নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পুনৰ দেশবাসীক উদ্দেশি ভাষণ প্ৰদান কৰিব প্রধানমন্ত্রী মোদীয়ে

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱলৈ মাজত মাত্র ১টা দিন বাকী৷ ঠিক তাৰ পূৰ্বে আজি সন্ধিয়া ৬ বজাত দেশৰ জনতাক সম্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। উৎসৱৰ বতৰত দেশবাসীক কি বার্তা দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে? তাক লৈ চৰ্চা চলিছে ৰাজনৈতিক মহলত।

ক’ৰোনা মহামাৰীৰ একেবাৰে আৰম্ভণিৰে পৰা নিয়মিত দেশবাসীক সতর্ক কৰি আছিল প্ৰধানমন্ত্ৰী মোদীয়ে। মাস্ক পিন্ধা, দুগজ দূৰত্ব বজায় ৰখা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা, ইত্যাদি সচেতনতাৰ বার্তা বহুবাৰ শুনা গৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত। যাৰ সুফল স্বৰূপে দেশত ক’ৰোনা সংক্রমণৰ গ্রাফ ক্রমশ নিম্নমুখী হোৱাৰ ইংগিত লাভ কৰা গৈছে।

You might also like