ডিক’ডিং জীৱন : তেওঁ যদি পাৰে, মই কিয় নোৱাৰোঁ?
ড০ পার্থসাৰথি মহন্ত
তেওঁ যদি পাৰে, মই কিয় নোৱাৰোঁ? আমি প্রায়ে শুনো৷ বিভিন্ন সময়ত বিভিন্ন মানুহে বিভিন্ন ক্ষেত্রত আগবঢ়ায় এই একেটা যুক্তি৷ ‘অকাট্য’ বুলি ভবা এই যুক্তি৷ আমি নিজেও দিওঁ এই যুক্তি৷ বেছিভাগ সময়তে আমি পাহৰি যাওঁ যে নেতিবাচক কিবা এটাৰ যথার্থতা সাব্যস্ত কৰিবলৈহে আনৰ নেতিবাচক কামৰ গইনা ল’বলৈ যাওঁ৷
ন্যায্যতা ফান্দ৷ তেওঁ পাৰে, মইহে নোৱাৰোঁ৷ আমি সকলোৱে ব্যৱহাৰ কৰা এটা অজুহাত৷ মানুহে যিবোৰ কাম সঠিক নহ’ব পাৰে বুলি জানে সেইবোৰক ন্যায্যতা প্রদান কৰাৰ এটা সাধাৰণ উপায়৷ যুক্তিটো একেবাৰে সহজ যেন লাগে– যদি আন কোনোবা কিবা এটাৰ পৰা ৰক্ষা পৰিল তেন্তে মোকো সেই সুবিধা দিয়া উচিত৷
কিন্তু সেইটো সঁচাকৈয়ে কিবা এটা কৰাৰ ভাল কাৰণ হয়নে? যদি আন কোনোবাই চুৰি কৰে আৰু ধৰা নপৰে তেন্তে আমি সকলোৱে চুৰি কৰিবলৈ ল’ম নেকি? কোনোবাই যদি গাড়ী তীব্র বেগত নিয়ম–কানুন নামানি চলাইছে আমিও চলাম নেকি? এই ধৰণৰ চিন্তাধাৰা কেৱল অজুহাত নহয়– ই এক মানসিক ফান্দ৷ ই মানুহক বেয়া বাছনি কৰিবলৈ বাধ্য কৰে, বিপদক আওকাণ কৰে আৰু এনে এক বিশ্বাসৰ সৃষ্টি কৰে যে ন্যায়পৰায়ণতা সঠিক কাম কৰাৰ পৰিৱর্তে আনক নকল কৰাৰ ওপৰত ভিত্তি কৰিহে গঢ় লৈ উঠে৷
এইটো কিয় হয়? কিয় এই চিন্তাধাৰা ত্রুটিপূর্ণ? মানুহে কিয় এইদৰে চিন্তা কৰে? ইয়াক কেনেকৈ অতিক্রম কৰিব পাৰি?
এই মানসিকতা গঢ় লৈ উঠে বিভিন্ন মানসিক পক্ষপাতিত্বৰ পৰা৷ ই এটা মানসিক শ্বর্টকাট ৷ এনেকুৱা এটা শ্বর্টকাট– যি আমাক দ্রুত সিদ্ধান্ত লোৱাত সহায় কৰে যদিও প্রায়ে আমাক ভুল দিশলৈ লৈ যায়৷ কেইটামান কাৰকে এইক্ষেত্রত বিশেষভাৱে ক্রিয়া কৰে৷
সামাজিক প্রমাণ৷ মানুহ সামাজিক জীৱ৷ বাকী সকলোৱে কৰি আছে৷ এইটো আমাৰ কাৰণে এটা ডাঙৰ কথা৷ আমি আনে কি কৰি আছে চাওঁ যাতে কি গ্রহণযোগ্য সেইটো বুজিব পাৰোঁ৷ বহুতে যদি কিবা এটা কৰি আছে, আমাৰ মগজুৱে ধৰি লয় সেইটো নিশ্চয় ঠিক৷ আমি যদি কাৰোবাক ট্রেফিকৰ ৰঙা লাইট নমনা দেখো আৰু মানুহজন ধৰা নপৰে, আমি ধৰি লওঁ আমিও কৰিব পাৰোঁ৷ সেই মানুহজন ধৰা নপৰিল বুলিয়েই কামটো ঠিক আছিলনে?
নৈতিক অনুজ্ঞাপত্র৷ আমি নিজকে দিওঁ৷ মই এই অনুজ্ঞা পোৱাৰ যোগ্য৷ আনৰ কাম, নিজৰ অতীতৰ ভাল আচৰণক আঙুলিয়াই দি আমি আমাৰ বর্তমানৰ বেয়া আচৰণক ন্যায্যতা প্রদান কৰোঁ৷ মোৰ সহকর্মীয়ে দীঘলীয়া বিৰতি লয়, ময়ো ল’ম৷ কিন্তু কথা হ’ল ভুলে ভুলৰ যথার্থতা প্রমাণ নকৰে৷ সহকর্মীজন এলেহুৱা বুলি ময়ো এলেহুৱা হৈ যাম নেকি? তেওঁৰ এলেহুৱা স্বভাৱে মোৰ এলাহক ন্যায্যতা দিব নেকি?
ন্যায়–বিশ্ব ভ্রান্তি৷ জীৱন ন্যায্য হ’ব লাগে৷ মানুহে পৃথিৱীখন ন্যায়পৰায়ণ বুলি বিশ্বাস কৰি ভাল পায়৷ যেতিয়া তেওঁলোকে কাৰোবাক বেয়া কাম এটা কৰি ৰক্ষা পৰা দেখে, তেতিয়া তেওঁলোকে ভাবে যে তেওঁলোকো একে বিশেষ সুবিধাৰ যোগ্য৷ অমুক ৰাজহুৱা জীৱনত মিছা মিছা কথা কৈয়ে সফল হ’ল– ময়ো ক’ম৷ কিমান উচিত? পৃথিৱীখন সদায় ন্যায্য নহয়, কিন্তু তাৰ অর্থ এইটো নহয় যে জীয়াই থকাৰ বা সফল হোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল অসৎ মানুহক নকল কৰা৷ অন্যায়ৰ অস্তিত্ব আছে, কিন্তু সেই বুলিয়ে আমি আমাৰ সততা সলনি কৰিমনে?
আমি বিপদ নেদেখা অন্ধ৷ আমি বিপদ দেখা নাপাওঁ৷ নিজৰ ক্ষেত্রত আমি বেয়া এটা ভাবিব নোৱাৰোঁ৷ মোৰ লগত এনেকুৱা নহ’ব৷ বেয়া আনৰ লগতহে হয়, তেওঁলোকৰ লগত নহয়– এই বিশ্বাস মানুহৰ এটা সাধাৰণ প্রৱণতা৷ গাড়ীৰ দুর্ঘটনা আনৰহে হয়, মোৰ নহয়৷
জ্ঞানমূলক অসংগতি৷ বেয়া কাম এটা কৰিও ভাল অনুভৱ কৰিবলৈ আমি আনৰ অজুহাত দিওঁ৷ যেতিয়া মানুহে নিজৰ মূল্যবোধৰ বিৰুদ্ধে যোৱা কাম এটা কৰে, তেতিয়া তেওঁলোকৰ মগজুৱে এনে কৰি নিজৰ দৃষ্টিভংগী সলনি কৰি অপৰাধবোধ হ্রাস কৰিবলৈ চেষ্টা কৰে৷ বন্ধুৰ আগত মিছা কথা কোৱা মানুহে ভাবে– ‘তেওঁলোকেও মোৰ লগত একেটাই কৰিলেহেঁতেন৷ এয়া আত্মপ্রতাৰণা৷ আমি বেয়া সিদ্ধান্ত লৈছোঁ বা কাম কৰিছোঁ বুলি স্বীকাৰ কৰাৰ পৰিৱর্তে নিজকে পতিয়ন নিয়াবলৈকে চেষ্টা কৰোঁ যে ই ঠিকেই আছে৷
এনেবোৰ কাৰণতে হৈ আহিছে ব্যক্তিগত ভুল, সামাজিক ভুল, ঐতিহাসিক ভুল৷ টাইটানিক নির্মাণ কৰোতে সুৰক্ষাৰ মূল সাৱধানতাবোৰ আওকাণ কৰা হৈছিল কাৰণ আগৰ জাহাজবোৰতো নাছিল আৰু সেই জাহাজবোৰ কোনো বিপদতো পৰা নাছিল৷ ইয়াৰ পৰিণতি আমি সকলোৱে জানো৷ ১৯৩২ চনত অষ্ট্রেলিয়াৰ সেনাই মেচিনগানেৰে ইমু চৰাইৰ বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰিছিল৷ তেওঁলোকে ভাবিছিল– ‘আমি যদি মানুহৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’ব পাৰোঁ, তেন্তে চৰাইৰ বিৰুদ্ধেও নিজিকিম কিয়?’ কিন্তু ইমু মানুহতকৈ দ্রুত আৰু বেগী৷ গুলী লগোৱা সহজ নাছিল, ইমুহে জিকিল৷ কিবা এটা আপাততঃ যুক্তিসংগত যেন লাগে বুলিয়েই বাস্তৱত কাম কৰিব বুলি ক’ব নোৱাৰি৷
আচলতে আমি প্রশ্ণটো ওলোটাই কৰিব লাগে৷ ‘তেওঁ যদি পাৰে, মই কিয় নোৱাৰোঁ’ বুলি সোধাতকৈ আমি সুধিব পাৰোঁ নেকি– ‘তেওঁ ভুল কৰিছে বুলি মই সঠিককৈ নকৰিমনে?’ শেষ পৰিণতিৰ কথাও আমি মনত পেলাব লাগিব৷ লগে লগে ধৰা নপৰিলেও অৱশেষত কিন্তু ভুল ধৰা পৰে আৰু তেওঁ তাৰ পৰিণতিও ভোগে৷ আমি অনুসৰণ কিয় কৰোঁ? নেতৃত্ব দিব নোৱাৰোঁ নেকি? পথ প্রদর্শক হ’ব নোৱাৰোঁ নেকি আনে কৰা কামৰ ওপৰত ভিত্তি নকৰি, যিটো সঠিক সেয়া কৰিলেইতো হয়৷ কথাটো আচলতে অতি সৰল৷ তদুপৰি যদি ভূমিকা ওলোটা হয় মই মিছা ক’লোঁ আৰু যথার্থতাও সাব্যস্ত কৰিলোঁ৷ কিন্তু মোক মিছা ক’লে
অর্থাৎ তেওঁ যদি পাৰে, মই কিয় নোৱাৰোঁ এটা অত্যন্ত দুর্বল যুক্তি৷ ইতিহাস, যুক্তি, মনোবিজ্ঞান সকলোৱে দেখুৱাইছে এই যুক্তিৰ কোনো যুক্ততা নাই৷ আনৰ পিছে পিছে আমি ভুল হ’বলৈ, কৰিবলৈ যাম নে সঠিক হ’বলৈ যাম
আমি অজুহাত হ’ম নে ব্যতিক্রম হ’ম? নে সঠিক হ’ম।