ৰাষ্ট্রীয় শিক্ষানীতি হ’ল শিক্ষাৰ মহত্ত্বপূর্ণ সংস্কাৰ আৰু অগ্রগতিৰ প্রতীক৷ ৰাষ্ট্রীয় শিক্ষানীতিৰ কথা আলোচনা কৰিবলৈ হ’লে আমি উভতি যাব লাগিব স্বাধীন ভাৰতৰ প্রাৰম্ভিক স্তৰলৈ৷ স্বাধীন ভাৰতৰ পঞ্চমগৰাকী (২৪ জানুৱাৰী, ১৯৬৬– ২৪ মার্চ, ১৯৭৭) প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্রীয় শিক্ষানীতিৰ সূচনা কৰিছিল ১৯৬৮ খ্রীষ্টাব্দত৷ এয়াই আছিল ভাৰতবর্ষৰ প্রথম ৰাষ্ট্রীয় শিক্ষানীতি৷ কিন্তু উক্ত শিক্ষানীতিক আংশিকভাৱেও বাস্তৱ ৰূপ দিবলৈ সক্ষম নহ’ল৷ মাতৃৰ সপোনেই হওক কিম্বা নিজস্ব দূৰদর্শিতাৰ গুণতেই হওক শিক্ষা সংস্কাৰৰ মহত্ত্বপূর্ণ উদ্দেশ্যৰে ভাৰতবর্ষৰ নৱমগৰাকী প্রধানমন্ত্রী (৩১ অক্টোবৰ, ১৯৮৪– ২ ডিচেম্বৰ, ১৯৮৯) ৰাজীৱ গান্ধীয়ে ১৯৮৬ চনৰ মে’ মাহত শিক্ষা সংস্কাৰৰ উদ্দেশ্যে ৰাষ্ট্রীয় শিক্ষানীতি ঘোষণা কৰিছিল৷ ১৮৮ পৃষ্ঠাৰ ১২টা দফাত ১৫৭টা উপ–দফাৰে প্রস্তুত কৰা এই শিক্ষানীতিখনৰ অন্তর্ভুক্ত গুৰুত্বপূর্ণ বিষয়সমূহৰ ভিতৰত ৰাষ্ট্রীয় শিক্ষানীতিৰ মূল লক্ষ্য, সাংবিধানিক অধিকাৰ, বিশেষভাৱে সক্ষম বা শাৰীৰিক বিসংগতি থকা শিশুৰ শিক্ষাৰ অধিকাৰ সুনিচ্ছিত কৰা, বিশেষ শিক্ষা ব্যৱস্থা প্রণয়ন আৰু ৰাষ্ট্রীয় শিক্ষানীতিৰ নির্দেশনাক মূল বিষয় হিচাপে লোৱা হৈছিল৷ ৰাষ্ট্রীয় শিক্ষানীতিৰ নিদের্শনা অধ্যায়ৰ অন্তর্ভুক্ত বিষয়সমূহৰ ভিতৰত আছিল– (ক) বিভিন্ন মাধ্যমেৰে শিক্ষা ব্যৱস্থাৰ পুনৰ গঠন, (খ) কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব, (গ) ভাৰতীয় সকলো নাগৰিকলৈ শিক্ষাক বিস্তৃত কৰা, (ঘ) শৈক্ষিক বিষয়বস্তুলৈ নতুনত্ব অনা, (ঙ) সমগ্র দেশত ১++৩ ব্যৱস্থা প্রৱর্তন, (চ) শিক্ষকৰ মান আৰু শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা গ্রহণ, (ছ) পৰীক্ষা প্রণালী আৰু পৰীক্ষা ব্যৱস্থাৰ শুধৰণিকৰণ, (জ) মহিলাৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ, (ঝ) অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ শিশুসকলৰ শিক্ষাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ, (ঞ) আধাতে শিক্ষা সমাপ্ত কৰা শিশুসকলক পুনৰ বিদ্যালয়লৈ ওভতাই অনা, (ট) বিশেষভাৱে সক্ষম আৰু কম বুদ্ধিৰ শিশুসকলক শিক্ষা প্রদানৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা গ্রহণ আদি৷
১৯৮৫ চনত ৰাষ্ট্রীয় শিক্ষানীতিক বিকশিত কৰি ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ কৰাৰ আগে আগে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে গুৰুত্ব ব্যাখ্যা কৰি সেই সময়ৰ প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে কৈছিল– ‘ভাৰতবর্ষক এনে এখন শিক্ষানীতি দিয়া হ’ব, যাৰ জৰিয়তে দেশৰ আর্থিক আৰু ৰাজনৈতিক দৃষ্টিৰে একবিংশ শতিকালৈকে কার্যকৰী হোৱাকৈ প্রস্তুত কৰা হৈছে৷’ তেখেতে এনেদৰেও কৈছিল– ‘শিক্ষাৰ দ্বাৰা ৰাষ্ট্রীয় একতা তথা নৈতিকতাৰ লেখিয়া কার্যৰো বিকাশ হোৱা উচিত৷’ সেই সময়ত প্রচলিত শিক্ষা ব্যৱস্থাক গভীৰভাৱে অধ্যয়ন কৰি, শিক্ষা সংস্কাৰৰ প্রয়োজনীয়তা অৱশ্যম্ভাৱী হৈ উঠা বাবেই যে নতুন শিক্ষানীতি গ্রহণ কৰা হৈছে, সেই কথা উল্লেখ কৰি প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰো যে এয়া একান্ত ইচ্ছা আছিল, সেই কথা সদৰী কৰিছিল৷ এই ৰাষ্ট্রীয় শিক্ষা নীতিখনৰ কিছু সংশোধন ১৯৯২ চনত কৰা হৈছিল৷ তদুপৰি সার্বজনীন প্রাথমিক শিক্ষাক নিশ্চিত আৰু বাধ্যতামূলক কৰিবৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিশু শিক্ষা আইন ২০০৯ চনত অন্তর্ভুক্ত কৰা হৈছিল৷ ২০১১ চনত শিক্ষাৰ মান উন্নত কৰাৰ অর্থে শিক্ষকৰ বি.এড., বি.টি.ৰ ডিগ্রীৰ উপৰি শিক্ষকৰ যোগ্যতা পৰীক্ষা Teacher Eligibility Test)ত উত্তীর্ণ হোৱাটো বাধ্যতামূলক কৰিবলৈ শিক্ষানীতিৰ কিছু সংশোধন কৰা হৈছিল৷ এনে শিক্ষা সংস্কাৰ অসমত পূর্ণৰূপত প্রয়োগ কৰাৰ ক্ষেত্রত সেই সময়ৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশেষ তৎপৰতা প্রদর্শন কৰিছিল৷ সেই সময়ত ময়ো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ–সঞ্চালক ৰূপে দায়িত্ব পালন কৰিছিলোঁ৷ ২০১১ চনৰ ২৫ জানুৱাৰীত পোৱা নির্দেশনামর্মে মই ১ ফেব্রুৱাৰীত কৰিমগঞ্জ জিলাৰ স্কুল পৰিদর্শক ৰূপে দায়িত্ব ল’বলগীয়া হৈছিল৷ তদুপৰি সর্বশিক্ষা অভিযান মিছনৰDEEO DMC বিষয়া ৰূপে কামৰূপ জিলাৰ দায়িত্ব পাইছিলোঁ৷ সেই সময়তে শিক্ষামন্ত্রীগৰাকীৰ কার্যদক্ষতা উপলব্ধি কৰি অনুমান কৰিছিলোঁ যে এদিন এই কর্তব্যপৰায়ণ ব্যক্তিজনে অসমৰ নাম উজ্জ্বল কৰিব বা মুখ্যমন্ত্রীৰ লেখিয়া দায়িত্ব গ্রহণ কৰিব৷ সেয়া ইতিমধ্যে বাস্তৱত ৰূপায়িত হোৱা দেখিবলৈ পালোঁ৷ এই কথাও মনলৈ আহিছিল যে অসমৰ ৰাইজে ভালকৈ বুজিলে হয়তো এদিন ভাৰতবর্ষৰ ৰাইজেও ড০ হিমন্ত বিশ্ব শর্মাৰ হূদয়ানুভৱক উপলব্ধি কৰিব পাৰিব আৰু ৰাষ্ট্রীয় নেতা ৰূপে পাবলৈ সক্ষম হ’ব৷ সেয়া বাৰু সময় আৰু ড০ শর্মাই ভৱিষ্যতে কৰা কর্মলানিয়ে নির্ধাৰণ কৰিব৷
ৰাজীৱ গান্ধীয়ে উল্লেখ কৰা ভৱিষ্যদ্বাণী আচৰিত ধৰণে সত্য বুলি প্রতিপন্ন হৈছিল ২০২০ চনত৷ কিয়নো যোৱা ৩৪ বছৰে সামান্য সালসলনিৰে সেই ৰাষ্ট্রীয় শিক্ষানীতিখনেই কার্যকৰী হৈ আছিল৷ সম্পূর্ণ ৩৪ বছৰ পিছত ২০২০ চনত পুনৰ নতুনকৈ ৰাষ্ট্রীয় শিক্ষানীতি প্রস্তুত কৰা হৈছে৷ এয়া মাথোঁ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ শিক্ষা সংস্কাৰৰ উদ্দেশ্যে লোৱা ৰাজনৈতিক সিদ্ধান্ত নহয়, এয়া উচ্চ মানবিশিষ্ট সার্বজনীন শিক্ষা সংস্কাৰ, যাৰ দ্বাৰা ভাৰতবর্ষৰ প্রতিজন শিক্ষার্থীৰ লগতে নাগৰিকক নতুন শিক্ষা ব্যৱস্থাৰ দ্বাৰা উপকৃত কৰিব পৰা যাব৷
৩৪ বছৰীয়া পুৰণি ৰাষ্ট্রীয় শিক্ষানীতিক সাম্প্রতিক পৰিৱেশ–পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ বিকশিত কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ জানুৱাৰী মাহত প্রাক্তন সংসদীয় সচিব (কেবিনেট ছেক্টেটাৰী) তিৰুমনীলায়ুৰ সিতপতি ৰামন সুব্রমনিয়মে নতুন শিক্ষানীতি সম্পর্কে আলোচনা কৰিছিল৷ ভাৰতীয় ৰাজনীতিবিদ সুব্রমনিয়ম আছিল ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া৷ ১৯৩৮ চনৰ ১১ ডিচেম্বৰ তাৰিখে মাদ্রাজৰ তঁজাপুৰত তেখেতে জন্মগ্রহণ কৰিছিল৷ ১৯৯৬ চনৰ ১ আগষ্টৰ পৰা ১৯৯৮ চনৰ ৩১ মার্চলৈকে তেখেতে ভাৰতবর্ষৰ সংসদীয় সচিব ৰূপে নিয়োজিত আছিল৷ তেখেতে সংসদত উত্থাপন কৰা বিষয়টিকে ২০১৭ চনৰ জুন মাহত সংসদীয় সচিব ড০ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ অধ্যক্ষতাত এখন ৰাষ্ট্রীয় শিক্ষানীতি প্রস্তুতি সমিতি গঠন কৰা হৈছিল৷ এই প্রসংগতে উল্লেখনীয় যে ডাঃ কৃষ্ণস্বামী কস্তুৰীৰংগন হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রত্যক্ষভাৱে দায়িত্ব অর্পণ কৰা ভাৰতীয় প্রশাসনিক সেৱাৰ প্রাক্তন জ্যেষ্ঠ বিষয়া৷
কস্তুৰীৰংগন সমিতিখনত অন্তর্ভুক্ত হোৱা সদস্যসকল আছিল– (ক) কর্ণাটক জ্ঞান আয়োগৰ প্রাক্তন সদস্য সচিব এম. কে. শ্রীধৰ, (খ) অন্ধ্রপ্রদেশস্থিত কেন্দ্রীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ উপাচার্য টি.বি. কট্টিমণি, (গ) জামিয়া মিলিয়া ইছলামিয়াৰ উপাধ্যক্ষ নাজমা আখতাৰ, (ঘ) পঞ্জাব কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ উপাচার্য জগবীৰ সিং, (ঙ) ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ মঞ্জুল ভার্গৱ, (চ) ফ্রান্সীয় মূলৰ ভাৰতীয় মিশেল ডৈনিনো, (ছ) জম্মুস্থিত মহেশ চন্দ্র পন্ত ভাৰতীয় প্রবন্ধন সংস্থানৰ অধ্যক্ষ মিলিংদ কাম্বলে, (জ) নেচনেল বুক ড্রাষ্টৰ অধ্যক্ষ গোবিন্দ প্রসাদ শর্মা আৰু (ঝ) লোকচান চলি থকা ক্ষেত্রসমূহৰ প্রাক্তন বিষয়া ধীৰ ঝিংগৰান৷ এই সমিতিখনেই ২০১৯ চনৰ মে’ মাহত এই শিক্ষানীতিখন চূডান্ত ৰূপত প্রস্তুত কৰি উলিয়ায়৷ দুখৰ বিষয় যে ৰাষ্ট্রীয় শিক্ষানীতিক পুনৰ গঠনৰ পোষকতা কৰা টি.এছ.আৰ. সুব্রমনিয়নে ২০১৮ চনৰ ২৬ ফেব্রুৱাৰীৰ দিনা পৰলোকলৈ গমন কৰা বাবে তেখেতে তেখেতৰ সপোন বাস্তৱ ৰূপ পাবলৈ অগ্রসৰ হৈ দিঠকত পৰিণত হোৱা দেখিবলৈ নেপালে৷ ৪৮৪ পৃষ্ঠাৰ পাণ্ডুলিপিটো ৰাইজৰ মতামত গ্রহণৰ বাবে মানৱ সংশোধন বিকাশ মন্ত্রালয় Ministry of Human Resource Development) ৰাজহুৱা কৰে৷ বর্তমানৰ ‘মানৱ সংশোধন বিকাশ মন্ত্রালয়’ক উক্ত শিক্ষানীতিৰ সৈতে সংগতি ৰাখি ‘শিক্ষা মন্ত্রালয়’লৈ পৰিৱর্তিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাইজৰ মতামতৰ ক্ষেত্রত মন্ত্রালয়ে অভূতপূর্ব সঁহাৰি লাভ কৰিছিল৷ এইক্ষেত্রত ৬৭৬খন জিলা, ৬০০০খন স্থানীয় নগৰ উন্নয়ন সমিতি, ৬৬০০টা খণ্ড, ২.৫ লাখ গাঁও পঞ্চায়তৰ পৰা ২ লাখতকৈও অধিক পৰামর্শ লাভ কৰিছিল৷ এনেদৰে ভাৰতবর্ষৰ তৃতীয়খন ৰাষ্ট্রীয় শিক্ষানীতি গঢ় লৈ উঠে৷
শিশুৰ প্রাৰম্ভিক অৱস্থাৰ পৰা উচ্চ শিক্ষালৈকে পৃথিৱীৰ অন্যান্য দেশৰ সৈতে সমতা, সংহতি, উচ্চমান ৰক্ষা কৰিবৰ বাবে গুৰুত্বপূর্ণ সংস্কাৰ সাধন কৰাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখিয়েই এই শিক্ষা সংস্কাৰ কৰা হৈছে৷ পূর্বৰ শিক্ষানীতিয়ে প্রাক্ প্রাথমিক শিক্ষাক সামৰি লোৱা নাছিল৷ ২০২০ চনৰ শিক্ষানীতিত যথেষ্ট সালসলনি কৰা হৈছে৷ ইয়াৰ ভিতৰত পূর্বৰ সমগ্র দেশত প্রৱর্তিত হৈ থকা ১++৩ ব্যৱস্থাৰ পৰিৱর্তে +++৪ ব্যৱস্থাক আর্হি হিচাপে গ্রহণ কৰা হয়৷ প্রাৰম্ভিক স্তৰ ৰূপে নিৰূপণ কৰা ৩ৰ পৰা ৮ বছৰৰ শিশুসকলক আকৌ দুটা উপ–স্তৰত বিভক্ত কৰা হৈছে৷ ৩ বছৰৰ পৰা আৰম্ভ হোৱা প্রথম উপ–স্তৰ ৬ বছৰত সমাপ্ত হৈছে৷ এই তিনি বছৰত শিশুবোৰে অতিক্রম কৰিবলগীয়া শ্রেণীভুক্ত বর্ষসমূহ হৈছে (ক) অংগনৱাডী, (খ) প্রাক্ বিদ্যালয় আৰু (গ) বালভাটিকা৷ এই স্তৰক ‘প্রাৰম্ভিক শিশু পৰিচর্যা আৰু শিক্ষা’ শ্লোগানেৰে আগবঢ়াই নিবলৈ প্রয়াস কৰি আদর্শগতভাৱে শিথিল, বহুমুখী, খেল–ধেমালিকেন্দ্রিক, কার্যভিত্তিক, আখৰৰ তুলনা, ভাষা, সংখ্যা জ্ঞান, গণনা, ৰং, আকৃতি, অন্তর্ভাগ আৰু বহির্ভাগত খেলা খেল, খেলিমেলিকৈ থকা বস্তু সজোৱা খেল, যুক্তিসংগত চিন্তন, সমস্যা সমাধান, ছবি ঁকা, ভার্চুৱেল কলা, হস্তকলা, নাটক, পুতলানাচ, সংগীত, শাৰীৰিক ব্যায়াম, অংগ সঞ্চালন, স্নায়ৱিক বিকাশ, বোধশক্তিৰ বিকাশ, সামাজিক অনুভূতি–প্রমূল্যৰ বিকাশ, সাংস্কৃতিক বিকাশ, কলাত্মক বিকাশ, যোগাযোগ, প্রাৰম্ভিক ভাষা প্রয়োগ, স্বচ্ছতা, সমূহীয়া কর্ম, সহযোগিতা আৰু গতিশীলতাৰ দৰে বিষয়সমূহ অন্তর্ভুক্ত কৰা হৈছে৷ দ্বিতীয় উপ–স্তৰত প্রথম আৰু দ্বিতীয় শ্রেণীক অন্তর্ভুক্ত কৰা হৈছে৷ দ্বিতীয় স্তৰত তৃতীয় শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ অন্তর্ভুক্ত কৰি প্রস্তুতিমূলক স্তৰ ৰূপে নামকৰণ কৰিছে৷ প্রথম আৰু দ্বিতীয় স্তৰত অধ্যয়নৰত ছাত্র–ছাত্রীসকলৰ বাবে মধ্যাহ্ণ ভোজনৰ ব্যৱস্থাও ৰখা হৈছে৷ তৃতীয় স্তৰত ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ অন্তর্ভুক্ত কৰি মধ্য স্তৰ ৰূপে নামাংকন কৰিছে আৰু চতুর্থ স্তৰ নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ অন্তর্ভুক্ত কৰি মাধ্যমিক স্তৰ ৰূপে চিহ্ণিত কৰিছে৷ একেদৰে কলা, বিজ্ঞান, বাণিজ্যিক, ব্যৱহাৰিক শিক্ষাৰ স্নাতক, স্নাতকোত্তৰ, শিক্ষা স্নাতক, গৱেষণা, ব্যৱহাৰিক শিক্ষা, কাৰিকৰী শিক্ষা আদিতো যথেষ্টখিনি নতুনত্বৰ সংযোজন ঘটোৱা হৈছে৷ বিশ্বৰ প্রেক্ষাপটলৈ লক্ষ্য ৰাখি ২০২০ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিক শিশুৰ অধিকাৰ ৰূপে মান্যতা দিয়া হৈছে৷ তদানুসৰি শিশুক তিনিবছৰৰ পৰা এই শিক্ষানীতিৰ অন্তর্ভুক্ত কৰি লোৱা হৈছে৷
ৰাষ্ট্রীয় শিক্ষানীতিৰ জৰিয়তে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সহযোগত শিক্ষা ক্ষেত্রৰ পৰা দেশৰ ডিজিপি ৬ শতাংশ আহৰণ কৰাৰ লক্ষ্য ৰখা হৈছে৷ ব্যৱহাৰিক বা কাৰিকৰী শিক্ষাকে ধৰি প্রতিটো শিক্ষা আহৰণ প্রক্রিয়াত ভাষাৰ বাধ্যতা আঁতৰ কৰা হৈছে৷ এই নীতিয়ে ছাত্র–ছাত্রীসকলক সৃষ্টিশীল চিন্তাধাৰা, যুক্তি নির্ণয় আৰু নতুন আচাৰ–ব্যৱহাৰৰ ভাবনাৰ খোৰাক যোগাব বুলিও আশা ৰখা হৈছে৷ প্রাৰম্ভিক শিক্ষা কার্য কেন্দ্রীয় মানৱ সংশোধন বিকাশ মন্ত্রালয়, মহিলা আৰু শিশু বিকাশ মন্ত্রালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয় আৰু জনজাতীয় কার্য মন্ত্রালয়ৰ সক্রিয় সহযোগত কার্যকৰী কৰা হ’ব৷ বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাত্মক জ্ঞান বিষয়ত ৰাষ্ট্রীয় অভিযান ৰূপে তিনি বছৰৰ পৰা সকলো শিশুক শিক্ষা প্রদান কার্যকৰীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে৷ শিক্ষামুখী, আলোচনাধর্মী, অভিজ্ঞতাসম্ভুত, সামগ্রিক, ঐক্য–সম্প্রীতিমূলক, অনুসন্ধিৎসুমূলক, আগ্রহসূচক, আৱিষ্কাৰধর্মী চিন্তা–চর্চাৰে শিক্ষা প্রদানৰ কৌশল উন্নীতকৰণ কৰা হ’ব৷কলা, হস্তশিল্প, মানৱীয় প্রমূল্য, খেল–ধেমালি, শাৰীৰিক কচৰৎ, শাৰীৰিক সক্ষমতা, ভাষা, সাহিত্য, আয়ুর্বেদ, সংস্কৃতি আদি বহু বিষয় পাঠ্যক্রমত অন্তর্ভুক্ত কৰা হৈছে৷ ইয়াৰ দ্বাৰা যাতে ভৱিষ্যৎ নাগৰিকসকলে চৰিত্রৱান, ন্যায়পৰায়ণ, বিবেকৱান, দয়ালু, সহমর্মী, মানৱতাবাদী, স্পষ্টবাদী, সাহসী হৈ উঠিব পাৰে তাৰ প্রতিও যথেষ্ট পৰিমাণে লক্ষ্য ৰখা হৈছে৷ শিক্ষাক পুনৰ গঠন প্রক্রিয়াৰে বিশ্বৰ শিক্ষা বিকাশ কার্যসূচী ২০৩০ৰ সৈতে খোজত খোজ মিলোৱাৰ লক্ষ্য ৰখা হৈছে৷
স্নাতক পাঠ্যক্রমৰ ক্ষেত্রতো যথেষ্ট সালসলনি কৰা হৈছে৷ সাধাৰণভাৱে লোৱা স্নাতক ডিগ্রী আগৰ দৰেই তিনিবছৰীয়া হৈ থাকিব৷ অনার্ছ লোৱা ছাত্র–ছাত্রীসকলে বর্তমান তিনিটা বছৰ ছয়টা ষান্মাসিক পৰীক্ষা উত্তীর্ণ হৈ স্নাতক ডিগ্রী ল’ব পাৰিব যদিও মেজৰ লৈ স্নাতকৰ প্রতিটো শাখাত অধ্যয়ন কৰিবলৈ লোৱা ছাত্র–ছাত্রীসকলে আগলৈ তিনি বছৰৰ লগতে গৱেষণামূলক অধ্যয়নেৰে আকৌ এটা বছৰ স্নাতক শ্রেণী পঢ়িব লাগিব৷ কিন্তু এনে প্রক্রিয়াৰে উত্তীর্ণ ছাত্র–ছাত্রীসকলে স্নাতকোত্তৰ ডিগ্রী ল’বলৈ এটা বছৰ অধ্যয়ন কৰিলেই হ’ব৷ স্নাতক আৰু স্নাতকোত্তৰ পৰিক্রমা অতিক্রম কৰিবলৈ আগৰ দৰেই সর্বমুঠ পাঁচ বছৰৰেই প্রয়োজন হ’ব৷ তদুপৰি লোক–সংস্কৃতি বা ব্যৱহাৰিক ডিগ্রীৰ কার্যকাল এবছৰীয়া আৰু ডিপ্ল’মা শিক্ষাৰ কার্যকাল দুবছৰীয়া থাকিব৷ আনহাতে স্নাতক শ্রেণীত প্রৱেশ আৰু প্রস্থানৰ ক্ষেত্রত আগৰ নিয়মৰ পৰিৱর্তে প্রতিবছৰে শিক্ষা সমাপ্তৰ প্রমাণ–পত্র ছাত্র–ছাত্রীক প্রদান কৰা হ’ব৷ সাধাৰণ বিষয়, বৃত্তিমুখী বিষয় আৰু পেছাদাৰী বিষয়ৰ ক্ষেত্রত শিক্ষার্থীয়ে এবছৰ সম্পূর্ণ কৰিলে প্রমাণ–পত্র, দুবছৰ সমাপ্ত কৰিলে ডিপ্ল’মা আৰু তিনিবছৰ সম্পূর্ণ কৰিলে স্নাতক ডিগ্রীৰ প্রমাণ–পত্র লাভ কৰিব৷ আন এক উল্লেখযোগ্য সংযোজন হ’ল বিষয় নির্বাচনৰ ক্ষেত্রত ছাত্র–ছাত্রীক সম্পূর্ণ স্বাধীনতা প্রদান কৰা হৈছে৷ কলা, বিজ্ঞান, বাণিজ্য শাখাৰ নিজৰ অভিৰুচি অনুসৰি বিষয়ত সন্মানীয় বিষয় বাছনি কৰি লোৱাৰ লগতে ঐচ্ছিক বিষয়ৰ ক্ষেত্রত যিকোনো শাখাৰ ছাত্র–ছাত্রীয়ে যিকোনো বিষয় নির্বাচন কৰি ল’ব পাৰিব৷ পূর্বৰ কলা–বিজ্ঞান–বাণিজ্য বা অন্যান্য শাখাৰ মাজত থকা বাধ্যবাধকতা বহুখিনি শিথিল কৰি পেলোৱা হৈছে৷ অর্থাৎ কলা শাখাৰ ছাত্র–ছাত্রীয়ে বিজ্ঞান বা বাণিজ্য শাখাৰ বিষয় ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব আৰু অইন শাখাৰ ক্ষেত্রতো একেই নিয়ম প্রযোজ্য হ’ব৷ শিক্ষাৰ ক্ষেত্রত বিশ্বজনীন মান নিশ্চিত কৰিবলৈ আই.আই.টি, আই.আই.এম.ৰ লেখিয়া অনুৰূপ ধৰণৰ ‘বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়’ Multidisciplinary Education and Research University) নামেৰে ৰাজহুৱা আদর্শ প্রতিষ্ঠান স্থাপনৰ প্রকল্পও এই শিক্ষানীতিত সংযোজন কৰা হৈছে৷ তদুপৰি দেশত উন্নত শিক্ষাদান কৰি অহা বৃত্তিমুখী প্রতিষ্ঠানসমূহৰ নিচিনাকৈ অভিযান্ত্রিক প্রতিষ্ঠানসমূহতো কলা আৰু মানৱীয় বিষয়সমূহ অন্তর্ভুক্ত কৰি কাৰিকৰী দিশৰ সৈতে জডিত যান্ত্রিক কৌশলৰ লগতে মানৱীয় প্রমূল্যবোধকো সাঙুৰি পেলোৱা হ’ব৷
শিক্ষানুষ্ঠানসমূহক যথেষ্ট উচ্চ পর্যায়লৈ নিয়াৰ উদ্দেশ্যে ২০৩০ চনলৈ লক্ষ্য স্থিৰ কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত যিসমূহ চৰকাৰী শিক্ষানুষ্ঠানত নির্ধাৰিত ছাত্র–ছাত্রী নেথাকিব, সেই শিক্ষানুষ্ঠানসমূহ অইন এখন শিক্ষানুষ্ঠানৰ সৈতে সংলগ্ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এইক্ষেত্রত ৩০০০ ছাত্র–ছাত্রী প্রতিখন মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ত থকাটো বাধ্যতামূলক ৰূপে বিবেচনা কৰা হৈছে৷ শিক্ষার্থীৰ শৈক্ষিক মান উন্নত কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক্ ‘উচ্চ মানৰ সমর্থন কেন্দ্র’ স্থাপনৰো নির্দেশ প্রদান কৰা হৈছে৷ শিক্ষার্থীৰ দৈহিক, মানসিক আৰু আৱেগিক পৰিপক্বতাৰ বাবে পৰামর্শদাতাও নিয়োগ কৰা হ’ব৷ এইক্ষেত্রত প্রয়োজনীয় আর্থিক আৰু অন্যান্য সাহায্য প্রদান কৰিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ৷ প্রগতি, উন্নয়ন আৰু উচ্চ শিক্ষানুষ্ঠানৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি স্বায়ত্তশাসিত মহাবিদ্যালয়, বিশ্ববিদ্যালয় গঠনকাৰী মহাবিদ্যালয় ৰূপে ৰূপান্তৰকৰণৰ প্রস্তাৱো ৰখা হৈছে৷ শিক্ষাদান কার্যক উন্নত পর্যায়লৈ নিয়াৰ লগতে গৱেষণা কার্য সম্পাদন কৰাৰ ক্ষেত্রত দেখা দিয়া সমস্যা অথবা প্রত্যাহ্বানসমূহ চিনাক্তকৰণেৰে কেইবাটাও প্রস্তাৱ আৰু পৰামর্শ আগবঢ়োৱা হৈছে৷
ভাৰতবর্ষক বিশ্বৰ ভিতৰতে যুৱ শক্তিক সঠিক ব্যৱহাৰৰ ক্ষেত্রত প্রথম দেশ ৰূপে গঢ়ি তোলাৰ সপোন এই শিক্ষানীতিয়ে বাস্তৱায়িত কৰিব বুলি আশা কৰা হৈছে৷ বিশ্বৰ শিক্ষার্থীৰ গন্তব্যস্থান ৰূপে ভাৰতবর্ষক গঢ়ি তুলিবলৈ এই শিক্ষানীতি প্রস্তুত কৰা হৈছে৷ মেধাক উন্নত বিকাশৰ দিশে ক্ষিপ্র গতিৰে আগবঢ়াই নিবলৈ গ্রহণ কৰা এই নীতি সঠিক ৰূপত ৰূপায়ণ হ’লে উচ্চমানসম্পন্ন সার্বজনীন শিক্ষা বিস্তাৰৰ ক্ষেত্রত এক যুগান্তকাৰী ভূমিকা গ্রহণ কৰিব বুলি নিশ্চিতভাৱে ক’ব পৰা হৈছে৷ ভাৰতকেন্দ্রিক উদাৰ এই শিক্ষানীতিয়ে ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু শিক্ষা ব্যৱস্থাৰ পুনৰীক্ষণ কৰি ভাৰতৰ শিক্ষার্থীসকলক পৃথিৱীখনকেই নেতৃত্ব দিব পৰাকৈ গঢ়ি তুলিবলৈ লক্ষ্য ৰাখিছে৷ ভাৰতৰ শিক্ষার্থীয়ে বিশ্বত আলোক বিলাবলৈ সক্ষম হ’ব পৰাকৈ প্রস্তুত কৰা শিক্ষানীতিক প্রতিজন ভাৰতীয়ই শ্রদ্ধা–ভক্তিৰে ৰূপায়ণৰ ক্ষেত্রত অংশগ্রহণ কৰিব লাগিব৷ অতীতৰ বহু অভিলাষী আঁচনি জনসাধাৰণ আৰু এচাম দায়িত্বপ্রাপ্ত বিষয়া–কর্মচাৰীৰ পুৰণিৰ প্রতি থকা নিচাত্মিকাবোধৰ বাবে বাস্তৱ ৰূপ পাবলৈ সক্ষম হোৱা নাই৷ বিশেষকৈ অসমৰ ক্ষেত্রত এই ছবিখন অতিকৈ দুখ লগা আৰু ভয়ংকৰ৷ আমি নিজেও স্কুল পৰিদর্শক ৰূপে কার্যনির্বাহ কৰি থকা সময়ত এই কথা বাৰুকৈয়ে উপলব্ধি কৰিছিলোঁ যে বহু শিক্ষক বা শিক্ষাৰ সৈতে জডিত ব্যক্তি বা বিষয়া নিষ্ক্রিয় ধৰণৰ৷ দায়িত্ব পালনৰ মানসিকতা কিছুসংখ্যকৰ একেবাৰে শূন্য৷ যিবোৰ মানসিকতা চৰকাৰী নীতি–নিয়মেৰে সলাই পেলোৱা বৰ কঠিন৷ এই ছেগতে কর্তব্যৰত সকলো বিষয়াকে শিক্ষার্থীৰ উন্নতিৰ প্রতি মনোযোগী হ’বলৈ অনুৰোধ কৰিলোঁ৷ ৰাষ্ট্রীয় শিক্ষানীতি ২০২০য়ে শিক্ষকসকলক শিক্ষক হিচাপেই নহয়, উপযুক্ত দক্ষতাসম্পন্ন আৰু প্রশিক্ষণযুক্ত প্রশিক্ষক হিচাপেও দায়িত্ব পালন কৰিবলৈ উপদেশ প্রদান কৰিছে৷ ইয়াৰ লগে লগে আন এক গুৰুত্বপূর্ণ বিষয় হ’ল সচেতন নাগৰিকসকলেও যথোপযুক্ত দায়িত্ব গ্রহণ কৰিব লাগিব৷ প্রতিখন গাঁও বা অঞ্চল, প্রতিখন চহৰত সৰু সৰু শিক্ষা সমিতি কিছুমান গঠন কৰিব লাগিব, য’ত শিক্ষকসকল অন্তর্ভুক্ত নাথাকিব৷ শিক্ষা ব্যৱস্থাত চলি থকা অসুবিধাসমূহ জিলা শিক্ষা বিষয়াৰ সৈতে আলোচনা কৰি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব৷ বহু শিক্ষা বিষয়াই স্কুল পৰিদর্শন কৰিবলৈ নেযায়৷ সমিতিসমূহে কোনখন স্কুল, বিদ্যালয়, মহাবিদ্যালয় পৰিদর্শন কৰা উচিত, সেই বিষয়ে জিলা বিষয়াৰ সৈতে আলোচনা কৰিব লাগিব৷ জিলা শিক্ষা বিষয়াই সমিতিৰ সৈতে সহযোগ নকৰিলে শিক্ষা বিভাগৰ উচ্চ পর্যায়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰাৰো সুবিধা আছে৷ ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয়ত নিজৰ ল’ৰা–ছোৱালীক নামভর্তি কৰাই দিলেই অভিভাৱকসকলৰ দায়িত্ব শেষ হৈ নেযায়৷ দুখীয়া আৰু গৰিব শিক্ষার্থীসকলৰ মংগলার্থে, সমাজৰ সচেতন নাগৰিক হিচাপে নিজৰ নিজৰ দায়িত্ব পালন কৰিলেহে চৰকাৰে লোৱা পৰিৱর্তনকামী নীতিসমূহ সঠিক ৰূপত বাস্তৱায়িত হ’ব৷ চৰকাৰী খণ্ডক বেছিসংখ্যকে অৱহেলা কৰিবলৈ ল’লে এক অব্যৱস্থা গঢ়ি উঠিব৷ যাৰ প্রভাৱত উদ্ভাৱিত বিষক্রিয়াই কিন্তু ধনী–দুখীয়া সকলোৱে ভাৰাক্রান্ত কৰি তুলিব৷ ইতিমধ্যে চৰকাৰী খণ্ডসমূহৰ অৱস্থাই সাম্প্রতিক কালত ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে৷ চৰকাৰীভাৱে বিষয়া, আমোলাক সম্পূর্ণৰূপে নিয়ন্ত্রণ কৰিবলৈ তেতিয়াহে সক্ষম হ’ব, যেতিয়া জনসাধাৰণে চৰকাৰক মুকলিভাৱে সমর্থন কৰিব আৰু চৰকাৰী নীতিক অন্তঃকৰণেৰে বিশ্বাসত ল’ব৷ ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ৰ দফাসমূহ অধ্যয়ন কৰি এই কথা নিশ্চিতভাৱে ক’ব পাৰি যে শিক্ষার্থীৰ মেধাক উন্নত বিকাশৰ দিশে গতিশীল কৰা উৎকৃষ্ট শিক্ষানীতিখনে নৱপ্রজন্মৰ যথেষ্ট মংগল সাধন কৰিব৷ কিন্তু চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীৰ অভিভাৱকসকল শিক্ষানীতিৰ প্রতি দায়বদ্ধ আৰু দায়িত্বশীল হ’ব লাগিব৷ তেতিয়া উক্ত ৰাষ্ট্রীয় শিক্ষানীতি ২০২০খনে আমাৰ বাবে লৈ অহা সুফল ভোগ কৰিবলৈ সমর্থৱান হ’ব পাৰিম৷