নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ দিনত আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্রত চিনাক্ত ২৪০ ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ৩ মে’: ক্রমাৎ ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে সমগ্র দেশ কিম্বা ৰাজ্যখনৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটী৷ ইয়াৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা থানা এলেকাত দৈনিক ক’ৰোনাক্রান্ত লোক চিনাক্তকৰণ হৈ থকা বিষয়টোৱে মহানগৰীৰ পশ্চিম প্রান্তৰ জনসাধাৰণৰ মনলৈ স্বাভাৱিকতে কঢ়িয়াই আনিছে তীব্র শংকা৷ কিন্তু অতি পৰিতাপৰ কথা এই যে এনে এক আতংকই বিৰাজ কৰাৰ পাছতো যথেষ্টসংখ্যক লোক সচেতন নোহোৱা বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷

উল্লেখনীয় যে বিগত ১৯ এপ্রিলৰ পৰা আজিলৈ আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্র এলেকাত সর্বমুঠ ২৪০জন ক’ৰোনাক্রান্ত লোক চিনাক্ত হৈছে৷ যোৱা ১৯ এপ্রিলত আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্রত ৰেপিড এণ্টিজেন টেষ্ট কৰা ৫৬৬জন লোকৰ ভিতৰত ১৯জন, ২০ এপ্রিলত ৪৩৯জনৰ ভিতৰত ৮জন, ২১ এপ্রিলত ৩৩০জনৰ ভিতৰত ২৯জন, ২২ এপ্রিলত ৪৮৮জনৰ ভিতৰত ২৮জন, ২৩ এপ্রিলত ৪০৮জনৰ ভিতৰত ২৫জন, ২৪ এপ্রিলত ৫২৮জনৰ ভিতৰত ২৫জন, ২৫ এপ্রিলত ৬৪জনৰ ভিতৰত ১১জন, ২৬ এপ্রিলত ১৯২জনৰ ভিতৰত ২৮জন, ২৭ এপ্রিলত ৫৬৯জনৰ ভিতৰত ১০জন, ২৮ এপ্রিলত ৪২৯জনৰ ভিতৰত ৯জন, ২৯ এপ্রিলত ১৮৫জনৰ ভিতৰত ৯জন, ৩০ এপ্রিলত ৪৭জনৰ ভিতৰত ৬জন ক’ৰোনাক্রান্ত লোক চিনাক্ত হয়৷ কালি আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্রত ৪৬জন লোকে ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পাছত ২জনৰ দেহত ক’ভিড–১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷

আনহাতে দেওবাৰৰ দিনটোত আজাৰা স্বাস্থ্যকেন্দ্রৰ উদ্যোগত ১১৩ গৰাকী লোকক ক’ভিড পৰীক্ষা কৰাত ৩৩ জনৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰে৷ মহানগৰ জিলা প্রশাসনে যিমানেই যি ধৰণৰ নির্দেশনা জাৰি নকৰক কিয়, গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা থানা এলেকাতে নির্দেশনা ধোঁৱাচাঙত উঠা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ কিয়নো আজাৰা থানা এলেকাৰ প্রতিটো প্রতিটো অঞ্চলৰ লগতে হাট–বজাৰসমূহত নাই কোনো ধৰণৰ ক’ভিড প্রট’কল৷ পুৱাৰে পৰাই সন্ধিয়ালৈ অগণন মানুহ মুকলি সমাগম৷ চাহ দোকান–পাণ দোকান, পাচলি তথা মাছ–মাংসৰ বজাৰত মাথোঁ মানুহৰ ভিৰ৷ নাই কোনোধৰণৰ বাধ্যবাধকতা৷ নাই মুখত মাস্ক, নাই কোনো সামাজিক দূৰত্ব৷ অতি পৰিতাপৰ কথা এই যে এনেবোৰ কার্য দেখিও নেদেখাৰ ভাও ধৰি থকা আজাৰা আৰক্ষীৰ নির্বিকাৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছে স্থানীয় একাংশ সচেতন নাগৰিকে৷ আজাৰা আৰক্ষীৰ এনে নির্বিকাৰ ভূমিকাই মহানগৰীৰ পশ্চিম প্রান্তলৈ যে অচিৰেই আন এক অশনি সংকেত আহি পৰিব, সেয়া ইতিমধ্যে স্পষ্ট ৰূপত প্রকট হৈ উঠিছে৷

You might also like