নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু শিল্পী আৰু কিছু চিন্তা

-ৰাজীৱ প্রকাশ বৰুৱা

চাওঁতে চাওঁতে আহি পালেহি অসমৰ বাপতিসাহোন ব’হাগৰ বিহু৷ যোৱাবাৰ ক’ভিড–১৯ মহামাৰীৰ প্রকোপত উদ্যাপন অবিহনেই পাৰ হৈছিল অসমীয়াৰ আপোন বিহুটি৷ এইবাৰো পৰিস্থিতি বৰ অনুকূল নহয়৷ ক’ভিড–১৯ পুনৰ বিহু উদ্যাপনৰ ক্ষেত্রত বাধা হৈ থিয় দিব নেকি, সেই কথা সময়লৈ ঠেলি আমি ব’হাগ বিহু উদ্যাপনৰ অন্য কেইখনমান ছবিৰ বিষয়েহে আলোচনা কৰিব খুজিছেছা৷
সিদিনা এজন বন্ধুৰ লগত কথা হ’লোঁ৷ বন্ধু গুৱাহাটীৰ এখন বিহু কমিটীৰ বিষয়ববীয়া৷ কথাই কথাই বন্ধুৱে ক’লে কিদৰে তেওঁলোকে ক’ৰোনাৰ অৱসাদ আঁতৰাই পুনৰ ৰঙালী বিহুখন ধুমধামেৰে পাতিবলৈ প্রস্তুতি চলাইছে৷ লগতে বন্ধুৱে এই কথাও ক’বলৈ নাপাহৰিলে যে এইবাৰ তেওঁলোকৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকর্ষণ হ’ব অসমৰ দুজনকৈ প্রখ্যাত গায়ক৷ বন্ধুৱে সগৌৰৱে ইয়াকো ক’লে যে তাৰে এজনক তেওঁলোকে এইবাৰ গীত পৰিৱেশন কৰাৰ নামত বাৰ লাখ আৰু আনজনক ছয় লাখ টকা মাননি প্রদান কৰিব৷ দুয়োজন গায়ককে আমন্ত্রণ কৰাৰ সুযোগ লাভ কৰি বন্ধুৰ মুখত সন্তুষ্টিৰ হঁাহি৷
ময়ো বন্ধুৰ সুখৰ সমভাগী হ’বলৈ যত্ন কৰিলোঁ৷ এৰা, ক’ৰোনা মহামাৰীয়ে ভাঙি পেলোৱা মনবোৰ যেন আকৌ ঠন ধৰি উঠিছে৷ পুনৰ ব্যৱসায়–বাণিজ্যৰো নকৈ উত্থান ঘটিছে৷ গায়কৰ মাননিৰ কথা শুনিয়েই জানো এই কথা অনুমান কৰিব নোৱাৰি? ব’হাগৰ সময়ত প্রতিষ্ঠিত গায়ক–গায়িকাৰ দৰ একেকোবে আকাশচুম্বী হৈ পৰে৷ পাঁচ–ছয় লাখৰ পৰা আৰম্ভ হৈ এই দৰ বন্ধুৱে কোৱাৰ দৰে কেতিয়াবা বাৰ–তেৰ লাখো হয়গৈ৷ অথচ তেওঁলোকে প্রতিখন মঞ্চত ন–দহটাতকৈ বেছি গানো নাগায়৷ অর্থাৎ সেই হিচাপে বন্ধুই কোৱাৰ দৰে তেওঁলোকৰ সাংস্কৃতিক সন্ধিয়াত সেই প্রখ্যাত গায়ক দুজনৰ প্রতিটো গানৰ মূল্য প্রায় এক লক্ষ৷ ক’ৰোনা মহামাৰীয়ে শিল্পীসকলৰ জীৱনতো অচলাৱস্থা সৃষ্টি নকৰাকৈ থকা নাই৷ তেনেস্থলত ৰাজ্যখনৰে কোনোবা আপোন শিল্পীয়ে দুই–এপইচা উপার্জন কৰিছে, তাত বেয়া পাবলগীয়া একো নাই৷ কিন্তু ক’ৰোনা মহামাৰীয়ে যিসকল শিল্পীক পদপথলৈ লৈ আনিলে, যিসকল শিল্পীৰ কেৱল ক’ৰোনা বুলিয়েই নহয়, সাধাৰণ অৱস্থাতো সামান্য অসুখ এটাৰ চিকিৎসা কৰাবলৈ সামর্থ্য নাই, দুবেলা দুমুঠি গোটাই ল’ব পৰাকৈ যাৰ শিল্পকর্মই আজি আৰু আগৰ দৰে সহযোগ নকৰে, তেনে শিল্পীসকলৰ কথা ভাবিবলৈ আমি কিয় অপাৰগ? অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ নামত লাখ লাখ টকাৰ বিনিময়ত আমি নামী–দামী গায়ক–গায়িকাক ঠিকেই আমন্ত্রণ জনাব পাৰোঁ, কিন্তু চিৰজীৱন শিল্পকর্মৰে অসমীয়া সাংস্কৃতিক জগতখনক চহকী কৰা এইচাম দৰিদ্র শিল্পীৰ কথা ভাবিবলৈহে আহৰি নাই৷ ইয়াতকৈ পৰিতাপৰ কথা কি হ’ব পাৰে শিল্পীৰ ধাৰণাটো কি কেৱল এনে গায়ক–গায়িকাৰ মাজতে সীমাবদ্ধ নেকি, সেই প্রশ্ণ কৰাটোও এই সময়ত জৰুৰী হৈ পৰিছে৷ কেৱল বিহু সংস্কৃতিৰ সৈতে জডিতই অজস্র শিল্পী আছে৷ বাকী ক্ষেত্রসমূহৰ কথা নক’লোৱেইবা৷ ঢুলীয়া, তালীয়া, নাচনী, বিহুৱা, পেঁপাবাদক, তদুপৰি প্রখ্যাত শিল্পীৰ সৈতে বাদ্যসংগত কৰা বাদ্যযন্ত্রী আদি তথাকথিত শিল্পীৰ ধাৰণাৰ ভিতৰত নপৰে নেকি? যদি পৰে, তেন্তে এইসকল শিল্পীকো সমমর্যাদা দিয়া নহয় কিয়? চহৰৰ সম্ভ্রান্ত বিহু সন্মিলনীৰ দ্বাৰা আয়োজিত সাংস্কৃতিক সন্ধিয়াত ভাগ ল’বলৈ অহা বিহুদলসমূহৰ প্রতি আয়োজকসকলে কৰা ব্যৱহাৰ সর্বজনবিদিত৷ প্রায়েই বিশিষ্ট অতিথিৰ ভাষণ, প্রতিষ্ঠিত শিল্পীৰ সংগীতানুষ্ঠানৰ মাজত এইসকল শিল্পীয়ে পুুৱতি নিশালৈ নিজৰ কলা প্রদর্শন কৰিবলৈ বাট চাবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷ এনেদৰে প্রকৃত শিল্পীসকলক সন্মান জনাব নজনা একাংশই যেতিয়া সংস্কৃতি ৰক্ষাৰ নামত নামী–দামী শিল্পীক লক্ষাধিক টকাৰে আমন্ত্রণ জনায়, তেন্তে তেনে সংস্কৃতিপ্রেমক আপুনি কি বুলি অভিহিত কৰিব
ক’ৰোনা মহামাৰীৰ ফলত সর্বস্তৰৰ লোকৰ দৰেই শিল্পী, কলাকুশলীসকলৰ জীৱনতো ভাবিব নোৱাৰা ধৰণৰ প্রভাৱ পৰিছে৷ এই সময়ছোৱাত কোনো শিল্পী, কলাকুশলীয়ে পেটৰ তাডনাত পদপথলৈ আহিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হ’ল৷ এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমতো প্রকাশ পাইছে৷ বহু শিল্পী আজিও সাধাৰণ অসুখ এটাৰ চিকিৎসা কৰাবলৈও অক্ষম৷ অর্থৰ বাবেই বহু শিল্পীয়ে দুৰাৰোগ্য অসুখৰ চিকিৎসা কৰাব নোৱাৰাৰ কথাই সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰে৷ এইসকল শিল্পীৰ প্রতি আমাৰ একো দায়িত্ব নাই নেকি? বিহু কমিটীসমূহে যেনেদৰে কোনে কিমান অর্থ ব্যয় কৰি নামী–দামী শিল্পীক আমন্ত্রণ জনাব পাৰে, তাৰ প্রতিযোগিতাত নামি পৰে, তেনেদৰে এইসকল দৰিদ্র শিল্পীক সহায়ৰ হাত আগবঢ়াবলৈ আগ্রহ প্রকাশ নকৰাৰ কাৰণ কি, সেয়া ভাবিলে আশ্চর্যচকিত হওঁ৷ তেওঁলোকে আয়োজন কৰা সাংস্কৃতিক কার্যসূচীৰ মাজতে এটা অনুষ্ঠান এইসকল দৰিদ্র শিল্পীৰ বাবে ৰাখিব নোৱাৰে জানো নামী–দামী গায়কৰ নামত খৰচ কৰা লক্ষ লক্ষ টকাৰ পৰা অলপমান টকা এইসকল শিল্পীৰ সহায়ৰ বাবে আগবঢ়াব নোৱাৰে জানো? কেইবাদিনো ধৰি আয়োজন কৰা বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এটা অনুষ্ঠান এই দৰিদ্র শিল্পী, কলাকুশলীসকলক আর্থিক সহায় আগবঢ়োৱাৰ নামত উছর্গা কৰিব নোৱাৰেনে? এনে বহু প্রশ্ণই এই মুহূর্তত আমাৰ মনত জুমুৰি দি ধৰিছে৷ তাৰ উত্তৰ এই মুহূর্তত আমাৰ হাতত নাই৷ ইয়াৰ সদুত্তৰ বিহু কমিটীৰ সদাশয় উদ্যোক্তাসকলৰ ওচৰতহে আছে৷

You might also like