চতুৰ মূর্খ
🔹 চতুৰ মূর্খ
🔹 ড০ পার্থসাৰথি মহন্ত
এটা অদ্ভুত ধাৰা লক্ষ্য কৰিছেনে? অপৰাধ আৰু গ্রেপ্তাৰৰ খবৰেৰে বাতৰি ভৰি আছে৷ হাতে–লোটে ধৰা পৰে অপৰাধী৷ নাম, ফটো সকলোবোৰ ৰাজহুৱাভাৱে উদঙাই দিয়া হয়৷ সকলোৱে দেখে৷ তথাপি অপৰাধ অব্যাহত আছে৷ প্রৱঞ্চনা, প্রতাৰণা, হিংসা কোনোটোৱেই বন্ধ নহয়৷ ইটোৰ পিছত সিটো অপৰাধ ধৰা পৰি থকা দেখিও মানুহে অপৰাধ কৰিবলৈ ভয় নকৰে৷ এই মানুহবোৰে কিয় ভাবে– সিহঁতেই আটাইতকৈ টেঙৰ, বাকীবোৰ বুর্বক ! সিহঁতে সকলোকে বুদ্ধিত চেৰ পেলাই যাব আৰু অপৰাধ কৰিও ধৰা নপৰিব! বহুতে আকৌ একেটা অপৰাধেই পুনৰ কৰিবলৈ যায়!
গতিকে প্রশ্ণ হ’ল– মানুহ অপৰাধী মনোভাবৰ হৈ পৰিছে নে মূর্খ হৈ পৰিছে? নে দুয়োটাই? এই মানুহবোৰে কিয় নিজকে আটাইতকৈ চতুৰ বুলি ভাবে? ধ্বংসৰ পথত গৈ থকাৰ সময়তো !
মই বাকীবোৰৰ দৰে নহয়; মানুহে ভুল কাম কৰিও ৰক্ষা পৰিব পাৰে বুলি ভবাৰ এটা ডাঙৰ কাৰণ হ’ল তেওঁলোকে নিজকে আনতকৈ বেলেগ বুলি বিশ্বাস কৰে৷ আনক ধৰা পৰা দেখিলে ভাবে যে সিহঁত অসাৱধানতাৰ বাবেহে ধৰা পৰিল৷ অর্থাৎ বুদ্ধিমত্তাৰ ভ্রম৷ শ্রেষ্ঠতাৰ ভ্রম বুলিও কোৱা হয়৷ এনে এক পক্ষপাতিত্ব য’ত মানুহে নিজকে বুদ্ধিমত্তা, পৰিকল্পনা বা দক্ষতাত আনতকৈ ওপৰত বুলি ভাবে৷ সেইটোৱেই ফান্দ৷ এই বিশ্বাস বিপজ্জনক৷ এই অতি আত্মবিশ্বাস আচলতে মূর্খামি৷
বুদ্ধিত আনক চেৰ পেলোৱাত এটা মজা আছে৷ ৰোমাঞ্চ আছে৷ অনেকৰ বাবে অপৰাধ কেৱল ধনৰ কথা নহয়৷ অপৰাধ ৰোমাঞ্চকৰ৷ সমগ্র ব্যৱস্থাটোকে ঠগিব পাৰিলে অবৈধ কাম লুকুৱাই ৰখাটোৱে শ্রেষ্ঠত্বৰ অনুভৱ দিয়ে৷ কৰ ফাঁকি, চাইবাৰ জালিয়াতি আদিৰ দৰে হোৱাইট কলাৰ অপৰাধবোৰত এই কথা বিশেষভাৱে প্রযোজ্য৷ এইবোৰ অপৰাধ অশিক্ষিত বা দুখীয়া মানুহে কৰিব নোৱাৰে– শিক্ষিত নতুবা ধনী লোকেহে কৰে৷ জীয়াই থাকিবৰ বাবে তেওঁলোকে এই অপৰাধবোৰ নকৰিলেও হয়৷ তথাপি কৰে৷ নিয়ম ভাঙি ব্যৱস্থাটোক হাঁহে, জিকা বুলি অনুভৱ কৰে৷
এনেবোৰ কাৰণতে আমি প্রায়ে মানুহে কোৱা শুনো– ইমান বুদ্ধিমান মানুহ আছিল, কিন্তু মূর্খৰ দৰে কাম কিয় কৰিলে? মানুহ স্মার্ট, সিদ্ধান্ত মূর্খ৷ এয়া মানুহৰ আচৰণৰ আন এক সত্য– বুদ্ধিমত্তা প্রজ্ঞা নহয়৷ বুধিয়ক হোৱা মানে জ্ঞানী হোৱা নুবুজায়৷ শিক্ষা থকা মানেই জ্ঞানী নহয়৷ কিয়নো প্রজ্ঞাৰ লগত আত্মনিয়ন্ত্রণ, কামৰ পৰিণতি বুজি পোৱা আৰু নিজৰ সীমাবদ্ধতা উপলব্ধি কৰাটোও জড়িত হৈ থাকে৷ কথা জানিলেই নহ’ব, বাস্তৱো বুজিব লাগিব৷
দেখাক দেখি গা উঠাখিনিতো আছেই৷ তেওঁ যদি পাৰে ময়ো পাৰিম৷ মানুহে আনক অন্যায় কৰা আৰু তাৰ পৰা হাত সাৰি থকা দেখিছে৷ অন্যায় কৰি ঘটা ধনেৰে আনৰ আড়ম্বৰপূর্ণ জীৱন দেখিছে৷ মইনো কিয় নকৰোঁ, ময়ো পাৰিম বুলি ভাবি লয়৷ পৰিণতিক আওকাণ কৰি কেৱল হ্রস্বম্যাদী লাভৰ দিশটোহে চাবলৈ লয়৷ তুলনা আৰু ঈর্ষাই গঢ়ি তোলে এই মানসিকতা৷ আনৰ আচৰণ আৰু সমাজৰ পৰিৱেশে মানুহক অপৰাধলৈ ঠেলি দিয়ে, মানুহক ধৰা পৰা দেখিলেও তেওঁলোকে বিশ্বাস কৰে– ‘মোৰ লগত তেনেকুৱা নহ’ব৷’
অন্যায়ৰ স্বাভাৱিককৰণে আমাক সংবেদনশীল কৰি তোলে৷ সময়ৰ লগে লগে আমি আশে–পাশে হৈ থকা ভুল কামবোৰ দেখি দেখি অভ্যস্ত হৈ পৰোঁ৷ চৌপাশে হৈ থকা কেলেংকাৰিবোৰ যেন স্বাভাৱিক হৈ পৰে৷ আমি স্তম্ভিত নহওঁ, আচৰিত নহওঁ৷ বৰঞ্চ আমি উদাসীনহে হৈ পৰোঁ৷ ভুল যেতিয়া স্বাভাৱিক হৈ পৰে, বেছিভাগ মানুহে সেয়াই ঠিক বুলি ভাবিবলৈ আৰম্ভ কৰে৷ ‘সকলোৱে কৰে’৷ এটা বিপজ্জনক মানসিকতা৷ মানুহক একপ্রকাৰে অপৰাধ কৰিবলৈয়ে উদ্গনি দিয়ে৷ ব্যৱস্থা, সমাজ বা পৰিস্থিতিক দোষাৰোপ কৰি তেওঁলোকে নিজৰ কার্যক ন্যায্যতা প্রদান কৰে৷
অহংকাৰ কম–বেছি পৰিমাণে সকলোৰে থাকে৷ পতনৰ আগে আগে বেছি হয়৷ মানুহে অপৰাধ কৰা আৰু সকলোকে বুর্বক বনাব পাৰে বুলি ভবাৰ এটা ডাঙৰ কাৰণ হ’ল অহংকাৰ৷ অহংকাৰে আমাক অন্ধ কৰি পেলায়৷ আমাৰ নিজৰ ভুৱা প্রতিচ্ছবি সৃষ্টি কৰে৷ অহংকাৰী মানুহে তেওঁতকৈ চতুৰ বা সক্ষম লোক আছে বুলি মানি ল’ব নোৱাৰে৷ গতিকে নিজকে প্রমাণ কৰিবলৈ তেওঁলোকে বিপদৰ লগত খেলা কৰে৷ তেওঁলোকে নিয়মক তুচ্ছ জ্ঞান কৰে৷ নিয়মকো পৰাস্ত কৰিব পাৰে বুলি তেওঁলোকে দেখুৱাব বিচাৰে৷ দ্রুতগতিত ওপৰলৈ উঠাসকল অহংকাৰৰ বাবেই তললৈ সৰি পৰে৷
তথাপি মানুহে শ্বর্টকাট বিচাৰে৷ সহজ পথ বিচাৰে, দ্রুত পুৰস্কাৰ বিচাৰে৷ চিন্তাধাৰাই হ্রস্বম্যাদী৷ মানুহে বিচাৰে দ্রুত ধন, তৎক্ষণাত খ্যাতি, তাৎক্ষণিক স্বাচ্ছন্দ্য৷ জীৱনত সাফল্য পাবলৈ তেওঁলোক হৈ পৰে অধৈর্য৷ তেওঁলোক ৰ’ব নোৱাৰে৷ তেওঁলোকে কষ্ট কৰিব নোৱাৰে, সংগ্রাম কৰিব নোৱাৰে৷ কাইলৈ নহয়, আজিয়ে সকলো লাগে৷ তেওঁলোকে পাহৰি যায় যে এটা অপৰাধ কৰি ধনী হ’ব পাৰি, কিছুদিন লাহ–বিলাসত খাব পাৰি যদিও ধৰা পৰিলে ৰঙাঘৰৰ ভাত খাব লাগিব৷
ব্যক্তিগত মানসিকতা মূল কথা হ’লেও এটা প্রশ্ণ হয় যে আমি কেনেধৰণৰ ব্যৱস্থা বা সমাজত বাস কৰিছোঁ৷ শাস্তি লেহেমীয়া, দুর্বল বা অনিশ্চিত হ’লে সেই অপৰাধ কৰিবলৈ মানুহৰ ভয় কমি যায়৷ সততাৰ বাবে যদি উপযুক্তধৰণে পুৰস্কৃত নহয়, সৎ হৈ থাকিবলৈ অনেকেই উৎসাহিত নহয়৷ এটা কোঙা ব্যৱস্থাই অপৰাধীকহে উৎসাহিত কৰে৷ যেতিয়া আৰক্ষীয়ে গাফিলতি কৰে, আদালতত ন্যায় পাওঁতে পলম হয় আৰু শাস্তি লঘু হয়– অপৰাধী সাহসী হৈ পৰে৷
আইন ভংগ কৰিও কিছুমান মানুহে ভাবে যে তেওঁলোকে সঠিক কামেই কৰিছে৷ তেওঁলোকে নিজকে বীৰ, বিদ্রোহী বা প্রতিভাৱান বুলি পতিয়ন নিয়ায়৷ এটা আত্মপ্রতাৰণা৷ কোনোবাই ভালকৈ মিছা কথা ক’লেই মিছাটো বিশ্বাস কৰিবলৈ আৰম্ভ কৰে৷ সমাজত হেতালি খেলাসকলে নিজৰ লেতেৰা কৌশল এটা ভাল কাম বুলি ভাবে৷ মানুহক নিজৰ দোষ দেখা পোৱাত বাধা দিয়া এটা স্ব–সৃষ্ট নির্মাণ৷
এই ক্রমবর্ধমান মানসিকতাক বন্ধ কৰিবলৈ ব্যক্তি আৰু সমাজ উভয়ে কাম কৰিব লাগিব৷ নিয়ম আৰু নিয়ম ভঙাৰ পৰিণতিৰ জ্ঞান দিব লাগিব৷ স্কুল, কলেজত কেৱল নিয়মেই নহয়, নিয়মৰ আঁৰৰ কাৰণবোৰো শিকাব লাগিব৷ ধন–সম্পত্তি নহয়, সততাৰ গুণ–গান গাব লাগিব৷ কেৱল ধনী, বিখ্যাত বা লোকৰ জয়গান গোৱাৰ পৰিৱর্তে সৎ শিক্ষাৰ বা মর্যাদাৰে জীয়াই থকা লোকৰ গুণানুকীর্তন কৰিব লাগিব৷ সততাক মহিমামণ্ডিত কৰিব লাগিব৷ লগতে আইনী প্রক্রিয়া দ্রুত কৰি তুলিব লাগিব৷ আইন প্রয়োগক শক্তিশালী কৰিব লাগিব৷ ব্যৱস্থাটোক স্বচ্ছ কৰিব লাগিব৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম হ’ব লাগিব অধিক দায়িত্বশীল৷ অপৰাধীক স্মার্ট বা কুল (cool) বুলি দেখুওৱাটো বন্ধ কৰিব লাগিব৷ লগতে আমি মানুহক আত্মবিশ্লেষণৰ বাবে অনুপ্রাণিত কৰিব লাগিব৷ মূল্যবোধ, নৈতিকতা আৰু সহানুভূতিক উৎসাহিত কৰিব লাগিব– কেৱল বুদ্ধিমত্তা বা উচ্চাকাংক্ষাক নহয়৷
প্রতীয়মান কৰিব লাগিব যে ব্যৱস্থাটোক প্রতাৰণা কৰাজন নহয়, সন্মান কৰাজনহে স্মার্ট৷ পৃথিৱীখনক এনেকুৱা মানুহৰ প্রয়োজন নাই, যিয়ে নিজকে আটাইতকৈ চতুৰ বুলি ভাবে, অথচ মূর্খ, জ্ঞানী মানুহৰহে প্রয়োজন৷
ফোন : ৯৪৩৫০–৪৮৪৮০