নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো দিনেই জীৱনৰ প্রথম দিন

- ইপ্সিতা কন্দলী শর্মা

মানুহ মাত্রেই আৱেগপ্রৱণ৷ এটি জীৱনত মানুহৰ হাবিয়াস বহুত থাকে৷ সেই হাবিয়াসবোৰ পূৰাবলৈ মানুহে দেখে অলেখ সপোন৷ দিন বাগৰে হাবিয়াসবোৰ পূৰণৰ চেষ্টাৰে আগবাঢ়ে৷ কেতিয়াবা হাবিয়াস পূৰ হয়, কেতিয়াবা নহয় বা কেতিয়াবা ভবামতে নহয়৷ নহ’লেই মানুহৰ মনবোৰত অশান্তিয়ে বাহৰ পাতিবলৈ লয় যেন অজানিতেই৷ আৰু বহু সময়ত দেখা যায় তেওঁলোক যেন এই অশান্তি বা অসন্তোষক গোটেই জীৱন লগতে লৈ পাৰ কৰিবলৈ সংকল্পবদ্ধহে হয়৷ প্রায়ভাগ মানুহেই বর্তমানৰ জীৱনটোত কৰিবলগীয়াখিনি কৰি যোৱাতকৈ অতীতত কৰিব নোৱৰাখিনিক লৈহে যেন বেছি সময় পাৰ কৰি বর্তমানৰ সুন্দৰ জীৱনটোক অৱহেলা কৰে৷ ফলত বর্তমানৰ জীৱনটোৰ এটি এটি মুকুতা যেন মুহূর্তক মূল্য দি যেন পূৰামাত্রাই জীয়াই থকাৰ সুখ লভিবলৈ সক্ষম নহয়৷ এয়া মানুহৰ বাবে খুবেই দুর্ভাগ্যৰ কথা৷
ক’ৰবাত পঢ়িছিলোঁ– নিউয়র্কৰ এজন মনোৰোগ বিশেষজ্ঞই স্বীকাৰ কৰিছিল যে তেওঁ তেওঁৰ ৰোগীসকলক মাত্র কেইটামান শব্দ ব্যৱহাৰ কৰিবলৈ শিকাই তেওঁলোকৰ জীৱন সলনি কৰি দিছিল৷ তেওঁ নিজৰ ৰোগীসকলক যি দুটা শব্দ ব্যৱহাৰ কৰিবলৈ নিষেধ কৰি দিছিল সেই দুটা হ’ল– ‘যদি কেৱল’৷ ডাক্তৰজনে আৱিষ্কাৰ কৰিলে যে তেওঁৰ বহুতো ৰোগীয়ে কেৱল অতীতত বাস কৰি থাকে৷ অতীতৰ ভুলবোৰৰ কথা মনত পেলাই তেওঁলোকে কেৱল কৈ থাকে যে ‘যদি মই এই কামটো বেলেগভাৱে কৰিলোহেঁতেন …’ তেওঁলোকে নিজকে কৈ থাকে ‘যদি মই চাকৰিৰ সাক্ষাৎকাৰটোৰ কাৰণে বেছি ভালকৈ প্রস্তুতি চলালোহেঁতেন৷ যদি কেৱল মই মোৰ ওপৰৱালাৰ লগত এই বিষয়ে খোলাখুলিকৈ আলোচনা কৰিলোহেঁতেন৷ অধ্যয়নৰ কাৰণে মই যিটো বিষয় বাছি লৈছিলোঁ সেইটোৰ পৰিৱর্তে মই যদি কেৱল ‘বুক কীপিং ল’লোহেঁতেন’ ইত্যাদি৷ আত্মনিন্দা তথা আত্ম সমালোচনাত মগ্ণ হৈ থকাটো এটা অতিকৈ বেয়া লক্ষণ৷ তাক সৰু কথা বুলি নলৈ বিশেষ গুৰুত্বসহকাৰে ল’ব লাগে৷ ইয়াৰ একমাত্র প্রতিকাৰ হ’ল ‘যদি কেৱল’ এই শব্দ দুটাক দৈনন্দিন কথা কোৱাৰ ভাষাৰ পৰা সমূলঞ্চে বিতাডিত কৰি নতুন এই তিনিটা শব্দ ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰা যায়– ‘ইয়াৰ পিছৰ বাৰ’৷ ‘ইয়াৰ পিছৰ বাৰ মই মোৰ ক’বলগীয়াখিনি স্পষ্ট ভাষাৰে ক’ম’ ইয়াৰ পিছৰবাৰ মই প্রথমটো সুযোগতে অধ্যয়নৰ বিষয় হিচাপে ‘বুক কীপিং বাছি ল’ম৷’ এই শব্দকেইটা নিজকে বাৰম্বাৰ এনেভাৱে কৈ থাকিলে সি এদিন নিশ্চয় আমাৰ অভ্যাসত পৰিণত হ’ব৷ অতীতৰ ভুলবোৰৰ কথা স্মৰণ কৰি নিজকে শাস্তি দিয়াটো আমাৰ বাবে অতিকৈ বেয়া পন্থা৷ সেইবোৰ ভুলৰ কথা মনলৈ আহিলেই নিজকে কেৱল ক’ব লাগে– ‘ইয়াৰ পিছৰবাৰ মই গোটেই কামটো বেলেগভাৱে কৰিম৷’ নিজকে এনেকৈ ক’বলৈ অভ্যাস কৰোঁতে কৰোঁতে এদিন নিশ্চয় আমি আটায়েই অতীতৰ ভুলবোৰৰ কথা পাহৰি যাম আৰু চিন্তা কৰিবলৈ আৰম্ভ কৰিম কেৱল বর্তমান আৰু ভৱিষ্যতৰ কথা৷ তেতিয়াই নিশ্চয় আমি লভিবলৈ সক্ষম হ’ম জীৱনৰ মাদকতা তেতিয়াই আমাৰ বাবে প্রতিটো দিনেই হ’ব জীৱনৰ প্রথম দিন৷ জীৱনৰ সেই প্রথম দিনটো সর্বাংগসুন্দৰ কৰিবলৈ আমি চেষ্টা কৰিম পূৰামাত্রাই আমাৰ সামর্থ্যৰে৷ আৰু কোনে জানে সেই জীৱনৰ প্রথম দিনটোতেই আমি এনে উৎসাহেৰে কাম কৰি যাবলৈ উৎসাহ পাওঁ যেন সেই দিনটো আমাৰ বাবে জীৱনৰ শেষ দিনহে, সেই দিনটোতেই যেন আমি আমাৰ কামবোৰ কৰি শেষ কৰিবই লাগিব মহাত্মা গান্ধীয়ে কৈছিল– ‘প্রতিটো দিন এই ভাবি যাপন কৰিবা যে কাইলৈয়ে তোমাৰ শেষ দিন৷আৰু প্রতিটো মুহূর্ততে এনে ভাবনাৰে শিকি যাবা যে তুমি অনন্তকাল বাচি থাকিবা৷’ গতিকে অতীতৰ ভুলবোৰৰ কথা ভাবি বর্তমানৰ জীৱন নৰকসদৃশ কৰাতকৈ বর্তমানৰ প্রতিটো দিন এটি নতুন দিন হিচাপে লৈ উৎসাহেৰে কর্ম কৰি যোৱাই হ’ব আমাৰ বাবে শ্রেয়৷ কিয়নো ‘আমি যি জানো বা আমি যি বিশ্বাস কৰোঁ এই সকলোবোৰেই শেষত নিষ্ফল হৈ পৰে৷ আমি যি কৰোঁ সেইটোৱেই একমাত্র সর্বশেষ ফলদায়ক কথা৷’ –জন ৰাস্কিন৷

You might also like