“You have stolen my dreams, my childhood with your empty words and yet I am one of the lucky ones. People are suffering, people are dying and the entire ecosystems are collapsing. We are at the beginning of mass extinction and all you can talk about is money and fairytales of eternal economic growth. How dare you!” –এইদৰেই ছুইডেনৰ ১৬ বছৰীয়া পৰিৱেশবাদী কর্মী গ্রেটা থুনবার্গে Greta Thunberg) ২০১৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনত বিশ্বৰ শক্তিশালী ৰাষ্ট্রনেতাসকলক পৰিৱেশ ধ্বংস আৰু জলবায়ু পৰিৱর্তনৰ বাবে জগৰীয়া কৰি সাহসেৰে বলিষ্ঠ বক্তব্য ৰাখিছিল৷ প্রকৃততে গ্রেটা থুনবার্গে বর্তমান সময়ত বিশ্বৰ উন্নত ৰাষ্ট্রসমূহৰ পৃষ্ঠপোষকতাত চলি থকা প্রকৃতিবিৰোধী কার্যকলাপৰ তীব্র বিৰোধিতা কৰিছে৷ কাৰণ গ্রেটা থুনবার্গে এটা নতুন প্রজন্মৰ প্রতিনিধিত্ব কৰিছে, যিয়ে সম্ভৱতঃ ভৱিষ্যতে জলবায়ু পৰিৱর্তনৰ ভয়ংকৰ দিনবিলাক প্রত্যক্ষ কৰিব৷ নিঃসন্দেহে আধুনিক বিজ্ঞান–প্রযুক্তিৰ ন ন আৱিষ্কাৰ আৰু পার্থিৱ সুখ–সম্পদৰ আহিলাই মানৱ জাতিক চহকী কৰিছে৷ কিন্তু একে সময়তে নানা ধৰণৰ সমস্যাই আমাৰ পৃথিৱীখনক অসুস্থ কৰি তুলিছে৷ মন কৰিবলগীয়া কথাটো হ’ল, পৰিৱেশৰ ভাৰসাম্যতা নোহোৱাৰ বাবে পৃথিৱীত প্রতিবছৰে ১৮০ কোটি মানুহে বায়ু প্রদূষণৰ ফলত মৃত্যুবৰণ কৰে৷ মানৱসৃষ্ট বিভিন্ন কাৰক, যেনে– বনাঞ্চলৰ ধ্বংসকার্য, দ্রুত নগৰীকৰণ, নানা প্রকাৰৰ উদ্যোগ নির্মাণ, কৃষিকার্যত মাটিৰ অপ–ব্যৱস্থাপনা, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্যৰ প্রয়োগ আদিৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ হ্রাস পাই মানৱ সমাজৰ বাবে ভয়ংকৰ বার্তা কঢ়িয়াই আনিছে৷ মানুহৰ প্রকৃতিবিৰোধী কার্যকলাপৰ উৎকৃষ্ট উদাহৰণ হ’ল বিশ্বজুৰি দ্রুতহাৰত বনাঞ্চল তথা বর্ষাৰণ্যসমূহৰ ধ্বংসযজ্ঞ৷ মানুহৰ ক্রমবিকাশৰ ইতিহাসৰ পৰা জনা যায় যে আদিমকালৰে পৰা মানুহ আৰু বনাঞ্চল বা বর্ষাৰণ্যসমূহৰ মাজত নিবিড সম্পর্ক আছে৷ উল্লেখ্য যে পৃথিৱীৰ প্রায় দুই লাখ পঁচিশ হাজাৰবিধ উদ্ভিদ আৰু বাৰ লাখ প্রজাতিৰ প্রাণীকুলৰ বেছিভাগৰে বাসস্থান হ’ল বর্ষাৰণ্য৷ মানৱ জাতিক প্রদূষণমুক্ত জলবায়ু যোগান ধৰাত মূলতঃ মুখ্য ভূমিকা গ্রহণ কৰিছে বর্ষাৰণ্যসমূহে৷ বর্তমান সময়ত বিশ্বৰ মুঠ ৮৫খন দেশত বর্ষাৰণ্যৰ উপস্থিতি দেখা গৈছে৷ উল্লেখ্য যে গছৰ কুন্দা কটা logging)ৰদ্বাৰা পৃথিৱীৰ প্রায় ২০ শতাংশ বর্ষাৰণ্য সম্প্রতি ধ্বংসমুখী হৈ পৰিছে৷ ইয়াৰ ফলত বহু মূল্যৱান গছ–গছনিৰ লগতে বহু প্রজাতিৰ জীৱ–জন্তু, কীট–পতংগৰ অস্তিত্ব বিপদাপন্ন হৈছে৷ বর্ষাৰণ্যসমূহ ধ্বংসৰ ফলত গোলকীয় তাপমাত্রা বৃদ্ধি হৈছে৷ দুর্ভাগ্যজনক কথা হ’ল, প্রতি ছেকেণ্ডত পৃথিৱীৰ পৰা এক একৰকৈ বর্ষাৰণ্য হেৰাই গৈছে৷ শেহতীয়াকৈ জীৱশ্রেষ্ঠ মানুহৰদ্বাৰা বনাঞ্চল ধ্বংসৰ উৎকৃষ্ট উদাহৰণ হ’ল আমাজন বর্ষাৰণ্যৰ ধ্বংসযজ্ঞ৷ আমি জানো যে পৃথিৱীৰ প্রায় ২০ শতাংশতকৈয়ো অধিক অক্সিজেন যোগান ধৰে আমাজন বর্ষাৰণ্যই৷ সেইবাবে এই বর্ষাৰণ্যক ‘পৃথিৱীৰ হূদপিণ্ড’ বুলি গণ্য কৰা হয়৷ আমাজন বর্ষাৰণ্য বিশ্বৰ প্রায় ৯খন দেশজুৰি বিস্তৃত হৈ আছে৷ কেৱল ব্রাজিলৰে প্রায় ৬০ শতাংশ আৱৰি আছে এই বর্ষাৰণ্যখনে৷ লক্ষণীয় যে সাম্প্রতিক সময়ত জীৱশ্রেষ্ঠ মানুহৰ বাবে আমাজন বর্ষাৰণ্য অস্তিত্বৰ সংকটত পৰিছে৷ ২০১৯ চনৰ ভয়াৱহ বনজুইৰ ফলত আমাজন বর্ষাৰণ্যখনৰ প্রায় ৯৫৩০ বর্গকিলোমিটাৰ বনভূমি ধ্বংস হৈছে৷ ইয়াৰ ফলত বর্ষাৰণ্যখনৰ বহু মূল্যৱান গছ–গছনি, ভালেমান দুষ্প্রাপ্য জীৱ–জন্তু, কীট–পতংগ বনজুইত জাহ গ’ল৷ বিভিন্ন আন্তর্জাতিক সংবাদ–পত্রত প্রকাশিত বাতৰি অনুসৰি আমাজন বর্ষাৰণ্যত সৃষ্ট বনজুই প্রকৃততে মানৱসৃষ্ট৷ ইয়াৰ আঁৰত ব্রাজিলৰ অর্থনৈতিক মুনাফা লাভৰ অংক জডিত হৈ আছে৷ দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকা অঞ্চলত অৱস্থিত আমাজন বর্ষাৰণ্যৰ বুকুত বিভিন্ন খনিজ সম্পদ, যেনে– তাম, টিন, নিকেল, সোণ, বক্সাইট, মেংগানিজ, কয়লা, লোহা আদিৰ আকৰিক মজুত থকাৰ বাবে ব্রাজিলৰ চৰকাৰে আমাজনৰ ধ্বংস দেখিও চকুমুদি আছিল৷ কিন্তু মনত ৰখা উচিত যে অর্থনৈতিক মুনাফা লাভৰ বাবে এই বর্ষাৰণ্যক ধ্বংস কৰাটো জীৱশ্রেষ্ঠ মানুহৰ মূর্খামিৰ বাহিৰে আন একো নহয়৷ আমাজন বর্ষাৰণ্যৰ ধ্বংসই মানৱ সভ্যতালৈ অশনি সংকট কঢ়িয়াই অনাৰ সম্ভাৱনাই বেছি৷ কাৰণ এই বর্ষাৰণ্যই বায়ুমণ্ডলত কার্বনৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে ২০ শতাংশ অক্সিজেনৰ যোগান ধৰি আহিছে৷ এই বর্ষাৰণ্যৰ ধ্বংসৰ ফলত গোলকীয় উষ্ণতাৰ বৃদ্ধি ঘটি মানুহৰ জীৱন–যাত্রা অচল কৰি পেলাব৷ আমাজন বর্ষাৰণ্যৰ ধ্বংসযজ্ঞ মানুহৰ দ্বাৰা বনাঞ্চল ধ্বংসৰ এক সৰু উদাহৰণ মাত্র৷ বিগত দুটা দশকত পৃথিৱীৰ বুকুৰ পৰা দ্রুতগতিত বর্ষাৰণ্যসমূহ হেৰাই যাবলৈ ধৰিছে৷ মানুহে বনাঞ্চল ধ্বংস কৰি হ’লেও অট্টালিকা, নদীবান্ধ, খনি–উদ্যোগ আদি নির্মাণ কৰি অর্থনৈতিক প্রগতিৰ পথ সুচল কৰাতহে মনোনিৱেশ কৰা দেখা গৈছে৷
অসমৰ সেউজীয়া পাহাৰীয়া বনাঞ্চলসমূহ মুনাফালোভী পুঁজিপতি শ্রেণীয়ে ধ্বংস কৰি পেলাইছে৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান, চলা সংৰক্ষিত বনাঞ্চল, কাকৈ বনাঞ্চলকে ধৰি অসমৰ প্রায়বিলাক বনাঞ্চলত বনজ সম্পদৰ ধ্বংসকার্য চলি আছে৷ চৰকাৰে পৰিৱেশৰ সুৰক্ষাৰ স্বার্থত প্রকৃতিবিৰোধী কার্যকলাপ ৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ দ্বিতীয়তে, বছৰ বছৰ ধৰি অসমৰ প্রাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰ কৰি অহা ভাৰত চৰকাৰে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে৷ কিয়নো প্রতিবছৰে সৃষ্টি হোৱা প্রলয়ংকৰী বানপানীৰ ফলত অসমৰ বনাঞ্চলৰ জীৱকুল সংকটৰ সন্মুখীন হৈ আহিছে৷ বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ জীৱকুল বিপদৰ সন্মুখীন হয় আৰু চোৰাং চিকাৰীৰ দপ্দপনি আৰম্ভ হয়৷ গতিকে অসমৰ বিনন্দীয়া পৰিৱেশ ৰক্ষাৰ স্বার্থত অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰা উচিত৷
উল্লেখ্য যে জনসাধাৰণৰ মাজত পৰিৱেশ প্রদূষণৰ ভয়াৱহতা আৰু পৰিৱেশ সংৰক্ষণ সম্পর্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্রতিবছৰে ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ World Environment Day) হিচাপে পালন কৰি অহা হৈছে৷ তথাপি মানুহ সজাগ হোৱা পৰিলক্ষিত হোৱা নাই৷ বৰঞ্চ বৈষয়িক সম্পত্তিৰ লোভত ভৱিষ্যৎ প্রজন্মৰ কথা চিন্তা নকৰি জীৱশ্রেষ্ঠ মানুহে জধেমধে গছ–বন কাটি প্রকৃতিৰ ওপৰত ধ্বংসলীলা চলাই গৈছে৷ বিজ্ঞানীসকলৰ মতে মানুহে এইদৰে বনাঞ্চল ধ্বংস কৰি প্রকৃতিৰ ওপৰত অত্যাচাৰ চলাই থাকিলে পৰৱর্তী ৩৫ বছৰত গোলকীয় উষ্ণতা তীব্রগতিত বৃদ্ধি পাব৷ ইয়াৰ ফলত পৃথিৱীত হয়তো মানুহৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিব৷ কিন্তু পৰিতাপৰ কথা যে স্মার্টচিটীৰ সপোন দেখা পুঁজিপতি কর্প’ৰেট গোষ্ঠীৰ সেউজীয়া অৰণ্যৰ দুখৰ বিননি শুনিবলৈ সময় নাই৷ অৱশ্যে তাৰ মাজতে ভালেকেইজন প্রকৃতিপ্রেমী ব্যক্তিয়ে নিজৰ প্রচেষ্টাৰে অসমত সেউজীয়া অৰণ্য গঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ সেইসকলৰ ভিতৰত সমগ্র বিশ্বত ‘অৰণ্য মানৱ’ ৰূপে বিখ্যাত পদ্মশ্রী যাদৱ পায়েং অন্যতম৷ তেওঁ ব্রহ্মপুত্রৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এক অৰণ্যলৈ ৰূপান্তৰ কৰিছে৷ ‘মুলাই কাঠনি’ নামেৰে জনাজাত এই অৰণ্য প্রায় ৫৫০ হেক্টৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে৷ সেইদৰে গহপুৰৰ বকুল গগৈ নামৰ ব্যক্তিজনেও বৃক্ষৰোপণ কৰি যথেষ্ট সমাদৰ লাভ কৰিছে৷ ‘গছ থাকিলেহে মানুহ থাকিব’– এই শ্লোগানৰ বাস্তৱ ৰূপ দিবৰ বাবে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হৰেন্দ্রনাথ মৰাঙে আৰম্ভ কৰিছে ‘উদ্রোপণ’ নামেৰে এক সেউজ কার্যসূচী৷ ২০১০ চনত আৰম্ভ কৰা ‘উদ্রোপণ’ৰ এই সেউজ কার্যসূচীৰ জৰিয়তে তেওঁ ইতিহাসপ্রসিদ্ধ প্রেম আৰু সাংস্কৃতিক নগৰী তেজপুৰত প্রায় ১০০ৰো অধিক গছপুলি ৰোপণ কৰিছে৷ যিসময়ত দ্রুত নগৰীকৰণৰ ফলত হাজাৰ হাজাৰ গছ–গছনি ধ্বংস হৈ আহিছে, সেই সময়ত তেজপুৰক ‘নগৰীয়া বনানীকৰণ (জনাঞ্চলত বনাঞ্চল)ৰ এক আর্হি (model) ৰূপে গঢ়ি তোলা অভিযান নিশ্চয় প্রশংসনীয় কার্য৷ এই প্রসংগতে ক’ব বিচাৰোঁ যে শ্লোগান লিখি, হাতত প্লেকার্ড লৈ ৰাজপথত আন্দোলন কৰিলে পৰিৱেশ সম্পর্কীয় সমস্যাসমূহ সমাধান হৈ যাব বুলি ভবাটো ভুল ধাৰণা৷ উল্লেখ্য যে অকল বর্ষাৰণ্যই নহয়, আমি সকলোৱে আমাৰ চাৰিওফালে থকা বনাঞ্চলসমূহ সংৰক্ষণ কৰিব লাগিব৷ সেই সম্পর্কে জনসাধাৰণ সজাগ নহ’লে চৰকাৰে কোনো আইন প্রণয়ন কৰি আমাৰ বনাঞ্চলসমূহ ৰক্ষা কৰিব নোৱাৰে৷ এটা কথা ঠিক যে ভৱিষ্যৎ প্রজন্মৰ কাৰণে এখন সেউজ, সুন্দৰ আৰু প্রদূষণমুক্ত পৃথিৱী এৰি যাবলৈ হ’লে আমাৰ প্রজন্মই সেউজ বনানীকৰণৰ দৰে কার্যসূচী গ্রহণ কৰি গছপুলি ৰোপণ কৰাৰ বাদে গত্যন্তৰ নাই৷ অকল গছপুলি ৰোপণ কৰিলেই নহ’ব, সেই ৰোৱা প্রতিটো গছপুলিক নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিলেহে সেউজ বনানীকৰণৰ উদ্দেশ্য সার্থক হ’ব৷ কিয়নো গছ থাকিলেহে সভ্যতা জীয়াই থাকিব–”A civilization flourishes when old men plant trees underneath whose shade they shall never fit.” (বিভিন্ন তথ্যৰ সহায় লৈ লেখাটো যুগুত কৰা হ’ল৷)