কৰোণাকালত সুৰক্ষিত থাকিব কিদৰে
ক্ৰমাৎ বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ। চিকিৎসকৰ মতে, যোৱা দিনকেইটাত পাৰ কৰি অহা উৎসৱত মাস্কবিহীন উন্মাদনাই এইবাৰৰ সংক্রমণ অধিক সক্রিয় কৰি তুলিছে। চিকিৎসকৰ মতে, অনাগত কিছুদিন যদি সকলোধৰণৰ সুৰক্ষাবিধি মানি চলা যায় তেন্তে পৰিস্থিতি শাম কাটিব। তাৰ বাবে লাগিব অধিক সচেতনতা। এই পৰিস্থিতিক সাধাৰণভাৱে মুঠেও লোৱা নাযায়। কৰোণাকালত সুৰক্ষিত থাকিব কিদৰে-
দ্বিতীয়বাৰো কৰোণা সংক্রমিত হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, পূর্বে আক্রান্ত ব্যক্তিৰ শৰীৰত প্রতিৰোধ ক্ষমতাহে কিছু বেছি তৈয়াৰ হয়, কিন্তু বেমাৰ নহ’ব বুলি কোনো কথা নাই।
অমিক্রনৰ উপসর্গক সাধাৰণভাৱে নল’ব। বিশেষজ্ঞই অমিক্রনক সাধাৰণভাৱে ল’বলৈ মানা কৰিছে।
ঠাণ্ডা লগা কথাটো সাধাৰণভাৱে মুঠেও নল’ব। মুৰৰ বিষ, ডিঙিৰ বিষ, কাঁহ বা সাধাৰণ জ্বৰ হ’লে শীতকালীন বুলি এৰাই নচলিব। এই উপসর্গ দুই-তিনিদিনৰ বেছি হ’লে আৱশ্যকীয় আৰটিপিচিআৰ বা এন্টিজেন পৰীক্ষা কৰিব।
ভিৰ এৰি চলিব। বহুতৰেই এইবাৰ মৃদু উপসর্গ অথবা উপসর্গহীন। সেয়ে নিজকে তথা পৰিয়ালটোক বচাই চলিবলৈ ভিৰ ঠাই এৰাই চলক।
ভেকচিন লওক। এতিয়ালৈ নোলোৱাজনকো সোনকালে লবলৈ পৰামৰ্শ দিয়ক।
অনেকেই মাস্ক এৰি ঘূৰা-ফুৰা কৰে। বা মাস্ক পিন্ধিলেও যথাস্থানত নাথাকে। মুঠতে মাস্ক পিন্ধি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়ক।