নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮,০০০ প্লাষ্টিকৰ বটলৰ সাঁফৰেৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ

বিশেষ প্ৰতিবেদন, অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ২ ছেপ্টেম্বৰঃ বিগত প্ৰায় এটা দশকৰ পৰা বিভিন্ন অভিনৱ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিপুল জনপ্ৰিয়তা পোৱা ধুবুৰীৰ শিল্পী  প্ৰদীপ কুমাৰ ঘোষে এইবাৰো সাজু হৈছে পুনৰ এক আলোড়ন সৃষ্টি কৰিবলৈ। বিগত ৮/৯ মাহৰ অশেষ কষ্টৰ অন্তত প্ৰায় ৮ হাজাৰ বটলৰ প্লাষ্টিকৰ সাঁফৰেৰে ঘোষে নিৰ্মাণ কৰি উলিয়াইছে এক অভিনৱ দুৰ্গা প্ৰতিমা। উল্লেখ্যে যে যোৱাবাৰৰ দুৰ্গাপূজাত গছৰ শুকান ঠালেৰে নিৰ্মাণ কৰা শিল্পীগৰাকীৰ এক বিশেষ শৈলীৰ দুৰ্গা প্ৰতিমাই বিপুল সমাদৰ লাভ কৰিছিল। পেছাত গৃহ শিক্ষক প্ৰদীপ কুমাৰ ঘোষে ১৯৯২ চনৰ পৰাই শাক-পাচলি, প্লাষ্টিকৰ পানীৰ বটল, গছৰ শুকান ঠাল আদি বিভিন্ন সামগ্ৰীৰে ভিন্নধৰ্মী দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি দূৰ্গাপূজাত চমক সৃষ্টি কৰি আহিছে। এইবেলি তেওঁ নিৰ্মাণ কৰা এই প্ৰতিমাটো ধুবুৰী চহৰৰ ৩নং ৱাৰ্ডৰ চৰমেইন ৰোডৰ ধুবুৰী স্পোৰ্টিং ক্লাবৰ পূজা মন্ডপে প্ৰদৰ্শিত হ’ব বুলি জনাইছে শিল্পীগৰাকীয়ে।

You might also like