হাতী
কেইবছৰমানৰ আগতে ‘টাইম’ মেগাজিনত হাতীৰ এটা মর্মন্তুদ কাহিনী প্রকাশ হৈছিল৷ কুৰি শতিকাৰ আৰম্ভণিতে থাইলেণ্ডত পোহনীয়া হাতীৰ সংখ্যা আছিল প্রায় এক লাখ৷ সেই দেশৰ সামাজিক আৰু আর্থিক জীৱনত হাতীৰ ভূমিকা আছিল অতি গুৰুত্বপূর্ণ৷ হাতী থাইলেণ্ডৰ ৰাষ্ট্রীয় প্রতীক৷ হাতী থাইলেণ্ডৰ ৰজাৰ বাহন৷ সেই দেশৰ ৰাষ্ট্রীয় পতাকায়ো বহন কৰিছে হাতীৰ ছবি৷ ৰজাৰ ছীল–মোহৰতো আছে হাতীৰ ছবি৷ কিন্তু থাইলেণ্ডত হাতীৰ প্রতীকী মূল্য বা মর্যাদা ইমান উচ্চ হোৱা সত্ত্বেও আচল মূল্য কিন্তু অৱনমিত হৈ হৈ এতিয়া প্রায় শূন্যত পর্যবসিত হৈছে৷ তাৰ কাৰণ হ’ল আধুনিক প্রযুক্তি–বিদ্যা৷ মানুহে কৰিব নোৱৰা যিবোৰ কঠিন কাম কৰিবলৈ এসময়ত এই বিশালাকাৰ শক্তিশালী জন্তুটোক ব্যৱহাৰ কৰা হৈছিল, এতিয়া সেই আটাইবোৰ কামৰ কাৰণে ব্যৱহাৰ কৰা হয় নানাধৰণৰ উন্নত যন্ত্র আৰু প্রযুক্তি৷ পৰিবহণৰ কাৰণেও হাতীৰ ব্যৱহাৰ এতিয়া অচল৷ সাতে–পাঁচে মিলি মানুহৰ জীৱনৰ পৰা হাতী এতিয়া প্রায় সম্পূর্ণভাৱে নির্বাসিত৷ কুৰি শতিকাৰ আৰম্ভণিত থাইলেণ্ডৰ এক লাখ পোহনীয়া হাতীৰ বিপৰীতে এতিয়া সেই দেশত আছে মাত্র পাঁচ হাজাৰ পোহনীয়া হাতী৷ সেই পাঁচ হাজাৰ হাতীৰো এনে দুৰৱস্থা যে সিহঁতৰ অপমান আৰু লাঞ্ছনাৰ কাহিনী শুনিলে পাষাণ–হূদয় মানুহৰো চকু বেদনাত সেমেকি উঠিব পাৰে৷
হাতীৰ এতিয়া কোনো কাম নাই কিন্তু সেই বুলিয়েই হাতীৰ মালিক বা মাউতসকলে হাতীবোৰক মাৰি পেলাব পাৰেনে? গ্রামাঞ্চলত নিবনুৱা হৈ পৰা হাতীবোৰক এতিয়া মাউতবোৰে লৈ আহিছে ৰাজধানী বেংককলৈ৷ বেংককত বছৰৰ বাৰ মাহ ধৰি বিদেশী পর্যটকৰ ভিৰ৷ তেওঁলোকৰ কাৰণে সৃষ্টিৰ আদিম যুগৰ স্মৃতিবহনকাৰী এই অদ্ভুত–দর্শন বিশাল জন্তুটো এটা ৰোমাঞ্চকৰ দৃশ্য৷ বিদেশী পর্যটকসকলে হাতীক স্পর্শ কৰি চায় বা সিহঁতক নিজৰ হাতেৰে কুঁহিয়াৰ খুৱাই এটা অভিনৱ অভিজ্ঞতাৰ আস্বাদ লয়৷ বিনিময়ত মাউতবোৰক দিব লগা হয় কিছু ধন৷ হাতী আৰু মাউতৰ জীৱন–ৰক্ষাৰ এতিয়া সেইটোৱেই একমাত্র অৱলম্বন৷ যি হাতীৰ খোজত এদিন মেদিনী কঁপি আছিল, যি হাতী আছিল নৰ–শ্রেষ্ঠ নৃপতিসকলৰ বাহন, যি হাতী আছিল সামাজিক মর্যাদা আৰু গর্বৰ প্রতীক, সেই হাতীয়ে প্রাণৰক্ষাৰ কাৰণে এতিয়া ল’ব লগা হৈছে বিদূষকৰ ভূমিকা৷
কিন্তু হাতীৰ এই নতুন আৰু কৰুণ জীৱিকাও অকণো নিৰাপদ নহয়৷ ৰাজধানী বেংককত হাতীৰ প্রৱেশ নিষিদ্ধ৷ কিন্তু পেটৰ দায়ত হাতী বা মাউত কোনেও সেই নিষেধাজ্ঞা মানিব নোখোজে বা নোৱাৰে৷ যিমানবাৰ হাতী বেংককত প্রৱেশ কৰে, সিমানবাৰ মাউতসকলক গ্রেপ্তাৰ কৰি শাস্তি বিহা হয়৷ কিন্তু নিষেধাজ্ঞা বা শাস্তিলৈ আওকাণ কৰি মাউতসকল হাতীৰ পিঠিত উঠি বেংককলৈ আহিয়েই থাকে, কাৰণ নাহিলেই হাতী আৰু মাউত উভয়েই নাখাই মৰিব লাগিব৷
থাইলেণ্ডৰ হাতীৰ কৰুণ কাহিনী এনেকৈ লিপিবদ্ধ হৈছে আৰু সি বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে৷ কিন্তু অসমৰ হাতীৰ অৱস্থা ততোধিক কৰুণ হোৱা সত্ত্বেও সি এতিয়াও কাৰো অধ্যয়ন আৰু অনুসন্ধানৰ বিষয় হৈ উঠা নাই৷ যোৱা কেইবাবছৰ ধৰি অসমত হাতীয়ে বাতৰিকাকতৰ শিৰোনাম দখল কৰিছে৷ দখল কৰিছে খলনায়ক হিচাপেহে নায়ক হিচাপে নহয়৷ উত্তৰ অসমৰ সীমান্তৱর্তী অঞ্চলত বনৰীয়া হাতীৰ পালে সন্ত্রাসৰ সৃষ্টি কৰিছে৷ হাতীয়ে মানুহৰ ঘৰ–বাৰী আৰু শস্য নষ্ট কৰাৰ উপৰি প্রতিবছৰে বহুতো মানুহৰো প্রাণ লৈছে৷ বাতৰিকাকতত হাতীৰ ‘দৌৰাত্ম্য’ৰ কথা পঢ়িলে মনত এনে ধাৰণা হয়– যেন হাতীয়ে নৰহত্যা কৰি ভয়ংকৰ অপৰাধ কৰিছে৷ যিসকল লোক হাতীৰ আক্রমণৰ বলি হৈছে, তেওঁলোকে স্বাভাৱিকতেই হাতীৰ বিৰুদ্ধে এটা প্রত্যাক্রমণ হোৱাটো বিচাৰে৷ কিন্তু কিহৰ তাড়নাত পৰি হাতীয়ে এই ‘অপৰাধ’ৰ পথ বাছি লৈছে, সেই কথা নিৰপেক্ষভাৱে বিচাৰ কৰি চাবলৈ হ’লে গোটেই ঘটনাটোক কেৱল মানুহৰ দৃষ্টিকোণৰ পৰা নাচাই হাতীৰ দৃষ্টিকোণৰ পৰাও চাব লাগিব৷
মানুহ আৰু জলচৰ প্রাণীৰ বাহিৰে বাকী আন সকলো প্রাণীৰে বাসভূমি হ’ল অৰণ্য৷ যোৱা এহাজাৰ বছৰ ধৰি মানুহৰ সংখ্যা ক্রমান্বয়ে বাঢ়িব লাগিছে আৰু বর্ধিত জনসংখ্যাৰ কাৰণে ঠাই উলিয়াবলৈ ক্রমান্বয়ে ধ্বংস কৰিব লগা হৈছে অৰণ্য৷ ১০০০ খ্রীষ্টাব্দত পৃথিৱীৰ জনসংখ্যা আছিল মাত্র ৩০ কোটি, তাৰ ৫০০ বছৰৰ পিছত, অর্থাৎ ১৫০০ খ্রীষ্টাব্দত জনসংখ্যা বাঢ়ি বাঢ়ি হৈছিলগৈ ৪৮ কোটি৷ তাৰ ৫০০ বছৰৰ পিছত, অর্থাৎ ২০০০ খ্রীষ্টাব্দত পৃথিৱীৰ সর্বমুঠ জনসংখ্যা হ’লগৈ ৬০০ কোটি৷ এতিয়া প্রায় ৭০০ কোটি৷ আন কথাত ক’বলৈ গ’লে সহস্রাব্দৰ প্রথম ৫০০ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল প্রায় ডেৰ গুণ মাত্র কিন্তু তাৰ পিছৰ ৫০০ বছৰত পৃথিৱীত মানুহৰ সংখ্যা বাঢ়িছে প্রায় তেৰ গুণ৷ মাত্র যোৱা ৪০ বছৰতে মানুহৰ সংখ্যা দুগুণ বৃদ্ধি হৈছে৷ এতিয়া পৃথিৱীৰ প্রতিজন মানুহৰ ভাগত গড় হিচাপে পৰিছে মাত্র ০.০২ বর্গ কিলোমিটাৰ মাটি৷ কিন্তু অনুমান কৰা হৈছে যে আৰু মাত্র প্রায় ৩০ বছৰৰ পিছত অর্থাৎ ২০৫০ খ্রীষ্টাব্দত পৃথিৱীৰ জনসংখ্যা হ’বগৈ ৯০০ কোটি৷ সেই ৯০০ কোটি মানুহৰ কাৰণে ঠাই উলিয়াবলৈ ইমান বেছি পৰিমাণে অৰণ্য ধ্বংস কৰিব লাগিব যে পৃথিৱীৰ বেছিভাগ পশু–পক্ষীয়েই সম্পূর্ণভাৱে বিলুপ্ত হ’ব৷ আটাইতকৈ আগতে বোধহয় বিলুপ্ত হ’ব হাতী, কাৰণ হাতীৰ নিচিনা এটা ডাঙৰ জন্তুৰ কাৰণে যিমান ডাঙৰ অৰণ্য লাগে সিমান ডাঙৰ অৰণ্যৰ অৱশেষ মানুহে ক’তো নাৰাখিব৷ প্রায় ৫ কোটি বছৰ ধৰি পৃথিৱীৰ বুকুত সগর্বে বিচৰণ কৰি ফুৰা এই তৃণভোজী, বুদ্ধিমান আৰু বিশাল জন্তুটোৰ চিৰ বিদায়ৰ ক্ষণ প্রায় সমাগত৷ বিদায়ৰ আগমুহূর্তত হাতীৰ কাৰণে এটোপাল চকুলো টোকাৰ বাহিৰে এতিয়া আন কি কৰিব পাৰোঁ?