বিশ্বায়নৰ ধুমুহাই অসমীয়া সমাজ–সংস্কৃতি আৰু সাহিত্যক চুই যোৱা কথাটো অনুভৱ কৰিলে ভালেই লাগে৷ পিছে সকলো ভাল লগা কামৰ ফলাফল ভাল নোহোৱা কার্যও দেখা যায়৷ আজি কিছু বছৰৰ পৰা অসমৰ জাতীয় উৎসৱ বিহুৰ পৰিৱেশনশৈলীত তাৰতম্য ঘটিছে৷ ভোগালী বিহু অথবা কঙালী বিহুৰ কথা বাদ দি ব’হাগৰ ৰঙালী বিহু উদ্যাপনৰ কথা মনলৈ আনিলেই এই কথাৰ অনুমান পোৱা যায়৷
জাতীয় উৎসৱ উদ্যাপনৰ সৈতে এটা জাতিৰ ভালেমান কার্য আত্মিকভাৱে জড়িত হৈ থাকে৷ অসমৰ বিহু সংস্কৃতিতো যে সকলো মানুহৰ ঐক্য–সংহতি আৰু পৰম্পৰাৰ কথা জড়িত হৈ আছে, সেই কথা অসমীয়া মাত্রেই জানে৷ সকলো উৎসৱৰে এটা নির্দিষ্ট পৰিসীমা থাকে৷ বিহু অসমীয়াৰহে জাতীয় উৎসৱ৷ ইয়াৰ লগত অসম দেশখন, অসমীয়া জাতি–প্রজাতিৰে আৱৰি থকা লোকসকলৰ কথাও জড়িত হৈ আছে৷ পৃথিৱীৰ য’তেই অসমক ভাল পোৱা, অসমীয়াক ভাল পোৱা, অসমৰ জাতীয় পৰম্পৰাক ভাল পোৱা লোক আছে, সেই সেই দেশবোৰতো এই উৎসৱ পালন কৰে৷ এয়া নিশ্চিতভাৱে আদৰণীয়৷ সাত সাগৰ তেৰ নদীৰ সিপাৰেও বিহু উদ্যাপিত হৈছে৷ তাত থকা লোকসকলৰ অসমপ্রেমৰ কথাটো সেই কার্যই প্রমাণিত কৰিছে৷ কিন্তু আমাৰ ৰাজ্যখনত হৈছে কি? বিহুৰ সময়ত বিহুগীত, সাজপাৰ, জাতীয় সংগীত, বাৰেভচহু গীত–মাত পৰিৱেশন, ব’হাগ বিহুৰ নামত জেঠলৈকে বিহু উদ্যাপন আদি অপ্রাসংগিক কথা কিছুমানক লৈ বিতর্ক সৃষ্টি হোৱা দেখা হৈছে৷ ৰঙালী বিহু মানে যেন এখন সাংস্কৃতিক সন্ধিয়াহে৷ সাংস্কৃতিক সন্ধিয়া বছৰটোৰ যিকোনো সময়তে পাতিব পাৰি– কেৱল ব’হাগ বিহুতহে সাংস্কৃতিক সন্ধিয়া কিয়? তাতো আকৌ বিহু সন্মিলনৰ নামত৷ বিশ্বায়নৰ ধামখুমীয়াত বিহু উদ্যাপনৰ নামত সংস্কৃতিৰ প্রসাৰ ঘটোৱাৰ অচিলাত অনুষ্ঠিত হোৱা সৰহভাগ সাংস্কৃতিক অনুষ্ঠানতেই নাথাকে সাংস্কৃতিক পৰম্পৰা৷ জাতীয় পৰম্পৰাবর্জিত এটা অনুষ্ঠানে জাতীয় অস্তিত্ব কেনেকৈ জীয়াই ৰাখিব৷ অসমীয়া জাতীয় জীৱনৰ নিজস্ব কিছুমান নিয়ম–নীতি, আচাৰ–নুষ্ঠান, গীত–মাত, সাজপাৰ আৰু আনুষংগিক বিষয়ো থাকে৷ এইবোৰ বিশ্বায়নৰ ধুমুহাত উটুৱাই দি আনৰ কিছুমান বাৰেভচহু উপাদান গ্রহণ কৰাটো নিশ্চয় সংস্কৃতিৰ বৈশিষ্ট্য নহয়৷ অৱশ্যে এইটোও ঠিক যে সংস্কৃতিৰ ৰূপান্তৰ ঘটে৷ আনৰ ভালখিনি আমি গ্রহণ কৰাৰ সুবাদতেই আমাৰো ভালখিনি কোনোবাই গ্রহণ কৰিবই লাগিব৷ আমাৰ ধর্মীয় পৰম্পৰা, বিয়া–বাৰু, শ্রাদ্ধ, সকাম–নিকাম, পূজা–পার্বণ, উৎসৱ আদিৰ বাবে নিজস্ব কিছুমান পৰম্পৰাগত আচাৰ–নুষ্ঠান থাকে৷ লোক–উৎসৱৰ লগত থাকে লোকনাচ৷ লোকনাচৰ বৈশিষ্ট্য প্রতিফলনত পৰম্পৰাগত লোকগীতবোৰৰ ভূমিকা অনন্য৷ আমাৰ বাপতিসাহোন উৎসৱটো উদ্যাপনৰ অন্তর্নিহিত অর্থ আমি আটায়ে হূদয়ংগম কৰিব পাৰিব লাগিব৷ লোকগীত, লোকনাচ পৰিৱেশনত এটা জাতিৰ এখন প্রতিচ্ছবি প্রতিফলিত হয়৷ সেই প্রতিফলিত প্রতিচ্ছবিয়ে দর্শকৰ মনত স্বতঃস্ফূর্ত আনন্দৰ জোৱাৰ তোলে৷ সেয়াই প্রকৃততে উৎসৱ উদ্যাপনৰ মূল লক্ষ্য আৰু উদ্দেশ্য৷ কিন্তু যোৱা কিছু বছৰৰ পৰা কোনো কোনো অনুষ্ঠানত (বিহু উদ্যাপনৰ নামত) তেনে স্বতঃস্ফূর্ত আনন্দৰ পৰিৱর্তে কিছুমান গায়ক–গায়িকাই (শিল্পী শব্দটো আমি সকলোৰে ক্ষেত্রত ব্যৱহাৰ কৰিব বিচৰা নাই) এনে কিছুমান গীত পৰিৱেশন কৰে, যিবোৰ গীতৰ কথা, সুৰ আৰু বাদ্যই শ্রোতাক আমনিহে দিয়ে৷ লোকনাচ, লোকগীতৰ লগত থাকে লোকবাদ্য৷ জাতীয় উৎসৱত জাতীয় সাজপাৰ, লোকবাদ্য পৰিৱেশন কৰাটো শিল্পপ্রেমৰ উৎকৃষ্ট নিদর্শন৷ বিহু–হুঁচৰি পৰিৱেশন কৰোঁতে (গাওঁতে) বিহুৱা–বিহুৱতীয়ে জাতীয় সাজপাৰ পিন্ধি বিহুনাচ পৰিৱেশন কৰা কার্যত ঐতিহ্যৰ পৰম্পৰা ৰক্ষা পৰে৷ পৃথিৱীৰ য’তেই বিহুনাচ পৰিৱেশন নহওক লাগিলে, (বিহুগীতৰ কথা, সুৰ, বাদ্যই) ইয়াৰ পৰিৱেশ্য কলাশৈলীয়ে শ্রোতা বা দর্শকক স্বতঃস্ফূর্ত আনন্দ দিয়ে৷ ঐতিহ্যবর্জিত অনুষ্ঠানত জাতীয় মর্যাদা নাথাকে৷
অসমৰ দর্শক–শ্রোতাই গায়ক–গায়িকাক যথেষ্ট ভাল পায়৷ নহ’লেনো পুৱালৈ পূর্বে কেছেটত শুনা গীতকেইটিকেই ইমান ধৈর্যসহকাৰে শুনিবলৈ ৰৈ থাকেনে? বিহুৰ নামত হোৱা সাংস্কৃতিক সন্ধিয়াও আকৌ মুকলি কৰে (কোনো কোনো ঠাইত) চিডি অথবা দুই–এখন চিনেমাত অভিনয় কৰা নৱপ্রজন্মৰ জনপ্রিয় নায়ক–নায়িকাই৷ একো একোখন গ্লেমাৰজাতীয় লেবেল থাকিলেই হ’ল তেওঁলোকৰ৷ প্রকৃততে আজন্ম লোকশিল্পীসকলক (যিসকলে জীৱনত একোৱেই স্বীকৃতি নাপালে) বিহু সন্মিলনীবোৰৰ সাংস্কৃতিক সন্ধিয়া মুকলি কৰিবলৈ আমন্ত্রণ জনাব লাগে৷ দুই–এটা অনুষ্ঠানত দেখিছোঁ– সংস্কৃতি সম্পর্কে কোনো বিশেষ অধ্যয়ন নথকা, গ্লেমাৰত উটি–ভাহি ফুৰা নৱপ্রজন্মৰ শিল্পীৰ হতুৱাই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে৷ অথচ সাংস্কৃতিক সন্ধিয়াৰ বক্তব্যও ভালদৰে (তেওঁলোকে) দিব নোৱাৰে৷
বিহু উদ্যাপনৰ লগত বিহু সংস্কৃতিৰ বৈশিষ্ট্যবোৰ জড়িত হৈ আছে৷ সংস্কৃতিয়ে মানুহৰ অন্তৰত সংস্কাৰ সাধন কৰে৷ বিহু সম্পর্কীয় চিন্তা–চর্চা নোহোৱাটোও ৰঙালী বিহুৰ এক নেতিবাচক দিশ৷ বিহুৰ সম্পর্ক পূর্বতে আছিল কৃষিৰ সৈতে৷ এতিয়া কৃষিও নাই, কৃষ্টিও নাই৷ বিহু মঞ্চমুখী হোৱাৰ লগে লগে কিছুসংখ্যক বিহুক বাণিজ্যিকীকৰণ কৰি পেলাইছে৷ বাণিজ্যৰ খাতিৰতে কেতিয়াবা সংস্কৃতিৰ ‘স’টো নজনাজনকো কোনো কোনো বিহু সন্মিলনে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ আমন্ত্রণ জনায়৷ এয়া নিতান্তই গর্হিত কাম৷ একো একোগৰাকী শিল্পী–সাহিত্যিকে সমাজলৈ দি থৈ যোৱা অৱদানক ৰাইজে শ্রদ্ধাৰে সোঁৱৰণ কৰা উচিত৷ বর্তমানৰ বিহু উৎসৱে অসমৰ ‘বাপতিসাহোন’ শীর্ষক আপ্তবাক্যশাৰী পালন কৰিব পৰা নাই৷ বিহুৰ নামত চলা অপসংস্কৃতিবোৰ বর্জন কৰিব নোৱাৰিলে অসমৰ বিহু সংস্কৃতি অপসংস্কৃতিলৈ অধোনমিত হ’ব৷ শিল্পীসকল, বিহু সমিতিৰ আয়োজকসকল আৰু দর্শকৰ সুৰুচিপূর্ণ চিন্তা–চর্চাইহে অসমৰ জাতীয় উৎসৱ বিহুক জীয়াই ৰাখিব পাৰিব৷ বিহুৰ প্রকৃত পৰিৱেশনশৈলী মুকলি বিহুৱেহে বর্তাই ৰাখিব পাৰিব৷ তেনে অর্থত সাংস্কৃতিক সন্ধিয়াৰ দৰে ব্যয়বহুল কার্যসূচী হ্রাস কৰি থলুৱা শিল্পীৰ অংশগ্রহণক গুৰুত্বসহকাৰে লৈ বিহুৰ অনুষ্ঠান পাতিব লাগে৷ ৰাতিপুৱালৈ আৰু জুন–জুলাইলৈ বিহু উদ্যাপন কৰা বাদ দি অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত শুদ্ধ ৰূপত প্রতিষ্ঠা কৰিবলৈ যত্নপৰ হোৱা উচিত৷ সাংস্কৃতিক অনুষ্ঠান পাতি অসমীয়া সংস্কৃতিৰ প্রকৃত প্রতিচ্ছবি দাঙি ধৰিব নোৱাৰিলে অসমীয়াৰ বিহু জীয়াই নাথাকিব৷ বিহু জীয়াই নাথাকিলে অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতিৰো থৰক–বৰক অৱস্থা হ’বগৈ৷ সময় থাকোঁতেই এই সম্পর্কে সকলোৱে চিন্তা কৰা উচিত৷