নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগন্ত বিশ্ব শর্মাৰ বৌদ্ধিক যাত্রা

দিগন্ত বিশ্ব শর্মাৰ লগত মোৰ এটা ব্যক্তিগত সম্বন্ধ আছে৷ তেওঁ মোৰ অন্যতম ‘সাৰস্বত সহোদৰ’– অর্থাৎ আমি দুয়ো এখন বিশেষ বিদ্যালয়ৰ প্রাক্তন ছাত্র৷ ইংৰাজীত’Alma Mater’ বুলি দুটা শব্দৰ প্রচলন আছে৷ এই শব্দ দুটা লেটিন ভাষাৰ পৰা অহা আৰু আধুনিক ইংৰাজীত শব্দ দুটাৰ অর্থ হৈছে–My benign mother– অর্থাৎ মোৰ ‘কল্যাণকাৰিণী মাতৃ’৷ এতেকে অতীজৰে পৰা নিজে পঢ়ি অহা শিক্ষানুষ্ঠান একোটাক আপোন মাতৃজ্ঞান কৰাৰ পৰম্পৰা এটা চলি আহিছে৷ সেয়ে তেনে একোটা শিক্ষানুষ্ঠানৰ সমূহ ছাত্র–ছাত্রীয়ে পৰস্পৰক সহোদৰ অথবা সহোদৰা (বয়সৰ বিশাল ব্যৱধান সত্ত্বেও) ৰূপে জ্ঞান কৰাটোত অস্বাভাৱিকতা থাকিব নোৱাৰে৷ সাম্প্রতিক কালত প্রায় প্রতিখন বিদ্যালয় অথবা মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র–ছাত্রীসকলৰ একোটাকৈ সংগঠন প্রতিষ্ঠা হোৱা আমি দেখিবলৈ পাইছোঁ, যিবিলাকক ইংৰাজীতAlumni Association বুলি কোৱা হয়৷ এনে সংগঠনসমূহৰ সদস্যসকলে নিজকে একোটা বৃহত্তৰ পৰিয়ালৰ সদস্যৰূপে গণ্য কৰাৰ সুযোগ লাভ কৰে৷ ইয়াৰ পৰিপ্রেক্ষিততে সম্ভৱতঃ কোনোবা অনুভৱী ব্যক্তিয়ে ‘সাৰস্বত সহোদৰ’ শব্দ যুগলৰ প্রচলন আৰম্ভ কৰিছিল৷ সি যি নহওক, দিগন্ত বিশ্ব শর্মাও মোৰ এজন অতি বিশিষ্ট সাৰস্বত সহোদৰ৷ আমাৰ দুয়োৰেAlma Mater হ’ল যোৰহাটৰ বাল্য ভৱন– যিখন বিদ্যালয়ক মই বিভিন্ন সময়ত অসমৰ প্রথমখন আদর্শ তথা জাতীয় বিদ্যালয় হিচাপে অভিহিত কৰি আহিছোঁ৷ ১৯৫০ খ্রীষ্টাব্দত স্থাপন হোৱা যোৰহাটৰ বাল্য ভৱন বিদ্যালয়খনে বিগত সাত দশকৰ কালছোৱাত অসমৰ সমাজ জীৱনলৈ অতি উল্লেখযোগ্য অৰিহণা যোগাবলৈ সমর্থ হোৱাৰ কথা অনেকেই জানে৷ এইখন বিদ্যালয়ত শিক্ষা লাভ কৰা কিমান প্রাক্তন ছাত্র–ছাত্রীয়ে পৰৱর্তী জীৱনত নিজকে বৈষয়িকভাৱে প্রতিষ্ঠা কৰিবলৈ সমর্থ হৈছে, সেইটো মোৰ বাবে বিদ্যালয়খনৰ সাফল্যৰ প্রধান মাপদণ্ড নহয়৷ মোৰ দৃষ্টিত অধিকাংশ ছাত্র–ছাত্রীৰ মনত জীৱন সম্বন্ধে এক ইতিবাচক দৃষ্টিভংগী গঢ়ি তুলিব পৰাটোহে বিদ্যালয়খনৰ বৃহত্তম সাফল্য৷
মই নিজৰ ক্ষেত্রতে গভীৰভাৱে বিশ্বাস কৰোঁ যে এটা অর্থপূর্ণ জীৱনৰ অন্বেষক হ’বলৈ যিখিনি প্রাথমিক প্রণোদনৰ Motivation) আৱশ্যক, সেয়া বহুলাংশে বাল্য ভৱনেই মোক প্রদান কৰিছিল৷ একে কথাই দিগন্ত বিশ্ব শর্মাৰ ক্ষেত্রতো প্রযোজ্য বুলি মই অনুমান কৰোঁ৷ দিগন্ত বিশ্ব শর্মা আৰু মোৰ নিজৰ দৃষ্টিভংগী ৰিজাই চাই কেতিয়াবা মোৰ এনে ধাৰণা হয় যে চিন্তাৰ দুটা সহোদৰ বীজেই আমাৰ দুয়োৰে মনত পৃথক পৃথকভাৱে অংকুৰিত হৈছে৷ চিন্তাৰ বিৱর্তন মোৰ জীৱনলৈকো আহিছে আৰু তেনে এক বিৱর্তনে দিগন্ত বিশ্ব শর্মাৰ জীৱনকো গভীৰভাৱে প্রভাৱিত কৰিছে৷ মই কৈশোৰ–যৌৱনৰ দোমোজাৰ কালছোৱালৈকে জগতৰ এক জড়বাদী আর্হিত দৃঢ়ভাৱে বিশ্বাস কৰিছিলোঁ৷ এই পাৰাপাৰহীন মহাবিশ্বখন স্বতঃস্ফূর্তভাৱেই সৃষ্টি হোৱা বুলি পতিয়ন গৈছিলোঁ৷ এই বিশ্বত জড় পদার্থৰাশিত বাদে আন এক অদৃশ্য সত্তাৰ উপলব্ধি মোৰ এই বয়সলৈকে হৈ উঠা নাছিল৷ কিন্তু অন্তর্জগতত চিন্তাৰ বিৱর্তন ক্রমশঃ ক্ষিপ্র হৈ উঠিছিল আৰু খুব সোনকালেই মোৰ মন আধ্যাত্মিকতাৰ দিশলৈ ঢ়াল খাইছিল৷ মোৰ অনুমান, বাণিজ্য বিষয়ৰ প্রাক্তন ছাত্র দিগন্ত বিশ্ব শর্মাৰ জীৱনলৈকো এক সদৃশ চিন্তা–বিৱর্তনৰ আগমন ঘটিছিল৷ ভোগবাদী দৃষ্টিৰে অতিশয় লোভনীয় এক চৰকাৰী পদবীত কিছু বছৰ ধৰি কার্যনির্বাহ কৰাৰ পাছত দিগন্ত বিশ্বই এদিন উপলব্ধি কৰিলে যে কেৱল দৈনন্দিন জীৱনৰ বিলাসী প্রয়োজনসমূহ পূৰণ কৰিবৰ বাবেই তেওঁৰ জন্ম হোৱা নাই৷ প্রতিজন ব্যক্তিৰ সমুখতে দুটা বিপৰীতমুখী পথ উন্মুক্ত হৈ থাকে৷ ইয়াৰে এটা পথ ভোগৰ আৰু আনটো ত্যাগৰ৷ দিগন্ত বিশ্ব শর্মাই ভোগৰ পথটো এৰি ত্যাগৰ পথটো আঁকোৱালি লোৱাৰ অসাধাৰণ সিদ্ধান্তটো এদিন গ্রহণ কৰিলে৷ কিন্তু ভোগবাদী পন্থা ত্যাগ কৰাটোৱেই জীৱনৰ চৰম সার্থকতা বুলি তেওঁ পতিয়ন যাব পৰা নাছিল৷ ছাত্রাৱস্থাৰ পৰাই বলিষ্ঠ তার্কিক আৰু সুবক্তা হিচাপে বিশেষ প্রতিভাৰ পৰিচয় দিবলৈ সমর্থ হোৱা দিগন্ত বিশ্বই সমুখত অনুদ্ঘাটিত হৈ ৰোৱা বিস্তীর্ণ বৌদ্ধিক ক্ষেত্রখন কর্ষণ কৰিবলৈ এক সুচিন্তিত কর্ম–পদ্ধতি যুগুতাই উলিয়ালে৷ যিটো সংস্কৃতিৱান পৰিয়ালত দিগন্ত বিশ্বৰ জন্ম হৈছিল, সেই পৰিয়ালটোৰ পৰা উত্তৰাধিকাৰ সূত্রেই দিগন্তই বহুখিনি সম্পদ লাভ কৰিছিল৷ তেওঁৰ পিতৃ প্রয়াত কৈলাসনাথ শর্মা এগৰাকী চিন্তাশীল আৰু অধ্যয়নপুষ্ট ব্যক্তি আছিল৷ তেখেতসকলৰ ঘৰখনত অন্যান্য গুৰু–গম্ভীৰ বিষয়ৰ লগতে ভাৰতীয় আধ্যাত্মিক ঐতিহ্য সম্বন্ধে নিয়মিত চর্চা চলিছিল৷ এই ঐতিহ্যৰ মহত্ত্ব সম্বন্ধে অৱগত হোৱাৰ সুযোগ দিগন্ত বিশ্বই শৈশৱৰে পৰা লাভ কৰি আহিছে৷ তেওঁলোকৰ ঘৰখনত ভাৰতীয় আধ্যাত্মিকতাৰ পুৰোধাস্বৰূপ মহা মহা মনীষীসকলৰ জীৱন তথা কৃতি সম্বন্ধে সততে আলচ হৈছিল৷ আমাৰ শংকৰ–মাধৱ গুৰু দুজনা, স্বামী বিবেকানন্দ তথা ঋষি অৰবিন্দৰ চিন্তাৰাজিৰ লগত দিগন্ত বিশ্ব শর্মাৰ শৈশৱতে পৰিচয় ঘটিছিল৷ মহান ভাৰতীয় চিন্তা–পৰম্পৰাৰ দ্বাৰা কৈশোৰৰ দিনবিলাকতে তেওঁ গভীৰভাৱে প্রভাৱিত হৈছিল৷ পিছে প্রচুৰ অধ্যয়নৰ পাছত দিগন্ত বিশ্বই ঋষি অৰবিন্দৰ চিন্তাৰাজিত এনে এক গূঢ় তত্ত্ব আৱিষ্কাৰ কৰি পেলালে, যিটো আন ক’তোৱেই তেওঁ বিচাৰি পোৱা নাছিল৷ খুব কম সময়ৰ ভিতৰতে বিংশ শতাব্দীৰ প্রথমার্ধ্বৰ মহামনীষীগৰাকীয়ে দিগন্ত বিশ্ব শর্মাৰ সমগ্র সত্তাত এক প্রবল জোকাৰণিৰ সৃষ্টি কৰিলে৷ আধুনিক কালৰ এই ঋষিজনাৰ জীৱন আৰু জগৎ সম্বন্ধে থকা স্বচ্ছ ধাৰণা আৰু বিভিন্ন তত্ত্ব সংশ্লেষণৰ সামর্থ্য প্রত্যক্ষ কৰি তত্ত্বপিপাসু দিগন্ত বিশ্ব শর্মা নামৰ যুৱকজন এক কথাত হৈ পৰিল অভিভূত৷ তেওঁৰ মনে মহর্ষি অৰবিন্দকে অদ্বিতীয় গুৰুৰূপে বৰণ কৰিলে৷ শয়নে–সপোনে তেওঁ ঋষি অৰবিন্দৰ চিন্তাৰাজিক ৰোমন্থন কৰিবলৈ ধৰিলে৷ একালৰ উচ্চপদস্থ চৰকাৰী বিষয়া দিগন্ত বিশ্ব শর্মা এতিয়ালৈ হৈ পৰিল আধুনিক ভাৰতৰ মহান চিন্তা–নায়কগৰাকীৰ এক সমর্পিত অনুগামী৷ মহাঋষিজনাৰ সমগ্র ৰচনা অধ্যয়ন কৰিয়েই তেওঁ ক্ষান্ত নহ’ল৷ তেখেতৰ অধিকাংশ গ্রন্থই দিগন্ত বিশ্বই অসমীয়ালৈ অনুবাদ কৰি পেলালে৷ কেৱল সেয়ে নহয়, ঋষি অৰবিন্দৰ দ্বাৰা পণ্ডিচেৰীত (বর্তমানৰ পুডুচেৰী) অৱস্থিত আশ্রমলৈ তেওঁৰ সঘন আহ–যাহ ঘটি থাকিল৷ সেই আশ্রমত সংৰক্ষিত হৈ থকা ঋষি অৰবিন্দবিষয়ক প্রতিটো তথ্যকে হূদয়ংগমৰ প্রয়াস কৰিলে দিগন্ত বিশ্বই৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক মুহূর্তটোত মহাঋষিগৰাকীয়ে প্রদান কৰা অনাতাঁৰ ভাষণৰ সঠিক ব্যাখ্যাও তেওঁ দাঙি ধৰিলে৷ মুঠতে মাধৱদেৱৰ ভাষাত ক’বলৈ হ’লে ঋষি অৰবিন্দ আমাৰ সাৰস্বত সহোদৰ দিগন্ত বিশ্ব শর্মাৰ ‘হূদিস্থিত’ হৈ পৰিল৷ এইখিনিতে মন কৰিবলগীয়া যে ঋষি অৰবিন্দৰ চিন্তা কেৱল বৈদিক সৃষ্টিতত্ত্বতে সীমাবদ্ধ নাছিল৷ তেখেতৰ চিন্তাৱলীয়ে ব্যক্তি আৰু সমাজৰ সম্বন্ধ, ৰাষ্ট্রৰ গঠন আৰু বিকাশৰ উপৰি জীৱনৰ ক্রমবিকাশ প্রক্রিয়া সন্দর্ভতো অভিনৱ ধৰণে আলোকপাত কৰিছিল৷ চার্লছ ডাৰউইনৰ জড়বাদী ক্রমবিকাশ তত্ত্বৰ বিপৰীতে ঋষি অৰবিন্দৰ চৈতন্যবাদী ক্রমবিকাশৰ ধাৰণা মানুহৰ চিন্তাজগতত এক অনন্য সংযোজন৷ এতেকে পাশ্চাত্যৰ জড়বাদী বিজ্ঞানৰ দার্শনিক অসম্পূর্ণতাসমূহ পূৰণ কৰাটোৱেই ভাৰতীয় চিন্তানায়ক অৰবিন্দৰ সর্বোচ্চ সার্থকতা বুলি মই বিশ্বাস কৰোঁ৷ এক কথাত ক’বলৈ হ’লে ঋষি অৰবিন্দৰ জীৱন আৰু জগত সম্বন্ধে চিন্তাৰ যি সামগ্রিকতা, সেয়া আন কোনো ব্যক্তিৰ ৰচনাৱলীত দৃষ্টিগোচৰ নহয়৷ কিন্তু এইজনা মহামনীষীৰ অৱদান সম্বন্ধে আজিৰ পৰা দহ বছৰ আগলৈকে মই প্রায় অজ্ঞই আছিলোঁ৷ প্রকৃতপক্ষে দিগন্ত বিশ্ব শর্মাৰ সান্নিধ্যলৈ অহাৰ পাছতহে ঋষি অৰবিন্দৰ অতুলনীয় চিন্তা–উপচাৰ সম্বন্ধে বহু কথা জনাৰ সুযোগ পাইছোঁ৷ সঁচাকৈয়ে ভাৰতীয় আধ্যাত্মিক চিন্তা–পৰম্পৰাৰ বিষয়ে এক সম্যক ধাৰণা গঢ়ি তুলিবলৈ হ’লে ঋষি অৰবিন্দৰ ৰচনাৱলী অধ্যয়ন কৰাটো অপৰিহার্য৷ মোৰ দৃষ্টিত গৌৰৱময় ভাৰতীয় চিন্তা–পৰম্পৰাৰ অন্যতম সফল ব্যাখ্যাটো হৈছে ঋষি অৰবিন্দ আৰু এইগৰাকী মনীষীৰ অসমীয়া ভাষ্যকাৰৰ ৰূপত অৱতীর্ণ হৈছে দিগন্ত বিশ্ব শর্মা৷ অর্থাৎ অসমীয়া সমাজখনক ঋষি অৰবিন্দৰ মাধ্যমে ভাৰতীয় চিন্তা পৰম্পৰাৰ কাষ চপাই নিয়াৰ বিষয়ত প্রধান যোগসূত্রৰ ভূমিকা লৈছে দিগন্ত বিশ্ব শর্মাই৷ তেওঁৰ এই ভূমিকা একাধিক দিশৰ পৰা অতিশয় তাৎপর্যপূর্ণ৷ প্রথম কথা, মহাঋষিৰ গভীৰ তত্ত্বপূর্ণ ৰচনাৱলীৰ অধ্যয়ন আৰু চর্চাই অসমীয়া সমাজৰ পৰা সংস্কৃতিক বিচ্ছিন্নতাবাদ কিম্বা বিচ্ছিন্নতাবোধৰ প্রৱণতা দূৰ কৰাত সহায় কৰিব৷ দ্বিতীয়তে, এনেবোৰ বিষয়ৰ গভীৰ চর্চাই অসমৰ সমাজ–জীৱনৰ বৌদ্ধিক পৰিৱেশটো বিকশাই তুলিব৷ এই প্রসংগত এটা কথা অপ্রিয় হ’লেও সত্য যে বহুতো ‘ছিৰিয়াছ’ বিষয় অধ্যয়নৰ প্রতি আমাৰ সমাজত এক অনীহা আজিও পৰিলক্ষিত হয়৷ এনে বিষয়সমূহৰ আধাৰত ৰচনা কৰা খুব কমসংখ্যক গ্রন্থহে বিক্রী হয়৷ গুৱাহাটী গ্রন্থমেলাত বিপণী খুলি গ্রাহকৰ অপেক্ষাত দিগন্ত বিশ্ব শর্মা নিজে বহি থাকে৷ কিন্তু অতি কমসংখ্যক গ্রাহকেহে তেওঁৰ বিপণীত ভুমুকি মাৰে৷ এই কথা কৈ দিগন্তই কেতিয়াবা মোৰ আগত আক্ষেপ কৰে৷ মাজে–সময়ে আমাৰ মাজৰে একাংশই অসমীয়া ভাষাৰ ধ্রুপদী ৰূপ এটা বিকশিত কৰি তোলাৰ সপক্ষে মত প্রকাশ কৰে৷ সততে অনুবাদ–কর্মত ৰত দিগন্ত বিশ্বয়ো এই কথা সমর্থন কৰে৷ অনুবাদকসকলে প্রায়েই (অসমীয়া) প্রতিশব্দ বিচাৰি হাবাথুৰি খাব লগা হয়৷ দিগন্তই উপযুক্ত প্রতিশব্দ বিচাৰি নাপালে কেতিয়াবা মোলৈ ফোন কৰে৷ অলপতে ‘এঘড়ী’ শব্দটোৰ এটা ভুল অর্থ তেওঁক কোনোবাই দিয়া বুলি মোক জনালে৷ মই তেওঁৰ ভুলটো ভাঙি দিলোঁ৷ এই কথা উল্লেখ কৰাৰ অর্থ হ’ল– কেৱল বিষয়বস্তুৰ সন্দর্ভতে নহয়, ভাষাৰ ক্ষেত্রতো তেওঁ অতিশয় ছিৰিয়াছ৷
সকলো বাধা–বিঘিনি, সমালোচনা নেওচি অসমৰ জনজীৱনৰ বৌদ্ধিক পৰিৱেশটো জীপাল কৰি ৰাখিবলৈ দিগন্ত বিশ্ব শর্মা গভীৰভাৱে দায়বদ্ধ৷ শেহতীয়াকৈ ৰাজ্যৰ একাধিক বিশ্ববিদ্যালয়ৰ পৃষ্ঠপোষকতাত তেওঁ ভাৰতীয় সংস্কৃতি সন্দর্ভত এলানি বছৰজোৰা দূৰ–সংযোগ কার্যক্রম চলাই আছে৷ তদুপৰি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে আৰু লগতে ঋষি অৰবিন্দৰ সার্ধশতবর্ষৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ডেৰশখন চৰকাৰী মহাবিদ্যালয়ত সমসংখ্যক বত্তৃণতা প্রদান কৰিবলৈ তেওঁ এখন অভিলাষী আঁচনি যুগুতাই উলিয়াইছে৷ অসমৰ বৌদ্ধিক জগতত এয়া নিঃসন্দেহে এক অভূতপূর্ব কার্যসূচী৷ তেওঁৰ এই অনন্য বৌদ্ধিক যাত্রাৰ আমি সাফল্য কামনা কৰিলোঁ৷

You might also like