কৃষকবন্ধু মুখ্যমন্ত্রী ড০ শর্মা
- দেৱান ধ্রুৱজ্যোতি মৰল
অসমৰ সর্বকালৰ অন্যতম শ্রেষ্ঠ চৰকাৰখন দুবছৰ সম্পূর্ণ হোৱাৰ পথত৷ ২০২১ চনৰ ১০ মে’ত ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰিছিল৷ দক্ষতা, সাহস আৰু সবল নেতৃত্বৰ মূর্তমান প্রতীক ড০ শর্মাই মাত্র দুটা বছৰৰ ভিতৰতে অসমক সর্বাংগীণ বিকাশৰ দিশত তীব্র গতিত আগুৱাই নিবলৈ সক্ষম হৈছে৷ অসমৰ প্রতিটো প্রান্তৰ বৃদ্ধৰ পৰা নৱপ্রজন্মলৈকে সকলো স্তৰৰ জনসাধাৰণে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসনত উন্নয়নৰ নতুন ৰূপৰেখা প্রত্যক্ষ কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম চৰকাৰৰ প্রতিজন মন্ত্রীৰ বলিষ্ঠ কর্মৰাজিয়ে বিভাগসমূহৰ কাম–কাজ সুচাৰুভাৱে পৰিচালনা কৰিছে৷ সেয়ে চৰকাৰৰ কামকাজত উন্নয়নৰ গতিশীলতা বৃদ্ধি পাইছে৷
মোৰ বাবে সৌভাগ্যৰ বিষয় যে চলিত বর্ষৰ প্রথম ভাগতে অসম চৰকাৰৰ অধীনষ্ঠ খাদ্য, অসামৰিক যোগান নিগম লিমিটেডৰ উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ শাসনৰ স্পর্শ লাভ কৰিছেছা৷ উল্লেখ্য যে ২০১৪ চনত অসম খাদ্য, অসামৰিক যোগান নিগম প্রতিষ্ঠা হৈছিল৷ প্রথম অৱস্থাত বিভিন্ন কাৰিকৰী তথা আন্তঃগাঁথনিৰ অভাৱৰ বাবে যোগান নিগমে কাম আৰম্ভ কৰিব পৰা নাছিল যদিও ২০১৯ চনত প্রথমবাৰৰ বাবে বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সদিচ্ছাত নিগমে ধান ক্রয় অভিযান আৰম্ভ কৰে৷ প্রাৰম্ভিক পর্যায়ত নিগমে ৰাজ্যখনত ১৬টা ধান ক্রয় কেন্দ্র স্থাপন কৰি ৪,৫০,০০০ কুইণ্টল ধান ক্রয়ৰ লক্ষ্য স্থিৰ কৰি ৩,৯২৩জন কৃষকৰ পৰা ১,৮১৫ টকা প্রতি কুইণ্টল দৰত ৩,৫৬,৪০২ কুইণ্টল ধান ক্রয় কৰিবলৈ সক্ষম হয়৷ নূ্যনতম সমর্থিত মূল্য হিচাপে প্রায় ৬৪,৬৮,৬৯,৬৩০ টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা দিয়া হয়৷ দ্বিতীয়বাৰৰ বাবে যোগান নিগমে খাৰিফ বিপণন বর্ষ ২০২০–২১ত ৰাজ্যখনত মুঠ ১৫টা ধান ক্রয় কেন্দ্র স্থাপন কৰে আৰু ৭,৪২,০১৪.৯৩ কুইণ্টল ধান ক্রয়ৰ লক্ষ্য স্থিৰ কৰি ২,৬৬৭জন কৃষকৰ পৰা ১,৮৬৮ টকা প্রতি কুইণ্টল দৰত ২,০৬,৬৩০ কুইণ্টল ধান যোগান নিগমে ক্রয় কৰে৷ ইয়াৰ ফলত ৰাজ্যখনত কৃষকসকলে ৩৮,৫৯,৮৪,৮৪০ টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে এই বর্ষটোত সমগ্র অসমতে বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল, যাৰ ফলস্বৰূপে বিশেষকৈ বডো ধানৰ উৎপাদন যথেষ্ট নিম্নগামী হৈছিল৷ তাৰ পৰিপ্রেক্ষিতত নিগমে নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰা নাছিল৷ তৃতীয়বাৰৰ বাবে খাৰিফ বিপণন বর্ষ ২০২১–২২ত যোগান নিগমে সমগ্র অসমতে ধান ক্রয় অভিযানত নামি পৰিছিল৷ সেইমর্মে ৰাজ্যখনত নিগমে প্রায় ৮১টা ধান ক্রয় কেন্দ্র স্থাপন কৰে আৰু ২৩,৭২,০০০ কুইণ্টল ধান ক্রয়ৰ লক্ষ্য নির্ধাৰণ কৰে৷ তাৰ বিপৰীতে ৩১,৪৫৭জন কৃষকৰ পৰা ১৯৪০ টকা প্রতি কুইণ্টল দৰত ২৩,৯৩,৭০৫.২০ কুইণ্টল ধান ক্রয় কৰিবলৈ সক্ষম হয়৷ ফলস্বৰূপে ৪৬৪,৩৭,৮৮,০৮৮ টকা ৰাজ্যখনৰ কৃষকসকলে পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰে৷ উল্লেখযোগ্য যে অসম চৰকাৰে উক্ত বর্ষত কৃষকৰ পৰা ধান ক্রয় কৰিবলৈ প্রায় ১৬১ কোটি টকা ‘ৱ’র্কিং কেপিটেল’ হিচাপে যোগান নিগমক প্রদান কৰিছিল আৰু যথাসময়ত নিগমে এই ধন চৰকাৰক পৰিশোধ কৰিছিল৷ চতুর্থবাৰৰ বাবে যোগান নিগমে খাৰিফ বিপণন বর্ষ ২০২২–২৩ত (প্রথমত) প্রায় ৪২,০০,০০০ কুইণ্টল ধান ক্রয়ৰ লক্ষ্য আগত ৰাখি ধান ক্রয় অভিযানত নামি পৰে৷ ইয়াৰ বাবে ৰাজ্যখনত মুঠ ৯১টা ধান ক্রয় কেন্দ্রযোগে ২৭/০৪/২০২৩ তাৰিখলৈ ৪০,৭৩৭জন কৃষকৰ পৰা ২,০৪০ টকা প্রতি কুইণ্টল দৰত ২৯,১৫,৪৯৫.৪০ কুইণ্টল ধান ক্রয় কৰিবলৈ সক্ষম হৈছে৷ যাৰ নূ্যনতম সমর্থিত মূল্য প্রায় ৫৯৪,৭৬,১০,৬১৬ টকা৷ উল্লেখযোগ্য যে এতিয়ালৈকে ধান ক্রয় অভিযানৰ বাবে অসম চৰকাৰে প্রায় ৩৯১ কোটি টকা ‘ৱ’র্কিং কেপিটেল’ হিচাপে যোগান নিগমক প্রদান কৰিছে৷
উপাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰাৰ পিছত মঙলদৈ, নলবাৰী, টিহু, নগাঁও, বোকাখাট, গোলাঘাটৰ বিভিন্ন ধান ক্রয় কেন্দ্রত উপস্থিত হৈ কৃষকবন্ধুৰ সৈতে বার্তালাপ কৰিছিলোঁ৷ প্রত্যেকেই অসম চৰকাৰে ধান ক্রয়ৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপৰ বাবে বিজেপি চৰকাৰৰ শলাগ লোৱাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনাইছে৷ অসামৰিক খাদ্য যোগান নিগম লিমিটেডৰ উপাধ্যক্ষ হিচাপে ব্যক্তিগত অনুভৱ প্রকাশ কৰি ময়ো সগৌৰৱে ক’ব বিচাৰোঁ যে এসময়ত কৃষকসকলে নিজৰ কেঁচা ঘাম মাটিত পেলাই উৎপাদন কৰা সোণগুটিৰ উচিত মূল্য নাপাই লোকচানৰ সন্মুখীন হৈছিল৷ যাৰ ফলত বহুতেই কৃষিৰ প্রতি অনীহা প্রকাশ কৰিছিল৷ কিন্তু সেই সময়ৰ এতিয়া বিলুপ্তি ঘটিল৷ চৰকাৰখনে কৃষক বন্ধুসকলৰ কাৰণে গ্রহণ কৰা যুগান্তকাৰী পদক্ষেপসমূহৰ কাৰণে প্রতিজন কৃষকেই আশাৰ ৰেঙনি দেখিছে৷ বহু যুৱপ্রজন্মই চাকৰিমুখী নহৈ কৃষিৰ প্রতি আগ্রহ প্রকাশ কৰিছে৷ একপ্রকাৰে ভাৰতীয় জনতা পার্টীৰ চৰকাৰখন কৃষকবন্ধুলৈ পৰিণত হৈছে৷ সমগ্র ৰাজ্যখনত এনে এক ইতিবাচক ধাৰণা গঢ় দিয়াৰ অন্তৰালত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী কর্ম জডিত হৈ আছে৷ অসম চৰকাৰৰ দুবছৰীয়া বর্ষপূর্তি উপলক্ষে কিছু কথা জনসাধাণৰ জ্ঞাতার্থে দাঙি ধৰিলোঁ৷ লগতে মুখ্যমন্ত্রী, অসম চৰকাৰৰ প্রতিজন মন্ত্রীক বর্ষপূর্তিৰ অভিনন্দন জনালোঁ৷