নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ৰোনা আক্রান্তৰ হাৰ হ্রাস পালে ২.১৪ শতাংশলৈ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ক্রমাৎ সামান্য উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷ আক্রান্তৰ হাৰ ২.১৪ শতাংশলৈ নিম্নগামী হৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি শনিবাৰে ৰাজ্যখনত ১,৬১,৮৯৬জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ৰাজ্যখনত মুঠ ৩,৪৬৩জন লোকৰ দেহত পজিটিভ ধৰা পৰে৷ সেই অনুসৰি দিনটোত আক্রান্তৰ হাৰ ২.১৪ শতাংশ৷ 

শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত ২৬৭জন শোণিতপুৰ, ২৬৪জন কাছাৰ, ২৪৬জন গুৱাহাটী, ২১২জন তিনিচুকীয়াৰ৷ এই তথ্য অনুসৰি শোণিতপুৰ আৰু কাছাৰ জিলাৰ পাছত শনিবাৰৰ দিনটোত আক্রান্তৰ সংখ্যাৰ দিশেৰে গুৱাহাটী তৃতীয় স্থানত আছে৷ আনহাতে, শনিবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৪২জন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত যোৰহাটৰ ৭জন, ডিব্রুগড়ৰ ৫জন, শিৱসাগৰ–শোণিতপুৰৰ ৪জন, গোলাঘাট–কামৰূপ মেট্র’ৰ ৩জন, হাইলাকান্দি–মৰিগাঁও– ২জন, বাক্সা–বিশ্বনাথ–কাছাৰ আংলং–নলবাৰী–তিনি আৰু ওদালগুৰিৰ এজনকৈ লোক আছে৷

ইপিনে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৫,৬০০জন লোকক ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ৪৮,২৯৮জন সক্রিয় ক’ভিড ৰোগী আছে৷ ৰাজ্যখনত সুস্থতাৰ হাৰ ৮৯.৩৮ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৮৬ শতাংশ৷ সেইদৰে শনিবাৰৰ দিনটোলৈ ৰাজ্যখনত ৪৭,৫১,৯২৬জন লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ৩৮,৩৫,৩৩২জনক প্রথম ড’জ আৰু ৯,১৬,৫৯৪জন লোকক দ্বিতীয় ড’জ ভেকচিন দিয়া হৈছে৷

ইফালে শনিবাৰে অসমে নতুনকৈ ১.৫০ লাখ ড’জৰ ক’ভিশ্বিল্ড ভেকচিন লাভ কৰিছে৷ এই ভেকচিনখিনি ৪৫ বছৰ বয়সৰ ঊর্ধ্বৰ লোক, স্বাস্থ্যকর্মী আৰু ফ্রণ্টলাইন ৱর্কাৰক দিয়াৰ বাবে অসমে লাভ কৰিছে৷

You might also like