নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন : আমি কিমান পাগল

ড০ পার্থসাৰথি মহন্ত

‘পগলা নেকি?’
‘কি পাগল অ’ এইটো’

এনেকুৱা মন্তব্য আমি প্রায়ে শুনি থাকোঁ, কৰি থাকোঁ, আৰু ইণ্টাৰেষ্টিং কথাটো হ’ল আনেও আমাৰ ওপৰত এনে মন্তব্য দি থাকে৷

কিয় এনেকুৱা হয়? আমি সৱ পাগল নেকি? আমাৰ সৱৰে কিবাকিবি পাগলামি থাকেই নেকি? কি এই উন্মাদনাৰ মনোবিজ্ঞান?

দৰাচলতে উন্মাদনা হৈছে মনোবিজ্ঞান আৰু দর্শনৰ ডেওনা অতিক্রম কৰি যোৱা এক ধাৰণা৷ সাধাৰণতে স্বাভাৱিক বুলি গণ্য কৰা আস্থা বা বস্তুৰ পৰা বিচ্যুতিয়েই হৈছে উন্মাদনা, পাগলামি৷ আপাতদৃষ্টিত নেতিবাচক৷ কিন্তু মানৱ পৰিচয়ৰ এক অন্তর্নিহিত অংশ৷ আনৰ দ্বাৰা আৰোপিত হওক বা আমাৰ কুটিলতা হওক– আমি কোন বহুলাংশে বাস্তৱায়িত কৰে আমাৰ উন্মাদনাই৷ এজন ব্যক্তি হিচাপে আমাৰ স্বকীয়তাৰ আঁৰত লুকাই থাকে আমাৰ পাগলামি৷

উন্মাদনা প্রায়ে আপেক্ষিক৷ কাৰোবাৰ বাবে অদ্ভুত বা অযুক্তিকৰ যেন লগা আচৰণ, আন কাৰোবাৰ বাবে একেবাৰে স্বাভাৱিক হ’ব পাৰে৷ নিজৰ লগত কথা পতা ব্যক্তিক কোনো কোনোৱে অস্থিৰ বুলি গণ্য কৰে যদিও আন বহুতে আকৌ এয়া আত্মনিৰীক্ষণ আৰু সৃষ্টিশীলতা বুলি সন্মান কৰে৷

এইক্ষেত্রত জ্ঞানমূলক পক্ষপাতিত্বৰো এটা ভূমিকা থাকে৷ মানুহৰ জ্ঞানমূলক পক্ষপাতিত্বৰ প্রৱণতা আছে৷ যেতিয়া কোনোবাই আমাৰ বুজিব নোৱাৰা আচৰণ প্রদর্শন কৰে, তেতিয়া হয়তো আমি ইয়াক ‘পাগলামি’ বুলি লেবেল লগাই দিব পাৰোঁ কাৰণ ই আমাৰ কাঠামোৰ লগত খাপ নাখায়৷ তেনে কৰি আমি আচলতে কিবা এটা বুজি পোৱাৰ অসমর্থতাৰ দোষ আনৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰোঁ৷

মনোবিজ্ঞানী কার্ল জঙে কৈছিল যে আমি আমাৰ ছাঁক আঁকোৱালি ল’ব পাৰিব লাগিব৷ অর্থাৎ নিজৰ সামাজিকভাৱে কম গ্রহণযোগ্য বা লুকাই থকা দিশবোৰো ব্যক্তিগত উৎকর্ষ সাধনৰ বাবে কর্ষণ কৰিব লাগিব৷ আনে যিটোক উন্মাদনা বুলি গণ্য কৰিব পাৰে, সেয়া আচলতে আত্ম–বাস্তৱায়নৰ চাবিকাঠী হ’ব পৰে৷

বাস্তৱ জীৱনত এনে অনেক উদাহৰণ আছে য’ত আনে অনুভৱ কৰা উন্মাদনা কোনো ত্রুটি নহয় বৰঞ্চ এটা সংজ্ঞায়িত বৈশিষ্ট্য৷

বহুতো শিল্পী, লেখক, বিজ্ঞানীক তেওঁলোকৰ অগতানুগতিক পদ্ধতি বা দৃষ্টিভংগীৰ বাবে উন্মাদ বুলি লেবেল লগোৱা হৈছে৷ ভিনচেণ্ট ভ্যান গগৰ মানসিক সংগ্রামৰ বিষয়ে সকলোৱে জানে৷ তেওঁৰ ‘উন্মাদনা’ই ইতিহাসৰ কিছুমান বিখ্যাত চিত্রৰ সৃষ্টি কৰিছিল৷ পদার্থ বিজ্ঞানী নিক’লা টেছলাক বৈদ্যুতিক ক্ষেত্রলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে ইতিহাসৰ অন্যতম গুৰুত্বপূর্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়৷ তেওঁৰ বহু আচৰণক অনেকে পাগলামি বুলিয়েই কয়৷ মুকুতালৈ ইমানেই ভয় কৰিছিল যে তেওঁ মুকুতা পিন্ধা মহিলাৰ পৰাই দূৰত আছিল৷ লগতে তিনি নম্বৰৰ প্রতি তেওঁৰ আছিল এক দুর্বাৰ আকর্ষণ৷ এই উন্মাদনা তেওঁৰ বৈজ্ঞানিক অন্বেষণৰ পৰা অবিচ্ছেদ্য আছিল৷

কিছুমান বিশেষ সাংস্কৃতিক নীতি–পৰম্পৰা সেই সংস্কৃতিৰ বাহিৰৰ মানুহৰ কাৰণে আচহুৱা, অস্বাভাৱিক যেন লাগিব পাৰে৷ চুফী নৃত্য ঘূৰি ঘূৰি নাচে৷ কিন্তু ধ্যানত নিমগ্ণ হৈ থাকে৷ যেন সমাধিতহে আছে৷ নজনা মানুহৰ কাৰণে অদ্ভুত৷ অথচ চুফী ৰহস্যবাদত গভীৰভাৱে শিপাই থকা এক আধ্যাত্মিক অনুশীলন৷ গতিশীল অৱস্থাত ধ্যান৷

দৈনন্দিন জীৱনৰ কাৰোবাৰ ৰুটিন বা চখো আনৰ বাবে অস্বাভাৱিক হ’ব পাৰে, অদ্ভুত হ’ব পাৰে৷ এই অস্বাভাৱিকতায়ে সৃষ্টি কৰে ব্যক্তিগত স্বকীয়তা৷ কোনোবাই ওৰেৰাতি সাৰে থাকি কাম কৰিব পাৰে আৰু গোটেই দিনটো শুই থাকিব পাৰে৷ আমি তেওঁক পগলা বুলি ক’ব পাৰোঁ৷ কিন্তু তেওঁ যে ৰাতিহে কাম কৰি ভাল পায়৷ আমি ভবা ‘উন্মাদনা’ আচলতে এয়া তেওঁৰ কাম কৰা ষ্টাইল৷ তেওঁৰ বাবে সুবিধা, সহায়ক৷

এটা ইণ্টাৰেষ্টিং কথা যে আমি উন্মাদনাক আনৰ ওপৰত আৰোপ কৰোঁ৷ নিজকে আমি সম্পূর্ণ স্বাভাৱিক বুলি ভাবোঁ৷ দুটা প্রধাণ কাৰণত আমি সাধাৰণতে আনক উন্মাদ হিচাপে প্রক্ষেপ কৰোঁ৷ অজ্ঞাত ভয়৷ মানুহে যিটো বুজি নাপায় তাক ভয় কৰে৷ যেতিয়া কাৰোবাৰ আচৰণে সামাজিক গ্রহণযোগ্যতাক অৱজ্ঞা কৰে, সেয়া বুজিবলৈ যত্ন কৰাতকৈ ‘পাগলামি’ বুলি উলাই কৰাটো সহজ৷ আনটো সামাজিক প্রক্রিয়া৷ সমাজৰ নীতি–নিয়মে কি গ্রহণযোগ্য সেইটো নির্ধাৰণ কৰে৷ এই নীতি–নিয়মৰ পৰা বিচ্যুত যিকোনো ব্যক্তিৰ ওপৰতে আনে উন্মাদ বুলি লেবেল লগোৱাৰ সম্ভাৱনা থাকে৷ ষ্টিভ জবছ আৰু ইলন মাস্কক অনেকে অলপ পগলা বুলিয়েই ভাবিছিল৷ তেওঁলোকে কিন্তু কর্প’ৰেট জগতখনকেই নতুনকৈ সংজ্ঞায়িত কৰিলে৷

আচল কথাটো হ’ল– নিজৰ নিজৰ পাগলামি আমি সকলোৱে জানো৷ মানিহে নলওঁ৷ আমাক অনন্য কৰি তোলা আমাৰ এই উন্মাদনাবোৰ মানি লোৱাটো আমাৰ কাৰণে অতি গুৰুত্বপূর্ণ৷ মনোবিজ্ঞানীসকলে মানসিক সুস্থতাৰ মাধ্যম হিচাপে আত্মগ্রহণ কৰাৰ পোষকতা কৰে৷ আমাৰ উন্মাদনাক ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে৷ আত্ম–প্রতিফলন৷ আত্মবিশ্লেষণে আমাক আমাৰ অনন্য আচৰণৰ কাৰণ বুজাত সহায় কৰে৷ আমি উপলব্ধি কৰোঁ আমাৰ আৱেগ, অভিজ্ঞতা আৰু ব্যক্তিত্বৰ লগত আমাৰ পগলা আচৰণ কেনেদৰে বান্ধ খাই আছে৷ লগতে আমি চেষ্টা কৰিব লাগে আমাৰ সৃষ্টিশীলতাক গতি দিবলৈ, দিশ দিবলৈ৷ ব্যক্তিগত আৰু সামাজিক স্থিতিস্থাপকতা আমাক অৱশ্যেই লাগিব৷ প্রামাণ্যতাক মূল্য দিয়া ব্যক্তিৰ স’তে সমাজৰ বিচাৰৰ মোকাবিলা কৰিব পাৰিব লাগিব৷

অর্থাৎ উন্মাদনা কেৱল নিয়মৰ পৰা বিচ্যুতি নহয়, ই মানুহৰ অনন্যতাৰো প্রকাশ৷ মানে আমি প্রায় সকলো অলপ অলপ পাগল নেকি?

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like