মৃত্যু–ভয়
প্রাচীন এথেন্সৰ নাগৰিকসকলে ছক্রেটিছক প্রাণদণ্ড দিছিল৷ হেমলক নামৰ বিষ খাই আত্মহত্যা কৰিবলৈ তেওঁক বাধ্য কৰা হৈছিল৷ ছক্রেটিছৰ অপৰাধ আছিল এই যে তেওঁ এথেন্সৰ ডেকাসকলক তেওঁলোকৰ অজ্ঞতা সম্পর্কে সজাগ কৰি তুলিবলৈ চেষ্টা কৰিছিল আৰু মুকলি আলোচনাৰ দ্বাৰাই সত্যৰ সন্ধান কৰাৰ অধিকাৰ দাবী কৰিছিল৷ তেওঁৰ সেই দাবী মানি নলৈ এথেন্সৰ নাগৰিকসকলে তেওঁক প্রাণদণ্ড দিলে৷ মানুহৰ সমগ্র ইতিহাসত ছক্রেটিছৰ বিচাৰ এটা অবিস্মৰণীয় গৌৰৱময় অধ্যায়৷ প্লেটোৱে তেওঁৰ ৰচনাত সেই বিচাৰৰ কাহিনীক অমৰ কৰি থৈ গৈছে৷ সেই বিচাৰক উপজীব্য হিচাপে লৈ বহুতো কবিতা ৰচিত আৰু চিত্র অংকিত হৈছে৷ তাৰ এটা প্রধান কাৰণ আছিল মৃত্যুৰ প্রতি ছক্রেটিছৰ চৰম বেপৰোৱা নির্বিকাৰ মনোভংগী৷ যুগ যুগ ধৰি অসংখ্য মানুহ প্রাণদণ্ডৰে দণ্ডিত হৈছে কিন্তু ছক্রেটিছে যি প্রশান্ত চিত্তে প্রাণদণ্ড গ্রহণ কৰিছিল তাৰ তুলনা বিৰল৷ ছক্রেটিছে হেমলক পান কৰাৰ আগমুহূর্তত তেওঁৰ শিষ্যসকল বিষাদত কাতৰ হৈ পৰিছিল তেওঁলোকক সাত্ব্ন্না দিব লগা হৈছিল ছক্রেটিছে নিজে৷ মৃত্যুৰ আগমুহূর্তত যিটো কথা তেওঁৰ মনলৈ আহিছিল সেইটো আছিল এই যে এজন প্রতিৱেশীৰ পৰা এটা কুকুৰা চৰাই ধাৰলৈ কিনিছিল তেওঁৰ মৃত্যুৰ পিছত প্রতিৱেশীজনক তেওঁৰ প্রাপ্য ধনখিনি পৰিশোধ কৰিবলৈ ছক্রেটিছে তেওঁৰ শিষ্যসকলক নির্দেশ দিছিল৷ একেবাৰে শেষ মুহূর্তত ছক্রেটিছে ক’লে– ‘এতিয়া আমাৰ যোৱাৰ সময় আহি পাইছে৷ মই যাওঁ মৰিবলৈ তোমালোক যাবা জীয়াই থাকিবলৈ৷ কোনটো বেছি ভাল সেই কথা জানে একমাত্র ঈশ্বৰে৷’
যোৱা বিশ বছৰত মই কেইবাবাৰো মৃত্যুৰ ভাবুকি পাব লগা হৈছে৷ মৃত্যুৰ ভাবুকি পালেই মনত বল বান্ধিবলৈ মই যিবোৰ কথা মনত পেলাওঁ সেইবোৰৰ ভিতৰত এটা হ’ল ছক্রেটিছৰ কাহিনী৷ মই দহ–বাৰ বছৰীয়া ল’ৰা হৈ থাকোঁতেই ‘দেশ’ নামৰ বিখ্যাত বাংলা আলোচনীত বিবেকানন্দ মুখোপাধ্যায়ৰ ‘ছক্রেটিছৰ বিচাৰ’ নামৰ এটা দীঘল কবিতা পঢ়িছিলোঁ৷ কবিতাটোৱে মোৰ কোমল–বয়সীয়া মনত যি অনুৰণন সৃষ্টি কৰিছিল যি আজিও মাৰ যোৱা নাই৷ মোৰ মন অতি গভীৰভাৱে আলোড়িত কৰা কেইজনমান মুষ্টিমেয় মানুহৰ ভিতৰত এজন হ’ল ছক্রেটিছ৷ মই মোৰ ঘৰত যিটো কোঠাত বহি কিতাপ পঢ়োঁ সেই কোঠাটোৰ বেৰত মাত্র তিনিখন ছবি ওলমাই থোৱা আছে৷ তাৰে এখন হ’ল মোৰ প্রিয় চিত্রকৰ ভিন্চেণ্ট ভেন গঘৰ বিখ্যাত আত্ম–প্রতিকৃতি৷ দ্বিতীয়খন হ’ল তেওঁৰেই বিখ্যাত চিত্র– ‘সূর্যমুখী ফুল’৷ তৃতীয়খন হ’ল জেক্ছ লুই ডেভিডৰ বিখ্যাত চিত্র– ‘ছক্রেটিছৰ মৃত্যু’৷ সেই চিত্রখন মই সকলো সময়তে দেখি থাকিব পৰাকৈ আঁৰি লৈছোঁ মোৰ বহা চকীখনৰ ঠিক সমুখৰ বেৰখনত৷ মৃত্যুৰ ভাবুকি পালেই মই সেই ছবিখনলৈ বেছি সময় চাই থাকি ছক্রেটিছৰ প্রশান্ত মুখখনৰ পৰা সাহস আহৰণ কৰিবলৈ চেষ্টা কৰোঁ৷
ছক্রেটিছ, গিয়র্ডানো ব্রুনো, গান্ধী আদি অসাধাৰণ মানুহবোৰে মৃত্যৰ লগত বে–পৰোৱাভাৱে খেলা কৰি গৈছে৷ কিন্তু এনেধৰণৰ নৈতিক বীৰত্ব কেৱল অসাধাৰণ মানুহৰে একচেটিয়া অধিকাৰ নহয়৷ ইতিহাসত নাম ৰাখি যাবলৈ সুযোগ পোৱা কেইশমান মৃত্যুঞ্জয় মানুহৰ তুলনাত মৃত্যু–ভয়ক হেলাৰঙে জয় কৰা অখ্যাত–জ্ঞাত সাধাৰণ মানুহৰ সংখ্যা বহুগুণে বেছি৷ আচলতে মৃত্যুভয়ক জয় কৰিব পৰাৰ পৌৰুষ যদি মাত্র কেইজনমান ক্ষণজন্মা অসাধাৰণ মানুহৰ মাজতে সীমাবদ্ধ হৈ থাকিলহেঁতেন, তেন্তে মানুহ আধ্যাত্মিক বিকাশৰ ইমান উচ্চ স্তৰলৈ কেতিয়াও উঠিব নোৱাৰিলেহেঁতেন৷ অতি সাধাৰণ মানুহেও প্রয়োজনৰ মুহূর্তত মৃত্যু–ভয়ক জয় কৰিব পাৰে৷ কাপুৰুষৰ সংখ্যা বেছি হোৱা সত্ত্বেও মানুহৰ সভ্যতা–সংস্কৃতি যে আজিও টিকি আছে তাৰ এটা প্রধান কাৰণ হ’ল সাধাৰণ মানুহৰ মাজত থকা এই অসাধাৰণ মহত্ত্ব৷
মৰিবলৈ মই সমূলি ভয় নকৰোঁ এনে অসত্য আৰু অবাস্তৱ দাবী মই কেতিয়াও নকৰোঁ৷ জীৱনটোক মই ইমান বেছি ভাল পাওঁ যে মৃত্যুৰ কথা মনলৈ আহিলেই মনটো বিষাদত ভাৰাক্রান্ত হৈ পৰে৷ কিন্তু সেইবুলি কোনোবাই মোক মৃত্যুৰ ভয় দেখুৱাই বিবেকৰ বিৰুদ্ধে কাম কৰাবলৈ মোক বাধ্য কৰিবলৈ চেষ্টা কৰিব– তেনে কথা মই কেতিয়াও সহ্য নকৰোঁ৷ কোনো মানুহেই অমৰ নহয়৷ এদিন আগত বা পিছত সকলো মানুহেই হ’ব লাগিব মৃত্যুৰ আহাৰ৷ তেনেস্থলত গুপ্তঘাতকৰ ওচৰত নতজানু হৈ প্রাণ ভিক্ষা কৰি দুদিনমান বেছিকৈ জীয়াই থাকি লাভ কি? তেনেকৈ জীয়াই থকাটোক মই জীয়াই থকা বুলি ক’ব নোখোজোঁ৷ মই নিজকে খুব বেছি সাহসী মানুহ দাবী নকৰোঁ৷ কেতিয়াবা মোৰ নিজকে খুব কাপুৰুষ যেন লাগি যায় আৰু সেইবোৰ মুহূর্তত মই নিজকে খুব ঘিণ কৰোঁ৷ কিন্তু মই এটা কথা শিকিছোঁ যে মৃত্যু–ভয় নোহোৱা মানুহকে সাহসী বুলি নকয় যি মৃত্যু–ভয় খুব বেছিকৈ অনুভৱ কৰা সত্ত্বেও তাক জয় কৰিব পাৰিছে তেৱোঁ সাহসী৷
যিসকল লোকে মোক হত্যা কৰাৰ ভাবুকি দিছে তেওঁলোকক মই ক’ব খোজোঁ যে মোক হত্যা কৰা কামটো নিচেই সহজ৷ মই অকলে থাকোঁ, অকলে ঘূৰি ফুৰোঁ, সদায় নির্দিষ্ট সময়ত নির্দিষ্ট পথেদি অফিচলৈ অহা–যোৱা কৰোঁ, লগত কেতিয়াও দেহ–ৰক্ষী নাৰাখোঁ৷ হে মোৰ ভাবী, হত্যাকাৰী, ইয়াতকৈ সহজ টার্গেট আন কি হ’ব পাৰে?