নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ বতৰা

মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রকোপত সমগ্র বিশ্বৰ লগতে ভাৰতৰো অর্থনীতিৰ ৰাজহাড় বেঁকা হৈ পৰিছে৷ উদ্যোগ, কৃষিকে ধৰি দেশৰ অর্থনীতিলৈ অৰিহণা আগবঢ়োৱা প্রতিটো খণ্ডতেই প্রভাৱ পৰিছে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা দীর্ঘদিনীয়া লকডাউনৰ৷ লকডাউনৰ সময়ছোৱাত এই খণ্ডসমূহত অচলাৱস্থাই বিৰাজ কৰাৰ সমান্তৰালভাৱে হাজাৰ হাজাৰজনে কর্মহীন হৈ পৰিছিল৷ অৱশ্যে পর্যায়ক্রমে লকডাউন শিথিল কৰি দিয়াৰ পাছত এতিয়া দেশৰ অর্থনীতিয়ে কিছু গতি লাভ কৰিছে৷ কিন্তু ক’ৰোনা ভাইৰাছৰ মোক্ষম আঘাতৰ ফল দেশৰ অর্থনীতিয়ে অনাগত কিছু বছৰলৈ ভুগিব লাগিব বুলি ইতিমধ্যে মত প্রকাশ কৰিছে বিশেষজ্ঞসকলে৷ চলিত বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিক অর্থাৎ এপ্রিল–জুন মাহত মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) সংকোচন অর্থাৎ ঋণাত্মক বৃদ্ধি আছিল ২৩.৯ শতাংশ৷ ইয়াৰ পাছৰ তিনি মাহতো (জুলাই–ছেপ্ঢেম্বৰ) এই হাৰ ৭.৫ শতাংশ আছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত সামগ্রিকভাৱে চলিত বিত্তীয় বর্ষত জি ডি পি সংকোচনৰ হাৰ ৯.৫ শতাংশ হ’ব বুলি পূর্বাভাস দিছিল ভাৰতীয় ৰিজার্ভ বেংকে৷ পিছে শেহতীয়াকৈ ভাৰতীয় ৰিজার্ভ বেংকৰ তৰফৰ পৰা এই পূর্বাভাসৰ পুনৰ মূল্যায়ন কৰা হৈছে৷ যোৱা শুকুৰবাৰে আর্থিক নীতিৰ পর্যালোচনাৰ অন্তত ভাৰতীয় ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসে বিত্তীয় বর্ষটোত জি ডি পি সংকোচনৰ হাৰ ৭.৫ শতাংশ হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে৷ নিশ্চিতভাৱে ক’ৰোনা কালত এয়া ভাৰতীয় অর্থনীতিৰ বাবে বিবেচিত হৈছে আশাৰ বতৰা হিচাপে৷ ভাৰতীয় ৰিজার্ভ বেংকৰ তৰফৰ পৰা ঘোষণা কৰা অনুসৰি বিত্তীয় বর্ষটোৰ তৃতীয় ত্রৈমাসিকত জি ডি পি ০.১ শতাংশ আৰু চতুর্থ তথা অন্তিম ত্রৈমাসিকত ০.৭ শতাংশ বৃদ্ধি পাব পাৰে বুলি কোৱা হৈছে৷ ক’ৰোনা ভাইৰাছে মোক্ষম আঘাত হনা দেশৰ অর্থনীতিৰ সেই উত্থানৰ গতি যথেষ্ট মন্থৰ যদিও ভাৰতীয় ৰিজার্ভ বেংকে দ্বিমাসিক নীতি নির্ধাৰণত ৰেপো ৰেট আৰু ৰিভার্ছ ৰেপো ৰেট ক্রমে ৪ শতাংশ আৰু ৩.৩৫ শতাংশতেই অপৰিৱর্তিত ৰাখিছে৷ ভাৰতীয় ৰিজার্ভ বেংকৰ আর্থিক নীতি নির্ধাৰণৰ ছজনীয়া কমিটীৰ এই সিদ্ধান্ত সাম্প্রতিক পৰিস্থিতিত দেশৰ অর্থনীতিৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ কিয়নো ভাৰতীয় ৰিজার্ভ বেংকৰ এই সিদ্ধান্তৰ পাছতেই শ্বেয়াৰ বজাৰত অভিলেখপূর্ণ উত্থান ঘটিছে৷ শ্বেয়াৰ বজাৰত সপ্তাহৰ শেষ দিন যোৱা শুকুৰবাৰে মুম্বাই শ্বেয়াৰসূচক ছেনছেক্স ৪৪৭ পইণ্ট বৃদ্ধি হৈ ৪৫,০৭৯.৫৫ পইণ্ট হৈছেগৈ৷ সেইদৰে নিফ্টীয়েও স্পর্শ কৰিছে ১৩,২৫৮.৫৫ৰ অংক৷ ছেনছেক্স–নিফ্টী উভয় সূচকৰে বৃদ্ধি প্রায় ১ শতাংশ৷ ভাৰতীয় ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসৰ মতে আশা কৰাতকৈও দ্রুতগতিত উত্থান হৈছে দেশৰ অর্থনীতিৰ৷
জি ডি পিৰ দিশৰ পৰা দেশৰ অর্থনীতিৰ উত্থানৰ ইংগিত পোৱা গ’লেও পূর্বৰ অৱস্থা ঘূৰি অহালৈ যে দীর্ঘসময় অপেক্ষা কৰিব লাগিব, তাৰ ইংগিত প্রদান কৰিছে আন কেতবোৰ পৰিসংখ্যাই৷ শেহতীয়া চৰকাৰী তথ্য অনুসৰি যোৱা মাহত ৰপ্তানি ৯ শতাংশ হ্রাস পাই হৈছেগৈ ২,৩৪৩ কোটি ডলাৰ৷ একেদৰে আমদানিও ১৩.৩৩ শতাংশ কমি ৩,৩৩৯ কোটিত সীমাবদ্ধ হৈছে৷ ফলত বাণিজ্য ঘাটিৰ পৰিমাণ হৈছে ৯৯৬ কোটি ডলাৰ৷ এই পৰিসংখ্যাৰ পৰাই ক’ব পাৰি যে ভাৰতীয় অর্থনীতি এতিয়াও মন্দাৰ গ্রাসৰ পৰা মুক্ত হ’ব পৰা নাই৷ স্বয়ং ভাৰতীয় ৰিজার্ভ বেংকৰ গৱর্নৰ শক্তিকান্ত দাসেও স্বীকাৰ কৰিছে যে দেশৰ অর্থনীতি বর্তমানেও ঋণ নীতিৰ সাহায্যৰ ওপৰত বহুলাংশে নির্ভৰশীল৷ এনে অৱস্থাত চৰকাৰে বাস্তৱমুখী ঋণ নীতি গ্রহণ কৰাৰ লগতে কর্মসংস্থাপন প্রদানৰ ক্ষেত্রত যথোপযুক্ত পদক্ষেপ লোৱাটো সময়ৰ দাবী হৈ পৰিছে৷

You might also like