নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেজুৰেৰে ৰোজা ভঙাঃ কেৱল ৰীতি নে শৰীৰৰ বাবে উপকাৰী

বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে। ৰমজানৰ সময়ত বজাৰত নানাধৰণৰ ফল-মূল তথা খাদ্য সামগ্ৰী ওলায়। ইয়াৰ মাজৰ এবিধ হ’ল খেজুৰ।ৰোজা ৰখা বহুতেই কামৰ মাজত বিয়লি এটা বা দুটা খেজুৰ খায়ে ৰোজা ভাঙে। গোটেই বিশ্বতেই এনে চলা দেখা যায়। কিন্তু এই কাম কেৱল ৰীতি মানি কৰা হয় নে খেজুৰেৰে ৰোজা ভাঙিলে শৰীৰৰো উপকাৰ হয়?
প্রথমতে, গোটেই দিন উপবাস থকাৰ পাছত এনে খাদ্য খোৱাটো জৰুৰী যিয়ে কম সময়ত যোগায় কর্মশক্তি। সেই বাবে খেজুৰ খুব উপযোগী। তাৰ সমান্তৰালকৈ খেজুৰত আছে আৰু নানা গুণ।

১) খেজুৰে হজম শক্তি বঢ়োৱাত সহায়ক। গোটেই দিনটো নোখোৱাকৈ থকাৰ পাছত সন্ধিয়া ইফতাৰত ভালকৈ খোৱাৰ নিয়ম চলি আহিছে গোটা বিশ্বত। বিশেষকৈ নানা ধৰণৰ ফল আৰু ভজা-পোৰা বহুতেই খায়। খেজুৰে সেই সকলোবোৰ খোৱা হজম কৰাত সহায় কৰে।

২) খেজুৰত আছে পুষ্টিৰ নানা উপাদান। বিশেষকৈ সম্পূৰ্ণ উপবাসৰ সময়ত শৰীৰক ফাইবাৰ তথা আঁহজাতীয় পদাৰ্থৰঅতি প্রয়োজন। খেজুৰে সেয়া যোগান ধৰে।

৩) ৰোজা মানেই গোটেই দিন একো নোখোৱাকৈ থকা। কিন্তু দিনৰ কামতো কৰিবই লাগিব। তাৰ বাবে শৰীৰ সচলকৈ ৰাখিব লাগিব। খেজুৰত আছে মেগনেছিয়াম, আয়ৰণ, ভিটামিন। এই তিনিবিধ উপাদানে শৰীৰ সচলকৈ ৰাখে।

৪) খেজুৰত আছে ক্ষাৰকীয় লৱণ। সেয়াই ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। তেজত থকা শর্কৰাৰ মাত্রাও নিয়ন্ত্রণ কৰে।

৫) খেজুৰ হজম কৰা সহজ।

You might also like