নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকল্প

কিছুদিনৰ আগতে টোকাবহীৰ কোনোবা এটা খণ্ডত মই মৃত্যুৰ কথা উল্লেখ কৰিছিলোঁ৷ প্রায় লগে লগে টেলিফোনত শুনিবলৈ পালোঁ মৰম–সনা মৃদু ধমক ঃ ‘আজিকালি আপুনি টোকাবহীত মৃত্যুৰ কথা বেছিকৈ লিখা হৈছে৷ নিলিখিব, আমি বেয়া পাওঁ৷ আপুনি আমাৰ মাজত আৰু বহুত বছৰ থাকিব লাগিব৷’ ইত্যাদি৷
বেছিভাগ মানুহেই ভাবে যে মৃত্যুৰ কথা চিন্তা কৰি থকাটো এক ধৰণৰ মর্বিডিটী, অর্থাৎ মানসিক ৰুগ্ণতা বা বিষাদ–গ্রস্ততাৰ লক্ষণ৷ মই কিন্তু তেনেকৈ নাভাবোঁ৷ মই বৰং ভাবোঁ যে জীৱনৰ ভাটি বয়সৰ কোনোবা এটা সময়ৰ পৰা মানুহে সচেতনভাৱে মৃত্যুৰ কথা চিন্তা কৰি মৃত্যুৰ কাৰণে নিজকে প্রস্তুত কৰাটো নৈতিক সাহস বা দূৰদর্শিতাৰ লক্ষণ৷ শুনিবলৈ পাইছোঁ যে আজিকালি চল্লিশৰ তলৰ বয়সৰ বেছিভাগ মানুহেই বাতৰিকাকত পঢ়িবলৈ এৰি দিছে তেওঁলোকৰ বেছিভাগ প্রয়োজন পূৰণ কৰে স্মার্ট ম’বাইল ফোনে৷ বাতৰিকাকতৰ বেছিভাগ পাঠকেই আদহীয়া বা বুঢ়া মানুহ৷ মৃত্যুৰ বিষয়ে আলোচনাই তেওঁলোকক আতংকিত বা বিষাদগ্রস্ত কৰিব বুলি মই নাভাবোঁ৷
মৃত্যুৰ কথা চিন্তা কৰা মানে মই মৃত্যুৰ কথা স্মৰণ কৰি ভয়ত কাতৰ বা বিমর্ষ হৈ থকাটো বুজোৱা নাই৷ মই ঘাইকৈ দুটা কথা বুজাব খুজিছোঁ৷ প্রথমটো হ’ল, প্রতিজন মানুহেই নিজৰ কাৰণে মৃত্যুৰ অর্থ ঠিক কৰি ল’ব লাগিব৷ সেইটো নকৰাকৈ কোনেও সাহসেৰে আৰু শান্তভাৱে মৃত্যুৰ মুখামুখি হ’ব নোৱাৰিব৷ মৃত্যুৰ অর্থ কেৱল দুটা হ’ব পাৰে৷ অর্থাৎ দুটাৰ ভিতৰত যি কোনো এটা৷ প্রথমটোৰ অর্থ হ’ল মৃত্যু মানেই জীৱনৰ চিৰ–সমাপ্তি৷ যিজন মানুহ মৰিল তেওঁ চিৰকালৰ কাৰণে ধূলিত মিহলি হৈ অণু–পৰমাণুত পৰিণত হ’ল৷ মৃত্যুৰ পিছত তেওঁৰ একো অৱশিষ্ট বাকী নাথাকিল৷ যিবোৰ মানুহে মৃত্যুৰ এইটো অর্থ গ্রহণ কৰে তেওঁলোকৰ কাৰণে জীৱনৰ অর্থও হ’ব বেলেগ৷ মৃত্যুৰ লগে লগে অনন্তকালৰ কাৰণে শূন্যত বিলীন হৈ যাব লাগিব বুলি তেওঁলোক হয়তো মাজে মাজে ভয় বা বিষাদত কাতৰ হৈ উঠিব কিন্তু তেওঁলোকে নিজকে অন্ততঃ এইবুলি সাত্ব্ন্না দিব পাৰিব যে তেওঁলোকে কোনো শিশু–সুলভ মিছা আশা বা অলীক কল্পনাক প্রশ্রয় দিয়া নাছিল, আৰু তেওঁলোকে মৃত্যুক গ্রহণ কৰিব পাৰিছিল চৰম নৈৰাশ্য আৰু মোহমুক্তিৰ পৰা ওপজা সাহসেৰে৷
মৃত্যুৰ দ্বিতীয়টো অর্থ হ’ল এই যে মৃত্যুতেই জীৱনৰ সকলো শেষ হৈ নাযায় আত্মা নামৰ এটা ৰহস্যময় বস্তু মৃত্যুৰ পিছতো জীয়াই থাকে৷ কোৱা বাহুল্য মাথোন যে তেওঁলোকৰ কাৰণে জীৱনৰ অর্থ আৰু উদ্দেশ্য বেলেগ হ’ব৷
মই নিজে প্রথমবিধত পৰোঁ৷ মই মৃত্যুৰ এইটো অর্থ কৰিছোঁ যে মৃত্যু মানেই চৰম বিনাশ বা চিৰ–সমাপ্তি৷ মৃত্যুৰ এইটো অর্থ কৰি লৈয়েই মই নিজকে তাৰ কাৰণে প্রস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ৷ মোৰ কাণৰ কাষত সদায় বাজি থাকে মানুহৰ ইতিহাসৰ তিনিজন বিখ্যাত ব্যক্তিৰ এটা অমৰ উক্তি৷ মানুহ তিনিজন হ’ল ছেনেকা (মৃত্যু ৬৫ খ্রীষ্টাব্দ), লিওনার্ডো ডা ভিঞ্চি (১৪৫২–১৫১৯) আৰু এলবার্ট আইনষ্টাইন (১৮৭৯–১৯৫৫)৷ তিনিওজনেই কৈছিল যে মানুহে গোটেই জীৱন ধৰি জীয়াই থাকিবলৈ যেনেকৈ শিকিব লাগে, ঠিক তেনেকৈ কেনেকৈ মৰিব লাগে সেই কথাও শিকিব লাগে৷
মই মৃত্যুৰ প্রস্তুতি কেনেকৈ কৰিছোঁ সেই কথাও ব্যাখ্যা কৰাটো বোধহয় উচিত হ’ব৷ মৃত্যুৰ প্রস্তুতি মোৰ কাৰণে আচলতে জীৱনৰ প্রস্তুতি৷ কেনেকৈ? ধীৰে ধীৰে বার্ধক্য আৰম্ভ হোৱাৰ দিন ধৰি মই আৱিষ্কাৰ কৰিছোঁ যে মোৰ ভাগত পৰা আয়ুসখিনিৰ বেছিভাগ মই ইতিমধ্যেই খৰচ কৰি শেষ কৰিলোঁ৷ এতিয়া মোৰ জীৱনৰ মাত্র কেইবছৰমানহে বাকী আছে৷ সেই কথা মনত পৰাৰ লগে লগে মই অনুভৱ কৰিছোঁ যে এতিয়াৰ পৰা মাত্র এটা মুহূর্তও অপচয় কৰিবলৈ মোৰ অধিকাৰ নাই৷ বা উপায়ো নাই৷ আপোনাৰ হাতত যেতিয়া ধন উভৈনদী হৈ থাকে, তেতিয়া আপুনি আগ–পিছ নুগুণি মুঠিয়ে মুঠিয়ে ধন খৰচ কৰিব পাৰে৷ ধনৰ অপচয় হ’লেও আপোনাৰ গাত নালাগে৷ কিন্তু এদিন যেতিয়া আপুনি আৱিষ্কাৰ কৰে যে ধনৰ টোপোলা প্রায় উদং হৈ আহিছে, এতিয়াৰ পৰা প্রতিটো পইচা হাত ধৰি নচলিলে আপোনাৰ সমুখত সমূহ বিপদ, তেতিয়া আপুনি কৃপণৰ ধনৰ দৰে প্রতিটো পইচা হিচাপ কৰি খৰচ কৰিবলৈ আৰম্ভ কৰে৷ এতিয়া মোৰো ঠিক তেনে অৱস্থা হৈছে৷ জীৱনটো প্রায় শেষ হোৱাৰ পিছতহে মই জীৱনৰ প্রকৃত মূল্য বুজিবলৈ আৰম্ভ কৰিছোঁ৷ সেই কাৰণে মই মৃত্যুৰ প্রস্তুতি আৰম্ভ কৰিছোঁ জীৱনৰ বাকী থকা দিনকেইটাৰ প্রতিটো ঘণ্টা পৰিপূর্ণভাৱে জীয়াই থাকিবলৈ সংকল্প লৈ৷
প্রতিটো ঘণ্টা প্রতিটো দিন পৰিপূর্ণভাৱে জীয়াই থাকিবলৈ মই কি কৰিব লাগিব? সর্বপ্রথমে মই স্বাস্থ্যৰ যত্ন ল’ব লাগিব৷ ৰুগীয়া আৰু নিশকতীয়া হৈ শুই–বহি থাকিবলৈ বাধ্য হ’লে মই পৰিপূর্ণভাৱে জীয়াই থাকিম কেনেকৈ? শৰীৰ আৰু মন সবল কৰি ৰাখি মই মোৰ কামৰ আঁচনিবোৰ সম্পূর্ণভাৱে কার্যকৰী কৰিবলৈ কঠোৰ পৰিশ্রম কৰিব লাগিব৷ সমস্ত জীৱনৰ অভিজ্ঞতাৰ পৰা মই এই কথা শিকিছোঁ যে কাম নকৰাকৈ শুই–বহি থাকি কোনেও জীয়াই থকাৰ প্রকৃত আনন্দ আৰু মাদকতা অনুভৱ কৰিব নোৱাৰে৷ পৰিপূর্ণভাৱে জীয়াই থকাৰ এটা প্রধান উপায় হ’ল সকলো সময়তে কিবা নহয় কিবা এটা উদ্দেশ্যধর্মী কামত ব্যস্ত হৈ থকা৷ কৰিব খোজা কামটোৰ বিষয়ে নীৰৱে আৰু গভীৰভাৱে চিন্তা কৰি থকাটোও কামৰ ভিতৰতে পৰে৷ ডেকা বয়সত মই যিমান জিৰণি লৈছিলো বা লঘু আমোদ–প্রমোদত যিমান সময় খৰচ কৰিছিলোঁ, এতিয়াৰ পৰা জিৰণি আৰু বিনোদনৰ কাৰণে তাতকৈ কম সময় খৰচ কৰিম৷ মই শৰীৰ নামৰ যন্ত্রটোৰ সম্পূর্ণ সদ্ব্যৱহাৰ কৰিম৷ পৃথিৱীৰ পৰা চিৰবিদায় লোৱাৰ মুহূর্তত মই মৃত্যুৰ হাতত এনে এটা শৰীৰ উপহাৰ দি যাব নোখোজোঁ– যিটো শৰীৰ ব্যৱহাৰৰ অভাৱত অক্ষত আৰু সুন্দৰ হৈ থাকিব৷ মই এই সংকল্পটো শিকিছোঁ নিকছ কাজানৎজাকিছৰ পৰা৷

You might also like