নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ বামগাঁও চাহ বাগিছাত কৰম উৎসৱ পালন; লোকে-লোকাৰণ্য পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ বালিপৰাৰ সমীপৱৰ্তী বামগাঁও চাহ বাগিছাত যোৱানিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম উৎসৱ পালন কৰা হয়। ছাত্ৰ সংগঠন আটছা বামগাঁও চাহ বাগিছা প্ৰাথমিক গোটৰ উদ্যোগত আৰু অসম চাহ মজদুৰ সংঘ বামগাঁও চাহ বাগিছা প্ৰাথমিক গোট, চাহ বাগিছাৰ ৰাইজৰ সহযোগত চাহ বাগিছাখনৰ খেলপথাৰত অনুষ্ঠিত দশম বাৰ্ষিক কৰম উৎসৱ পালন কৰে।

চাহ বাগিছাখনৰ সমাজসেৱক যুৱক বসন্ত ভূমিজে আঁত ধৰা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, কৰম ডাল প্ৰতিষ্ঠা, কৰম পূজা, কৰম আখ্যান ব্যাখ্যা, আখৰা বন্দনা অনুষ্ঠিত হয়। অনুষ্ঠানত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ঝুমুৰ গীত-নৃত্য, মাদল, তালৰ শব্দত মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ।

অনুষ্ঠানটোত বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনিশ ঠাকুৰ, বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, ৰাজ্যিক কৃতি শিক্ষক বঁটাপ্ৰাপ্ত শিক্ষক নকুল কুৰ্মী, বুঢ়াগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কল্যাণ গগৈ, সমাজসেৱক সন্তোষ চাওঁতাল, গায়ক উমেশ তাঁতি, বিজেপিৰ জিলা অ বি চি মৰ্চাৰ সম্পাদক অমিয় ডেকা, নাহৰণী গাঁও পঞ্চায়তৰ সভাপতি শিৱেশ্বৰ গোৱালাৰ লগতে আটছাৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া, অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া, আটছাৰ বামগাঁও চাহ বাগিছাৰ বিষয়ববীয়া আৰু বামগাঁও চাহ বাগিছা, দীঘলীগাঁও, লোক্ৰা,বালিপৰা অঞ্চলৰ কৰমপ্ৰেমী ভালেসংখ্যক ৰাইজ উপস্থিত থাকে ।

You might also like