নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ ছমাহে কৃত্রিম বানৰ কবলত ৰুক্মিণী নগৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত মহানগৰীৰ ২৪নং ৱার্ডৰ অন্তর্গত দিছপুৰৰ ৰুক্মিণী নগৰ৷ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা ৰুক্মিণী নগৰবাসীয়ে এশ এবুৰি সমস্যাৰ সৈতে সহাৱস্থান কৰি দিন পাৰ কৰি অহাৰ পাছতো অঞ্চলটোৰ সমস্যা সমাধানৰ ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই বুলি অঞ্চলটোৰ ভুক্তভোগী বাসিন্দাসকলে জানিবলৈ দিছে৷

বিশেষকৈ কৃত্রিম বানৰ কবলত পৰি বৃহত্তৰ ৰুক্মিণী নগৰবাসীয়ে ককবকাবলগীয়া হৈছে৷ বছৰ বছৰ ধৰি বাৰিষাৰ ছমাহ কাল ৰুক্মিণী নগৰবাসীয়ে যাতায়াতৰ ক্ষেত্রত যমৰ যাতনা ভোগ কৰি আহিছে৷ বাট–পথৰ লগতে ঘৰে ঘৰে পানী সোমাই অঞ্চলটোৰ প্রায় ৫০–৬০টা পৰিয়াল একপ্রকাৰ গৃহবন্দী জীৱন পাৰ কৰিবলগীয়া হৈছে৷

এজাক বৰষুণতে ভয়াৱহ ৰূপ ধাৰণ কৰা কৃত্রিম বান ৰোধৰ লগতে পৰিয়ালকেইটাক সকাহ দিয়াৰ বাবে ভুক্তভোগী লোকসকলে গুৱাহাটী পৌৰ নিগমক বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো জি এম চি কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই বুলি স্থানীয় লোকে অভিযোগ কৰে৷ দীর্ঘদিন ধৰি অঞ্চলটোৰ নলা–নর্দমা নিষ্কাশন নকৰাৰ লগতে বিজ্ঞানসন্মত নলা–নর্দমা নথকাৰ ফলত এজাক বৰষুণতে ৰুক্মিণী নগৰ কালী মন্দিৰ সংযোগী পথত এককাল পানী জমা হয়৷ তদুপৰি উন্মুক্ত নলাৰ পৰা উটি অহা বোকা আৰু আৱর্জনা প্রতিঘৰ লোকৰ বাসগৃহৰ চৌহদ কদর্য কৰি পেলায়৷

একেদৰে স্থানীয় বাসিন্দাসকলৰ বাসগৃহত সাপ, ভেকুলী আদি সোমাই যোৱাৰ সমান্তৰালকৈ অঞ্চলটোত ম’হৰ উপদ্রৱ বৃদ্ধি পাইছে৷ ইপিনে, কৃত্রিম বানে বাট–পথ বুৰাই পেলোৱাৰ বাবে জি এম চিৰ চাফাই কর্মীসকলে দীর্ঘদিন ধৰি অঞ্চলটোৰ আৱর্জনা সংগ্রহ কৰাৰ পৰা বিৰত থকা বুলি স্থানীয় বাসিন্দাসকলে অভিযোগ কৰে৷

ইপিনে, অঞ্চলটোৰ একাংশ ষ্ট্রীট লাইট দীর্ঘদিন ধৰি বিকল হৈ থকাৰ পাছতো বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ ফলত নিশাৰ অন্ধকাৰত অঞ্চলটোত শেহতীয়াকৈ চোৰৰ উপদ্রৱ বৃদ্ধি পোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷

You might also like