ডিক’ডিং জীৱন : টোপনিৰ ওপৰত প্রতিশোধ
ড০ পার্থসাৰথি মহন্ত
পুৱা পাঁচ বজাত উঠিম বুলি শুইছিলোঁ৷ ৰাতি তিনি বজালৈকে ফোনেই আহি থাকিল৷ তাৰ পিছত আৰু যিকণ পালোঁ শুই অফিচ পালোঁগৈ৷ খোজকঢ়াৰ প্লেনটো ধোঁৱাচাঙতে থাকিল৷ অফিচৰ পৰা আহি পাওঁতে ৰাতি ন বাজি গ’ল৷ ঘৰুৱা দুটামান লেঠা মাৰি ভাত–পানী খাই উঠো মানে সময় চাৰে এঘাৰ৷ তেতিয়াহে ভাবিছোঁ দিনটোত দেখোন নিজৰ কাৰণে সময়ে নাপালোঁ৷ মোৰ কাৰণেই মোৰ হাতত সময় নাইনে?
একেৰাহে এয়াই যেতিয়া হৈ পৰে দিনটোৰ সূচী, আমিও এটা প্রত্যাহ্বান গ্রহণ কৰোঁ– নিজক সময় দিমেই৷
আমাৰ বহুতৰে এনে হৈ থাকে৷ এনে ভাব মনলৈ আহি থাকে৷ আমি তেতিয়া কি কৰোঁ?
আমি নিজৰ কাৰণে সময় উলিয়াবলৈ যত্ন কৰোঁ৷ পাম ক’ত? সাৰ পাই থকা সময়খিনিত মৰিবলৈও সময় নাই টোপনি নগ’লেহে যদি অলপ সময় ওলায়৷
মই যিমান দেৰিলৈকে পাৰি নোশোওঁ৷ নোশোৱাকৈ থাকিবলৈ চেষ্টা কৰোঁ৷ আমি টোপনি বাদ দিওঁ নিজৰ কাৰণে সময় উলিয়াবলৈ৷ আজি অলপ দেৰিকৈ শুম৷ জানো– ৰাতিপুৱা একেসময়তে উঠিব লাগিব৷ তথাপি দেৰিলৈকে সাৰ পাই থাকিম৷ নিজৰ কাৰণে অলপ অৱসৰৰ সময় উলিয়াম৷ মই জানো মোৰ টোপনি পূৰা নহ’ব৷ মোৰ বয়সৰ মানুহ এজনক যিমান টোপনিৰ প্রয়োজন মই নাপাম৷ তথাপি মই নোশোওঁ৷ এই টোপনি নোযোৱাকৈ থকা সময়খিনি মই মোৰ বিনোদনৰ সময় বুলি ভাবোঁ৷ মই নিজৰ কাৰণে এক মনোৰঞ্জনৰ ব্যৱস্থা কৰোঁ৷ মই টিভি ছিৰিয়েল চাওঁ, চিনেমা চাওঁ, ফেচবুক চাওঁ, ইউটিউব চাওঁ, ভিডিঅ’ গেম খেলোঁ৷ আনন্দ পোৱা, স্ফূর্তি পোৱা কিবা এটা কৰি নিজকে সুখী কৰিবলৈ যত্ন কৰোঁ৷
তেনেহ’লে প্রতিশোধ কিয়? প্রতিশোধ লোৱাৰ কথা ক’ৰ পৰা আহিল? এয়া আচলতে দিনটোত যে দৰবত দিবলৈও সময় নাপাওঁ তাৰ ওপৰত প্রতিশোধ৷ এই ধাৰণাটো পোনতে চীনত গঢ় লৈ ক্রমাৎ গোটেই আধুনিক বিশ্বতে বিয়পি পৰিল৷ আধুনিক জীৱনত সময়তো কাৰোৱেই নাই৷ এই প্রতিশোধ হ’ল বিৰামহীন, বিৰতিহীন দিনটোৰ ওপৰত৷ এই প্রতিশোধ হ’ল তিতা–কেঁহা লাগি যোৱা দিনটোৰ ওপৰত৷ কিন্তু ভোগে টোপনিয়ে৷ আৰু এই প্রতিশোধ বাস্তৱত হৈ পৰে টোপনিৰ ওপৰত প্রতিশোধ৷
টোপনিৰ ওপৰত প্রতিশোধ মানেতো নিজৰ ওপৰতে প্রতিশোধ৷ কাৰণ প্রয়োজনীয় টোপনি নহ’লে আমাৰ চিন্তাশক্তি, স্মৃতিশক্তি, সিদ্ধান্ত লোৱাৰ ক্ষমতা এই সকলোৰে ওপৰতেই বিৰূপ প্রতিক্রিয়া হয়৷ কেৱল সেয়াই নহয়৷ টোপনি কম হোৱা মানে দিনটো হামিয়াই–হিঁকটিয়াই থাকিব লাগে৷ দিনৰ দিনটো এটা টোপনি টোপনি ভাব থাকে৷ আমি কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰা হওঁ, পঢ়া–শুনাত মন বহাব নোৱাৰা হওঁ৷ আমি অনবৰতে বিৰক্ত হৈ থাকোঁ৷ খিংখিঙীয়া হৈ পৰোঁ৷ আমি আৱেগ কাবু কৰি ৰাখিব নোৱাৰা হওঁ৷ এটা সময়ত আমাৰ মানসিক–শাৰীৰিক স্বাস্থ্য ভাগি পৰে৷
টোপনি বিলম্ব কৰাৰ এই প্রৱণতাৰ ওপৰত যথেষ্ট অধ্যয়ন হৈছে যদিও বহুখিনি কৰিবলৈ বাকী আছে৷ তথাপি দেখা গৈছে ছাত্র–ছাত্রী আৰু মহিলাৰ এই প্রৱণতা বেছি৷ কিছু লোকৰ যিকোনো কথাকেই পিছুৱাই থকাৰ এটা প্রৱণতা থাকে৷ তেনে লোকে টোপনিতো বিলম্ব কৰি থাকে৷ গোটেই দিনটো কামৰ চাপত থকা মানুহখিনিতো আছেই৷ ক’ভিডৰ সময়ত আৰম্ভ হ’ল ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা৷ শুনিবলৈ ভাল৷ কিন্তু প্রকৃতপক্ষে কামৰ সময় বাঢ়ি গ’ল৷ স্বাভাৱিকতেই গৃহিণীগৰাকীয়েও আজৰি নোপোৱা হ’ল৷ অর্থাৎ সাধাৰণতে পোৱা অৱসৰৰ সময়খিনি নোহোৱা হৈ গ’ল৷ সমীক্ষাত দেখা গৈছে ৪০ শতাংশ মানুহৰে ক’ভিডৰ সময়ছোৱাত টোপনিৰ সমস্যা হৈছিল৷
আৰু এটা ইণ্টাৰেষ্টিং কথা৷ শুবলৈ দেৰি কৰি থকা বহুতেই আকৌ শুবলৈও বিচাৰে৷ মানে প্রয়োজনীয় টোপনিখিনি বিচাৰে৷ কিন্তু কার্যতঃ সেয়া কৰিব নোৱাৰে৷ তেওঁলোকৰ উদ্দেশ্য আৰু আচৰণৰ মাজত এক ভীষণ প্রভেদ থাকে৷ অর্থাৎ তেওঁলোকৰ নিজৰ ওপৰত নিয়ন্ত্রণ নাই৷ এটা কথা অৱশ্যে ঠিক৷ পুৱা সোনকালে উঠি কাম কৰি ভাল পোৱা মানুহ যেনেদৰে আছে, তেনেদৰে ৰাতি দেৰিলৈকে কাম কৰি ভাল পোৱা মানুহো আছে৷ কিছুমান আর্লি বার্ড, কিছুমান নাইট আউল৷ পুৱাৰ পখী আৰু ৰাতিৰ ফেঁচা৷ যি নহওক দেৰিকৈ শোৱাৰ কাৰণ যিহেতু নিজক অলপ সময় দিয়া, সেয়েহে স্বনিয়ন্ত্রণ ক্ষমতাৰ অভাৱ বুলিও একেআষাৰে কৈ দিব নোৱাৰি৷ অর্থাৎ দেৰিলৈকে নোশোৱাকৈ থাকিব খোজা মানুহখিনি পুৱাৰ পখীৰ পৃথিৱীত থাকিবলৈ বাধ্য হোৱা ৰাতিৰ ফেঁচাহে হ’ব পাৰে৷
সেয়া যি নহওক, প্রয়োজনীয় টোপনি নোপোৱাটো শৰীৰ আৰু মন দুয়োটাৰ কাৰণে অপকাৰী৷ সেয়া হ’বলৈ দিব নোৱাৰি৷ জীৱনৰ ওপৰত নিয়ন্ত্রণ কিমান আছে, কিমান কৰিব পাৰোঁ, বেলেগ কথা৷ কিন্তু নিজৰ জীৱনৰ নিয়ন্ত্রণ কৰিব পৰা দিশবোৰ নিয়ন্ত্রণ কৰিব পাৰিব লাগিব৷ দিনটোৰ প্লেনিং কৰিব পাৰিব লাগিব৷ আমি সততে কিছুমান বিখ্যাত মানুহৰ কথা শুনো৷ ৰাতি নোশোৱে৷ কাম কৰে৷ তেওঁলোক কিন্তু দিনৰ দিনটো শুই থাকে৷ কিছু লোক আছে কামৰ মাজে মাজে বিৰতি উলিয়াই শুই লয়৷ এওঁলোক দৈনন্দিন সূচী নির্ধাৰণ কৰিব পৰা শ্রেণীটোৰ লোক৷ এওঁলোক মালিক৷ সময়ৰো৷ তেওঁলোকক চাই ভোল গ’লে নহ’ব৷ অন্ধ অনুকৰণ কৰিলে নহ’ব৷ আনহে নালাগে, ৰাতি ৰাতি পঢ়া ছাত্র এজনে যদি পৰীক্ষাৰ আগতে নিজৰ নিদ্রাচক্র ঠিক কৰি নলয়, পৰীক্ষাত বহি টোপনিয়াই থাকিব লগা হ’ব৷ টোপনি ভাবত থাকিলে, আলস্য ভাব থাকিলে জনা প্রশ্নটোৰ উত্তৰো যিমান জানে সিমান ভালকৈ লিখিব নোৱাৰিব৷
তথাপি আমি শুবলৈ মন নকৰোঁ৷ সাংঘাতিক ভাগৰত থাকিলেও৷ কাৰণ আমি এনেকুৱা কিবা এটা বিচাৰি পাওঁ যিয়ে সেই সময়খিনিত আমাক টোপনিতকৈও বেছি আৰাম দিয়ে৷ মনৰ সকলো উদ্বেগ নোহোৱা হৈ যায়৷ চিনেমা এখনেই চাই আছোঁ বা গানেই শুনি আছোঁ– মনটো পাতল হৈ পৰে, চাপ আঁতৰি যায়৷ নিজকে মুক্ত যেন অনুভৱ হয়৷ সেই কাৰণে আমি শুবলৈ মন নকৰোঁ৷ কেতিয়াবা জানি–বুজি, কেতিয়াবা নজনাকৈয়ে৷ আমি মুক্ত হ’ব বিচাৰোঁ৷ আমি স্বাধীন হ’ব বিচাৰোঁ৷ আমি কাৰো তলতীয়া নহয়, সেই অনুভৱ বিচাৰোঁ৷ আমাৰ কর্মক্ষেত্রৰ কর্তৃত্বৰ বিৰুদ্ধে আমি অজানিতে সেই বিদ্রোহ কৰোঁ৷ মই নিজেই নিজৰ মালিক হ’ব বিচাৰোঁ৷ দিনটো যদি তোমালোকৰ, ৰাতিটো মোৰ৷ টোপনি গ’লেইতো মোৰ নিজৰ সময় শেষ৷ সাৰ পোৱাৰ লগে লগে মোৰ সময়বোৰতো তোমালোকৰ হৈ যায়৷
কিন্তু আমি এইটোও পাহৰিব নালাগিব– টোপনি আমি নিজৰ কাৰণে যাওঁ৷ টোপনি আমাক নিজৰ কাৰণেই লাগে৷ সময়মতে৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০