নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহজলভ্য ঢেকীয়াৰ উপকাৰী গুণ-

অসমৰ প্ৰায়বোৰ অঞ্চলতে বাৰিষাকালত সহজভাৱে উপলবদ্ধ তথা উপকাৰী শাক বিধেই হৈছে ঢেকীয়া। অসম তথা ভাৰতবৰ্ষত কোনো ঠাইতে ঢেকীয়া কৃষিভিত্তিক হিচাপে গঢ় লৈ উঠা নাই বাবে এই বিধ শাক সাৰ বা কীটনাশক দ্ৰব্যৰ পৰা মুক্ত হৈ আছে আৰু ইয়াৰ বজাৰ মূল্যও কম।

ঢেকীয়া সহজ লভ্য হোৱাৰ উপৰিও এই শাক বিধত বহু দৰকাৰী উপদান পোৱা যায়।১০০গ্ৰাম ঢেকীয়াত ৩৫ শতাংশ কেলৰি, কাৰ্বোহাইড্ৰেট – ৪ শতাংশ, প্ৰটিন- ৮ শতাংশ, ফেট – ২শতাংশ, কলেষ্টৰল ০, ভিটামিন – এ, ভিটামিন – বি , ভিটামিন – চি; চডিয়াম ১ শতাংশৰো কম, পটাচিয়াম ৮ শতাংশ; মিনাৰেল কেলচিয়াম ৩ শতাংশ, ক’পাৰ ৩৫ শতাংশ, আইৰণ ১৬ শতাংশ, মেগনেচিয়াম ৮-৫ শতাংশ, মেংগানিজ ২২ শতাংশ, জিংক ৭-৫ শতাংশ আৰু চেলেনিয়াম ১ শতাংশ, বিটা-কেৰটিন, এন্টিঅক্সিডেন্ট, অমেগা-৩, অমেগা – ৬ আৰু লাগতিয়াল ফেটি এচিড পোৱা যায়।

অতি সহজে পোৱা এই শাকবিধৰ আছে বহু উপকাৰী গুণ-

১)ডায়েবেটিছ ৰোগীৰ বাবে ঢেকীয়া উপকাৰী।
২)এই বিধ শাকত ভিটামিন এ পোৱা যায়।যাৰ বাবে দৃষ্টিশক্তি বৃদ্ধি কৰে ঢেকীয়াই।
৩)কেঞ্চাৰ, হাওঁফাওঁ, বক্ষ আৰু মুখৰ ছালৰ কৰ্কটৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
৪)উচ্চৰক্ত ৰোগীৰ বাবে ঢেকীয়া উপকাৰী।
৫)জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগত উপকাৰী
৬)ঢেঁকীয়া শাকৰ বিকিৰণ ৰোধক গুণ (Ant radiation power )আছে বুলি চিনাক্ত হৈছে ৷
৭)কেলচিয়াম, ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।
৮)ৰুচি বৰ্ধক, আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।
৯)পেলুৰ সমস্যাত ঢেঁকীয়া শাক উপকাৰী।
১০)ঢেকীয়াত এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থ যেনে কেলছিয়াম পোৱা যায় যি হৃদৰোগৰ বাবে উপকাৰী।

You might also like