নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সমুখ সমৰত কোহলি–ধোনীঃ দিল্লী–হায়দৰাবাদৰ যুঁজ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগত আজি সমুখ সমৰত নামিব বিৰাট কোহলি আৰু মহেন্দ্র সিং ধোনী৷ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত হ’বলীয়া এই মেচখনে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ প্রতিযোগিতাখনত অপ্রতিৰোধ্য হৈ থকা বাংগালুৰুৱে কাইলৈৰ মেচখনতো জয়লাভ কৰি অপৰাজয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে৷ সম্প্রতি দুর্দান্ত ফর্মত থকা আৰ চি বিয়ে আজিৰ মেচখনত মূল একাদশত কোনো ধৰণৰ সালসলনি নহয় বুলি ইংগিত দিছে দলটোৰ অধিনায়ক কোহলিয়ে৷ বিগত মেচখনত ৰাজস্থানৰ বিপক্ষে ১০ উইকেটত জয়লাভ কৰি আত্মবিশ্বাস তুংগত আছে আৰ চি বিৰ৷ ইফালে, আজিৰ মেচখনত চেন্নাইৰ অধিনায়ক মহেন্দ্র সিং ধোনীৰো লক্ষ্য হ’ল জয়লাভ কৰাৰ৷ ৰাইনা, ৰাইডু, ডু প্লেচিছ আৰু ডুৱেইন ব্রেভোৰ পৰা উন্নত প্রদর্শনৰ আশা কৰি ধোনীয়ে কয় যে মেচখনত জয়লাভ কৰিবলৈ হ’লে আমি বাংগালুৰুৰ সন্মুখত বৃহৎ স্ক’ৰ থিয় কৰাব লাগিব৷

খেলৰ সময়ঃ বিয়লি ৩.৩০ বজা৷

আই পি এলৰ আজি হ’বলগীয়া ছুপাৰ ছানডে’ৰ দ্বিতীয়খন মেচত প্রতিদ্বন্দ্বিতা আগবঢ়াব নৱাগত খেলুৱৈৰে সমৃদ্ধ দিল্লী কেপিটেলছ আৰু ছানৰাইজার্ছ হায়দৰাবাদে৷ ঋষভ পণ্টৰ নেতৃত্বত প্রতিযোগিতাখনত সুন্দৰ প্রদর্শন দাঙি ধৰা দিল্লী কেপিটেলছে আজি ছানৰাইজার্ছক পৰাস্ত কৰি পইণ্ট তালিকাত উন্নীত হোৱাৰ লক্ষ্য লৈছে৷ দলটোৱে এতিয়ালৈকে চাৰিখন মেচ খেলি তিনিখনতেই জয়ৰ সোৱাদ লাভ কৰিছে৷ ইপিনে, শেহতীয়া মেচখনত পঞ্জাবক পৰাস্ত কৰি মনোবল বৃদ্ধি পোৱা ছানৰাইজার্ছে আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰাখিব পাৰিব বুলি আত্মবিশ্বাসী৷ দলটোৱে এতিয়ালৈকে চাৰিখন মেচ খেলি এখনতহে জয়ী হৈছে৷

খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like