নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত জুৱাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলি; ২ জোৱাৰী আটক, জব্দ সামগ্ৰী

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত জুৱাৰীক লক্ষ্য কৰি আৰক্ষীয়ে গুলী কৰাৰ ঘটনাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে দুৰ্গা পূজাৰ গইনা লৈ শোণিতপুৰৰ লখৰাৰ লাবৰগাড়ীত এটা অসাধু চক্ৰই চলাই আছিল জুৱাৰ ৰমৰমীয়া বেহা।আৰক্ষীৰ চকুত ধুলি দি চক্ৰটোৱ চলাই আছিল ডাইচ। শনিবাৰে নিশা চাৰিদুৱাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই তিন খন ডাইছ, দুখন স্কুটী আৰু দুটা জুৱা মাফিয়াক আটক কৰিবলৈ সক্ষম হয়।

জুৱা মাফিয়া কেইজন ক্ৰমে সাগৰ বৰা আৰু দিল বাহাদুৰ থাপা বুলি জানিব পৰা গৈছে। এই অভিযানত আৰক্ষীয়ে এক জাই গুলী ফুটাই জুৱাৰীক খেদি পঠিয়ায়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰতিবছৰে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত এচাম সমাজবিৰোধী লোকে একপ্ৰকাৰৰ আৰক্ষীক ভেঙুচালি কৰি চাৰিদুৱাৰ, লোক্ৰা, লবৰঘাৰী আদিত জুৱা, ডাইচ আদি খেল অনুষ্ঠিত কৰি আহিছে। ফলত পূজাৰ সময়ত এক বিশৃঙ্খল পৰিৱেশৰ সূচনা হৈ আহিছে। অঞ্চলবাসী সচেতন ৰাইজে অঞ্চলটোত চলি থকা এনে সকলোধৰণৰ জুৱা, ডাইচ আদি তৎকালীনভাৱে বন্ধ কৰাৰ লগতে এনে খেল অনুষ্ঠিত কৰা মাফিয়াসকলক আটক কৰিবলৈ দাবী জনাইছে ।

You might also like