নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন : বছক বুর্বক হ’বলৈ নিদিব

ড০ পার্থসাৰথি মহন্ত

কর্মক্ষেত্রখন স্তৰীকৃত৷ এই স্তৰসমূহৰ এক গতিশীলতা আছে৷ এই গতিশীলতাৰ এক জটিলতা আছে৷ এই জটিলতাৰ বাবেই কেতিয়াবা কেতিয়াবা যুক্তিৰ শিপা উভাল খাই পৰে, প্রতিভা স্তব্ধ হৈ পৰে৷ কাৰণ আমি ইগ’ পৰিচালনা কৰিব নোৱাৰোঁ, অহংকাৰ চম্ভালিব নোৱাৰোঁ৷ বছৰ৷ আমাৰ ওপৰৱালাৰ৷ আমাৰ নেতাৰ৷

বছসকলো মানুহ৷ অলপ বেলেগ ধৰণৰ মানুহ৷ তেওঁলোকৰো ইগ’ থাকে, আৰু এই ইগ’ৰ লগত এটা ইণ্টাৰেষ্টিং কথা জড়িত হৈ থাকে– জখলাৰ যিমানেই ওপৰলৈ উঠিব সিমানেই তেওঁলোকৰ পৰিচয় তেওঁলোকৰ পদবী আৰু কর্তৃত্বৰ সৈতে একাকাৰ হৈ পৰে৷ যেতিয়া কোনো অধীনস্থ ব্যক্তিক অধিক স্মার্ট, অধিক দক্ষ বা অধিক উদ্ভাৱনীমূলক যেন লাগে, তেতিয়া ই নিৰাপত্তাহীনতাৰ সূচনা কৰিব পাৰে৷ অভিজ্ঞ নেতাৰ ক্ষেত্রতো এনেকুৱা হ’ব পাৰে৷ দক্ষ তলতীয়া কর্মচাৰীক বছে ভাবুকি বুলি ভাবিব পাৰে৷ সংগঠনটোৰ ভিতৰত তেওঁ নিজৰ স্থান বিপন্ন হ’ব পাৰে বুলি শংকিত হৈ পৰিব পাৰে৷ এনে শংকাৰ উদ্ভৱ হ’লে বছে তেওঁক মিত্রৰ সলনি প্রতিদ্বন্দ্বী বুলি গণ্য কৰিবলৈ ল’ব পাৰে৷ কাৰণ সংগঠন এটা বা অফিচ এটাই যাৰ পৰা বেছি কাম পায়, কামৰ সময়ত সহায় পায়, সন্দেহ বিভ্রাটৰ সময়ত পথ নির্দেশক সূত্র পায় তেওঁৰ ওপৰত নির্ভৰ কৰিবলৈ লয়৷ এনে হোৱাৰ লগে লগে অফিচটোত বছৰ প্রভাৱ পাতল হৈ পৰে৷ অথচ বছ এজনে বা ওপৰৱালা এজনে ভাবে যে সেই ক্ষেত্রখনৰ তেৱেঁই আটাইতকৈ জ্ঞানী ব্যক্তি, অন্ততঃ অফিচটোত৷ কিন্তু হঠাৎ যেতিয়া অফিচটোৱে আন এজনৰ মুখলৈ চাবলৈ লয়, বছজনৰ মনৰ ভিতৰত এটা সংঘাতৰ সৃষ্টি হয়, নিৰাপত্তাহীনতাই বাহ লয়৷ উপায় নাই, এয়াই অনেক বছৰ মনোবিজ্ঞান৷

ইফালে অধীনস্থৰ বাবে নিজৰ কামত উৎকৃষ্ট আৰু ফলশালী হোৱাটো দৰকাৰী৷ ভাল কাম কৰিলে সকলোৱে স্বীকৃতি বিচাৰে, পাৰদর্শিতাৰ পুৰস্কাৰ বিচাৰে, অৱদানৰ মান্যতা বিচাৰে৷ অর্থাৎ তেওঁলোক দৃশ্যমান হ’ব বিচাৰে৷ কিন্তু অধীনস্থৰ ওপৰত পোহৰ পৰিবলৈ পৰাৰ অর্থ হ’ল ওপৰৱালাৰ ওপৰত ছাঁ পৰা, ওপৰৱালা নিষ্প্রভ হৈ পৰা৷ নিষ্প্রভ হৈ পৰাৰ লগে লগে বছজন অফিচটোৰ আনসকলৰ পৰা ক্রমাৎ বিচ্ছিন্ন হৈ পৰিবলৈ আৰম্ভ হয়, নহ’লে নোহোৱা আনুষ্ঠানিকতাখিনিহে তেওঁৰ লগত থাকি যায়৷ যদি সেয়াই হয়গৈ, তেনেহ’লে প্রশ্ণ হ’ল এনে স্বীকৃতিৰ কিমান প্রয়োজন, আৰু লগতে প্রশ্ণ হয় কিমান স্বীকৃতিৰ প্রয়োজন৷ অফিচৰ ৰাজনীতিৰ মাজেদি নিজৰ গাড়ীখন ক’তো খুন্দা নোখোৱাকৈ চলাই নিয়াটোহে বেছি দৰকাৰী৷ সেয়েহে আৰু এটা কথা ইয়াত জড়িত হৈ থাকে৷ তাৎক্ষণিক বছজনক গুৰুত্বহীন কৰি উচ্চতৰ লোকক আকর্ষণ কৰাৰ চেষ্টা চলিছে নেকি? এটা অতি স্পর্শকাতৰ বিষয়৷ এয়া কিন্তু ৰছী এডালৰ ওপৰত খোজকঢ়াৰ দৰে৷ এই ভাৰসাম্য ৰক্ষা কৰা সিমান সহজ নহয়৷ অধীনস্থৰ কাৰণে আচলতে সবাতোকৈ প্রয়োজনীয় কথাটো হ’ল স্তৰীকৃত আদেশ শৃংখলত ঘর্ষণ সৃষ্টি নকৰাকৈ সংগঠনটোত থিয় হোৱা৷

এটা অফিচ বা গোটৰ নেতা হিচাপে বছৰ গুৰুত্ব বনাম অধীনস্থৰ কৃতিত্ব৷ বছক নিষ্প্রভ নকৰাকৈ নিজৰ উজ্জ্বলতা কেনেকৈ ম্লান নপৰাকৈ ৰাখিব পাৰি এটা প্রত্যাহ্বান৷

পৌৰাণিক গ্রীক কাহিনীতো এই দ্বন্দ্ব পোৱা যায়৷ আইকাৰাছৰ পিতৃ ডেইডালাছে তেওঁক সূর্যৰ বেছি ওচৰলৈ উৰি নাযাবলৈ সকীয়াই দিছিল৷ কিন্তু আইকাৰাছে এই পৰামর্শ আওকাণ কৰি বেছি ওচৰলৈ উৰি গ’ল আৰু মমৰে তৈয়াৰী ডেউকা গলি গৈ সাগৰত পৰিল৷ এই কাহিনীটোৱে স্তৰসমূহক অতিমাত্রা আওকাণ কৰাৰ বিপদৰ ওপৰত আলোকপাত কৰিছে৷ অধীনস্থৰ বাবে এইটো এটা ডাঙৰ উপমা৷ সংযম বা নিয়ন্ত্রণ নোহোৱাকৈ উজলিবলৈ চেষ্টা কৰা বিপজ্জনক৷ মেকিয়াভেলিয়েও ‘দ্য প্রিন্স’ত এই বিষয়টো আলোচনা কৰিছে৷ তেওঁৰ পৰামর্শ হ’ল যি অধীনস্থৰ বছক নিষ্প্রভ কৰাৰ প্রৱণতা আছে তেওঁক ক্ষমতা প্রদান নকৰিব৷ তেওঁৰ মতে, এজন শাসকক আৱৰি থকা মানুহখিনি চায়েই তেওঁৰ বুদ্ধিমত্তা অনুমান কৰিব পাৰি৷ তেওঁৰ মতে, জ্ঞানী অধীনস্থই প্রয়োজন হ’লে নিজকে ম্লান কৰি ৰাখিব, তথাপি শাসকৰ সৈতে মিলি থাকিব৷

১৯৮৫ চনত ষ্টিভ জব্ছক এপলৰ পৰা বর্খাস্ত কৰা হৈছিল৷ কাৰণ– পৰিচালনা সমিতিৰ লগত কাজিয়া৷ জব্ছৰ সংঘাতপূর্ণ পৰিচালনা শৈলী আৰু আন্তঃব্যক্তিক দক্ষতাৰ অভাৱক ব’ড অৱ ডাইৰেক্টর্ছে কাৰণ হিচাপে উল্লেখ কৰিছিল৷ জব্ছেও পিছত স্বীকাৰ কৰিছিল যে তেওঁ ‘নিয়ন্ত্রণৰ বাহিৰত’ কাম কৰিছিল৷ লগতে আন এটা ইণ্টাৰেষ্টিং কথা– এপলৰ পৰা বাহিৰ হোৱাৰ পাছত জব্ছে ‘নেক্সট কম্পিউটাৰ’ কোম্পানী আৰম্ভ কৰে৷ পিছলৈ এপলে নেক্সটক অধিগ্রহণ কৰে আৰু ১৯৯৭ চনত জব্ছে চি ই অ’ হিচাপে এপলত পুনৰ যোগদান কৰে৷ দেউলীয়া হোৱাৰ উপক্রম হোৱা এপলক তেৱেঁই পুনৰুজ্জীৱিত কৰিলে৷ জব্ছে কৈছিল যে এপলৰ পৰা বর্খাস্ত হোৱাটো আছিল তেওঁৰ লগত হ’ব পৰা আটাইতকৈ ভাল কাম৷ ই তেওঁক জীৱনৰ সৃষ্টিশীল সময়ছোৱাত প্রৱেশ কৰিবলৈ মুক্ত কৰিলে৷ কিন্তু পাহৰিলে নহ’ব যে ব’ডক নিষ্প্রভ কৰিবলৈ গৈ জব্ছৰ দৰে লোকেও চাকৰিৰ পৰা খেদা খাইছিল৷

শ্বেইক্সপীয়েৰৰ ‘জুলিয়াছ চিজাৰ’তো একেই কথা৷ মার্ক এণ্টনীয়ে আনুগত্যৰ অভিনয় কৰি ব্রুটাছ আৰু আন ষড়যন্ত্রকাৰীসকল ভীষণ চতুৰালিৰে পৰাস্ত কৰিছিল৷ তেওঁৰ নম্রতাই তেওঁক আস্থা লাভ কৰাত সহায় কৰিছিল বাবে তেওঁ সঠিক সময়ত আনক প্রভাৱিত কৰিব পাৰিছিল৷

সেয়েহে বছৰ লগত প্রতিযোগিতা কৰাতকৈ টীম মেম্বাৰ হিচাপে কাম কৰাই শ্রেয়৷ বছেও আত্মপ্রচাৰৰ পৰিৱর্তে দলৰ জয়ৰ ওপৰত গুৰুত্ব দিয়া যুগুত৷ গুৰুত্বপূর্ণ কথাটো হ’ল সামূহিক সফলতা৷ দলীয় জয়েহে সকলোকে জিলিকাই তোলে৷

মহান নেতাসকলে যেনেকৈ প্রতিভাক মূল্য দিয়ে, স্মার্ট অধীনস্থসকলেও জানে প্রতিভা কেতিয়া আৰু কেনেকৈ প্রকাশ কৰিব লাগে৷ ঠিক উজ্জ্বল তৰাবোৰৰ দৰে– নক্ষত্র মণ্ডলৰ লগত মিলি থাকিও চকুত পৰাকৈ জিলিকি থাকে৷

ফোনঃ ৯৪৩৫০–৪৮৪৮০

You might also like