বিগত এটা শতিকাজুৰি অসমলৈ ঘটা ব্যাপক প্রব্রজন আৰু এনে প্রব্রজন–নুপ্রৱেশ পৰিণতিত ঘটা অসমৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তনে ৰাজ্যৰ ৰাজনীতিত এক নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ ব্রিটিছ আমোলত মুছলিম লীগৰ চাদুল্লা চৰকাৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত অসমলৈ পূর্ববংগীয় মুছলমানৰ ব্যাপক প্রব্রজন ঘটোৱা হৈছিল৷ আনকি চৰকাৰীভাৱে ‘গ্র’ ম’ৰ ফুড’ আঁচনি গ্রহণ কৰি এনে প্রব্রজনক ব্যাপকভাৱে উৎসাহিত কৰা হৈছিল৷ অৱশ্যে গোপীনাথ বৰদলৈৰ নেতৃত্বত ৰাজ্যত কংগ্রেছ চৰকাৰ গঠনৰ পাছত মুখ্যমন্ত্রী বৰদলৈ আৰু ৰাজহমন্ত্রী বিষুৰাম মেধিয়ে প্রব্রজনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছিল৷ স্বাধীনতাৰ আগে–পিছে বৰদলৈ আৰু মেধিয়ে এনে কেইবালাখ বেদখলকাৰীক উচ্ছেদ কৰি অসমৰ পৰা পূব পাকিস্তানলৈ খেদি পঠাইছিল৷ বৰদলৈৰ পাছত মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰি বিষুৰাম মেধিয়ে অনুপ্রৱেশৰ বিৰুদ্ধে কঠোৰতম নীতি গ্রহণ কৰাৰ লগতে আনকি সীমান্তত অনুপ্রৱেশকাৰী দেখিলেই গুলীওৱাৰ নির্দেশ দিছিল৷ দেশ–জাতিৰ প্রতি মেধিৰ এনে আন্তৰিক আনুগত্য আৰু অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ সন্দর্ভত পুষ্পলতা দাসে সবিস্তাৰে বর্ণনা কৰি থৈ গৈছে৷
কিন্তু এই অনুপ্রৱেশকাৰীবিৰোধী কঠোৰ স্থিতিৰ বাবেই বিষুৰাম মেধি কংগ্রেছৰ ভিতৰচ’ৰাতে প্রবল বিসম্বাদৰো সন্মুখীন হ’বলগীয়া হৈছিল৷ ফখৰুদ্দিন আলি আহমেদ, মইনুল হক চৌধুৰী, দেৱকান্ত বৰুৱা আদিয়ে মেধিৰ নেতৃত্বৰ মুকলি বিৰোধিতা কৰি কংগ্রেছৰ শীর্ষ নেতৃত্বকো অভিযোগ দাখিল কৰিছিল৷ আনকি ফখৰুদ্দিন আলী আহমেদে মেধি মন্ত্রীসভাত যোগ দিবলৈকে অস্বীকাৰ কৰি তেওঁৰ পৰিৱর্তে মইনুল হক চৌধুৰীকহে মন্ত্রী হ’বলৈ আগবঢ়াই দিয়া বুলি বিশিষ্ট কংগ্রেছ নেতা দেৱেশ্বৰ শর্মাই তেওঁৰ ‘হেৰাই যোৱা দিনবোৰ’ গ্রন্থত উল্লেখ কৰি গৈছে৷ এনে বিসম্বাদৰ পৰিণতিতে মূৰকত বিষুৰাম মেধিয়ে পদত্যাগ কৰিবলগীয়া হয় আৰু বিমলাপ্রসাদ চলিহাৰ মুখ্যমন্ত্রিত্বত নতুন চৰকাৰ গঠন কৰা হয়৷ প্রাৰম্ভিক পর্যায়ত বিমলাপ্রসাদ চলিহাই অনুপ্রৱেশ সন্দর্ভত যথেষ্ট কোমল মনোভাব গ্রহণ কৰিছিল৷ এই ক্ষেত্রত তেওঁক বহুলাংশে প্রভাৱিত কৰিছিল ফখৰুদ্দিন আলি আহমেদ আৰু মুছলিম লীগৰ পৰা দেশ বিভাজনৰ পাছত নিশাটোতে আহি কংগ্রেছী নেতা হোৱা মইনুল হক চৌধুৰীয়ে৷
উল্লেখ্য যে মইনুল হক চৌধুৰী আছিল জিন্না নেতৃত্বাধীন মুছলিম লীগৰ যুৱ শাখাৰ সর্বভাৰতীয় সভাপতি৷ কিন্তু দেশ বিভাজনৰ পাছত তেওঁ নিশাটোতে লুটি–বাগৰ মাৰি মুছলিম লীগৰ পৰা কংগ্রেছৰ নেতা হৈছিলহি৷ বিমলাপ্রসাদ চলিহাৰ এনে বিতর্কিত ভূমিকা সন্দর্ভত দেৱেশ্বৰ শর্মাই ‘হেৰাই যোৱা দিনবোৰ’ গ্রন্থত লিখিছে– ‘ফখৰুদ্দিন আলি আহমেদ আৰু মইনুল হক চৌধুৰীৰ হেঁচাত তেওঁ অসম তথা ভাৰতৰ প্রতি এইক্ষেত্রত অবিচাৰ আৰু সর্বনাশৰ পথ প্রশস্ত কৰিলে৷ ১৯৩৭ চনৰ অসম এছেম্বলীৰ প্রথম ৪ দিনীয়া বৈঠকত আলি আহমেদে কংগ্রেছ দলত নাছিল, মৌলানা ভাচানী আদি ৫জন মৈমনছিঙীয়া মুছলিম সদস্যৰ লগত আছিল৷ সেই বছৰৰ অসম এছেম্বলীৰ দ্বিতীয় অধিৱেশনত অর্থাৎ জুলাইৰ বাজেট অধিৱেশনতহে ছাদুল্লা চাহেবৰ লগত তেওঁৰ সম্পত্তি সম্পর্কীয় বিবাদ হেতুকে কংগ্রেছ দলত যোগ দিয়ে৷ তেতিয়াৰ পৰা আলি আহমেদৰ একমাত্র চিন্তা আৰু চেষ্টা হৈছিল অসমক মুছলিম সংখ্যাগৰিষ্ঠ কৰি নিজ অধিকাৰে মুখ্যমন্ত্রী হৈ অসম শাসন কৰা৷… মইনুল হক চৌধুৰী চাহেব এগৰাকী যুগোপযোগী বুদ্ধিমান লোক৷ তেওঁ হাঁহেৰেও ৰাজি, মাহেৰেও ৰাজি৷ তেওঁৰ নিমিত্তে অসম পাকিস্তানভুক্ত হ’লেও হয়, গণতান্ত্রিক ভাৰতত থাকি মুছলিম সংখ্যাগৰিষ্ঠ হ’লেও হয়৷’
আনকি ১৯৬১–৬২ চনত যেতিয়া পূব পাকিস্তানৰ পৰা ব্যাপক অনুপ্রৱেশৰ অভিযোগ উত্থাপন হৈছিল, তেতিয়া মুখ্যমন্ত্রী চলিহা আৰু বিত্তমন্ত্রী ফখৰুদ্দিন আলি আহমেদে অসমলৈ কোনো অনুপ্রৱেশ ঘটা নাই বুলিহে দাবী কৰাৰ প্রয়াস কৰিছিল৷ ফখৰুদ্দিন আলি আহমেদে আনকি ‘১৯৫৭ চনৰ পাছৰ পৰা কোনো পাকিস্তানীয়ে অসমত অনুপ্রৱেশ কৰা নাই’ বুলি দাবী কৰিছিল৷ কিন্তু ১৯৬২ চনৰ ১৪ আগষ্টত তদানীন্তন কেন্দ্রীয় স্বৰাষ্ট্র মন্ত্রী লালবাহাদুৰ শাস্ত্রীয়ে ৰাজ্যসভাত ৩ লাখমান পাকিস্তানীয়ে অসমলৈ অনুপ্রৱেশ কৰা বুলি দিয়া বিবৃতিৰ পাছতহে চলিহা আৰু আহমেদে সুৰ সলনি কৰিবলৈ বাধ্য হয়৷ পৰৱর্তী সময়ত ১৯৬৪ চনৰ ১ এপ্রিলত অনুপ্রৱেশৰ ভয়ংকৰ বিপদলৈ আঙুলিয়াই অসম প্রদেশ কংগ্রেছ কমিটীয়ে চাৰিদফীয়া এক কঠোৰ প্রস্তাৱ গ্রহণ কৰে৷ এই প্রস্তাৱসমূহ আছিল– (১) ১৯৬৫ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো পাকিস্তানী অনুপ্রৱেশকাৰী অসমৰ পৰা বাহিৰ কৰা হ’ব বুলি অসম চৰকাৰে ঘোষণা কৰক আৰু সেই উদ্দেশ্যে ক্ষিপ্র গতিৰে কাম কৰক৷ (২) ১৯৫১ চনৰ চেঞ্চাছত দিয়া নম্বৰ আৰু লোকসংখ্যাৰ ভিত্তিত পাক অনুপ্রৱেশকাৰী নির্ণয় কৰি বহিষ্কাৰ কার্য কৰা হওক৷ (৩) নির্দিষ্ট তাৰিখৰ অর্থাৎ ৩১–১২–৬৫ৰ ভিতৰত পাকিস্তানীসকলক সম্পূর্ণে বহিষ্কাৰ কৰিব পৰাকৈ যথেষ্টসংখ্যক ড্রিবিউনেল নিযুক্ত কৰা হওক৷ (৪) চৰকাৰে অসম–পাকিস্তান সীমাত যথোপযুক্ত বহলকৈ এটা খালী বেল্ট সৃষ্টি কৰি ‘নিষিদ্ধ অঞ্চল’ বুলি ঘোষণা কৰক৷ ইয়াৰ বর্তমান বাসিন্দাসকলক অন্য ঠাইত পুনর্বসতি কৰক আৰু সীমান্তত আলি আৰু দলং নির্মাণ কৰি নিৰাপত্তা বাহিনীৰ দ্রুত যাতায়াতৰ সুচল কৰি পাকিস্তানীৰ অনুপ্রৱেশ বন্ধ কৰক৷
এনে প্রেক্ষাপটত বিভিন্ন পক্ষৰ হেঁচাত ১৯৬৫ চনত বিমলা চলিহা চৰকাৰে ১ লাখ ৮০ হাজাৰ পাকিস্তানীক বহিষ্কাৰ কৰে৷ কিন্তু ইয়াৰ পাছতে ফখৰুদ্দিন আলি আহমেদ, মইনুল হক চৌধুৰী, দেৱকান্ত বৰুৱা, শৰৎ চন্দ্র সিংহ আদিয়ে অসমত সংখ্যালঘুক হাৰাশাস্তি কৰা বুলি কংগ্রেছ হাইকমাণ্ডক অভিযোগ দিয়েগৈ৷ সেই সময়ত কংগ্রেছৰ একাংশ সংখ্যালঘু মন্ত্রী–বিধায়কে মুখ্যমন্ত্রী চলিহাৰ বিৰুদ্ধে মুকলি বিদ্রোহৰে সূচনা ঘটালে৷ কংগ্রেছৰ এই বিসম্বাদ সন্দর্ভত আনকি তদানীন্তন বিধায়ক দুলাল চন্দ্র বৰুৱাই বিধানসভাত এক সভাস্থগিত প্রস্তাৱো উত্থাপন কৰে৷ অৱশ্যে সেই সময়তে ভাৰত–পাকিস্তানৰ যুদ্ধ আৰম্ভ হোৱাত মূৰকত দুলাল চন্দ্র বৰুৱাই প্রস্তাৱটো উঠাই লয়৷ ইফালে কংগ্রেছৰ বিসম্বাদী মন্ত্রী–বিধায়কসকল্ হেঁচাত কংগ্রেছ হাইকমাণ্ডেও বিদেশী বহিষ্কৰণ কার্য স্থগিত ৰাখিবলৈ মুখ্যমন্ত্রী চলিহাক চাপ দিলে৷ এনে পৰিস্থিতিত মুখ্যমন্ত্রী চলিহাই ক্ষমতাত বর্তি থকাৰ স্বার্থতে হঠাৎ এই বিদেশী বহিষ্কৰণ প্রক্রিয়াটো বন্ধ কৰি দিলে৷ ফলত চিনাক্তকৰণৰ পাছতো বৃহৎসংখ্যক পূব পাকিস্তানী অসমতে ৰৈ গ’ল৷ বিমলাপ্রসাদ চলিহাই ক্ষমতাত বর্তি থকাৰ স্বার্থতে এই বিদেশীৰ ৰক্ষক গোটটোৰ সৈতে আপোচ কৰি বিদেশী বহিষ্কৰণৰ সমগ্র প্রক্রিয়াটোৰ ইতি পেলোৱাৰ পৰিণতিতে অসমত খিলঞ্জীয়া জনসাধাৰণে আজি অস্তিত্বৰ চৰম সংকটত ভুগিবলগীয়া হৈছে৷
পৰৱর্তী সময়ত শৰৎ চন্দ্র সিংহ মুখ্যমন্ত্রী হোৱাৰ পাছত মূলতঃ ভোটবেংকৰ অংকত অসমক বিদেশীৰ মুক্ত বিচৰণথলীত পৰিণত কৰি পেলোৱা হ’ল৷ সেই সময়ত দেৱকান্ত বৰুৱাৰ ‘আলী–কুলীৰ ভোটে’ৰে কংগ্রেছ ক্ষমতাত বর্তি থকাৰ কুখ্যাত উক্তি সর্বজনবিদিত৷ আনহাতে, ব্যক্তিগত জীৱনত দুর্নীতিমুক্ত হ’লেও ক্ষমতাত বর্তি থকাৰ স্বার্থত অসমৰ সামাজিক জীৱনত শৰৎ চন্দ্র সিংহই ঘটোৱা ব্যাপক প্রদূষণে অসমৰ সামাজিক ক্ষেত্রখনক স্থায়ীভাৱে পংগু কৰি পেলালে৷ শৰৎ চন্দ্র সিংহৰ মুখ্যমন্ত্রিত্ব কালত কার্যতঃ ৰঙা দলিচা পাৰি অসমলৈ বিদেশীক আদৰণি জনোৱা হ’ল৷ তেওঁৰ কার্যকালতে পূর্বে বহিষৃকত বিদেশীবোৰে সদলবলে পুনৰ অসমত অনুপ্রৱেশ কৰাৰ লগতে এইবাৰ বৃহৎসংখ্যক অঙহী–বঙহীকো লগত লৈ আহিল৷ অসম আন্দোলনৰ আৰম্ভণিৰ ক্ষণত শৰৎ চন্দ্র সিংহৰ– ‘বাংলাদেশী নহ’লে অসমত কোনে বেঙেনা–জলকীয়াৰ খেতি কৰিব’, সেই বিখ্যাত উক্তিয়েই তেওঁৰ মানসিকতাৰ প্রত্যক্ষ প্রতিফলন ঘটাইছে৷
ইয়াৰ পছত বিদেশী বহিষ্কাৰৰ দাবীৰে আৰম্ভ হ’ল ছবছৰীয়া অসম আন্দোলন৷ এই আন্দোলনত অসমৰ খিলঞ্জীয়া জনসাধাৰণে চৰম ত্যাগ স্বীকাৰ কৰিলে যদিও বিদেশী সমস্যাৰ সমাধানটো নঘটিলেই, বৰং নেতৃত্বৰ অপৰিপক্বতাৰ পৰিণতিত সমগ্র আন্দোলনটোৱেই কার্যতঃ ব্যর্থ হ’ল৷ আন্দোলনৰ পৰিণতিত স্বাক্ষৰিত অসম চুক্তিয়ে সমস্যা সমাধানৰ কোনো ইতিবাচক ইংগিত বহন কৰিব নোৱাৰিলে৷ অসম আন্দোলনৰ পিঠিত উঠিয়েই অসম গণ পৰিষদ দলে ৰাজ্যত দুবাৰকৈ ক্ষমতা দখল কৰিলে যদিও বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্রত কার্যকৰী পদক্ষেপ গ্রহণত অগপ চৰকাৰ চূডান্তভাৱে ব্যর্থ হ’ল৷ ইয়াৰ মাজতে ১৯৯২ চনৰ ১০ এপ্রিলত তদানীন্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াই অসমত ৩০ লাখ বিদেশীয়ে থিতাপি লোৱা বুলি বিধানসভাত ঘোষণা কৰিছিল৷ কিন্তু এই ভাষ্যৰ পাছতে কংগ্রেছৰ ভিতৰচ’ৰাতে দলৰ সংখ্যালঘু মন্ত্রী–বিধায়কসকল্ মুকলি বিদ্রোহ আৰম্ভ কৰাৰ লগতে বিভিন্ন দল–সংগঠনৰ ভাবুকি–হেঁচাত দুদিনৰ পাছতে মুখ্যমন্ত্রী শইকীয়াই অসমত বিদেশী নাই বুলি বক্তব্য আগবঢ়াবলৈ বাধ্য হৈ পৰিল৷
ৰাজ্যৰ মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পূর্বে ২০০০ চনত এক সাক্ষাৎকাৰত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে মন্তব্য কৰিছিল যে সন্দেহজনক লোকে নতুনকৈ থিতাপি লোৱা এলেকাবোৰত ব্যাপক তালাচী অভিযান চলালেই অসমলৈ অনুপ্রৱেশ কৰা বিদেশীক সহজেই চিনাক্ত কৰি ধৰা পেলাব পৰা যাব৷ সেয়ে গগৈয়ে নতুনকৈ জনবসতি স্থাপন কৰা এলেকাবোৰত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান আৰম্ভ কৰাৰো প্রস্তাৱ উত্থাপন কৰিছিল৷ দুর্ভাগ্যবশতঃ ৰাজ্যৰ মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত তেওঁ নিজৰ এই প্রস্তাৱৰ কথা পাহৰি গ’ল আৰু ১৫ বছৰীয়া কার্যকালত বিদেশীৰ বিৰুদ্ধে কোনো পদক্ষেপেই গ্রহণ নকৰিলে৷
অৱশ্যে বিদেশী সমস্যাটোৰ ক্ষেত্রত তুলনামূলকভাৱে যথেষ্ট স্পষ্ট আৰু দৃঢ় মতামত প্রকাশ কৰিছিল প্রয়াত চি পি আই নেতা তথা প্রাক্তন মন্ত্রী প্রমোদ গগৈয়ে৷ তেওঁ আনকি ১৯৯৫–৯৬ চনতে এন আৰ চি উন্নীতকৰণৰ দাবী তোলাৰ লগতে খিলঞ্জীয়া জনসাধাৰণৰ স্বার্থ স্থায়ীভাৱে সুৰক্ষিত কৰাৰ স্বার্থত অসমক জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীও উত্থাপন কৰিছিল৷ নিজৰ ভুল নীতিৰ দায়িত্ব স্বীকাৰ কৰি প্রমোদ গগৈয়ে অসম আন্দোলনৰ বিৰোধিতা কৰি ৰাজ্যৰ বাঁওপন্থী দলসমূহে ‘ঐতিহাসিক ভুল’ কৰা বুলিও মুকলিভাৱে মন্তব্য কৰিছিল৷
এই প্রসংগত ৰাজ্যৰ এজন শীর্ষ বাঁওপন্থী নেতা জডিত থকা এক ঘটনাৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ৷ সেয়া ১৯৯৭ চনৰ কথা৷ নামনি অসমৰ এই বাঁওপন্থী নেতাজনে সন্দেহজনক বিদেশীয়ে নামনিৰ এখন জিলাত গো–চৰণীয়া পথাৰত প্রণালীবদ্ধভাৱে চলোৱা ব্যাপক বেদখল সন্দর্ভত আগবঢ়োৱা তথ্যৰ ভিত্তিত ‘আমাৰ অসম’ কাকতত এক বাতৰি পৰিৱেশন কৰিছিলোঁ৷ কিন্তু পিছদিনা নিচেই পুৱাতে নেতাজনে উদ্বিগ্ণ কণ্ঠেৰে ফোন কৰি জনালে যে এই বাতৰিটোৰ বাবে তেওঁ বিভিন্ন পক্ষৰ চৰম ভাবুকিৰ সন্মুখীন হোৱাৰ লগতে দলৰ ফালৰ পৰাও বাতৰিটো অস্বীকাৰ কৰিবলৈ তেওঁক তীব্র হেঁচা দিয়া হৈছে৷ নেতাজনে ‘সাপো মৰক, লাঠীও নাভাঙক’ নীতিৰে এক মধ্যম পন্থা অৱলম্বন কৰি এটা স্পষ্টীকৰণ প্রকাশ কৰিবলৈ অনুৰোধ জনালে৷ লক্ষণীয়ভাৱে, অসমৰ বিদেশী সমস্যাৰ ক্ষেত্রত বাঁওপন্থী দল–সংগঠনসমূহ স্থিতি সর্বসাধাৰণ ৰাইজৰ বাবে সদায়েই এক দুর্বোধ্য সাঁথৰ৷ বিদেশীৰ প্রতি অসমৰ বাঁওপন্থী দল–সংগঠন তথা ব্যক্তিসকলৰ এনে দৰদৰ আঁৰৰ ৰহস্য জনসাধাৰণৰ বাবে এতিয়াও স্পষ্ট নহয়৷
অসমৰ সমাজ জীৱনত সর্বগ্রাসী ৰূপ লোৱা এই বিদেশী সমস্যাটোৰ নিশ্চিতভাৱে কোনো চুটি সমাধান নাই৷ এন আৰ চি উন্নীতকৰণৰ জৰিয়তে বিদেশী সমস্যাৰ এক স্থায়ী সমাধানৰ পথ সুচল হ’ব বুলি আশা কৰা হৈছিল যদিও মূৰকত এই এন আৰ চি বিদেশীৰ ভাৰতীয়কৰণৰ দলিলতহে পৰিণত হ’ল৷ হাজাৰ হাজাৰ সন্দেহজনক নাগৰিকক ‘খিলঞ্জীয়া’ৰ স্বীকৃতি দি তথ্য–পাতি পৰীক্ষা নকৰাকৈয়ে এন আৰ চিত নাম অন্তর্ভুক্ত কৰা হ’ল৷ আনকি বৃহৎসংখ্যক চিনাক্ত তথা বহিষৃকত হৈ পুনৰ অনুপ্রৱেশ কৰা বিদেশীৰ নামো এন আৰ চিত অন্তর্ভুক্ত কৰি তেওঁলোকক ভাৰতীয়ৰ স্বীকৃতি প্রদানৰ প্রয়াস কৰা হ’ল৷ এনে প্রেক্ষাপটত ৰাইজৰ প্রচুৰ প্রত্যাশাৰ বিপৰীতে এই এন আৰ চি এতিয়া এক গ্রহণযোগ্যতাহীন পৰিত্যক্ত দলিলতহে পৰিণত হৈছে৷ সঁচা ক’বলৈ গ’লে আমাৰ সন্মুখত এতিয়া জাতিৰ সুৰক্ষিত ভৱিষ্যৎ সন্দর্ভত আশ্বস্ত হ’ব পৰা বা আশা কৰিব পৰাকৈ একো সম্ভাৱনাই নাই৷ প্রকৃততে এই শতিকাজোৰা যুঁজত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ চৰম পৰাজয়ৰ ক্ষণগণনা সম্ভৱতঃ ইতিমধ্যেই আৰম্ভ হৈছে৷ এনে তিমিৰাচ্ছন্ন পৰিৱেশত নিজৰ অস্তিত্ব বর্তাই ৰখাৰ স্বার্থতে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে সমস্ত প্রতিকূলতাৰ বিৰুদ্ধে সর্বশক্তিৰে যুঁজ দিয়াৰ বাবে সাজু হোৱাৰ সময়হে এতিয়া সমাগত৷