নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুটিক ডায়েপাৰ পিন্ধালে কি কি কথালৈ মন কৰিব

বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ শিশুৰ ক্ষেত্ৰত ডায়েপাৰ এবিধ অতি প্ৰয়োজনীয় সামগ্ৰী হৈ উঠিছে। দুবছৰৰ তলৰ শিশুৱে প্ৰস্ৰাৱ-পায়খানা সঠিকভাৱে ধৰি ৰাখিব নোৱাৰে। সেয়ে যিকোনো সময়তে য’ত ত’ত দেহৰ বৰ্জনীয় পদাৰ্থবোৰ বাহিৰ হৈ যায়। যাৰ বাবে শিশুটিক চোৱা-চিতা কৰা জনে বহুসময়ত অসুবিধাত পৰে। এই সকলোৰে পৰা মুক্তি পাব পাৰি আধুনিক জীৱনধাৰাৰ লগত সংপৃক্ত হৈ উঠা ডায়েপাৰ নামৰ বস্তুবিধৰ জৰিয়তে। কিন্তু বহুতকে কোৱা শুনা যায় ডায়েপাৰ পিন্ধোৱাৰ ফলত শিশুটিৰ নানা সমস্য়াই দেখা দিয়ে। বিশেষকৈ ‘ৰেছ’ উমৈহতীয়া সমস্যাৰ দৰে হৈছে। মনত ৰাখিব শিশুৰ ছালখন খুবেই কোমল আৰু সংবেদনশীল। সেয়ে শিশুটিক ডায়েপাৰ পিন্ধালে কি কি কথালৈ মন কৰিব, বিশেষজ্ঞই কি কয় তাকে চাওঁ আহক-

দিনটো পিন্ধাই থাকিলে জন্মৰ পাছত প্ৰথম তিনি মাহলৈ ডায়েপাৰ প্ৰায় ৯ বাৰলৈ সলনি কৰিব লাগে। অৰ্থাৎ দুঘণ্টা/আঢ়ৈ ঘণ্টাৰ মূৰে মূৰে সলনি কৰি থাকিব। ৰাতিও সেই কথা মনত ৰাখি চলিব। কিছু ডাঙৰ হোৱাৰ পাছত অলপ দীঘলীয়া সময়ৰ বাবে ৰাখিব পাৰে। ডায়েপাৰটো গধুৰ হৈছে নেকি মন কৰি থাকিব।

কিনোতে ডায়েপাৰৰ আকাৰত গুৰুত্ব দিব। বেছি সৰু আৰু টানকৈ চেপি ধৰি থকা ডায়েপাৰে শিশুটিক কষ্ট দিয়ে। ইপিনে, অলপ ডাঙৰ হ’লেও ‘লীক’ হোৱাৰ সম্ভাৱনা থাকে। সেয়ে শিশুৰ বয়স হিচাপে নহয়, ওজন জুখিহে ডায়েপাৰৰ আকাৰ নিৰ্ধাৰণ কৰিব।

প্ৰতিবাৰে ডায়েপাৰ সলনি কৰি ৱাইপছ বা পাতল কপাহী কাপোৰ তিয়াই পৰিস্কাৰ কৰি দিব। তাৰ পাছত শুকান কাপোৰেৰে মচিব। পিন্ধোৱাৰ সময়ত সঠিককৈ পিন্ধোৱা হৈছেনে নাই তালৈ নজৰ দিব, যাতে শিশুটিয়ে একো অসুবিধা নাপায়।

দিনটোত কমেও এবাৰ/দুবাৰকৈ ডায়েপাৰ ৰেছ ক্ৰীম ভালকৈ সানি দিবলৈ কেতিয়াও নাপাহৰিব। ডায়েপাৰ ৰেছ ক্ৰীম নাথাকিলে বিশুদ্ধ নাৰিকলৰ তেল অকনমান পাতলকৈ সানি দিব পাৰে। কিন্তু সদায়ে তেনে নকৰিব।

ডায়েপাৰ প্ৰথম কিনোঁতে সৰু পেক কিনিব। কাৰণ নিৰ্দিষ্ট কোম্পানীৰ ডায়েপাৰটো শিশুটিৰ উপযোগী নহ’বও পাৰে। বহুত কোম্পানীয়ে ‘ছেম্পল পেক’ বিনামূলীয়াকৈ দিয়ে। তেওঁলোকৰ ৱেবছাইটত গৈ বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিচাৰি শিশুটিক পিন্ধাই চাই পাছত ব্যৱহাৰৰ বাবে কিনিব পাৰে।

সাধাৰণতে জন্মৰ পৰা ৬মাহলৈ টেপ ডায়েপাৰ ব্যৱহাৰ কৰিব লাগে। আৰু ৬ মাহৰ পাছত পেণ্ট ডায়েপাৰ ব্যৱহাৰ কৰিব লাগে।

আজিকালি কাপোৰৰ ডায়েপাৰো বজাৰত উপলব্ধ। সেইবোৰ ডিজপোজিবল ডায়েপাৰতকৈ বেছি ভাল। কিন্তু দামৰ প্ৰতি লক্ষ্য কৰি বহুতে ব্যৱহাৰ কৰিব নোৱাৰে। আচলতে ডায়েপাৰ বৰ ব্যয় বহুল সামগ্ৰীয়ে। সেয়ে ব্যৱহাৰ কৰিলে দামত মন নিদি ভাল ব্ৰেণ্ডত গুৰুত্ব দিব।

ডায়েপাৰ পিন্ধোৱাৰ বাবে খুব বেছি সমস্যাৰ সৃষ্টি হ’লে সোনকালেই চিকিৎসকৰ পৰামৰ্শ ল’ব।

You might also like