নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মাতৃৰ সতে  বিধায়ক ভূৱন পেগুৱে আত্মীয় স্বজনৰ সতে পাৰ কৰিলে দিনটো

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ  অসম চৰকাৰৰ নতুন বছৰৰ নতুন পদক্ষেপক সন্মান জনাই পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সহাৰি জনাই জোনাইৰ বিধায়ক ভূৱন পেগুৱে যোৱা শুক্ৰবাৰে নিজা মাতৃৰ সতে খৱৰ ললে নিজা আত্মীয় স্বজনৰ৷
৬ আৰু ৭ জানুৱাৰী দিনটো অসম চৰকাৰে ৰাজ্যৰ কৰ্মচাৰী আৰু বিধায়ক মন্ত্ৰী সকলে পিতৃ-মাতৃ নাইবা পৰিয়ালৰ সতে সময় কটোৱাৰ যি আহ্বান তাৰ প্ৰতি সহাঁৰি জনাই বিধায়ক ভূৱন পেগুৱে নিজা মাতৃৰ মনৰ আশা পূৰ্ণ কৰাৰ বাবে  যোৱা শুক্ৰবাৰে মাতৃৰ সৈতে উপস্থিত হয় আত্মীয় স্বজনৰ কাষত৷ নিজা মাতৃৰ সতে বিধায়ক জনে উপস্থিত হয় অসম অৰুনাচল সীমান্ত নামে নামৰ গাওঁখনত৷ য’ত বিধায়ক ভূৱন পেগুৰ নিজা আত্মীয় স্বজন বাস কৰে৷ মাতৃৰ মনৰ আশা পূৰ্ণ কৰাৰ বাবে বিধায়ক জনে নিজা মাতৃক লৈ আত্মীয়ৰ পৰিয়ালত উপস্থিত হয় একে লগে এসাঁজ গ্ৰহণ কৰে৷
বিধায়ক জনৰ মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই এনে মহৎ কাৰ্যসূচী হাতত লোৱা বাবে৷

You might also like