নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন- আৱেগিক ব্লেকমেইল : মৰমেৰে অত্যাচাৰ

ড০ পার্থসাৰথি মহন্ত

‘মই ইমান কৰিলোঁ, আৰু, মোক এয়া প্রতিদান দিলা?’

‘এয়াই মোৰ গুৰুত্ব?’

‘তোক সৰুৰে পৰা মৰম কৰিলোঁ, আৰু এতিয়া মোক এনেকুৱা কৰিলি?’

এইটোও পঢ়ক  পুৰণি পাপ নতুন অজুহাত

এই বক্তব্যবোৰ অতি চিনাকি৷ আৱেগিক ব্লেকমেইল৷ কাৰোবাৰ আচৰণ নিয়ন্ত্রণ কৰিবলৈ তেওঁৰ ভয়, অপৰাধবোধ বা কর্তব্যবোধৰ লগত হেতালি খেলা৷ এটা ভীষণ মাৰাত্মক কৌশল৷ ‘মই যি বিচাৰিছোঁ কৰা, নহ’লে মই তোমাক আৱেগিকভাৱে কষ্ট দিম৷’

আৱেগিক নির্ভৰশীলতা আৰু ক্ষমতা গতিশীলতাৰ সংযোগস্থলত লুকাই থাকে মানসিক জোৰ–জবৰদস্তিৰ এই সাধাৰণতে অদৃশ্য অথচ শক্তিশালী ৰূপ– আৱেগিক ব্লেকমেইল৷ এজন ব্যক্তিয়ে আন এজনৰ আচৰণ নিয়ন্ত্রণ কৰিবলৈ দিয়া ভাবুকি– আৱেগিক ভাবুকি৷

আমাক মানুহ হিচাপে বান্ধি ৰখা আৱেগবোৰৰ অপব্যৱহাৰেই হৈছে ইম’চ’নেল ব্লেকমেইল৷ মৰমেৰে অত্যাচাৰ৷

কিন্তু কিয়? মানুহে মানুহক কিয় আৱেগিক ব্লেকমেইল কৰে?

নিয়ন্ত্রণ হেৰুওৱাৰ ভয়৷ আৱেগিক ব্লেকমেইলাৰৰ এইটো এটা ডাঙৰ ভয়৷ আনজনৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাই পেলাব পাৰে বুলি, আনজনে প্রত্যাখ্যান কৰি দিব পাৰে বুলি তেওঁ ভয় খাই থাকে৷ গতিকে তেওঁ সুস্থভাৱে মোকাবিলা কৰাতকৈ আৱেগৰ হেতালি খেলে৷ সন্তান নিজৰ পৰা আঁতৰি গৈছে যেন অনুভৱ কৰিলে পিতৃ–মাতৃয়ে পোনছাটেই আৱেগিক ব্লেকমেইলিঙত নামি পৰে৷ কিছু লোক অৱশ্যে আৱেগিক হেতালি খেলাক স্বাভাৱিক বুলি ভাবিয়েই ডাঙৰ হয়৷ প্রেম চর্তযুক্ত বা অপৰাধবোধক আহিলা হিচাপে ব্যৱহাৰ কৰা ঘৰত যি ডাঙৰ হয়, প্রাপ্তবয়স্ক হিচাপে তেওঁলোকে এই আর্হিটোৰ পুনৰাবৃত্তি কৰে– প্রায়ে গম নোপোৱাকৈয়ে৷ আৱেগিক ব্লেকমেইল হৈ পৰে সম্পর্কত নিয়ন্ত্রণ বজাই ৰখাৰ এক উপায়৷ পতি বা পত্নীয়ে যদি আনজনক নিজৰ বন্ধু–বান্ধৱৰ লগত মন বেয়া লগাৰ দোহাই দি ওলাই যাবলৈ নিদিয়ে সেয়া প্রেম নহয়, সেয়া দুর্বলতাৰ বেশত নিয়ন্ত্রণ৷

অর্থাৎ আৱেগিক ব্লেকমেইলিঙৰ মূলতে আছে মানসিক নিৰাপত্তাহীনতা৷ বাহিৰত দপ্দপাই থকা ভাবমূর্তিৰ বিপৰীতে বেছিভাগ আৱেগিক ব্লেকমেইলাৰ নিজৰ মনৰ ভিতৰত লুকাই থকা ভয়ৰ দ্বাৰাহে পৰিচালিত হয়৷ এওঁলোকে মোহৰ উদ্বেগত ভোগে৷ বিচ্ছেদ বা আৱেগিক দূৰত্বক ভয় কৰে৷ সংগী, বন্ধু বা পৰিয়ালে যেতিয়া স্বাধীনতা বিচাৰে তেওঁলোক শংকিত হৈ পৰে৷ এওঁলোক আত্মকেন্দ্রিক৷ এওঁলোক আত্মপ্রেমত মগ্ণ৷ নিজৰ মতে কিবা এটা নোহোৱাটো তেওঁলোকে আত্ম–ভাবমূর্তিৰ প্রতি ভাবুকি হিচাপে গণ্য কৰে৷ সেয়েহে নিজৰ মানসিক ভাৰসাম্য ৰক্ষাৰ বাবে আনৰ আৱেগক লৈ হেতালি খেলে৷

ভুক্তভোগীসকলেনো নিজৰ আৱেগক লৈ হেতালি খেলিবলৈ দিয়ে কিয়? তেওঁলোক দুর্বল নেকি? আৱেগিক ব্লেকমেইলাৰৰ কৌশলী নাটকৰ ওচৰত তেওঁলোকে কিয় হাৰ মানি লয়?

অপৰাধবোধ আৰু নৈতিক দায়বদ্ধতা৷ ভুক্তভোগীয়ে প্রায়ে আনৰ আৱেগিক অৱস্থাৰ দায়িত্ব লয়৷ তেওঁ ব্লেকমেইল কৰাজনৰ আৱেগৰ প্রতি দায়বদ্ধ অনুভৱ কৰে৷ মাক–দেউতাকৰ শাৰীৰিক–মানসিক স্বাস্থ্যৰ কাৰণে সন্তানে নিজৰ ইচ্ছাত বিয়া নপতা উদাহৰণ অলেখ৷ বহুতে সংঘাতৰ পৰা আঁতৰি থাকিব খোজে৷ ব্লেকমেইল কৰাজনে নাটকীয় প্রতিক্রিয়া প্রকাশ কৰিলে তর্ক কৰাতকৈ হাৰ মানি লোৱাটো তেওঁলোকে সহজ অনুভৱ কৰে৷ তেওঁলোকে শান্তি পছন্দ কৰে৷ ভুক্তভোগীৰ এই প্রৱণতাই ব্লেকমেইলাৰক আৰু অধিক শক্তিশালী কৰে৷ অথচ ভুক্তভোগীয়ে ভাবি থাকে সাময়িকভাৱে হাৰ মানি ল’লে সময়ত কথাবোৰ ঠিক হৈ যাব, ব্লেকমেইলাৰজন সলনি হ’ব৷ ভুক্তভোগীজন আচলতে এটা ভ্রমত থাকে৷ অৱশ্যে কম আত্মসন্মান থকা লোকৰ তেওঁলোকৰ আৱেগৰ লগত আনে হেতালি খেলিলেও সহ্য কৰাৰ সম্ভাৱনা বেছি৷ ভুক্তভোগীসকল প্রায়ে অতিশয় সংবেদনশীল হয়৷ সম্পর্ক ৰক্ষা কৰাৰ তেওঁলোকৰ প্রবল ইচ্ছা থাকে৷ লগতে কর্তব্যবোধ বেছি৷ সেয়াই বিড়ম্বনা৷ আনৰ প্রতি সহানুভূতিশীল হোৱা এই গুণটোৰ বাবেই তেওঁ আৱেগিক ব্লেকমেইলিঙৰ বলি হয়৷

পঢ়িব পাৰে     বন্ধু নামৰ আইনাখন

মনোবিজ্ঞানী চুজান ফৰৱার্ডে তেওঁৰ ‘ইম’চ’নেল ব্লেকমেইল’ নামৰ কিতাপখনতF-O-G নামৰ আৱেগিক ব্লেকমেইলিঙৰ এটা আর্হি দাঙি ধৰিছে৷Fear-Obligation-Guilt৷ ভয়–বাধ্যবাধকতা–৷ এই তিনিওটাই হ’ল ব্লেকমেইলাৰৰ প্রধান আহিলা৷ ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা ক্ষেত্রতে এই আহিলাকেইটা ব্যৱহাৰ হয়৷ ৰোমাণ্টিক সম্পর্কত প্রেম আৰু ভয়ক অস্ত্র হিচাপে ব্যৱহাৰ কৰা হয়৷ ‘তুমি যদি মোক সঁচাকৈয়ে ভাল পোৱা, মোক এই কামটো কৰি দিলাহেঁতেন৷’ পিতৃ–মাতৃয়ে সন্তানৰ লগত অপৰাধবোধভিত্তিক ব্লেকমেইলিং কৰে, ‘মই তোৰ কাৰণে সকলো বলিদান দিয়াৰ পিছতো তই মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলি?’ ৰাজহুৱা বা সামাজিক ক্ষেত্রতো একে কথা৷ কর্মস্থলীতো একেই কথা৷ এই তিনিও অস্ত্র ব্যৱহাৰ কৰিয়েই মানুহক বান্ধি ৰখা হয়৷

এইবোৰ কৰি সাময়িকভাৱে হয়তো ব্লেকমেইলাৰে নিজৰ কাম আদায় কৰি ল’ব পাৰে, কিন্তু বিশ্বাস আৰু ঘনিষ্ঠতা হেৰুৱাই পেলায়৷ ই সম্পর্কত ক্ষোভ আৰু দূৰত্বৰ সৃষ্টি কৰে৷ সম্পর্ক মৰমত নহয়, ভয় আৰু ভাবুকিতহে টিকি থাকে৷ ভুক্তভোগীও আৱেগিকভাৱে ক্লান্ত হৈ পৰে৷ মানসিক চাপ আৰু উদ্বেগত ভুগিবলৈ আৰম্ভ কৰে৷ অহৰহ এক বিভ্রান্তিত থাকি তেওঁলোকে এটা সময়ত নিজৰ সিদ্ধান্তৰ ওপৰতে আস্থা হেৰুৱাই পেলায়৷

সেই কাৰণেই এই কৌশলটো চিনি তাক উদঙাই দিয়াটো দৰকাৰী৷ আর্হিটো চিনি পাব লাগিব৷ যদি কোনোবাই নিয়মিতভাৱে নিজৰ কাম সিজাবলৈ ভয়, অপৰাধবোধ বা বাধ্যবাধকতা ব্যৱহাৰ কৰে সেয়াই হ’ল আৱেগিক ব্লেকমেইল৷ তেনে লোকক সীমা নির্ধাৰণ কৰি দিয়াটো দৰকাৰী৷ ‘মই আপোনাৰ কথা চিন্তা কৰোঁ, কিন্তু অপৰাধবোধৰ দ্বাৰা মোক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা নকৰিব৷’ বাধ্যবাধকতাৰ পৰা আৱেগক বিচ্ছিন্ন কৰিব লাগিব৷ মৰম, কর্তব্য, ভয়– তিনিওটাই সুকীয়া৷ একে বুলি থকা বিভ্রান্তিৰ পৰা আৱেগিক ব্লেকমেইলাৰহে লাভৱান হয়৷ কেতিয়াবা, ব্লেকমেইল কৰাসকলে তেওঁলোকে কি কৰি আছে সেই কথা গম নাপায়৷ আঙুলিয়াই দিলে তেওঁলোকে অস্বীকাৰ কৰিব, তেওঁলোকৰ প্রতিক্রিয়া আক্রমণাত্মক হ’ব৷ তথাপি, তেওঁলোকক বুজাব লাগিব, বুজাত সহায় কৰি দিব লাগিব৷

কাৰণ ব্যক্তিগত বা সামাজিক– কোনো সম্পর্কই ভয় আৰু অপৰাধবোধৰ ওপৰত নহয়, বিশ্বাস আৰু সন্মানৰ ওপৰতহে গঢ় লৈ উঠে৷

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like