ৰাষ্ট্রীয় ৰাজনীতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
🔹 পল্লৱলোচন দাস
সাম্প্রতিক সময়ত সর্বভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্রত অসম বুলিলে এখন ইতিবাচক ছবি দেখিবলৈ পোৱা যায়৷ বর্তমান অসম বুলিলে ছেমিকণ্ডাক্টৰ, এশিঙীয়া গঁড়, কাজিৰঙা, চাহ আদিক লৈ ধনাত্মক কথাবোৰ আলোচনা হয়৷ কিন্তু আজিৰ পৰা এটা দশক পূর্বে অসম বুলিলে ইয়াৰ সম্পূর্ণ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছিল৷ কিছু বছৰ আগলৈ অসম বুলিলে সন্ত্রাসবাদ, হিংসা, অসম বন্ধ, গঁড় হত্যা আদিৰে জর্জৰিত অস্থিৰ, অশান্ত ঋণাত্মক ছবি এখন ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ লগতে দেশৰ বাকী প্রান্তৰ জনগণই কঢ়িয়াই ফুৰিছিল৷ তাৰ বিপৰীতে আজিৰ দিনত অসমৰ সামগ্রিক দৃশ্যপটেই সলনি কৰি ৰাষ্ট্রীয় সংবাদ মাধ্যমত অসমৰ এখন ধনাত্মক ছবি উপস্থাপন কৰিবলৈ সক্ষম হোৱাৰ মূল ব্যক্তিজনেই হৈছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷
আগশাৰীৰ ৰাষ্ট্রীয় সংবাদ মাধ্যমত মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই আগবঢ়োৱা প্রতিটো সাক্ষাৎকাৰে দেশৰ প্রতিটো প্রজন্মকে আকর্ষিত কৰিবলৈ সক্ষম হৈছে৷ নিজৰ বাক্পটুতাৰে উন্নয়ন, ভৱিষ্যৎ পৰিকল্পনা, দেশৰ ঐতিহ্য–সংস্কৃতিৰ কথা, অসম তথা উত্তৰ–পূর্বাঞ্চলৰ গৌৰৱগাথা তেখেতে যিধৰণে ৰাষ্ট্রীয় পর্যায়ত দাঙি ধৰিছে, তাৰ ফলত সর্বভাৰতীয় স্তৰত তেখেতৰ বহু অনুৰাগী সৃষ্টি হৈছে৷ যাৰ ফলত দিল্লীৰ ৰাজপথৰ পৰা আৰম্ভ কৰি দেশৰ ভিন্ন ৰাজ্যত ড০ হিমন্ত বিশ্ব শর্মাক দেখিলেই তেখেতৰ সৈতে ছেলফি এখন ল’বলৈ বহুজনে ভিৰ কৰা দেখিবলৈ পোৱা যায়৷ কোনোবা সভাত বা কোনো ঠাইত দেখিলেই ফটো এখন উঠিবলৈ, হাত বাউল দিবলৈ সমগ্র দেশৰ জনগণৰ মাজত এক আগ্রহ দেখিবলৈ পোৱা গৈছে৷ মুখ্যমন্ত্রীগৰাকীৰ এই জনপ্রিয়তাৰ বাবে বর্তমান অসম এক ৰাজনৈতিক কেন্দ্রবিন্দুলৈ পৰিৱর্তন হৈছে৷ যাৰ ফলত আন ৰাজ্যৰ মানুহে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিষয়ে জানিবলৈ আগ্রহ কৰিছে আৰু অসমত বিগত সময়ছোৱাত হোৱা উল্লেখনীয় পৰিৱর্তনে সকলোকে অসমৰ প্রতি আগ্রহী কৰিছে৷ এই কথাবোৰে অসমত পর্যটকৰ সংখ্যা বৃদ্ধি , বিনিয়োগ সৃষ্টিত গুৰুত্বপূর্ণ অৰিহণা যোগাইছে৷ কেৱল সেয়াই নহয়, এনে এক ধনাত্মক ছবি মুখ্যমন্ত্রীয়ে দাঙি ধৰিবলৈ সক্ষম হোৱা বাবে অসমীয়া লোকৰ প্রতি মানুহৰ ধাৰণা সলনি হৈছে, যাৰ ফলত অসমৰ বাহিৰলৈ পঢ়িবলৈ যোৱা বা কর্মসংস্থাপন বিচাৰি যোৱা লোকসকল বাৰুকৈয়ে উপকৃত হৈছে৷
সাম্প্রতিক ভাৰতীয় ৰাজনীতিত যি এমুঠিমান নেতাই ৰাজনৈতিক কৌশল নির্ণয়শক্তি (যাক আমি Strategic acumen বুলি ক’ব পাৰোঁ), দ্রুত সিদ্ধান্ত গ্রহণ নতুবা পলিটিকেল কৰিশ্মা অর্থাৎ ৰাজনৈতিক সন্মোহন ক্ষমতা আদিৰে নিজকে উত্থান ঘটাবলৈ সমর্থ হৈছে, সেইসকলৰ ভিতৰত ড০ হিমন্ত বিশ্ব শর্মাৰ নাম অস্বীকাৰ কৰিব নোৱাৰি৷ অসমৰ দৰে ৰাজ্য এখনৰ ৰাজনীতিৰ গতিধাৰা নির্ধাৰকৰ ভূমিকা লোৱা মুখ্যমন্ত্রী ড০ শর্মা এগৰাকী বিচক্ষণ নীতি নির্ধাৰক, নির্বাচন সম্বন্ধীয় পাৰদর্শিতা আৰু সিদ্ধান্ত গ্রহণৰ দক্ষতাসম্পন্ন এগৰাকী ৰাজনীতিবিদ হিচাপে ৰাষ্ট্রীয় প্রেক্ষাপটত আত্মপ্রকাশ কৰিছে৷ সৌ সিদিনালৈকে উত্তৰ–পূব আছিল আঞ্চলিক দল আৰু আন বিৰোধী ৰাজনৈতিক দলৰ ঘাটিসদৃশ৷ আমাৰ এই অঞ্চলটোত বিজেপিৰ স্থিতিয়েই আছিল কিছুবছৰ আগলৈকে যৎসামান্য৷ হিমন্ত বিশ্ব শর্মাৰ কৌশলী ৰাজনীতি আৰু প্রভাৱতে যে মেঘালয়, ত্রিপুৰা, মণিপুৰ আৰু নাগালেণ্ডত আজি বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হৈছে সেয়া অনস্বীকার্য৷
ৰাষ্ট্রীয়তাবাদ, হিন্দুত্ব আৰু সাংস্কৃতিক পৰিচয় ৰক্ষাৰ দিশত হিমন্ত বিশ্ব শর্মাৰ অদমনীয় স্থিতিয়ে তেখেতক সাম্প্রতিক ভাৰতবর্ষৰ ৰাজনীতিৰ এক শক্তিশালী কণ্ঠ কৰি তুলিছে৷ ইতিহাস আৰু বুৰঞ্জীৰ আধাৰত বিজেপিৰ আদর্শগত স্থিতি সাব্যস্তকৰণৰ দিশত হিমন্ত বিশ্ব শর্মাই দাঙি ধৰা শানিত যুক্তিসমূহেও তেখেতক ৰাষ্ট্রীয় প্রেক্ষাপটত উজলি উঠাত সহায় কৰিছে৷ যিকোনো ৰাজনৈতিক বিতর্ক তৎপৰতাৰে চম্ভালি লৈ নিৰসন কৰা, যুযুৎসুতাৰে বিৰোধী নেতাক প্রত্যুত্তৰ নতুবা সামাজিক মাধ্যমৰ সুচিন্তিত তথা কৌশলী ব্যৱহাৰ আদিৰে দেশৰ সাম্প্রতিক সময়ৰ এগৰাকী প্রভাৱশালী তথা সৰৱ নেতা হৈ পৰিছে হিমন্ত বিশ্ব শর্মা৷
এই কাৰকবোৰৰ বাবেই বর্তমান ৰাষ্ট্রীয় সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ৰাজনৈতিক নতুবা নীতি সম্পর্কীয় বিষয়ত এতিয়া হিমন্ত বিশ্ব শর্মাৰ এশাৰী হ’লেও মন্তব্য বিচাৰে৷ তেখেতৰ ইণ্টাৰভিউ আৰু ভাষণসমূহ আজি প্রায়ে সামাজিক মাধ্যমত ‘ভাইৰেল’ হয়৷ মুখ্যমন্ত্রী হিচাপেও তেখেতে গ্রহণ কৰা কেইবাটাও সাহসী সিদ্ধান্ত, প্রশাসন ব্যৱস্থালৈ অনা সংস্কাৰ, অর্থনৈতিক বিকাশ, দ্রুতগতিত আন্তঃগাঁথনি নির্মাণৰ পদক্ষেপ আৰু ব্যতিক্রমী আঁচনিসমূহো আজি আন ৰাজ্যত চর্চিত হৈছে৷
কেন্দ্রত একেৰাহে তিনিবাৰকৈ শাসনলৈ অহা ভাৰতীয় জনতা পার্টীয়ে আগন্তুক সময়ত নিজৰ ভেটি দেশৰ প্রতিটো প্রান্ততে অধিক সুদৃঢ় কৰিবলৈ বিচৰাটো একপ্রকাৰ নিশ্চিত৷ এনে প্রেক্ষাপটত অসমৰ পৰিধিৰ বাহিৰলৈ গৈ দেশৰ বহল ৰাজনৈতিক ক্ষেত্রখনক নতুন মাত্রা প্রদান কৰাৰ প্রয়োজনত হিমন্ত বিশ্ব শর্মাৰ নাম উচ্চাৰিত হোৱাটোও নিশ্চিত৷ অৱধাৰিতভাৱে তেওঁৰ ওপৰত ন্যস্ত হ’ব গধুৰ দায়িত্বও৷ অন্ততঃ অসমৰ মুখ্যমন্ত্রীগৰাকীৰ ৰাজনৈতিক গতিধাৰা তথা বিজেপিৰ ভৱিষ্যতৰ নেতা হিচাপে উজলি উঠাটোৱে এই কথাৰেই স্পষ্ট হংগিত বহন কৰা নাইনে? ড০ হিমন্ত বিশ্ব শর্মাৰ আদর্শ আৰু ৰাজনীতিৰ সৈতে আপুনি একমত নহ’ব পাৰে৷ কিন্তু সর্বভাৰতীয় পর্যায়ত বিচক্ষণ ৰাজনীতিবিদ ৰূপে তেখেতে লাভ কৰা পৰিচিতি আৰু উত্থানক আপুনি নস্যাৎ কৰিব নোৱাৰিব৷
শেষত এটা কথাই ক’ব বিচাৰোঁ, তেখেতৰ এগৰাকী অনুৰাগী হিচাপে বা এগৰাকী সহকর্মী হিচাপে, ৰাজনীতিৰ এই দীঘলীয়া বাটত বহু উত্থান–পতনৰ মাজেৰে তেখেতৰ পৰা বহু কথা শিকিব পাৰিলোঁ৷ অসমখনক আপ্রাণ ভাল পোৱা এগৰাকী নেতা হিচাপে, প্রতিপল তেখেতে অসমৰ স্বার্থত যিধৰণে কাম কৰি গৈছে সেয়া শব্দৰে বর্ণনা কৰিব নোৱাৰি৷ প্রজন্মৰ পৰা প্রজন্মলৈ এগৰাকী আদর্শ ৰাজনীতিবিদ হিচাপে নৱপ্রজন্মৰ বাবে তেখেত সদায়ে আদর্শ হৈ ৰ’ব৷
লেখক প্রাক্তন সাংসদ আৰু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক
ফোন : ৯৯৫৪০–১৩১৪১