🔹 দীপামণি হাজৰিকা বৰুৱা
এটা জাতিক ভৱিষ্যৎ প্রজন্মৰ আগত সু–শৃংখলিত আৰু সঁচা ৰূপত চিনাকি কৰাই দিয়াৰ ক্ষেত্রত স্থাপত্য শিল্পই এক অনন্য ভূমিকা পালন কৰে৷ ইতিহাসে যেতিয়াই সঠিক তথ্যৰ যোগান ধৰিবলৈ অপাৰগ হয়, তেতিয়াই মানুহে কিংবদন্তিৰ কাষ চাপে৷ মুখে মুখে প্রচলিত কিংবদন্তিসমূহৰ সহায় লৈয়ে কেতিয়াবা একো একোটা স্থাপত্য শিল্পৰ অতীত সম্পর্কে একোটা ধাৰণা গ্রহণ কৰি শিল্পবিধৰ ভৱিষ্যৎ সম্পর্কে সিদ্ধান্ত গ্রহণ কৰিব লগা হয়৷ সুদূৰ চীন দেশৰ পৰা আহি প্রায় ছশ বছৰ অসমত ৰাজত্ব কৰা আহোমসকলে অসমত স্থাপত্য শিল্পৰ ক্ষেত্রত এক সোণোৱালী যুগৰ সৃষ্টি কৰি থৈ গৈছে৷ মধ্যযুগৰ শেষৰ ফালে আহোমসকলে স্থাপন কৰা বিভিন্ন মঠ, মন্দিৰ, দেৱালয়, দ’ল ইত্যাদিবোৰে ভাৰতৰ পুৰাতত্ত্ব বিভাগক সময়ে সময়ে অসমৰ অতীত অধ্যয়নৰ ক্ষেত্রত গুৰুত্বপূর্ণ তথ্যৰ যোগান ধৰি আহিছে৷ অসমক সমৃদ্ধ কৰি ৰখা আহোমসকলৰ তেনেকুৱা এটা ঐতিহাসিক দ’লৰ নামেই হৈছে ঘূগুহা দ’ল৷
ঘূগুহা দলৰ অতীত আৰু কিংবদন্তি
ঘূগুহা দ’ল ধেমাজি জিলাৰ পৰা তেইশ কিলোমিটাৰ দূৰত্বত পশ্চিম ধেমাজি নামৰ ঠাইত অৱস্থিত এটা অতি পুৰণি দ’ল৷ ঘিলামৰাৰ পৰা ধেমাজিলৈ যোৱা পথত পূব দিশত ৰাস্তাৰ দাঁতিতে অৱস্থিত এই দলটোৱে ধেমাজি অঞ্চলৰ চিনাকিৰ ক্ষেত্রত এক অগ্রণী ভূমিকা গ্রহণ কৰে৷ চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰাৰ পূর্বে অসমৰ বিভিন্ন ঠাইত সময় অতিবাহিত কৰা স্বর্গদেউ চুকাফাই হাবুঙত প্রায় তিনি বছৰকাল কটাইছিল৷ অতিপাত বানপানীৰ বাবে স্বর্গদেৱে এই ঠাই এৰিবলগীয়া হৈছিল যদিও পাছলৈ চুডাংফাৰ দিনত এই ঠাইখনৰ গুৰুত্ব পুনৰ বৃদ্ধি পাবলৈ ধৰে, কিয়নো হাবুঙলৈ আহি বামুণী কোঁৱৰ বা চুডাংফাই এই ঘূগুহা দ’লটো নির্মাণ কৰিছিল বুলি এক কিংবদন্তি প্রচলন হৈ আছে৷
জনশ্রুতি অনুসৰি ঈর্ষাৰ বশৱর্তী হৈ আহোমৰ সপ্তমজন ৰজা ত্যাওখামথিৰ বৰকুঁৱৰীয়ে ৰজা নথকাৰ সুযোগত সৰু কুঁৱৰীক হত্যা কৰিবলৈ আদেশ দিয়ে৷ দয়ালু বিষয়াবর্গই সৰু কোঁৱৰীক হত্যা নকৰি ভূৰ এখনত তুলি দিহিঙত উটুৱাই দিয়ে৷ গর্ভৱতী কুঁৱৰীয়ে ভূৰেৰে আহি আহি হাবুং পায়হি আৰু তাতে এঘৰ বামুণ মানুহৰ আশ্রয়ত থাকি এটি পুত্র সন্তান জন্ম দি মৃত্যুবৰণ কৰে৷ এই সন্তাটিৰ নাম বামুণী কোঁৱৰ বা চুডাংফা আৰু সৰু কুঁৱৰীৰ নাম আছিল ঘূগু কুঁৱৰী৷ এদিনাখন শিৱসাগৰৰ পৰা হাবুঙলৈ গৰু কিনিবলৈ অহা মানুহ দুজনমানে বামুণী কোঁৱৰৰ গাত ৰাজলক্ষণ দেখা পাই ৰজা ত্যাওখামথিক খবৰ দিয়েগৈ আৰু ৰজাই বামুণী কোঁৱৰক ৰাজসিংহাসনত বহুৱায়৷ পাছত ৰজা চুডাংফা বা বামুণী কোঁৱৰে মাকৰ স্মৃতিৰক্ষাৰ বাবে এই দ’লটো স্থাপন কৰি কুঁৱৰীৰ নামানুসাৰে দলটোৰ নাম ঘুগুহা দ’ল আৰু দ’লটো অৱস্থিত ঠাইটুকুৰাৰ নাম ঘূগুৱা বা ঘুগুহা ৰাখে৷ চুডাংফাৰ বাহিৰেও ঘূগুহা দলৰ নির্মাণৰ আঁৰত ৰাজেশ্বৰ সিংহ আৰু শিৱ সিংহৰ নামো জড়িত হৈ থকা শুনিবলৈ পোৱা যায়৷ স্থাপত্যৰ দিশৰ পৰা লক্ষ্য কৰিলে তলাতল ঘৰৰ ওপৰত থকা গোসাঁইঘৰৰ আর্হিত দলটো নির্মিত বাবে ঘূগুহা দ’লটো ৰাজেশ্বৰ সিংহৰ দিনৰ বুলি ভাবিব পৰাৰ থল আছে৷ ১৭৩৮ চনত স্বর্গদেউ শিৱসিংহই মৰমৰ ৰাণী অম্বিকাৰ সৈতে সময় কটাবলৈ ভ্রমণলৈ অহা অৱস্থাত ৰাণীৰ এই ঠাইতে মৃত্যু ঘটাত ৰাণীৰ স্মৃতিৰক্ষাৰ বাবে এই দ’ল নিমাণ কৰোৱায়৷ বহুজনে সেইবাবে ঘূগুহা দ’লক সঁচা প্রেমৰ অতুলনীয় নিদর্শন হিচাপেও দাঙি ধৰিব বিচাৰে৷
বর্তমানৰ ঘূগুহা দ’লৰ বর্ণনা
১৯০৫ চনত শিৱসাগৰৰ পৰা অহা কিছু পমুৱা লোকে হাবুঙৰ অটব্য অৰণ্যত উদ্ধাৰ কৰা এই ঘূগুহা দ’লটো আঠকোণীয়াকৈ নির্মাণ কৰা হৈছিল৷ দলটোৰ কাষতে থকা হাবিখনত বিষ্ণুৰ চতুর্ভুজ মূর্তি আৰু বংশীবাদকৰ শিলৰ মূর্তি উদ্ধাৰ হোৱালৈ লক্ষ্য কৰি প্রথম অৱস্থাত হিন্দু দ’ল হিচাপে পৰিচিত এই দ’লটো বর্তমান সময়ত বেছিকৈ শিৱদ’ল হিচাপেহে ব্যৱহূত হোৱা দেখা যায়৷ ইয়াৰ বাহিৰেও সময়ে সময়ে ভাওনা, দৌল উৎসৱ আদি অনুষ্ঠানো এই দ’লত অনুষ্ঠিত কৰি আহিছে৷ দ’লটো প্রায় ৪৫ ফুট ওখ৷ দ’লটোৰ চাৰিওফালে নির্দিষ্ট দূৰত্বৰ মূৰে মূৰে তিনিটাকৈ গড় থকা দেখিবলৈ পোৱা যায়৷ দ’লৰ মুঠ মাটিকালিৰ পৰিমাণ ২৫২ বিঘা৷ দ’লৰ মূল চৌহদটোত প্রায় দুবিঘামান মাটি আছে৷ দ’লটোত কোনোধৰণৰ বিগ্রহ দেখিবলৈ পোৱা নাযায়৷ সম্পূর্ণৰূপে ইটাৰে নির্মিত দ’লটোক গর্ভগৃহ, অন্তৰাল আৰু মণ্ডপ এই তিনিভাগত ভগাব পাৰি৷ দ’লৰ গাতে লাগি থকা মণ্ডপটো অসমীয়া দুচলীয়া ঘৰবোৰৰ নিচিনা৷ গর্ভগৃহত এটা পকী গাঁত থকা দেখিবলৈ পোৱা যায়৷
দ’লৰ চৌহদত ছটা সৰু–বৰ পুখুৰী দেখিবলৈ পোৱা যায়৷ দলটোৰ দক্ষিণ দিশে এক কিলোমিটাৰ দূৰত্বত প্রায় ৩০ বিঘা মাটিকালিৰে আৱৰি থকা ঘূগু কুঁঁৱৰীয়ে পানী অনা (কিংবদন্তি) কুঁৱৰী বিলৰ পাৰত আহোম দিনৰ ভগ্ণাৱশেষবোৰ আজিও আছে৷
পর্যটনৰ সম্ভাৱনাৰে ঘূগুহা দল
যিকোনো স্থাপত্য শিল্পক বিশ্ব দৰবাৰত সুন্দৰ আৰু স্পষ্ট ৰূপত চিনাকি কৰাই দি বাহিৰৰ মানুহক ঠাইখনলৈ আগমন ঘটাব পাৰিলেহে আচলতে শিল্পবিধৰ উত্তৰণ ঘটে৷ শিল্পবিধৰ স্থায়িত্ব আৰু সংৰক্ষণৰ চেষ্টা চলে৷ বর্তমানে পুৰাতত্ত্ব বিভাগে সু–সজ্জিত সুন্দৰ ৰূপত ঘূগুহা দ’লক উপস্থাপন কৰি পর্যটকক আকর্ষণ কৰিবলৈ চেষ্টা চলাইছে৷ অসম প্রত্নতত্ত্ব সঞ্চালকালয়েও ২০১৩ চনত ‘বিশ্ব ঐতিহ্য সপ্তাহ’ ঘূগুহা দ’লত উদযাপন কৰি ইয়াৰ প্রচাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ কেৱল চৰকাৰৰ কাম–কাজলৈ বাট চাই নাথাকি ঘূগুহা দ’লক বিশ্বৰ চকুত আকর্ষণৰ থলী হিচাপে গঢ় দিয়াৰ ক্ষেত্রত স্থানীয় ৰাইজ আৰু দ’লটোৰ চাৰিওফালে গঢ় লৈ উঠা বিদ্যালয়, মহাবিদ্যালয়, সংঘ ইত্যাদিয়েও আগভাগ লোৱা উচিত৷ দ’লটোক ঐতিহাসিক পর্যটনথলীৰ লগতে কম খৰচতে প্রাকৃতিক আৰু গ্রাম্য পর্যটনথলীৰ সমন্বয় কেন্দ্র কৰিব পৰাৰ যথেষ্ট থল আছে৷
ঘূগুহা দ’লৰ পুখুৰীকেইটা চাফ–চিকুণ কৰি নাও, ভূৰ আদিৰ যোগান ধৰি নৌকাচালনা, নাওখেল ইত্যাদি দেখুৱাই পর্যটকক আকর্ষণ কৰিব পৰা যায়৷ বৰশী বোৱা, জাকৈ মৰা ইত্যাদি পৰম্পৰাসমূহকো মাজে–সময়ে প্রদর্শন কৰি দর্শকৰ আমোদৰ ব্যৱস্থা কৰিব পাৰি৷ ওচৰৰ গাঁৱৰে কিছু যুৱকক গাইড হিচাপে ৰাখি দ’লৰ কাষত থকা চোমনিবোৰত মুগা উৎপাদন কৰি পর্যটকসকলক আমাৰ অতি মূল্যৱান মুগাৰ কাপোৰবোৰৰ উৎপাদন প্রক্রিয়াক প্রথমৰ পৰা দেখুৱাব পৰা যায়৷ ইয়াৰ লগত যদি থলুৱা খাদ্যৰো যোগান ধৰা হয় বাহিৰৰ মানুহ নিশ্চয়কৈ আকর্ষিত হ’ব৷ আমাৰ কৃষ্টি–সংস্কৃতিৰ কিছু অংশ যেনে– বিহু, গায়ন–বায়ন, আই সভা, চকলং বিয়া, গো–পূজা, গৰুক গা ধুওৱাৰ দৃশ্য, সন্ধিয়া গৰুক জাক দিয়াৰ দৃশ্য ইত্যাদিবোৰ কম খৰচতে মাজে–সময়ে প্রদর্শন কৰি পর্যটকক আকর্ষণ কৰাৰ থল আছে৷
ৰাইজ একগোট হ’লে কৰিব নোৱাৰা কাম একো নাই৷ আহোমসকলে অতি সুনিপুণতাৰে এৰি থৈ যোৱা এই সম্পদসমূহক ৰক্ষা আৰু সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ নিজৰ৷ অলপতে মেঘালয়ৰ মাউলিঙনং নামৰ পৃথিৱীৰ আটাইতকৈ চাফা গাঁওখন চাবলৈ গৈ গাঁৱৰে সৰু সৰু ছাত্র–ছাত্রী কিছুমানক টুৰিষ্ট গাইড হিচাপে লগ পাইছিলোঁ৷ তাৰ বাসিন্দাসকলে প্রস্তুত কৰা থলুৱা খাদ্যৰ সোৱাদ লৈছিলোঁ৷ গছৰ সৰু পাত এখিলা সৰি পৰিলেও গাঁৱৰ যি মানুহেই নেদেখক লগে লগে চাফা কৰি ডাষ্টবিনত পেলোৱা লক্ষ্য কৰিছিলোঁ৷ মাউলিঙনঙৰ দৰে সৰু গাঁৱৰ বাসিন্দাসকলে একগোট হৈ যদি নিজৰ গাঁওখনক পৃথিৱীৰ আটাইতকৈ চাফা গাঁও হিচাপে পৃথিৱীৰ আগত জিলিকাই ৰাখিব পাৰে, আমি ইমান কৃষ্টি–সংস্কৃতিৰে চহকী হৈ জাতীয় সম্পদবোৰক চাবলৈ বিশ্বৰ মানুহক আমাৰ নিজৰ ঠাইত থিয় কৰোৱাব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে৷
ফোন : ৬০০০৯–৪৫৯৯০