‘উৰণীয়া সেতু’/‘উৰণ সেতু’
যোৱা ১৫ নৱেম্বৰত প্রকাশিত মোৰ ‘উৰণীয়া সেতু’ নহয়, ‘উৰণ সেতু’–হে’ শীর্ষক চিঠিখনৰ প্রসংগত শ্রীযুতা লীলাৱতী শইকীয়া বৰাই লিখা, ১৭ নৱেম্বৰত প্রকাশিত চিঠিখন পঢ়িলোঁ৷ পথ বা আন সমতল ভূমিৰ সমানে সমানে কিম্বা নদী বা আন জলৰাশিৰ দুপাৰে থকা পথ বা আন স্থলভাগৰ দুটা মূৰ সংযুক্ত কৰি নির্মাণ কৰা দলং বা সেতুক উৰণীয়া সেতু বা উৰণ সেতু, একো বোলাৰ প্রশ্ণ নুঠে৷ সেই বিষয়ে কাৰো দ্বিমত নাই৷ প্রশ্ণ হৈছে, যান জঁট আৰু অন্যান্য জঞ্জাল এৰাই অহা–যোৱা কৰি সময় বচোৱাৰ সুবিধার্থে স্থলভূমিৰ ওপৰেদি তথা আকাশৰ নিম্নতম অংশইদি নির্মাণ কৰা দলং বা সেতুসমূহৰ বিশেষণবাচক শব্দটোক লৈহে এতিয়া কথা হ’ল৷ উল্লিখিত উদ্দেশ্যৰে, ‘উৰি যোৱা’ৰ দৰে তীব্র গতিত যোৱা, অর্থাৎ সেই ‘উৰণ’ বোলা কার্য্যটো কোনে বা কিহে কৰে, – মানুহে তথা যান–বাহনে, নে, সেই তেনেকুৱা সেতুবোৰে কৰে? যি উৰণ কৰে, সিহে উৰণীয়া৷ সেই সেতুবোৰে সেই ‘উৰণ’ কার্য্যটো নকৰে৷ সেইবোৰ সদায় একে ঠাইতে থাকে৷ আকাশেদি উৰি যোৱা আকাশী যান বা বিমানবোৰহে উৰণীয়া আকাশখন উৰণীয়া নহয়৷ বহুদিন ধৰি চলি অহা বুলিয়েই, অসমীয়াত বহু শব্দ ভুলকৈ চলি আছে৷ শুদ্ধকৈ সলাই ল’ব নোৱৰাৰ একো কাৰণ নাই৷ ‘উৰণীয়া’–ৰ আভিধানিক অর্থ – উৰি ফুৰা, উৰিব পৰা ‘এইব্ল্ টু ফ্লাই’৷ মই এই বিষয়ত আৰু বাদানুবাদত লিপ্ত নহওঁ৷ বিষয়টো, পাঠক সমাজ, বিদ্বৎ মহল আৰু সংবাদ মাধ্যমলৈ এৰিলোঁ৷ মোৰ কথা হ’ল, ‘উৰণ’ কার্যৰ সুচলার্থে নির্মিত সেতু ‘উৰণ সেতু’৷
এই প্রসংগতে, কিন্তু এই কাকতৰ মাধ্যমত শ্রীযুতা (ডঃ) শইকীয়া বৰাৰ লগত হোৱা পত্রালাপৰ বিষয়টো ইমানতে এৰি, আমাৰ মাজত ভুলকৈ চলি থকা এটা বিশেষ শব্দৰ কথা কওঁ৷ সেই শব্দটো হ’ল – ‘বেদখল’ (উচ্চাৰণ–বে’দখল–) আমি আটায়ে জানো যে বে’–বোলা এই শব্দটো হৈছে আৰবী, পার্ছী/ফার্চী, উর্দু মূলৰ শব্দ, যিটোৰ অর্থ হৈছে বিহীন/নোহোৱা/বহির্ভূত, যেনে – বে’–আইনী (আইন বহির্ভূত), বেইমান (বিশ্বাস নোহোৱা, বিশ্বাসঘাতক), বেইমানী (বিশ্বাসঘাতকতা), বে’ফিকিৰ (ফিকিৰ (ফিক্ৰ্), ভয় বা কেৰেপ নকৰা), বেইজ্জত (ইজ্জত বা মান–সন্মান নোহোৱা, একেদৰে, – বেইজ্জতি), বে’নজিৰ (যাৰ নজিৰ বা তুলনা নাই), বে’চৰম (মূল–বে’শৰ্ম্ অর্থাৎ নিলাজ) ইত্যাদি৷ এতেকে, সেই দিশৰ পৰা চাবলৈ গ’লে, – বে (বে’) দখল–বোলা শব্দটোৰ প্রকৃত অর্থ হ’ল দখলবিহীন৷ সেয়ে, হিন্দীত, – কোনো লোকক ক’ৰবাৰ পৰা উচ্ছেদ কৰি দখলবিহীন কৰিবলৈ নির্দেশ দিওঁতাই কয় – ‘‘উন্লোগোঁকো উধাৰসে’ বে’–দখ্ল কৰো’’৷ কিন্তু অসমীয়াত, ‘দখল’ শব্দটোৰ লগত এই (বে’) শব্দটোৱে কিবা দুর্বিপাকত ভুলকৈ ‘বে’আইনী’বা ‘আইনবিৰুদ্ধ’ অর্থ পৰিগ্রহ কৰিলে৷ এইটো এটা সম্পূর্ণ সুকীয়া কথা যে ইতিমধ্যে –বে’–দখল’ বোলা এই শব্দটো এই ভুল অর্থসহ অসমীয়াত ব্যাপকভাৱে চলন্ত হোৱাৰ উপৰি, ই অভিধানতো ঠাই পাইছে৷ সেই বিষয়ে ক’বলৈ গ’লে বহু ঠাইৰ প্রয়োজন হ’ব৷ থাকক৷ কিন্তু এই কথা ক’বই লাগিব যে মূল শব্দটোৰ উচ্চাৰণ অনুসাৰে, শব্দটোৰ অসমীয়া বানানটো ভুল৷ শুদ্ধ উচ্চাৰণ অনুসাৰে, তাৰ বানান, – বেদখল – নহয়, –বে’–দখল–হে অর্থাৎ–বে–আখৰটোত, এ’–ধ্বনিসূচক ঊর্ধ্বকমাটো অপৰিহার্য্য৷ বাংলাত সেই চিহ্ণটোৰ প্রয়োজন নাই কিয়নো, বাংলাত, – বে–ত সেই চিহ্ণটো অবিহনেই তাৰ উচ্চাৰণটো বে’–ৰূপে হয় অসমীয়াত নহয়৷ অসমীয়াত, – বে–ৰ উচ্চাৰণ ছাগলীৰ বেবনিটোৰ নিচিনা BAE)হে হয়৷ বৃহৎসংখ্যক অসমীয়া মানুহে মন নকৰে বা অৱজ্ঞা কৰে বা নাজানেই যে অসমীয়া আৰু বাংলা লিপিত–এ–আখৰটো আৰু–এ–কাৰডাল (ে) একেই হ’লেও, কথিত ৰূপত দুয়োটা ভাষাতে দুয়োটা (এ আৰু ে)ৰে উচ্চাৰণ সুকীয়া সুকীয়া৷ বেছিভাগ অসমীয়া মানুহে ইংৰাজী শব্দ অসমীয়ালৈ লিপ্যন্তৰিত কৰোঁতে একো নভবা নিচিন্তাকৈ, লিপ্যন্তৰিত কলা ৰূপসমূহ অন্ধভাৱে অনুকৰণ কৰা হেতুকে কিছুমান দিশত ভাষাটোৰ ভয়ংকৰ অৱস্থা হৈছে বহু শব্দত থকা অপৰিহার্য্য ‘ৰ’–টো অন্তর্ধান হৈছে৷ আনহাতে, অসমীয়া আখৰ চিনি নোপোৱা আৰু ৰৌমান/ইংৰাজী লিপি চাই ডঃ ভূপেন হাজৰিকাৰ গীত গোৱা অনেক ‘উদীয়মান অসমীয়া শিল্পী’ৰ মুখত শুনা যায় – ‘মানুহে’ মানুহৰ বাবে’/যদিহে’ অকণু নাভাবে’/ভাবিব কুনেনু কুৱাঁ, সমনীয়া/মানুহে’’ মানুহৰ বাবে’… চৌদিশে জংঘলৰাজ৷
শেষত কওঁ কিছুদিনৰ আগৰ এটা কথা৷ এটা দূৰদর্শন প্রতিষ্ঠানৰ এটা আলোচনাত এই লিখকে – বেদখল–(বে’দখল) শব্দটোৰ মূলগত অর্থ তথা শব্দটোৰ ভুল প্রয়োগৰ কথা আঙুলিয়াই দিয়াৰ পাছত সেই বিষয়ে হোৱা আলোচনাৰ অন্তত প্রতিষ্ঠানটোৰ দায়িত্বশীল মহলে সিদ্ধান্ত লৈছিল যে তেতিয়াৰে পৰা প্রতিষ্ঠানটোৱে বে’–দখল–ৰ পৰিৱর্তে, – ‘অবৈধ দখল’ বোলা এই দুটা শব্দ ব্যৱহাৰ কৰিব৷ তেতিয়াৰে পৰা সেইটো প্রতিষ্ঠানে মাজে মাজে তাকে কৰিছে হয় কিন্তু মাজে মাজেহে৷ প্রতিষ্ঠানৰ কোনো কোনো অনুষ্ঠানত, ইগৰাকী সিগৰাকী কর্মকর্তাই তাৰ মাজে মাজে আকৌ মন্ত্র মাতে ‘বে’–দখল’ বিভিন্ন প্রতিষ্ঠানৰ বিভিন্নজনে আকৌ আৰু একাঠী চৰা বোলে – ‘অবৈধ বে’–দখল’ ‘বে’–দখল’–টোৱেয় ভুল তাতে আকৌ ‘অবৈধ বে’–দখল’ তেনেহ’লে দেখোন ‘ বৈধ বে’–দখল’ এবিধো থাকিব লাগিব এনেকুৱাতহে কোৱা হয় বোলে – ‘মই ক’তে মৰোঁ’
-দেৱেন দত্ত
সুন্দৰপুৰ, গুৱাহাটী
ফোন: ৯৮৬৪৩–৬৯৮২১