মৃত্যুৱে যাক মাৰিব নোৱাৰে
বাতৰিকাকতে প্রায় প্রতিদিনেই পৃথিৱীৰ চৌদিশৰ পৰা নানা দুর্ঘটনাজনিত মৃত্যুৰ খবৰ বহন কৰি আনে৷ স্পেইনৰ আকাশত এখন উৰন্ত বিমানত জুই লাগি ১২০জন যাত্রীৰ মৃত্যু হ’ল আমেৰিকাৰ ৰিভাৰলী হিলছ নাইট ক্লাবত বৈদ্যুতিক অগ্ণিকাণ্ড হৈ ২০০জন মানুহ জীয়াই জীয়াই পুৰি মৰিল বাংলাদেশত ঘূর্ণি–বতাহে শ শ মানুহক হাড়–মূৰ ভাঙি মহটিয়াই মাৰিলে –ইত্যাদি৷ মৃত্যু যদিও জীৱনৰ স্বাভাৱিক পৰিণতি, তথাপি অস্বাভাৱিক অৱস্থাতে একেলগতে বহু মানুহৰ মৃত্যু ঘটিলে মৃত্যুৰ কৰুণতাই এক নতুন ৰূপ লৈ আমাৰ চকুৰ আগত দেখা দিয়ে৷ আদিম অৰণ্যবাসী মানুহৰ জীৱন আছিল পদে পদে বিপদ–সংকুল আৰু মৃত্যু–আকীর্ণ৷ হিংস্র প্রকৃতি, হিংস্র জীৱ–জন্তু, আনকি প্রতিদ্বন্দ্বী মানুহেও জীৱন্ত মৃত্যুৰ ৰূপ লৈ মানুহক প্রতি পদে পদে অনুসৰণ কৰিছিল৷ আধুনিক যন্ত্র–ৰণ্যতো তাৰ ব্যতিক্রম ঘটা নাই৷ মানুহৰ আপোন হাতৰ সৃষ্টি মটৰ গাড়ী, ৰে’লগাড়ী আৰু বিমানেও ৰক্তপায়ী জন্তুৰ ৰূপ লৈ প্রতিদিনেই হাজাৰ হাজাৰ মানুহক হত্যা কৰে৷ মটৰ গাড়ী ওলাবৰ দিন ধৰি কেৱল আমেৰিকা যুক্তৰাষ্ট্রতে আজিলৈকে মটৰ–দুর্ঘটনাত যিমান মানুহৰ মৃত্যু ঘটিছে, তাৰ সংখ্যা দ্বিতীয় বিশ্ব–যুদ্ধত নিহত হোৱা সর্বমুঠ মানুহতকৈও বেছি৷
আর্থাৰ কোয়েষ্টলাৰে কৈছিল যে যুদ্ধ–বিগ্রহ, প্রাকৃতিক দুর্যোগ বা দুর্ঘটনাত কৰুণভাৱে মৃত্যু হোৱা মানুহৰ খবৰ পঢ়ি আমাৰ মনত বিশেষ একো আৱেগিক প্রতিক্রিয়া নহয়, কাৰণ আমাৰ কাৰণে সেই মৃত্যু এটা বিমূর্ত ধাৰণা মাত্র৷ কেইবছৰমানৰ আগতে চীনদেশৰ এটা ভূমিকম্পত প্রায় এক লাখ মানুহৰ মৃত্যু ঘটিল৷ আমি যিসকল লোকে বাতৰিকাকতৰ পৰা সেই খবৰটো পালোঁ, তেওঁলোকৰ কাৰণে মর্মন্তুদভাৱে মৃত্যুমুখত পতিত হোৱা সেই এক লাখ মানুহ তেজ–মাংসৰ মানুহ নহয়, সি এটা নিষ্প্রাণ সংখ্যা মাত্র৷ সেই মৃত্যুৰ খবৰ মগজৰ মাজেদি পৰিস্রুত হৈ আমাৰ হূদয়ত প্রৱেশ কৰেহি মানে সি এটা বিশুদ্ধ তথ্যত পৰিণত হয়৷ সি আমাৰ মনত বিশেষ একো আৱেগিক প্রতিক্রিয়াৰ সৃষ্টি কৰিব নোৱাৰে৷ কিন্তু কিছুদিনৰ আগতে আমাৰ অসমৰ বেঁকী নদীৰ দলং ভাগি এটা সাংঘাতিক ৰে’ল–দুর্ঘটনাত বহুতো মানুহৰ অতি কৰুণভাৱে জীৱনাৱসান ঘটিল৷ এই মৃত্যু–শোকে আমাৰ হূদয় গভীৰভাৱে স্পর্শ কৰিছে, কাৰণ দেখা–শুনা, পৰিচয়, সখ্যতা আৰু আত্মীয়তাৰ অজস্র বন্ধনেৰে আমি মৃতকসকল আৰু তেওঁলোকৰ আত্মীয়সকলৰ লগত নিবিড়ভাৱে জড়িত৷ ফলত তেওঁলোকৰ যন্ত্রণাৰ লগত আমি মুহূর্ততে আৰু স্বতঃস্ফূর্তভাৱে একাত্মতা অনুভৱ কৰিব পাৰোঁ৷ চৌকৎ আলীৰ পৰিয়ালৰ ৯জন মানুহেই তেওঁক সম্পূর্ণ অকলশৰীয়া কৰি এৰি থৈ বেঁকী নদীৰ মৰণ–ফান্দত চিৰকাললৈ হেৰাই গ’ল৷ এই খবৰটো আমাৰ কাৰণে কেৱল খবৰ নহয় আমি প্রত্যেকেই ঘৰত বহি বহিয়েই চৌকৎ আলীৰ শূন্য, উদাস, বেদনাহত দৃষ্টিৰে মৃত্যুৰ সেই কৰাল বদন প্রত্যক্ষ কৰিব পাৰোঁ আৰু সর্বস্ব হেৰুওৱাৰ যন্ত্রণা অনুভৱ কৰিব পাৰোঁ৷
পাস্কেলে কৈছিল ঃ ‘মানুহক পিহি পিঠা কৰি পেলাবলৈ সমগ্র বিশ্বচৰাচৰে হাতত অস্ত্র তুলি লোৱাৰ কোনো প্রয়োজন নাই অকণমান ভাপ বা এটোপাল পানীয়েই মানুহক মাৰিবৰ কাৰণে যথেষ্ট৷’ কিন্তু তাৰ লগতে তেওঁ যোগ দিছিল ঃ ‘বিশ্ব–জগতে মানুহক বিনাশ কৰিলেও সমগ্র বিশ্বতকৈ মানুহ মহত্তৰ, কাৰণ মানুহে জানে যে তেওঁ মৰিছে৷ কিন্তু বিশ্ব–প্রকৃতিয়ে মৃত্যুৰ বিষয়ে একো নাজানে৷’
মৃত্যুৰ মুখামুখি হৈ মানুহে, একমাত্র মানুহেই, জীৱনৰ ৰহস্য জানিবলৈ বিচাৰে, জীৱনৰ অন্বেষণ কৰে৷ ১৭৭৫ চনৰ লিছবনৰ প্রলয়ংকৰী ভূমিকম্পই চকুৰ পচাৰতে ১৫,০০০ মানুহক মৃত মাংসপিণ্ডত পৰিণত কৰিছিল৷ কিন্তু সেই খবৰে ওঠৰ শতিকাৰ য়ুৰোপীয় মানসত তাতোকৈ এটা ডাঙৰ ভূমিকম্পৰ সৃষ্টি কৰিছিল৷ মৃত্যুৰ সেই বিশাল ভয়াল ৰূপৰ মুখামুখি হৈ য়ুৰোপৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো চিন্তাশীল মানুহৰ মনত এটাই মাত্র প্রশ্ণ জাগিছিল ঃWhy do we exist? Why is anything anything? –সেই প্রশ্ণৰ উত্তৰ বিচাৰি বা উত্তৰ দি ওঠৰ শতিকাত য়ুৰোপত অজস্র কিতাপ লিখা হ’ল৷ তাৰে অন্ততঃ এখন চিৰায়ত সাহিত্যৰূপে স্বীকৃত হৈছে ঃ ভলতেয়ৰৰ ‘কেণ্ডিড্’৷
যি মৃত্যুৱে জীৱনৰ সমস্ত উদ্যম, সাধনা আৰু বাসনাৰ আচম্বিতে অন্ত পেলাই দি জীৱনটোক অর্থহীন কৰি তোলে, মানুহে সেই মৃত্যুৰ ৰহস্য কেতিয়াও উদ্ঘাটন কৰিব নোৱাৰিব৷ অতএব ভলতেয়ৰৰ উপদেশ ঃ ‘মৃত্যুৰ বিষয়ে অবাবতে চিন্তা–ভাবনা কৰি সময়ৰ অপচয় নকৰিবা কেৱল কাম কৰি যোৱা৷ জীৱনটোক সহনীয় কৰি তোলাৰ সেইটোৱেই একমাত্র উপায়৷’
তথাপি মানুহে মৃত্যুৰ বিষয়ে চিন্তা নকৰাকৈ থাকিব নোৱাৰে, মৃত্যুৰ অনন্ত আন্ধাৰৰ পটভূমিত জীৱনৰ অর্থৰ বিষয়ে বিচাৰ কৰি নোচোৱাকৈ থাকিব নোৱাৰে৷ সৌ সিদিনা বেঁকী নদীৰ ৰে’ল–দুর্ঘটনাই বহু মানুহৰ প্রাণ নাশ কৰি যিসকল লোকক অকালতে সন্তানহাৰা, পিতৃহাৰা আৰু প্রিয়াহাৰা কৰি থৈ গ’ল, তেওঁলোকে জানো নভবাকৈ থাকিব পাৰিছে ঃ ‘কিয় এনে হয়? বতাহৰ বাই চাকি নুমুৱাই দিয়াৰ দৰে কিয় মৃত্যুৱে একেটা ফুঁতে এনেকৈ শিশু, যুৱক, নৱ–বধুৰ জীৱন–বন্তি নুমুৱাই দিয়ে? জীয়াই থকাসকলৰ বুকুত কিয় এনেকৈ এৰি থৈ যায় প্রিয়–বিচ্ছেদৰ দুঃসহ যন্ত্রণা, জীৱনৰ শূন্যতা আৰু অসাৰতাৰ কৰুণ উপলব্ধি?’
বেঁকী নদীৰ দলং ভাগি বহু মানুহৰ কৰুণ অকাল–মৃত্যু হোৱাৰ দৰে ১৭১৪ চনৰ ২০ জুলাই তাৰিখে দক্ষিণ আমেৰিকাৰ পেৰুত এখন দলং ভাগি পাঁচজন মানুহৰ মৃত্যু হৈছিল৷The Bridge of San Luis Rey নামেৰে জনাজাত এই দলংখন আছিল পেৰুৰ আটাইতকৈ ধুনীয়া দলং৷ এই ঘটনাৰ প্রায় এক শতাব্দী আগতে ইন্কাসকলে তেওঁলোকৰ অপূর্ব নির্মাণ–কৌশলেৰে বেত গাঁঠি গাঁঠি এই দলং সাজিছিল৷ পেৰুৰ সর্বসাধাৰণ মানুহৰ বিশ্বাস আছিল যে স্বয়ং ছেইণ্ট লুইয়ে এই দলংখন পহৰা দি থাকে৷ তথাপি এই অবিশ্বাস্য অভাৱনীয় ঘটনা ঘটিল৷ এদিন দলংখনৰ ওপৰেদি পাঁচজন মানুহ গৈ আছিল৷ হঠাৎ কোনো কাৰণ নোহোৱাকৈ দলংখন হুৰমুৰকৈ ভাগি পৰিল, আৰু তলৰ খৰস্রোতা নদীয়ে চকুৰ পলকতে পাঁচজন মানুহক মৃত্যুৰ মহাসমুদ্রলৈ উটুৱাই লৈ গ’ল৷
লিছবনৰ ভূমিকম্পৰ পিছতো য়ুৰোপৰ ধর্মভীৰু লোকসকলৰ মনত প্রশ্ণ জাগিছিল ঃ এয়া কি কিবা পাপৰ শাস্তি? ১৯৩৫ চনৰ বিহাৰ ভূমিকম্পৰ পিছত গান্ধীজীয়ে মন্তব্য কৰিছিল যে হিন্দুসকলৰ অস্পৃশ্যতাৰ পাপৰ শাস্তি স্বৰূপেই ঈশ্বৰে এই ভূমিকম্প পঠিয়াইছে৷ সেই কথা কৈ তেওঁ অৱশ্যে নেহৰুৰ গালি খাব লগা হৈছিল৷ সি যি কি নহওক, ছান লুইৰ দলং ভাগি পাঁচজন মানুহৰ মৃত্যু হোৱাৰ দৃশ্য ব্রাদাৰ জুনিপাৰ নামৰ এজন ধর্মপ্রচাৰকে দেখি আছিল ঃ ‘কাষৰে এটা অব্যৱহূত কোঠাত বাদ্যযন্ত্রৰ তাঁৰ এডাল ফটককৰে ছিগি যোৱাৰ দৰে আকাশত হঠাৎ কিবা এটা শব্দ শুনা গ’ল দলংখন সোঁ–মাজতে দুফাল হৈ ফাটি গ’ল, আৰু পাঁচজন মানুহ হাত–ভৰি নচুৱাই পৰুৱাৰ দৰে থল্থল্কৈ তললৈ সৰি পৰিল৷’
ব্রাদাৰ জুনিপাৰৰ মনত প্রশ্ণ হ’ল ঃ ‘বাছি বাছি এই পাঁচজন মানুহৰ জীৱনতে এনে ঘটনা কিয় ঘটিল? মানুহৰ জীৱন আৰু মৃত্যু কি নিতান্তই আপতিক accidental)? অথবা বিশ্ব–বিধানৰ কিবা অমোঘ নিয়মৰ দ্বাৰাই জীৱন–মৃত্যু নিয়ন্ত্রিত হয়?’ মানুহৰ স্মৃতি পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব৷ আৰু মাত্র কেইদিনমানৰ কাৰণে আমাকো কোনোবাই মৰম কৰিব, তাৰপিছত চিৰকাললৈ পাহৰি পেলাব৷ কিন্তু সেই প্রেমেই যথেষ্ট প্রেমে যিবোৰ আৱেগৰ জন্ম দিয়ে, সেই সকলোবোৰ আৱেগ প্রেমৰ বুুকুলৈ আকৌ ঘূৰি আহে৷ প্রেমৰ কাৰণে আনকি স্মৃতিও অপ্রয়োজনীয়৷ জীৱিতসকলৰ কাৰণে এখন দেশ আছে, আৰু এখন দেশ আছে মৃতকসকলৰ কাৰণে, দুয়োখন দেশৰে একমাত্র সেতু–বন্ধন হ’ল প্রেম একমাত্র অস্তিত্ব–ৰক্ষা, একমাত্র অর্থ৷’ (৮ জুন ১৯৭৭)