰণ্যানী, বিবিধ বন্যপ্রাণী৷ কিন্তু লগতে আছে ছয় ঋতুৰ বিশিষ্টতা উপলব্ধ হ’ব পৰা প্রাকৃতিক পৰিৱেশ আৰু ৰাজ্যখনৰ গাতে লাগি আছে অনুপম প্রাকৃতিক ঐশ্বর্য, বর্ণিল জনগোষ্ঠীয় সমাহাৰ আৰু জৈৱ–বৈচিত্র্যৰ মেটমৰা সম্ভাৰেৰে সাত ভগ্ণী ৰাজ্য৷ এনে বিপুল ঐশ্বর্যৰ গৰাকী অসম ৰাজ্যখন স্বাভাৱিকতেই হৈ উঠিব লাগিছিল এখন অনুপম আকর্ষণীয় পর্যটন ক্ষেত্র৷ পিছে নানান কাৰণত বিশেষতঃ পর্যটন সন্দর্ভত দূৰদৃষ্টিসম্পন্ন আঁচনি লোৱাৰ ক্ষেত্রত নেতৃত্ব দিব পৰা লোকৰ অভাৱতেই অসমৰ পর্যটন আজি পয়ালগা৷ তথাপি মূলতঃ বন্যপ্রাণীভিত্তিক পর্যটনথলী কাজিৰঙা, পবিতৰা, মানাহ আৰু ডিব্রু–ছৈখোৱাৰ জৰিয়তে আজি অসমে বিশ্ব পর্যটন মানচিত্রত এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে৷ ঠিক তেনেদৰে ঐতিহ্যমণ্ডিত শংকৰী সংস্কৃতিৰ পীঠস্থান মাজুলী বহুকাল পূর্বৰে পৰা দেশী–বিদেশী পর্যটকৰ মন–প্রাণত হেঁপাহৰ লক্ষ্যস্থান ৰূপে প্রতিষ্ঠিত হৈ আহিছে৷ উল্লিখিত এই সকলোবোৰ স্থানতে পর্যটকসকলৰ থকা–মেলা, স্থান পৰিদর্শন কৰোৱাকে ধৰি পর্যটন সম্পর্কীয় ব্যৱস্থাপনাৰ সমূহ কাম–কাজৰ বাবে কালক্রমত চৰকাৰী আৰু ব্যক্তিগত খণ্ডত বিভিন্ন স্তৰৰ হোটেল, ৰিজ’ট, লজ, ইক’কেম্প, ৰেস্তোৰাঁ আদি গঢ় লৈ উঠিছে৷ উল্লিখিত এই আটাইবোৰ স্থানকে ধৰিলে প্রায় দুই শতাধিক এনে ধৰণৰ থকা–মেলাৰ ব্যৱস্থা আছে, য’ত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ বৃহৎ সংখ্যক লোক প্রত্যক্ষ আৰু পৰোক্ষভাৱে যুক্ত৷ এনেদৰে এই ব্যৱস্থাটোৱে ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানত কিঞ্চিত হ’লেও অৰিহণা যোগাইছে, ৰাজকোষলৈ বুজন পৰিমাণৰ ৰাজহ আগবঢ়াইছে আৰু পর্যটন খণ্ডৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ মন কৰিবলগীয়া কথাটো হ’ল যে ২০১৯ চনৰ শেহৰ ফালে ৰাজ্যখনত চলা ‘কেব’ আৰু পৰৱর্তী সময়ত ‘কা’ আন্দোলনে ৰাজ্যখনৰ এই পর্যটন খণ্ডটোক মুজুৰা মাৰি ধৰি থকা অৱস্থাতে ২০২০ চনৰ মার্চ মাহত অহা ক’ৰোনা ভাইৰাছে খণ্ডটোৰ টেঁটু চেপি আসন্ন মৃত্যুৰ ইংগিত দিলে৷ স্থানে স্থানে থকা সেই ৰিজ’ট–ইক’কেম্প–লজবোৰত যোৱা প্রায় আঠ মাহ ধৰি বিৰাজ কৰি আছে মৰিশালিৰ নিস্তব্ধতাই৷ মালিকসকলৰ, কর্মচাৰীৰ, ট্যুৰ অপাৰেটৰসকলৰ, ট্যুৰিষ্ট গাইডসকলৰ চকু–মুখত অসহায় চাৱনি স্বাভাৱিক পৰিৱেশ ঘূৰি আহিলেও অতদিনে অব্যৱহূত হৈ পৰি থকা সেই ঘৰ–দুৱাৰ, আচবাব, চৌপাশৰ পৰিৱেশ আদিৰ থানথিত লগাই এটা নতুন আৰম্ভণি কৰিবলৈ তেওঁলোকৰ ধন ক’ত? কর্মহীনতাৰ বাবে স্থান এৰি যোৱা কর্মচাৰীসকলক পুনৰ ঘূৰাই আনি সংগঠিত কৰিবলৈ লাগতিয়াল পুঁজি ক’ত? এই যে পাৰ হৈ যোৱা ক’ৰোনাক্রান্ত দিনবোৰত পর্যটকৰ কোনো এডভাঞ্চড বুকিং নহ’ল, কিটো আশাত ট্যুৰ অপাৰেটৰসকলে সমুখত পৰি থকা দিনবোৰৰ আঁচনি তৰিব এনে অলেখ উত্তৰবিহীন প্রশ্ণ আৰু দুশ্চিন্তাৰে পর্যটন খণ্ডৰ সৈতে জডিত অসমৰ এই লোকসকল আজি ভাৰাক্রান্ত
৷৷ পাঁচ ৷৷
অক্টোবৰ মাহ সমাগত৷ এই মাহটোতে ৰাজ্যখনৰ পর্যটন খণ্ডই পাৰ হৈ যোৱা প্রতিটো বর্ষতে সাজু হৈছিল অভ্যাগতক আদৰিবলৈ৷ সাম্প্রতিক এই দুঃসময়ত ৰাজ্যখনৰ পর্যটন খণ্ডৰ বিষয়েনো আমাৰ চৰকাৰে কি ভাবিছে বা কি নতুন আঁচনি লৈছে, তাকে জানিবলৈ ইণ্টাৰনেট খুঁচৰি একো নাপালোঁ৷ আমাৰ ৰাজ্যখনত এইবোৰ কথা চোৱা–চিতা কৰিবলৈ আছে এগৰাকী সঞ্চালকৰ অধীনত চৰকাৰৰ এটা পর্যটন বিভাগ আৰু আছে এগৰাকী অধ্যক্ষৰ অধীনত ‘অসম পর্যটন উন্নয়ন নিগম’৷ দৰাচলতে সংকট কালেই হৈছে যিকোনো বিষয় এটাত অগ্রগামী চিন্তাৰে সমাজ এখনক আগুৱাই লৈ যোৱাৰ সুৱর্ণ সময় আৰু সুযোগ৷ আশা কৰা হৈছে আমাৰ চৰকাৰেও কেৰালা চৰকাৰৰ দৰেই ৰাজ্যখনৰ পর্যটন খণ্ডৰ এই প্রত্যাহ্বানৰ মুখামুখি হ’বলৈ আগবাঢ়ি আহিব৷

You might also like