ডিক’ডিং জীৱন : বর্তমানক খামুচি থাকি
ড০ পার্থসাৰথি মহন্ত
বর্তমানক আমি খামুচি ধৰি ৰাখিব খোজো৷ এৰি দিব নোখোজো৷ বর্তমান যেন অনিশ্চিত পৃথিৱীখনত আমাক নিৰাপদে ধৰি ৰখা লংগৰ৷ এৰি দিলে কি হ’ব পাৰে আতংকিত হৈ বর্তমানক খামুচি ধৰি ৰাখো জীৱনৰেখাৰ দৰে৷
জীৱনত এনে কিছুমান সময় আহে যেতিয়া বর্তমানক সাবটি থকাটোৱেই আমাৰ একমাত্র উপায় যেন লাগে৷ নিৰাপত্তাৰ অনুভূতি হওক, আৰামৰ অনুভূতি হওক, অজ্ঞাত–জানাৰ প্রতি ভয় হওক, বর্তমানক এৰি দিবলৈ অস্বীকাৰ কৰাটো এক সাধাৰণ মানৱীয় প্রৱণতা৷ এই অনিচ্ছা কেতিয়া স্পষ্ট হৈ পৰে? কি কি মানসিক শক্তিয়ে আমাক পৰিৱর্তনক প্রতিহত কৰিবলৈ প্রৰোচিত কৰে আৰু এনে আচৰণৰ পৰিণতি কি?
বর্তমান এৰি দিবলৈ অস্বীকাৰ কৰাটো প্রায়েই ভয়ৰ পৰাই উদ্ভৱ হয়৷ পৰিৱর্তন অনিশ্চিত৷ আৰু ইফালে, সহজাতভাৱে মানুহ স্থিৰতাৰ বাবে হাহাকাৰ কৰা জীৱ৷ মানুহে চিনাকিৰ পৰা সাত্ব্ন্না পায়৷ অজানাৰ প্রতি আমাৰ এক ভয় থাকে৷ জনা কথাখিনিয়ে অন্ততঃ আমি বাচি থকাটো নিশ্চিত কৰে৷ অচিনাকিবোৰ বিপজ্জনক হ’ব পাৰে আৰু আমি বিপদ নহয়, সুৰক্ষা বিচাৰোঁ৷ তদুপৰি মানুহ প্রায়ে যথার্থ অৱস্থাৰ পক্ষপাতিত্বৰ চিকাৰ হয়৷ বর্তমানৰ অৱস্থাটো কেৱল চিনাকি হোৱাৰ বাবেই অধিক আকর্ষণীয় অনুভৱ হয়৷ স্থিতাৱস্থা পক্ষপাতিত্ব৷ যি বর্তমান বিদ্যমান সেয়া চিৰদিন বিদ্যমান হৈ থাকক৷ লগতে আছে আমাৰ আৱেগিক মোহ৷ আমাৰ বর্তমানৰ এক আৱেগিক তাৎপর্য থাকে৷ বিভিন্ন সম্পর্ক থাকে, কৃতিত্ব থাকে, এক শৈলী থাকে যি আমাৰ পৰিচয়ক সংজ্ঞায়িত কৰে৷ ইয়াৰ লগতে সংযোজিত হৈ থাকে লোকচান বিদ্বেষ৷ মানুহৰ আচৰণতো অর্থনীতি আছে৷ আমি নতুন কিবা এটা লাভ কৰাৰ মূল্য দিয়াতকৈ আমাৰ হাতত থকাখিনি হেৰুৱাবলৈ বেছি ভয় কৰোঁ৷ টকা এশ হেৰুওৱাৰ দুখ, টকা এশ লাভ কৰাৰ আনন্দতকৈ প্রায়ে অধিক হয়৷ এই মানসিক কাৰকসমূহৰ কাৰণেই আমি ব্যক্তি হিচাপে আৰু সমূহীয়াভাৱেও পৰিৱর্তনক গ্রহণ কৰিবলৈ সংগ্রাম কৰিবলগীয়া হয়৷
বর্তমানক সলনি হ’বলৈ নিদিয়াৰ প্রতিৰোধে যেতিয়া ব্যক্তিগত আৰু সামূহিক সন্তুলনক প্রভাৱিত কৰিবলৈ আৰম্ভ কৰে, তেতিয়া ই চকুত পৰাকৈ স্পষ্ট হৈ পৰে, ব্যক্তিগত আৰু সামূহিক দুয়োটা প্রেক্ষাপটতে৷ ব্যক্তিগত ক্ষেত্রত আটাইতকৈ ডাঙৰ উদাহৰণটো হ’ল বিষাক্ত সম্পর্কৰ বিষয়টো৷ ব্যক্তিগত সম্পর্কত মানুহ ভীষণ অসুখী হৈ থাকিব পাৰে, কিন্তু এৰি নাযায়৷ অজানাতকৈ চিনাকি অশান্তিয়েই যেন ভাল৷ সামূহিক প্রেক্ষাপটতো একে কথা৷ পৰম্পৰাক প্রত্যাহ্বান জনালেই সমাজে প্রতিহত কৰিবলৈ চেষ্টা কৰে৷ হয় স্থবিৰতা থাকি যায়, নতুবা এলানি সংঘাতৰ সৃষ্টি হয়৷
অর্থাৎ পৰিণতি নেতিবাচক হ’ব বুলি এটা ধাৰণা থকা সত্ত্বেও আমি বর্তমানক খামুচি থাকোঁ৷ অৱশেষত মূল্যও ভৰিবলগীয়া হয়৷ সলনি হ’বলৈ অস্বীকাৰ কৰোঁতে কৰোঁতে আনকি হেৰাই যাবলগীয়াও হয়৷ আমোলাকেন্দ্রিক আৰু সামৰিক গাঁথনি সংস্কাৰ কৰিবলৈ অস্বীকাৰ কৰাই ৰোমান সাম্রাজ্যৰ পতনত ভালেখিনি অৰিহণা যোগাইছিল৷ নিজৰ বর্তমানক বজাই ৰখাত নেতাসকলে ইমানেই মনোনিৱেশ কৰিছিল যে ক্রমাৎ বৃদ্ধি পোৱা আভ্যন্তৰীণ আৰু বাহ্যিক ভাবুকিৰ সৈতে মোকাবিলা কৰাত তেওঁলোক ব্যর্থ হৈছিল৷ ষোড়শ লুই আৰু মেৰী এণ্টইনেটে ফৰাচী জনগণৰ মাজত ক্রমাৎ বৃদ্ধি পোৱা অশান্তি স্বীকাৰ কৰিবলৈ মানি নোলোৱাটোৱে পুৰণি ব্যৱস্থাক খামুচি থকাটো কেনেকৈ বিপর্যয়ৰ কাৰণ হৈ পৰিব পাৰে দেখুৱাই গৈছে৷ সংস্কাৰৰ দাবীৰ সৈতে খাপ নোখোৱাৰ বাবেই হৈছিল ফৰাচী বিপ্লৱ আৰু ৰাজতন্ত্রৰ পতন৷ কর্প’ৰেট বিশ্বও ইয়াৰ পৰা সাৰি যোৱা নাই৷ ক’ডাকৰ পতন পৰিৱর্তনক প্রতিহত কৰাৰ পৰিণতিৰ আন এক উদাহৰণ৷ ডিজিটেল কেমেৰা উদ্ভাৱন হোৱাৰ পিছতো ক’ডাকে ফিল্মৰ সলনি ডিজিটেল ফটোগ্রাফীক অগ্রাধিকাৰ দিবলৈ অস্বীকাৰ কৰিছিল আৰু পৰিশেষত দেউলীয়া হৈ পৰে৷
অর্থাৎ বর্তমানক এৰি দিবলৈ অস্বীকাৰ কৰাৰ ফল ভুগো আমি৷ আমাৰ জীৱনলৈ স্থবিৰতা আহি পৰে ব্যক্তিগত, পেছাদাৰী আৰু সামাজিক সকলো প্রেক্ষাপটত৷ আমি আচলতে সুযোগ হেৰুৱাই পেলাওঁ – নতুন সুযোগ৷ স্থিতাৱস্থা বিচাৰি বিচাৰি আমি নতুন সম্ভাৱনাৰ প্রতি অন্ধ হৈ পৰোঁ৷ আমি এক অদ্ভুত সংঘাতত সোমাই পৰোঁ৷ পৰিৱর্তন প্রতিৰোধ কৰাৰ সংঘাত৷ প্রগতিৰ পোষকতা কৰা আৰু ইয়াক প্রতিহত কৰাসকলৰ মাজত চলে এই সংঘাত৷ আৰম্ভ হয় অৱনতি– ব্যক্তি, ব্যৱস্থা উভয়ৰে৷
তেনেহ’লে পৰিৱর্তন প্রতিহত কৰাৰ এই প্রৱণতাক কেনেকৈ নিয়ন্ত্রণ কৰিম?
পৰিৱর্তন প্রতিৰোধ প্রৱণতাক নিয়ন্ত্রণ আৰু পৰিচালনা কৰাৰ লগত জড়িত হৈ থাকে আত্মসচেতনতা, মানসিক কৌশল আৰু ব্যৱহাৰিক পদক্ষেপ৷ ভয়ক আমি স্বীকাৰ কৰি ল’ব লাগিব৷ পৰিৱর্তনৰ প্রতি থকা আমাৰ ভয়ক আমি চিনি পাব লাগিব৷ বর্তমানক এৰি দিব নোখোজাৰ মূল কাৰণ চিনি পোৱাটোৱেই ইয়াক অতিক্রম কৰাৰ প্রথম পদক্ষেপ৷ সলনিক বৃদ্ধিৰ কাৰক হিচাপে আমি ল’ব পাৰিব লাগিব৷ ‘বর্তমান হেৰুওৱা’ৰ পৰা ‘ভৱিষ্য লাভ কৰালৈ’ আমাৰ লক্ষ্য সলাব লাগিব৷ এৰি দিয়াৰ সম্ভাব্য উপকাৰিতা আমি উপলব্ধি কৰিব লাগিব৷ সৰু সৰু পদক্ষেপ এইক্ষেত্রত অতি কার্যকৰী৷ কাৰণ ক্রমাৎ হোৱা পৰিৱর্তন নাটকীয় পৰিৱর্তনতকৈ কম ভয়ংকৰ৷ অতীতৰ পৰাও শিকিব লাগিব৷ বর্তমানক এৰি নিদিয়াৰ কাৰণে হোৱা ঐতিহাসিক বিপর্যয়বোৰ উপলব্ধি কৰিব পাৰিব লাগিব৷ নিজকে এনে সংগৰ লগত ৰাখিব লাগিব যি ইতিবাচক সলনি পোষকতা কৰে, সেই দিশত উৎসাহিত কৰে, আৰাম–আয়ামৰ বলয়ৰ পৰা ওলাই নতুন পৰীক্ষা–সম্পৰীক্ষা কৰিবলৈ অনুপ্রাণিত কৰে৷ আমি অভিযোজন ক্ষমতা বৃদ্ধিৰ যত্ন কৰিব লাগিব৷ মননশীলতা, অনুসন্ধিৎসা আৰু সমস্যা সমাধানৰ প্রয়াসেৰে অনিশ্চয়তাৰ সন্মুখীন হ’বলৈ এক দৃঢ় মানসিকতা গঢ়ি তুলিব লাগিব৷
অর্থাৎ আমি বুজিব লাগিব– বর্তমান নিখুঁত নহয়, চিনাকি বুলিহে আমি খামুচি থাকোঁ৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০