অতিৰিক্ত ২৯ মিনিটৰ টোপনিয়ে বৃদ্ধি কৰে মনৰ সক্ৰিয়তা, নতুন গৱেষণাত প্ৰকাশ
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ সুস্থ আৰু কর্মক্ষমতাৰ বাবে প্ৰতিজন ব্যক্তিকে প্ৰয়োজন টোপনিৰ। কিন্তু অকল কাম কৰি থকাটোৱেই নহয়, কৰ্মত সচেতনতা বৰ্তাই ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব থকা দৰকাৰ। বিশেষকৈ চিকিৎসা খণ্ডত ইয়াৰ প্ৰয়োজনীয়তা অধিক। এটা শেহতীয়া গৱেষণাত কোৱা হৈছে যে সাৰ পোৱাৰ পিছত অতিৰিক্ত ২৯ মিনিটৰ টোপনিয়ে এগৰাকী ব্যক্তিৰ মনৰ সক্ৰিয়তাত প্ৰভাৱ পেলায়।
শ্লিপ হেল্থ নামৰ জাৰ্নালত প্ৰকাশ পোৱা এটা মতে, নিশাৰ অতিৰিক্ত ২৯ মিনিটৰ টোপনিয়ে কোনো লোকৰ দৈনন্দিন কৰ্মদক্ষতাৰ লগতে সচেতনতা বা মনোযোগিতা তুলনামূলকভাৱে বৃদ্ধি কৰে। ইউনিভাৰ্ছিটী অৱ ছাউথ ফ্লোৰিডাৰ এটা গৱেষণাত প্ৰকাশ পোৱা মতে, কৰ্কট হাস্পতালত কৰ্তব্য পালন কৰি থকা নাৰ্ছৰ ওপৰত চলোৱা এটা সমীক্ষাত দেখা গৈছিল যে শোৱাৰ লগত তেওঁলোকৰ কৰ্মৰ সংগতি আছিল।
অৰ্থাৎ টোপনি আৰু মনোযোগৰ মাজত এটা সামঞ্জস্য দেখা গৈছিল। ৬১গৰাকী নাৰ্ছৰ ওপৰত কৰা সমীক্ষাটোত ভিন্নগৰাকী নাৰ্ছৰ ভিন্ন চৰিত্ৰ প্ৰকাশ পায়। অতিৰিক্ত সময় টোপনি মৰা নাৰ্ছসকলৰ কৰ্ম দক্ষতা আৰু মনোযোগ স্বাভাৱিক টোপনি মৰাসকলতকৈ বেছি ভাল হোৱা দেখা গৈছিল। অতিৰিক্ত টোপনি মৰা নাৰ্ছসকলে কৰ্মত অত্যধিক মনোযোগ দিবলৈ সক্ষম হোৱাৰ বিপৰীতে স্বাভাৱিকত টোপনি মৰাসকলৰ কৰ্ম চাঞ্চল্য আছিল যদিও মনোযোগৰ ক্ষেত্ৰত দুৰ্বল আছিল।
যিহেতু চিকিৎসা খণ্ডত কৰ্ম তৎপৰতাৰ লগতে সচেতনতাৰ অত্যন্ত দৰকাৰ, গতিকে এনে সমীক্ষাৰ জৰিয়তে পোহৰলৈ অনা হৈছিল টোপনিৰ বিষযটো।