দিহিং পাটকাই সংৰক্ষণ কৰিবলৈ হ’লে ৰাষ্ট্রীয় উদ্যান ঘোষণা কৰক
প্রকৃতিয়ে সদায়ে জীৱজগতৰ বাবেই দায়িত্ব পালন কৰি আহিছে৷ কোনো এটা ভৌগোলিক অঞ্চলক প্রাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়৷ এইক্ষেত্রত জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্রণৰ লগতে প্রকৃতি আৰু মানৱ সম্পর্কত উল্লেখনীয় ভূমিকা পালন কৰি আহিছে বনাঞ্চল তথা বর্ষাৰণ্যসমূহে৷ কিন্তু চৰকাৰ তথা বন বিভাগৰ অমনোযোগিতাৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু চক্রই এফালৰ পৰা প্রকৃতি ধ্বংস কৰি প্রকৃতিৰ নৈসর্গিক শোভা বিনষ্ট কৰি আহিছে৷ প্রকৃতিৰ অপৰূপ সৃষ্টিৰে সৃষ্ট দিহিং পাটকাই বর্ষাৰণ্যও সম্প্রতি নিঃশেষ হোৱাৰ উপক্রম ঘটিছে৷ শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰা পূবৰ আমাজান ৰূপে খ্যাত তথা নামচাং আৰু বুঢ়ীদিহিঙৰ সংগমস্থলী দিহিং পাটকাইত মুক্ত কয়লা খননৰ অনুমোদনে সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ চৰকাৰে দিহিং পাটকাইত মুক্ত খনন কার্য চলোৱা নহয় বুলি দাবী কৰাৰ লগতে বন বিভাগে খনন কার্যৰ অনুমোদন জনোৱা শালেকী দিহিং পাটকাইৰ ইক’ছেনছিটিভ জ’নৰ (১০ কিলোমিটাৰ ব্যাসার্ধ) অন্তর্গত নহয় বুলি উল্লেখ কৰিছে৷ কিন্তু এই খনন কার্যই যে দিহিং পাটকাই বর্ষাৰণ্যত প্রত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে প্রভাৱ পেলাব সেয়া নিশ্চিত৷ অসমৰ দিহিং–পাটকাই বন্যপ্রাণী অভয়াৰণ্যখন জয়পুৰ, দিহিং আৰু ডিৰাক সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত৷ এই বর্ষাৰণ্যখন অসমৰ তিনিখন জিলা ক্রমে ডিব্রুগড, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্রায় ৫৩৫ বর্গকিলোমিটাৰজুৰি বিস্তৃত হৈ আছে৷ এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বর্গকিলোমিটাৰ সাঙুৰি দিহিং পাটকাই অভয়াৰণ্য ঘোষণা কৰে৷ বাকী অংশ ডিব্রু দেওমালি হস্তী সংৰক্ষিত বনাঞ্চল৷ এই বনাঞ্চলখন অৰুণাচল প্রদেশৰ টিৰাপ আৰু চাংলা জিলা পর্যন্ত বিস্তাৰিত হৈ আছে৷ ইফালে দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চল আৰু দিহিং পাটকাই অভয়াৰণ্যত অইল ইণ্ডিয়াৰ লগতে বন মাফিয়াই বনাঞ্চল ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে৷ তিনিচুকীয়া জিলাৰ নামদাং অঞ্চলৰ বৰগোলাই, লিডু, লেখাপানী, নামফাই, টিংকপানী সংৰক্ষিত বনাঞ্চলৰ লগতে শালেকী প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ কেইবাহাজাৰো হেক্টৰ বনভূমিতবৈধ কয়লা খনন কৰাৰ লগতে গছ–গছনি কাটি অঞ্চলটোৰ জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি সৃষ্টি কৰিছে৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে বন বিভাগে সংৰক্ষিত বনাঞ্চল আৰু প্রস্তাৱিত বনাঞ্চলত বনানীকৰণ কৰিব লাগে যদিও বিগত বর্ষসমূহত বন বিভাগে সেই দায়িত্ব পালন কৰা নাই৷ উক্ত অঞ্চলত একাংশই অবৈধভাৱে চাহ বাগিচা খুলি বেদখল অব্যাহত ৰাখিছে যদিও অলপতে দিহিং পাটকাই পৰিভ্রমণ কৰা ৰাজ্যৰ বনমন্ত্রীগৰাকীয়ে স্বচক্ষে প্রত্যক্ষ কৰি অহাৰ পিছতো কোনোধৰণৰ স্পষ্ট মন্তব্য প্রকাশ কৰাৰ পৰা বিৰত থাকে৷ বৰঞ্চ ‘বনাঞ্চল ধ্বংস কৰি কয়লা খননৰ অনুমতি দিয়া নহ’ব’ বুলি কৈয়ে দায়িত্ব সামৰা দেখা গ’ল৷ মন কৰিবলগীয়া যে ২০১৬ চনত ৰাজ্যিক বন্যপ্রাণী উপদেষ্টা পৰিষদৰ সভাত স্বয়ং মুখ্যমন্ত্রী, সেই সময়ৰ বনমন্ত্রী, বিধায়ক বিভিন্ন বিভাগৰ চৰকাৰী শীর্ষপদস্থ বিষয়া, অসমৰ একাধিক আগশাৰীৰ পৰিৱেশ সংগঠনৰ মুৰব্বীসকলে শালেকীত মুক্ত কয়লা খননৰ অনুমোদনত সমর্থন জনাইছিল৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বিশ্বৰ লগতে দেশ তথা ৰাজ্যৰ ছাত্র–ছাত্রী, পৰিৱেশকর্মী, বিভিন্ন দল–সংগঠন তথা সচেতন জনসাধাৰণে সামাজিক মাধ্যম, সংবাদ মাধ্যমৰ লগতে মানৱ শৃংখল কার্যসূচীৰ জৰিয়তে দিহিং পাটকাই বর্ষাৰণ্যত মুক্ত কয়লা খননৰ তীব্র বিৰোধিতা অব্যাহত ৰাখিছে৷
এইক্ষেত্রত সামগ্রিক বিষয়টোৰ আঁত বিচাৰি যোৱা ২৯ মে’ত গোলাঘাটৰ পৰা দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্য অভিমুখে ঐতিহাসিক ধোদৰ আলিৰে যাত্রা আৰম্ভ কৰিছিলোঁ৷ দিহিং পাটকাই জয়পুৰ ৰেঞ্জত উপস্থিত হৈয়ে অনুভৱ কৰিব পাৰিছিলোঁ ৰাজ্য চৰকাৰে মুক্ত কয়লা খননকাৰীক উৎসাহিত কৰিবৰ বাবেই হয়তো কিছু অংশ বন্যপ্রাণী অভয়াৰণ্য ঘোষণা কৰিয়েই দায়িত্ব সামৰিছিল৷ ফলত দিহিং পাটকাই বর্ষাৰণ্যৰ চৌপাশে এতিয়া মুক্ত কয়লা খনন আৰু অবৈধ শিল খনন মাফিয়াৰ দপদপনি৷ যিহেতু দিহিং পাটকাই অভয়াৰণ্য এখন ক্রান্তীয় সেমেকা চিৰসেউজ বনাঞ্চল৷ সেইবাবেই দিহিং পাটকাইক বর্ষাৰণ্য বুলি কোৱা হয়, যাক পূর্বৰ আমাজান বুলি গণ্য কৰা হয়৷ তেনে এখন প্রাকৃতিক সৌন্দর্যৰে বিতোপন বর্ষাৰণ্যক উন্নয়নৰ নামত ধ্বংস কৰাটো কিমান যুক্তিসংগত হ’ব? দিহিং পাটকাই বনজ সম্পদেৰে চহকী এখন বর্ষাৰণ্য৷ যিখন অভয়াৰণ্যত ৫০বিধ স্তন্যপায়ী প্রাণী, ৩০০ বিধ পক্ষী, ৪০ বিধ সৰীসৃপ, ১৫৫ বিধ পখিলা, ৩৫ বিধ জলচৰ, ৬০বিধ বিভিন্ন প্রজাতিৰ বৃক্ষ, ১০১ বিধ অর্কিড পোৱা যায়৷ ইয়াৰোপৰি এই বর্ষাৰণ্য পৃথিৱীৰ ভিতৰতে বান্দৰজাতীয় প্রাণীৰ অন্যতম বাসস্থান৷ এই বনাঞ্চলত হলৌ বান্দৰকে ধৰি লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, বাঘ, বনগৰু, হিমালয়ৰ কের্কেটুৱা, নাহৰফুটুকী, লতামাকৰী, গোধাফুটুকী, শৰপহু, বনৰৌ, কেটেলা পহু, কেঁকোৰা খোৱা নেউল, ভালুক আদি বন্যজীৱ পোৱা যায়৷ চৰাইৰ ভিতৰত হয়কলি, ৰাজধনেশ, দেওহঁাহ, হুদু, বাঢ়ৈটোকা, সাপকটা, শেন, ঈগল, চুলটান টিট, ৰূপহী, হাইঠা ইত্যাদি৷ বিশ্বৰ সর্বসংখ্যক দেওহঁাহৰ এই অভয়াৰণ্যতে বাসস্থান৷ হলৌ বান্দৰৰো প্রধান আশ্রয়স্থল এই দিহিং পাটকাই৷
চৰকাৰে এখন অভয়াৰণ্য বা বনাঞ্চল সংৰক্ষণৰ বাবে যিসমূহ নীতি–নিয়ম বা কার্যপন্থা হাতত ল’ব লাগে ঠিক তেনে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ বর্ষাৰণ্যখনৰ অন্তর্গত দিহিং পাটকাই বর্ষাৰণ্য নগাজুৰি, কঁঠালগুৰি, শুকানজুৰি, নামৰূপ, নাহৰকটীয়া আদি বিট অফিচসমূহত বিষয়া–কর্মচাৰীৰ নিযুক্তি তেনেই পুতৌজনক৷ অতি নগণ্যসংখ্যক বিষয়া–কর্মচাৰীৰ দ্বাৰাই এনে এখন উল্লেখযোগ্য বর্ষাৰণ্য পৰিচালনা কৰি আহিছে, যাৰ বাবে বনাঞ্চলখন পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ ইফালে বন্যপ্রাণী অভয়াৰণ্যখনৰ আন্তঃগাঁথনিও অতিকৈ দুখজনক৷ বন্যপ্রাণীখনৰ মাজেৰে পাৰ হৈ যোৱা অৰুণাচলৰ খুনচা অভিমুখি পথছোৱা অতিক্রম কৰোঁতে গৈ থাকোঁতে কঁঠালগুৰি বিটত উপস্থিত হৈ প্রত্যক্ষ কৰিছিলোঁ বিটটোত মাত্র দুজন বন বিভাগৰ লোকে দায়িত্ব পালন কৰি আহিছে৷ কিন্তু দুজন লোকৰ যাৱতীয় ব্যৱস্থাখিনিও সম্পূর্ণভাৱে প্রদান কৰিব পৰা নাই চৰকাৰে৷ বিষয়া দুগৰাকীয়ে অস্বাস্থ্যকৰ পৰিৱেশত থকা এটা কুঁৱাৰ পানী সেৱন কৰিয়েই নিজৰ সুধা নিবাৰণ কৰা দেখা গ’ল৷ যি ঘটনাই অভয়াৰণ্যখনৰ আন্তঃগাঁথনিৰ ফোঁপোলা স্বৰূপটো উদঙাই দেখুৱাইছে৷ অভয়াৰণ্যখনত নিৰাপত্তা দিবৰ বাবে তেওঁলোকৰ হাতত নাই কোনো আগ্ণেয়াস্ত্র৷ এয়া মাত্র এটা উদাহৰণহে৷ এনে বহু উদাহৰণ অভয়াৰণ্যখনৰ প্রতিটো বিটতে পোৱা যায়৷ ইয়াৰ পাছতেই দিহিং–পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈছিলোঁ৷ তাতো সেই অনুৰূপ ধৰণৰ আন্তঃগাঁথনিৰ ব্যৱস্থা প্রত্যক্ষ কৰিছিলোঁ৷ ঠিক সেইদৰে দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ চৰাইপুং ৰেঞ্জৰো একে অৱস্থা৷ অসম চৰকাৰৰ বিয়াগোম বন বিভাগত পি চি চি এফ, অতিৰিক্ত পি চি চি এফ, চি চি এফ আদি বিষয়াৰ সংখ্যা দিনকদিনে বৃদ্ধি হৈ গুৱাহাটী কার্যালয়ৰ কোঠা নাটনি হোৱাৰ বিপৰীতে বিভাগৰ নিম্ন বর্গৰ বিষয়া–কর্মচাৰীৰ অভাৱত বনাঞ্চলসমূহ সংৰক্ষণত বাধা আহি পৰিছে৷ কিন্তু সেই কথা আজি কোনে শুনিব৷ বন বিভাগৰ কার্যালয়সমূহ আজি নগৰমুখী হৈ আহিছে৷ ২৪ ঘণ্টা দায়িত্ব পালন কৰা বন বিভাগৰ সেই কর্মসংস্কৃতিৰ বর্তমান সময়ত অভাৱ দেখিবলৈ পোৱা গৈছে৷
ইয়াৰ পিছতে বর্তমান সময়ত সংবাদ মাধ্যম, সামাজিক মাধ্যমৰ শিৰোনাম দখল কৰা লেখাপানীৰ প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল শালেকীত উপস্থিত হৈছিলোঁ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৮৮২ চনৰ পৰা ১৯৭৩ চনলৈকে সুদীর্ঘ ৯১ বছৰে এ আৰ এণ্ড টি নামৰ এটা ইংৰাজ কোম্পানীয়ে কয়লা খনন কৰিছিল৷ ১৯৭৩ চনৰ পৰা ক’ল ইণ্ডিয়াই টিকক, টিৰাপ, লিডু আদিত মুক্ত কয়লা খনন কৰে৷ মুক্ত কয়লা খননৰ ফলত পাটকাই পর্বতমালাৰ বিৰল জৈৱ–বৈচিত্র্য ধ্বংস হোৱাৰ লগতে এটাৰ পাছত এটা পাহাৰ নিঃশেষ হৈ পৰে৷ এই পাটকাই পর্বতমালাৰ সৌন্দর্যক উন্নয়নৰ নামত ক্ষত–বিক্ষত কৰাৰ ফলত কিছু অঞ্চল পুখুৰীসদৃশ হৈ পৰিছে৷ সেউজ পাহাৰ ধ্বংস কৰি দিয়াৰ ফলত গছ–গছনিৰ লগতে বন্যপ্রাণী, খাদ্য তথা আৱাসভূমি, সংকুচিত হৈ পাৰিপার্শ্বিকতাৰ সন্মুখীন হ’ব লগা হৈছে৷ বর্তমানেও দিহিং পাটকাই অভয়াৰণ্য শালেকীৰ টিককত ক’ল ইণ্ডিয়াই প্রায় ৪০ হেক্টৰ ভূমি মুক্ত কয়লা খনন অব্যাহত ৰাখিছে৷ বন বিভাগে বনাঞ্চলসমূহ সংৰক্ষিত কৰাত সম্পূর্ণৰূপে বিফল হোৱাৰ বাবেই আজি শালেকী বেদখলকাৰীৰ কবলত৷ দিহিং পাটকাই অভয়াৰণ্যৰ সমীপতে ৯৮.৫৯ হেক্টৰ কয়লাৰ মুক্ত খননৰ বাবে শালেকী প্রস্তাৱিত বনাঞ্চলত চলিত বর্ষৰ ৭ এপ্রিলত ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদ, বন আৰু পৰিৱেশ মন্ত্র্যালয়ে এই বনাঞ্চলখনতে কয়লা খননৰ অনুমোদন দিয়ে৷ শালেকী বনাঞ্চলখন ধ্বংস কৰি বেদখলকাৰীয়ে অবৈধভাৱে চাহ বাগিচা খোলাৰ লগতে পাহাৰ কাটি এটা পথ নির্মাণ কৰা আমি প্রত্যক্ষ কৰোঁ৷ এখন প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল চৰকাৰে ঘোষণা কৰাৰ পাছত চৰকাৰৰ কিছু কৰণীয় থাকে৷ ভূমিৰ দায়িত্ব জিলা প্রশাসনৰ থকাৰ লগতে বনভূমিৰ দায়িত্ব বন বিভাগৰ থাকে৷ বন বিভাগে সংৰক্ষিত বনাঞ্চল আৰু প্রস্তাৱিত বনাঞ্চলত বনানীকৰণ কৰিব লাগে যদিও বিগত বর্ষসমূহত বন বিভাগে সেই দায়িত্ব পালন কৰা নাই৷ শালেকীত অবৈধ কয়লা খনন হৈ আছে যদিও সেয়া বন্ধ কৰাৰ দায়িত্ব চৰকাৰৰ৷ চৰকাৰে অবৈধ কয়লা খনন ৰোধ কৰিবলৈ মান্যতাৰ ক’ল ইণ্ডিয়াক কয়লা খনন কৰিবলৈ দিলে অনাগত দিনত অঞ্চলটোত পৰিৱেশ ভাৰসাম্য বিনষ্ট হ’ব৷ বন আইন মতে ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল, প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলত কয়লা খনন নিষিদ্ধ যদিও কেন্দ্রীয় চৰকাৰে কিহৰ ভিত্তিত অসমৰ প্রাকৃতিক সম্পদ লুণ্ঠনৰ বাবে এনেদৰে কয়লা খননৰ নির্দেশ দিব পাৰে৷ চৰকাৰে এই কথা উপলব্ধি কৰা উচিত হ’ব যে এনেধৰণৰ বর্ষাৰণ্য ধ্বংস হোৱা মানে পৃথিৱীৰ প্রায় আধা অংশ উদ্ভিদ আৰু প্রাণী চিৰকাললৈ লুপ্ত হোৱা৷ তেনেস্থলতে উন্নয়নৰ নামত চৰকাৰে বর্ষাৰণ্য ধ্বংস কৰাটো কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে৷ সেইবাবে চৰকাৰে দিহিং পাটকাইৰ ৯৩৭ বর্গকিলোমিটাৰ সম্পূর্ণৰূপে সংৰক্ষণ কৰি ৰাষ্ট্রীয় উদ্যান ঘোষণা কৰিলেহে পূবৰ আমাজান খ্যাত দিহিং পাটকাই বর্ষাৰণ্য প্রকৃতার্থত সংৰক্ষণ হ’ব৷ জৈৱ বৈচিত্র্যৰে চহকী দিহিং পাটকাইক চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্রৰূপে ঘোষণা কৰাৰ ক্ষেত্রতো যাৱতীয় ব্যৱস্থা গ্রহণ কৰা উচিত৷
-
অপূর্ব বল্লভ গোস্বামী, পৰিৱেশ কর্মী, জ্যেষ্ঠ সাংবাদিক
গোলাঘাট, ফোন- ৯৪৩৫০–৫৩৪০০