বৈচিত্র্যময়ী হিন্দু ধর্ম বনাম শ্রীমন্ত শংকৰদেৱ সংঘ
🔹 ড০ অংকিতা দত্ত
কেইদিনমানৰ পৰা শ্রীমন্ত শংকৰদেৱ সংঘ সন্দর্ভত সমাজৰ বিভিন্ন ক্ষেত্রৰ সন্মানীয় ব্যক্তিসকলে লিখা বিভিন্ন প্রবন্ধ আৰু স্তম্ভ আদি পঢ়ি পূর্বতে নজনা বহুতো কথা জানিবলৈ পাই আমি এগৰাকী ভাৰতীয় আৰু হিন্দু হিচাপে নিশ্চিতভাৱে উপকৃত হৈছোঁ৷ এয়াই ভাৰতৰ অনন্য বৌদ্ধিক পৰম্পৰা৷ শাস্ত্রার্থ নামেৰেও জনাজাত এই পৰম্পৰাত কেৱল তর্ক–বিতর্কতে নিজকে সীমাবদ্ধ নকৰি আন কাৰোবাৰ সৈতে যিকোনো আলোচনাত লিপ্ত হোৱাৰ পূর্বে প্রথমে তেওঁৰ মতামত জানি–বুজি লোৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ বহুদিনৰ পিছত অসমৰ জনপ্রিয় বাতৰিকাকত ‘নিয়মীয়া বার্তা’ৰ মাধ্যমযোগে এই পৰম্পৰা পুনৰুজ্জীৱিত হোৱা দেখি আমি সুখী হৈছোঁ৷
ঐতিহাসিকভাৱে ক’বলৈ গ’লে অসমত শ্রীমন্ত শংকৰদেৱ সংঘ বর্ণবাদৰ বিৰুদ্ধে নৱ–বৈষ্ণৱী ভক্তি আন্দোলনৰ ৰূপত আৰম্ভ হৈছিল৷ ‘সমতা’ৰ যুক্তি দর্শাই তেওঁলোকে আনকো লাহে লাহে সংঘৰ প্রতি আকর্ষিত কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু অসমীয়া সমাজ জীৱনৰ হকে কাম কৰা বুলি দাবী কৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ সৈতে জড়িত গুণী–জ্ঞানী সুশিক্ষিত ব্যক্তিসকলেই জানো তেওঁলোকৰ নিজা নামঘৰ প্রতিষ্ঠা কৰি বিভাজনৰ দুৱাৰখন মুকলি কৰি দিয়া নাছিল? তাৰ পিছতে অসমৰ বিভিন্ন গাঁৱত ক্রমান্বয়ে দুটা পৃথক নামঘৰ (এটা শ্রীমন্ত শংকৰদেৱ সংঘৰ অনুগামীসকলৰ বাবে আৰু আনটো সংঘত যোগদান নকৰা বাকীসকলৰ বাবে)ৰ আধাৰত বিভাজন আৰম্ভ হ’বলৈ ধৰে৷ তদুপৰি আজিৰ পৃথিৱীত শ্রীমন্ত শংকৰদেৱ সংঘৰ দৰে নিজা সংবিধান আৰু নিজা মতাদর্শৰ ভিত্তিত কাম কৰা যিকোনো সংগঠনে নিজকে অৰাজনৈতিক বুলি দাবী কৰাটো কেতিয়াও যুক্তিসংগত হ’ব নোৱাৰে৷ নিজা মতাদর্শৰ ভিত্তিত সমাজত আন্দোলন সৃষ্টি কৰি এটা নতুন নেৰেটিভ গঢ় দিবলৈ সক্ষম হোৱা যিকোনো ব্যক্তি বা সংগঠন সময়ৰ লগে লগে প্রত্যক্ষ বা পৰোক্ষভাৱে হ’লেও ৰাজনীতিৰ লগত জড়িত হৈ পৰে৷ এয়া অনিবার্য৷ ইতিহাসৰ পৃষ্ঠাত এনেকুৱা ধৰণৰ অসংখ্য উদাহৰণ পোৱা যায়৷ ইয়াৰ উপৰি শ্রীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানসমূহত বিভিন্ন ৰাজনৈতিক দলৰ প্রখ্যাত নেতাসকলক মুখ্য অতিথি হিচাপে উপস্থিত থকা প্রায়ে দেখা যায়৷
ইয়াৰ সত্ত্বেও তেওঁলোকে নিজকে সম্পূর্ণৰূপে অৰাজনৈতিক বুলি ক’ব পাৰিবনে? ঠিক তেনেদৰে আমি পুৰুষ আৰু প্রকৃতি দুয়োৰে পৰিপূৰক বুলি কৈ কেৱল শক্তি পূজাক শ্রেষ্ঠ বুলিব নোৱাৰোঁ৷ আমাৰ লেখাত এই বিষয়ে আমি ক’তো নির্দিষ্টভাৱে উল্লেখ কৰা নাই৷ আৰু কৰিবও নোৱাৰোঁ৷ সেই অধিকাৰ আৰু সঠিক যোগ্যতা আমাৰ নাই৷ কাৰণ নিজকে আমি আনকি শাক্ত বা বৈষ্ণৱ ধর্মৰ প্রবক্তা বুলি ক’বলৈও প্রথমে শাক্ত আৰু বৈষ্ণৱ দুয়োটা পৰম্পৰাৰ বিষয়ে যথেষ্ট অধ্যয়নৰ প্রয়োজন৷ কেৱল অধ্যয়নেই নহয়, আমাৰ দৰে নশ্বৰ মানুহে নিজকে হিন্দু ধর্মৰ যিকোনো নির্দিষ্ট পৰম্পৰাৰ অনুসৰণকাৰী বোলাৰ পূর্বেও সেই পৰম্পৰাত আমাক বছৰ বছৰজোৰা সাধনা লাগিব৷
পাঠকসকলে যিকোনো কিতাপ বা প্রবন্ধ আদি পঢ়ি লেখকৰ বিষয়ে নিজৰ মনত কিছুমান ধাৰণা কৰি লোৱাটো সম্পূর্ণ স্বাভাৱিক৷ একেদৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা মা কামাখ্যাৰ পৱিত্র ভূমিত জন্মগ্রহণ কৰিছিল বুলি কৈ অসমত আহোম সাম্রাজ্যৰ শাসন প্রতিস্থাপন আৰু শংকৰদেৱৰ জন্মৰ পূর্বে ৰাজ্যখনৰ সমৃদ্ধশালী হিন্দু ইতিহাসৰ বিষয়েহে আমি পাঠকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছিলোঁ৷ দুর্ভাগ্যৱশতঃ যে শৈক্ষিক জগতত এই ইতিহাসক ‘ক’লা যাদু (Black Magic)ৰ লগত তুলনা কৰি উপেক্ষা কৰা হৈছে৷ ফলস্বৰূপে ব্রিটিছ ঔপনিৱেশিক কালৰ বিদেশী ইতিহাসবিদসকলৰ লেখাৰ ওপৰত আমি নিৰন্তৰ নির্ভৰ কৰিবলগীয়া হয়৷
তেওঁলোকৰ লেখাত ভাৰতীয় সংস্কৃতিৰ সৈতে খাপ নোখোৱা এটা সম্পূর্ণ বেলেগ দৃষ্টিকোণ পোৱা যায়৷ ড০ কয়েনৰাদ এলষ্ট আৰু মিশেল দানিনোৰ দৰে কেইজনমান বিৰল পণ্ডিতৰ বাহিৰে এই ধাৰা আজিও ইউৰোপ আৰু আমেৰিকাৰ বহুতো তথাকথিত ‘ইতিহাসবিদ’ যেনে ৱেণ্ডি ডনিগাৰ আদিৰ দ্বাৰা লিখা হিন্দু ধর্মৰ বিভিন্ন কিতাপ আৰু প্রবন্ধ আদিত লক্ষ্য কৰিব পাৰি৷ দেৱতাসকলৰ দৰে দেৱী উপাসনাৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰা হয় হিন্দু ধর্মত৷ কিন্তু এই লোকসকলৰ বিদেশী ধর্মবোৰ সম্পূর্ণ পৃথক৷ ইয়াৰ ফলত তেওঁলোকৰ লেখাবোৰৰ জৰিয়তে হিন্দু ধর্মৰ বিভিন্ন সম্প্রদায়ৰ লোকে পৱিত্র বুলি গণ্য কৰা বহুতো কালজয়ী ৰীতি–নীতি আৰু পৰম্পৰাৰ যথেষ্ট ক্ষতি হৈছে৷
বিশেষকৈ তন্ত্র সাধনাক পাশ্চাত্য মানসিকতাই ‘যৌনতা’ আৰু ‘ক’লা যাদু’ৰ লগত তুলনা কৰি তন্ত্র আৰু মন্ত্রৰ বহুতো ভুল ব্যাখ্যা আগবঢ়াইছে৷ দীর্ঘদিন ধৰি আমেৰিকাত বাস কৰাৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত ভাৰতীয় লেখক আৰু ‘ইনফিনিটী ফাউণ্ডেচন’ৰ প্রতিষ্ঠাপক ৰাজীৱ মালহোত্রাৰ ‘ব্রেকিং ইণ্ডিয়া’ আৰু ‘বিং ডিফাৰেণ্ট’ নামৰ কিতাপকেইখনত এই বিষয়ে বিতংভাৱে বর্ণনা কৰা হৈছে৷ তথাপি পাশ্চাত্য লেখকসকলে হিন্দু সমাজৰ মন–মগজুত তন্ত্রৰ প্রতি এক বিকৃত দৃষ্টিভংগী সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ সেই কাৰণে সময়ৰ লগে লগে বহুতৰ বাবে শ্রীমন্ত শংকৰদেৱৰ পূর্বৰ অসমৰ ধর্মীয় ইতিহাসক নিজৰ মতে নানা ৰং সানি দিয়াটো সহজ হৈ পৰে৷
এই প্রৱণতা সংশোধন কৰিবলৈ বহু বছৰ লাগিব৷ আচৰিত কথাটো হ’ল যে অসমত শংকৰদেৱৰ আগৰ সময়ছোৱাৰ ইতিহাসৰ পৰিপ্রেক্ষিতত যেতিয়াই তন্ত্র–মন্ত্রৰ যিকোনো প্রসংগ আহে আমি তেতিয়াই প্রায়ে শুনিবলৈ পোৱা শব্দটোৱেই হ’ল ‘সংস্কাৰ’৷ সেই সময়ৰ অসমীয়া সমাজ ব্যৱস্থা যদি ইমানেই ভ্রষ্টাচাৰী আৰু অৰাজক আছিল তেন্তে ৰাজ্যখনৰ বিভিন্ন জাতি–জনজাতিৰ ইমানবোৰ ভিন্ন সাংস্কৃতিক পৰম্পৰা আজিলৈকে কেনেকৈ বাচি থাকিল? আমোদজনকভাৱে পঞ্চদশ শতিকাত অসমত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দ্বাৰা বৈষ্ণৱ ধর্ম প্রচাৰৰ পৰিপ্রেক্ষিতত বহুতো ইতিহাসবিদ আৰু লেখকে সেই সময়ৰ ইছলামিক আক্রমণৰ পটভূমিক সম্পূর্ণৰূপে উপেক্ষা কৰা দেখা যায়৷
মা কামাখ্যাৰ মূল শক্তিপীঠৰ সমীপত ৰচিত দশম শতিকাৰ কালিকা পুৰাণত অন্তর্ভুক্ত ‘ৰুধিৰধ্যায়’ নামৰ পৃথক অধ্যায়ত বলিপ্রথাৰ বিতং বর্ণনা পোৱা যায়৷ এই অধ্যায়ত নৰবলিৰ বিতর্কিত বিষয়টোও উল্লেখ কৰা হৈছে৷ অৱশ্যে যিকোনো প্রকাৰৰ বলিপ্রথাৰ সপক্ষে বা বিপক্ষে আমাৰ ক’বলগীয়া একো নাই৷ কিন্তু নৰবলি ক’ত কেতিয়া আৰু কোনে সম্পাদন কৰিব পাৰে, তাৰ বাবে কঠোৰ নিয়ম নির্ধাৰণ কৰা হৈছে৷ অসমৰ দৰে ৰাজ্যৰ বহুতো হিন্দু ৰজাই মা কামাখ্যাক তেওঁলোকৰ প্রধান দেৱীৰ ৰূপত পূজা কৰিছিল৷ তন্ত্র উপাসক শ্রী ৰাজর্ষী ৰঞ্জন নন্দীয়ে তেওঁৰ ‘A Case for Pashubali in the Light of Vamacara Tantra’ শীর্ষক গৱেষণামূলক প্রবন্ধত এই বিষয়ে উল্লেখ কৰিছে৷
তেওঁ লগতে এই কথাও উল্লেখ কৰিছে যে কেনেদৰে এই ৰজাসকলে শত্রুপক্ষ মোগল সেনাৰ বন্দী সৈনিক আৰু উচ্চপদস্থ যুঁজাৰুসকলক কালিকা (মা কামাখ্যাৰ স্বৰূপ)ৰ শ্রীচৰণত বলিদান হিচাপে প্রায়ে আগবঢ়াইছিল৷ কেৱল অসমৰ কামাখ্যা শক্তিপীঠেই নহয় সেই সময়ত ত্রিপুৰাৰ ত্রিপুৰাসুন্দৰী শক্তিপীঠ (জনবিশ্বাস মতে ইয়াত সতীৰ সোঁ–ভৰি পৰিছিল) আৰু মেঘালয়ৰ জোৱাই চহৰৰ নার্তিয়াং গাঁৱত অৱস্থিত জয়ন্তীদেৱী শক্তিপীঠ (সতীৰ বাঁও ভৰিৰ এটা অংশ ইয়াত পৰা বুলি বিশ্বাস কৰা হয়)ত নৰবলিকে ধৰি বলিপ্রথা প্রচলিত আছিল৷ সেই পৰিস্থিতিত হিন্দু ধর্ম ৰক্ষা কৰিবলৈ আমাৰ পূর্বপুৰুষসকলে যি কৰিছিল, তাৰ ভুল–শুদ্ধ বিচাৰ কৰাৰ অধিকাৰ আমাৰ নাই৷
কিন্তু, সঠিক ঐতিহাসিক গৱেষণা অবিহনে বিদেশী ইতিহাসবিদ আৰু লগতে ভাৰতৰ এক নির্দিষ্ট ৰাজনৈতিক আদর্শৰ তথাকথিত ‘ইতিহাসবিদ’ৰ বাবে এই বিষয়বোৰ ‘ভেঁকো–ভাওনা’ বুলি হেয়জ্ঞান কৰাটো সহজ৷ অসমীয়া হিন্দু সমাজৰ স্মৃতিৰ পৰা ইছলামিক আক্রমণ আৰু শংকৰদেৱৰ ভক্তি আন্দোলনৰ পৰিপ্রেক্ষিতত বহুতো গুৰুত্বপূর্ণ ঐতিহাসিক তথ্য তেওঁলোকে চিৰদিনৰ বাবে মচি পেলালে৷ তাৰ পিছত তেওঁলোকে প্রণালীবদ্ধভাৱে এটা ভুৱা নেৰেটিভ নির্মাণ কৰি ইতিহাসৰ তিক্ত সত্যবোৰ সাধাৰণ মানুহৰ দৃষ্টিৰ পৰা লুকুৱাই ৰাখে৷ সময়ৰ লগে লগে এই ভুৱা নেৰেটিভৰ অত্যধিক প্রচাৰৰ ফলত কোনো প্রত্যাহ্বান অবিহনে মিছাক সত্যৰ ৰূপত প্রতিষ্ঠাপন কৰা হৈছিল৷
ভাৰতবর্ষৰ বিভিন্ন প্রান্তত অৱস্থিত ৫১টা শক্তিপীঠ আৰু ১২টা জ্যোতির্লিংগ ভাৰতীয় সভ্যতাৰ মূল কেন্দ্রবিন্দু৷ এই পৱিত্র স্থানসমূহে আমাক সকলোকে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু কচ্ছৰ পৰা অৰুণাচললৈকে একত্রিত কৰে৷ সেইবাবে ভাৰতীয় সভ্যতাৰ মেৰুদণ্ড ধ্বংস কৰিবলৈ মুছলমান আক্রমণকাৰীসকলে গুজৰাটৰ সোমনাথ শিৱ মন্দিৰৰ পৰা আৰম্ভ কৰি বেদব্যাসৰ মহাভাৰতত উল্লেখিত ঐতিহাসিক প্রাগজ্যোতিষপুৰ ৰাজ্যৰ মা কামাখ্যা মন্দিৰলৈকে এই স্থানসমূহ বিশেষকৈ লক্ষ্য কৰি লৈছিল৷ একে সময়তে নাম–কীর্তন বা নাম–জপৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভক্তি আন্দোলন উত্তৰৰ পৰা দক্ষিণ আৰু পূবৰ পৰা পশ্চিমলৈকে দেশৰ বিভিন্ন ঠাইত আৰম্ভ হৈছিল৷
২০২৩ চনৰ ১ জুন তাৰিখৰ স্বৰাজ্য আলোচনীত প্রকাশিত ‘Hindavi Swarajya : Unapologetically Hindu’ শীর্ষক তেওঁৰ প্রবন্ধত লেখক অনীশ গোখলেৱে উল্লেখ কৰিছে যে ইছলামিক আক্রমণৰ কঠিন সময়ছোৱাত কোনোধৰণৰ ৰাজ্যিক পৃষ্ঠপোষকতা আৰু জটিল ৰীতি–নীতি অবিহনে হিন্দু ধর্ম জীয়াই ৰখাৰ অন্যতম উপায়েই আছিল ভক্তি আন্দোলন৷ মন্দিৰত পূজা–যজ্ঞ আদি শুভ কার্য সম্পন্ন কৰা কঠিন হৈ পৰাৰ বাবে হিন্দুসকলে নিজৰ ঘৰতে নিজা নিজা উপাসনাস্থলী নির্মাণ কৰাৰ প্রথা আৰম্ভ কৰিছিল৷ সেই অনুসৰি সাধাৰণ মানুহে সহজে বুজি পোৱাৰ বাবে শ্রীমন্ত শংকৰদেৱ আৰু গুৰুনানকৰ দৰে মহাপুৰুষসকলে নাম–কীর্তনযোগে হিন্দু ধর্মক এক সৰল ৰূপ দিছিল৷ ইয়াৰ অর্থ এইটো নহয় যে হিন্দুসকলে আন দেৱী–দেৱতাৰ পূজা–আৰাধনা সম্পূর্ণৰূপে বর্জন কৰিছিল৷ অন্যথা ভাৰতবর্ষৰ হাজাৰ হাজাৰ মঠ–মন্দিৰ আক্রমণকাৰী সৈন্য বাহিনীৰ সন্মুখত তেতিয়াৰ পৰা এতিয়ালৈকে বাচি নাথাকিলহেঁতেন৷ দেশৰ কোটি কোটি হিন্দুৰ তেওঁলোকৰ দেৱী–দেৱতাৰ ওপৰত থকা বিশ্বাস আৰু আস্থাৰেই এয়া প্রমাণ নহয় জানো? আন বিদেশী ধর্মৰ বিপৰীতে হিন্দু ধর্ম কেতিয়াও এক ঈশ্বৰবাদ (Monotheism)ৰ ধাৰণাৰ ওপৰত আধাৰিত নাছিল আৰু এই কথা বলপূর্বক প্রমাণ কৰিবলৈ চেষ্টা নকৰাই ভাল৷ কাৰণ কিছুমান নির্দিষ্ট কাৰণতহে হিন্দুসকলে বেলেগ বেলেগ দেৱী–দেৱতাক বিভিন্ন পদ্ধতিৰে পূজা–উপাসনা কৰে৷
উদাহৰণস্বৰূপে আমি বিষ্ণুক তুলসী পাত আগবঢ়াওঁ, কিন্তু সেই একেই তুলসী শিৱক আগবঢ়োৱা নহয়৷ তুলসীৰ পৰিৱর্তে শিৱক আমি বেলপত্রহে আগবঢ়াওঁ৷ ঠিক তেনেকৈ গণেশক বুন্দিয়া লাড়ু আগবঢ়োৱা হয়৷ একেধৰণে আমি জ্ঞান অর্জনৰ বাবে সৰস্বতী, ধন–সম্পত্তিৰ বাবে লক্ষ্মী, জীৱনত যিকোনো নতুন কাম আৰম্ভ কৰাৰ পূর্বে গণেশ, সুস্বাস্থ্যৰ বাবে বজৰংবলী (হনুমান) আৰু সাহস আৰু নির্ভীকতাৰ বাবে দুর্গাক উপাসনা কৰোঁ৷ হয় এই কথা সঁচা যে দ্বাপৰ যুগত শ্রীকৃষ্ণই নিজেই গীতাত অর্জুনক সকলো ত্যাগ কৰি তেওঁৰ শ্রীচৰণত শৰণ ল’বলৈ পৰামর্শ দিছিল৷ কিন্তু কিয়? গীতাৰ ৪নং অধ্যায়ৰ শ্লোক নং ৭ অর্থাৎ ‘যদা যদা হি ধর্মস্য’য়েই হৈছে পৱিত্র গ্রন্থখনৰ মূল সাৰাংশ৷ মহাভাৰতত দ্রৌপদী বস্ত্রহৰণৰ ঘটনাটো কুৰুক্ষেত্র যুদ্ধত কৌৰৱ বংশৰ পতনৰ সন্দর্ভত বুজা উচিত৷ যদিও ধর্ম ৰক্ষাৰ স্বার্থত যুদ্ধৰ অনিবার্যতাৰ বিষয়ে ভগৱান শ্রীকৃষ্ণই অর্জুনক বাৰম্বাৰে বুজাবলৈ চেষ্টা কৰিছিল কিন্তু নিজৰ ভ্রাতৃৰ বিৰুদ্ধে যুদ্ধত নামিবলৈ অর্জুন মানসিকভাৱে প্রস্তুত নাছিল৷ কৃষ্ণই তেওঁৰ শ্রীচৰণত অর্জুনক শৰণ ল’বলৈ পৰামর্শ দিয়া সত্ত্বেও অর্জুন বিভ্রান্তিত ভুগিছিল৷ কি কৰোঁ, কি নকৰোঁ৷ আনহাতে কৌৰৱ সেনা ইতিমধ্যে যুদ্ধৰ বাবে সাজু হৈছিল৷ শ্রীকৃষ্ণই ভাবিলে– অধর্মৰ বিৰুদ্ধে ধর্ম ৰক্ষা কৰিবলৈ অর্জুনক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি যুদ্ধৰ বাবে প্রস্তুত কৰিবই লাগিব৷ মহাভাৰতৰ সমগ্র ভীষ্ম পর্বৰ ২৩নং খণ্ডটো পঢ়ি এই কথাখিনি বুজিব পাৰি৷
তেতিয়াই শ্রীকৃষ্ণই অর্জুনক শক্তি–ৰূপী দুর্গাক আহ্বান জনাবলৈ পৰামর্শ দিছিল যাতে দেৱীয়ে অর্জুনক যুদ্ধ কৰিবলৈ সাহস আৰু নির্ভীকতা প্রদান কৰে৷ কলিযুগতো মা ভৱানীৰ ভক্ত ছত্রপতি শিৱাজীৰ পৰা দেৱী কমতেশ্বৰীৰ উপাসক আৰু বখতিয়াৰ খিলজীক পৰাস্ত কৰা কামৰূপৰ ৰজা পৃথুলৈকে যুদ্ধৰ পূর্বে আমাৰ পূর্বপুৰুষসকলে দেৱীক আহ্বান জনোৱাৰ অগণন উদাহৰণ ইতিহাসত আছে৷ তদুপৰি ভাৰতীয় সেনাৰ কেইবাটাও ৰেজিমেণ্টৰ যুদ্ধধ্বনি দেৱী শক্তিৰ প্রতি সমর্পিত যেনে– ‘জয় মা কালি–আয়ো গোর্খালি’ (গোর্খা ৰাইফলছ), ‘দুর্গে মাতা কি জয়’ (জম্মু–কাশ্মীৰ ৰাইফলছ), ‘কালিকা মাতা কি জয়’ (কুমাও ৰেজিমেণ্ট), ‘জ্বালা মাতা কি জয়’ (ডোগ্রা ৰেজিমেণ্ট) ইত্যাদি৷ বহুতে হয়তো যুক্তি আগবঢ়াব পাৰে যে মহর্ষি বেদব্যাসৰ দ্বাৰা ৰচিত মূল মহাভাৰতত যুদ্ধৰ পূর্বে অর্জুনে পাঠ কৰা দুর্গা স্তুতি অন্তর্ভুক্ত নাছিল, অর্থাৎ এইবোৰ পিছৰ সংযোজন৷ কিন্তু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ ৰচিত কীর্তন ঘোষা (সাহিত্যাচার্য যতীন্দ্রনাথ গোস্বামীৰ দ্বাৰা সম্পাদিত আৰু জ্যোতি প্রকাশন, পাণবজাৰ, গুৱাহাটীৰ পৰা প্রকাশিত)ৰ শ্রীমন্তহৰণ অধ্যায়ৰ অষ্টম কীর্তনত এই পদ্যভাগ স্পষ্টকৈ উল্লেখ কৰা হৈছে– পাছে যদু–বংশ যতেক আছে৷ কৃষ্ণ আসন্তুক মনত বাঞ্চে৷৷ যাৰ যেন শক্য (সাধ্য, শক্তি) পাৰিল মানে৷ পূজিল দুর্গাক বলি–বিধানে৷ মায়াক আৰাধি সাধন্ত বৰ৷ সত্ত্বৰে আসন্তুক দামোদৰ৷৷ পঢ়ি স্তুতি–স্তোত্র কৰে মংগল৷ সিটো আশীর্বাদ ভৈলা সাম্ফল৷৷ অর্থাৎ, দুর্গাৰ আশীর্বাদত অর্জুনে অৱশেষত কৌৰৱসকলক পৰাস্ত কৰি যুদ্ধত জয়লাভ কৰে৷ মহাভাৰতত অর্জুনে পাঠ কৰা দুর্গা স্তুতিত মা দুর্গাক তেওঁ বেদ–বেদান্তৰ মাতৃ (সাবিত্রী বেদ–মাতা চঃ তথা বেদান্ত উচ্যুতে) আৰু দেৱতাসকলৰ শক্তি প্রদানকাৰী অর্থাৎ ‘উমা’ (উমে শাকম্বৰী শ্বেতে)ৰ ৰূপত প্রশংসা কৰে৷ একেটা স্তুতিত অর্জুনে দুর্গাক মহিষাসুৰৰ দৰে ৰাক্ষসৰ তেজ বোৱাই আনন্দ প্রাপ্ত কৰা (মহিষাশ্রিক–প্রিয়ে নিত্যম কৌশিকি পীত বাসিনী) দেৱী বুলিও মহিমান্বিত কৰে৷ বিভিন্ন প্রকাশনৰ মহাভাৰতসমূহ মিলাই চোৱাৰ প্রয়োজনীয়তা ক’ত বুজি নাপাওঁ৷ লেখকে উল্লেখ কৰা মহাভাৰতৰ এটা নির্দিষ্ট সংস্কৰণ কেইজনমান পাঠকৰ দৃষ্টিভংগীৰ লগত নিমিলাৰ বাবেই নেকি?
আজিৰ তাৰিখলৈকে পৰম্পৰাগত হিন্দু পণ্ডিত, সাধু–সন্ন্যাসী আৰু আনকি শিক্ষাবিদসহ প্রায় সকলোৱে ১৯৬৫ চনত গীতা প্রেছ গোৰখপুৰৰ পৰা প্রকাশিত মহাভাৰতক তথ্যভিত্তিক দৃষ্টিকোণৰ পৰা আটাহতকৈ নির্ভৰযোগ্য বুলি গণ্য কৰে৷ কিন্তু এটা গুৰুত্বপূর্ণ প্রশ্ণ হ’ল – আর্য–দ্রাবিড় বিভাজনৰ আধাৰত লিখা ড০ এ পি কর্মকাৰৰ দৰে ইতিহাসবিদসকলৰ লেখাবোৰ কিমান দূৰ বিশ্বাসযোগ্য? আজিৰ পৰা বহু আগতেই ২০০৯ চনত ভাৰতৰ পুৰাতত্ত্ববিদসকলৰ সহযোগত হার্ভার্ড বিশ্ববিদ্যালয়ত সম্পাদন কৰা এটা গৱেষণা অধ্যয়নত সঠিক তথ্য–প্রমাণৰ অভাৱৰ বাবে এই ইতিহাসবিদসকলে আগবঢ়োৱা আর্যসকলৰ দ্বাৰা ভাৰত আক্রমণৰ তত্ত্বক প্রত্যাখ্যান কৰা হৈছে৷ সমগ্র দেশৰ হিন্দুসকলে বিভিন্ন পদ্ধতিৰে দেৱী শক্তিক উপাসনা কৰে৷ আৰু দেৱীৰ বার্ষিক ঋতুচক্র কেৱল অসমতে অম্বুবাচী উৎসৱৰ ৰূপত উদযাপন কৰা নহয়৷ বছৰটোৰ প্রায় একে সময়তে আহাৰ–শাওণ মহীয়া ওড়িশাৰ হিন্দুসকলে ‘ৰাজা পর্ব’ বা ‘মিথুন সংক্রান্তি’ নামেৰেও জনাজাত ভূদেৱীৰ বার্ষিক ঋতুচক্র উদযাপন কৰে৷ একেটা উৎসৱক তামিলনাডুত ‘মঞ্জল নীৰাট্টো বিঝা’, কর্ণাটকত ‘কেদ্দাচা’ বা ‘টুল’, কেৰালাত ‘থ্রীপুথৰট্টো’, অন্ধ্রপ্রদেশত ‘পেড্ডামনীষ পাণ্ডাগা’ আৰু মহাৰাষ্ট্রত ‘গুৰু পঞ্চমী ব্রত’ নামেৰে জনা যায়৷ আমাক ভাৰতীয় হিচাপে একত্রিত কৰা এয়াই হিন্দু ধর্মৰ অনন্য বৈশিষ্ট্য আৰু এই বৈশিষ্ট্যই হিন্দু ধর্মক সকলোতকৈ পৃথক কৰি তোলে৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে জগন্নাথ পুৰী, মথুৰা, বৃন্দাবন, গয়া, অযোধ্যা, দ্বাৰকা, সীতাকুণ্ড আৰু ৰামেশ্বৰম আদিকে ধৰি সমগ্র ভাৰতৰ অসংখ্য তীর্থস্থান আৰু মঠ–মন্দিৰ দর্শন কৰিছিল৷ কিন্তু মূর্তি পূজা আৰু ব্রাহ্মণ বিৰোধিতাৰ নামত শংকৰদেৱ সংঘৰ অনুগামীসকল এই ঠাইবোৰলৈ নাযায়৷ ভাৰতীয় মূল্যবোধ আৰু দেশৰ বিভিন্ন প্রান্তত অৱস্থিত এই পৱিত্র স্থানসমূহৰ পৰা আমি নিজকে সম্পূর্ণৰূপে বিচ্ছিন্ন কৰাটো সম্ভৱ জানো? আমি এখন সমাজত বাস কৰোঁ আৰু সেই সমাজৰ নিয়ম অনুসৰি চলিবই লাগিব৷ কেৱল এজন ঈশ্বৰৰূপী ভগৱান আৰু এখন কিতাপৰ ওপৰত গুৰুত্ব আৰোপ কৰা ধর্মবোৰে বিশ্বৰ বহুতো বৈচিত্র্যময় সংস্কৃতি–সভ্যতাক ধ্বংস কৰি পেলাইছে৷
পৃথিৱীত পুৰুষকেন্দ্রিক ধর্মৰ আগমনৰ পূর্বে প্রাচীন পাশ্চাত্য সভ্যতাকে ধৰি অন্যান্য সংস্কৃতি আৰু সভ্যতাৰ লোকসকলেও বিভিন্ন উৎসৱৰ ৰূপত নাৰীৰ ঋতুচক্র উদযাপন কৰিছিল৷ কানাডা দার্শনিক আৰু লেখক নিথিন শ্রীধৰে তেওঁৰ ‘Menstruation Across Cultures The Sabarimala Confusion’ নামৰ কিতাপখনত এই প্রথাবোৰৰ বিষয়ে সুন্দৰকৈ বর্ণনা কৰিছে৷ এতিয়া প্রশ্ণ হ’ল – চৰিতপুথিৰ লেখকে দাবী কৰা অনুসৰি মাধৱদেৱে কামাখ্যা শক্তিপীঠ দর্শন নকৰা সত্ত্বেও আজিও অসমবাসীয়ে কিয় অম্বুবাচী উদযাপন কৰে? আমিবোৰ মূর্খ নে দেশৰ আন প্রান্তৰ লোকৰ দৰে এই উৎসৱৰ বৈজ্ঞানিক আৰু আধ্যাত্মিক তাৎপর্যৰ ওপৰত আমাৰ বিশ্বাস আজিও হেৰুওৱা নাই? যিকোনো ক্ষেত্রত মানুহৰ দৃঢ় বিশ্বাস সকলোতকৈ শক্তিশালী৷ সেই কাৰণে কেতিয়াবা এই বিশ্বাসৰ সন্মুখত আধুনিক বিজ্ঞানো আনকি বিফল হয়৷ তদুপৰি মা কামাখ্যাক কেৱল দেৱীৰ যোনিদ্বাৰৰ ৰূপত বুজাটো উচিত জানো? যোগিনী তন্ত্রৰ মতে যোনিদ্বাৰৰ অর্থ কেৱল নাৰীৰ যৌনাংগ নহয়৷ জন্ম–মৃত্যু–পুনর্জন্মৰ অন্তহীন কর্মচক্রৰ প্রতীক এই একেই যোনিদ্বাৰ৷ ভক্তসকলে কামাখ্যাৰ পৱিত্র যোনিপীঠৰ অলৌকিক পানী স্পর্শ কৰাৰ সন্দর্ভত যোগিনী তন্ত্রত উল্লেখ কৰা নির্দিষ্ট মন্ত্রটোৱেই হয়াৰ প্রমাণ– মনোভাব গুহমধ্যে ৰক্তপানিয় ৰূপিনী৷ তচ্যঃ স্পর্শমাত্রেণ পুনর্জন্ম ন বিদ্যতে৷৷ ইয়াৰ অর্থ মা কামাখ্যাই ভক্তসকলক ভুক্তি (ভৌতিক সুখ)ৰ লগতে কর্মচক্রৰ পৰা মুক্তিও প্রদান কৰে৷
ভাৰতীয় দর্শন অনুসৰি পূর্বৱর্তী জীৱনৰ কর্মৰ ওপৰত নির্ভৰ কৰি আমি প্রতিটো জীৱনকালত বিভিন্ন ৰূপত বিভিন্ন যোনিত জন্ম লওঁ৷ এইটোৱেই প্রকৃত কাৰণ যে পুত্র সন্তানে পিতৃ–মাতৃৰ অন্তিম সংস্কাৰ সম্পূর্ণ কৰি মূৰৰ চুলি খুৰায়, যাতে মৃতকৰ আত্মাই ভৌতিক পৃথিৱী এৰি পৰমব্রহ্মৰ সৈতে মিলিন হ’ব পাৰে৷ একেই যুক্তি গৰুড় পুৰাণতো পোৱা যায়৷ অৱশ্যে এইবোৰ কথা মানি নোলোৱা মানুহে হয়তো ক’ব পাৰে প্রতিখন পুৰাণ আনখনতকৈ পৃথক৷ কিন্তু বৈজ্ঞানিকভাৱে শ্মশানৰ বেক্টেৰিয়া–বীজাণু আদি মূৰ আৰু মুখমণ্ডলৰ চুলিত বিশেষকৈ সংক্রমিত হোৱাৰ আশংকা যথেষ্ট বেছি বাবে শেষকৃত্য কৰি মূৰৰ চুলি খুৰোৱাৰ প্রথা হিন্দু সমাজত আজি যুগ–যুগান্তৰ চলি আহিছে৷ ঠিক তেনেকৈ আইনী নিয়ম ৰূপায়ণৰ বহু আগৰে পৰা হিন্দুসকলে বিবাহ কার্য সম্পাদন কৰি আহিছে৷ বিবাহৰ ৰীতি–নীতিত ব্রাহ্মণ পুৰোহিত জড়িত থকা বুলিয়েই ‘শ্রেণীহীন সমাজ’ৰ সাম্যবাদী দৃষ্টিকোণৰ পৰা ইয়াক সমালোচনা কৰাটো হাস্যকৰ৷ শংকৰদেৱ সংঘৰ অনুগামীসকলে একেজন ব্রাহ্মণ পুৰোহিতৰ দ্বাৰা স্পর্শ কৰা পূজাৰ প্রসাদো নাখায়৷ এটা সম্প্রদায়ক খলনায়ক সাজি ‘শ্রেণীহীন সমাজ’ গঠন কৰাৰ কল্পনাটো অদ্ভুত৷ সাম্যবাদৰ দৰে বিফল আদর্শৰ পৰা অনুপ্রেৰণা ল’বলৈ আছে কি? শংকৰদেৱৰ আদর্শ জীয়াই ৰখাত মোগলক কচুকটা দিয়া প্রতিজন অসমীয়াৰ ভূমিকা গুৰুত্বপূর্ণ৷ যিকোনো ব্যক্তি বা সংগঠনে নিশ্চিতভাৱে ইয়াৰ কৃতিত্ব অকলে ল’ব নোৱাৰে৷
ফোন : ৯৫৬০৮–৭৭৭১৬